বেংকক চহৰৰ ফুটপাথত পোহাৰীৰ সৈতে কথা-বতৰা (আব্দুচ চাজিদ)

থাইলেণ্ডৰ ৰাজধানী চহৰ বেংকক৷ ব্যৱসায়িক এলেকাৰ ব্যস্ত ৰাস্তাৰ দুয়োপাৰৰ পদপথত ইয়াতো অনেক পোহাৰী৷ ঠিক যেন আমাৰ চহৰবোৰৰ দৰেই৷ কিন্তু সুশৃংখল আৰু পৰিস্কাৰপৰিচ্ছন্ন৷ বিভিন্ন ধৰণৰ সামগ্ৰী ওলায় তেনে অস্থায়ী চালিবিলাকত৷ পোহাৰীবোৰ বিশেষতঃ ছোৱালী বা মধ্যবয়সীয়া মহিলা৷ বেংককলৈ যাওঁতে পদপথৰ তেনে দোকানবোৰত পৃথিৱীৰ বিভিন্ন দেশৰ জাতীয় দল, বিখ্যাত ক্লাব আদিৰ ফুটবল জাৰ্চি, ট্ৰেকচুট ওলোমাই ৰখা মোৰ চকুত পৰিছিল৷

স্প’ৰ্টছ ড্ৰেছৰ প্ৰতি এনেয়েও আগৰে পৰাই দুৰ্বলতা এটা আছে৷ গতিকে এদিন ওলালোঁ ট্ৰেকচুটৰ ওপৰৰ জেকেটটো পাওঁ নেকি চাওঁ বুলি৷ ট্ৰাউজাৰ মোক নালাগে৷ সেই উদ্দেশ্যৰে পদপথেৰে যাত্ৰা কৰি এঠাইত ৰৈ গ’লোঁ৷

দোকানী থাই যুৱতী৷ পিন্ধনত হাফ পেণ্ট আৰু ট্ৰেকচুটৰ ওপৰৰ জেকেটটো৷ পিন্ধি থকা সাজযোৰে তাইলৈ কঢ়িয়াই আনিছে এথলেটৰ অভিব্যক্তি৷ এনেকুৱা সুন্দৰ উচ্চতা আৰু সুঠাম দেহ গঠনৰ ছোৱালী দেখিলে ভাল লাগে৷ কাজেই চোৰাং চকুৰে হ’লেও প্ৰথমতে তাইকেই চাই ল’লোঁ অলপ সময়৷

যুৱতীজনীৰ বিপণীত অনেক ট্ৰেকচুট৷ বিভিন্ন বৰণ আৰু আকাৰৰ৷ পূৰ্বৰ গ্ৰাহকে খেলিমেলিকৈ এৰি থৈ যোৱা কাপোৰবোৰ তাই একান্তমনে চিজিল লগাই আছিল৷ এনেয়ে হ’লে ইহঁতে সন্মুখেৰে পাৰ হৈ যোৱা মানুহলৈ চাই ‘ছাৰছাৰ’কৈ মাতে, জানোচা কিবা কিনেই, তেনে ভাবত৷ নহ’লে তালু আৰু জিভাৰ ফাঁকেৰে বতাহ বাহিৰলৈ ঠেলি শিশি কৰি শব্দ এটা উলিয়ায়, দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে৷ মই ওচৰ চাপি যোৱাত তাই মোৰ ফালে এবাৰ চালে৷ আকৌ কামত ধৰিলে৷ ভিয়েটনামী ডেকা এজনৰ দোকানত আগদিনা কিনা থাই ছাৰ্ট এটা মই পিন্ধি আছিলোঁ৷ তাৰ সৈতে ভাল দোস্তি হৈছিল সেই সময়ত৷ সেই ছাৰ্টটোৰে সৈতে কান্ধত ওলোমাই লৈছোঁ এখন কাৰবি মোনা৷ ডিঙিত ফুলাম গামোচা৷ সাজপাৰ দেখি এইটো ক’ৰ অদ্ভুত মানুহ বুলিয়ে চাগৈ তাই ভাবিলে৷ নজপাকৈ থকা ট্ৰেক জেকেট এটা হাতত লৈ মই মাতকথা নোকোৱাকৈ একাষত ৰৈ পিটিকিমোহাৰি চাবলৈ ধৰিলোঁ৷ ক’ত তৈয়াৰী, কাপোৰ কেনেকুৱা, চিলাই কেনে, জোখমাখ কি ইত্যাদি একাদিক্রমে অধ্যয়ন কৰি গ’লোঁ৷ কাপোৰ জাপি থকা অৱস্থাৰ পৰাই তাই এবাৰ বেঁকাকৈ চালে৷

চাইজ?’ …যুৱতীৰ মুখৰ পৰা প্ৰথম শব্দটো ওলাল৷

পূৰ্বতে কাৰোবাৰ মুখত শুনিবলৈ পাইছিলোঁ যে ইহঁততো বাদেই, থাইলেণ্ডৰ সৰহভাগ মানুহ ইংৰাজীত একেবাৰে কেঁচা৷ ইহঁতৰ লগত চুটি চুটি শব্দ প্ৰয়োগেৰে কথা পাতিব লাগে৷ তাকে ভাবি ময়ো জেকেটটোলৈ আঙুলিয়াই পোহাৰী ঢঙতে আৰম্ভ কৰিলোঁ৷

মাই চাইজ?’ বুজাব খুজিলোঁ, এইটো মোৰ জোখৰ হয়নে?

অ’.কে.৷’

কালাৰ?’

ৰঙা নেইল পলিচ সনা বাওঁহাতৰ আঙুলিকেইটা এটা এটাকৈ দেখুৱাই তাই কৈ গ’ল… ‘ব্লু, ব্লেক, গ্ৰীণ…’ কথাৰ লগে লগে সিখন হাতেৰে মোৰ ফালে এটা এটাকৈ ঘপাঘপ আগ বঢ়ায়ো দিলে৷ অলপ পৰ সেইকেইটালৈ চালোঁ৷

হোৱাইট এভেইলেবল?’

য়েপ৷’ মানে হয়৷ তাই বগা এটা উলিয়াই দিলে৷

দ’মটোত সোমাই থকা বগা ৰঙৰ জেকেট এটা হাতখনত ধৰি টান মাৰি উলিয়াবলৈ চেষ্টা কৰি আছিলোঁ৷ সেইটো আৰু নিজে দিয়াটোলৈ টোঁৱাই তাই কৈ উঠিল… ‘ছেমছেম৷’ বুজিলোঁ, তাৰ মানে সেইটো তাই দিয়াটোৰে একেই৷

হাতেৰে ঢুকি নোপোৱা দূৰত্বত এটা নীলা জেকেট দেখি চাবলৈ মন গ’ল৷ সেইফালে আঙুলিয়ালোঁ৷ একে ৰঙৰ অলপ আগতে দিয়াটো দেখুৱাই তাই পুনৰ ক’লে… ‘ছেমছেম৷’ মোৰ বুজাত অসুবিধা নহ’ল৷ সেই দুটাৰ ৰং একে তাৰ মানে৷

ৰে’ড কালাৰ?’ এইবাৰ ৰঙা ৰঙৰ বিচাৰিলোঁ৷

ন’ হেভ৷’ …তাইৰ উত্তৰ৷ বুজি পালোঁ, তাই ক’ব বিচাৰিছে যে ৰঙা ৰঙৰ জেকেট নাই৷ ন’ হেভ! পোহাৰীইংলিছৰ ৰূপ দেখি মনে মনে ভীষণ হাঁহি উঠিল, এক ধৰণৰ মজাও লাগিল৷

ইফালেসিফালে চাই লওঁনলওঁকৈ থকা দেখি তাই এইবাৰ ধৰিলে মোক… ‘অ’.কে.-ন’ অ’.কে.?’

কথা শুনি মনে মনে আকৌ হাঁহি উঠিল৷ অ’.কে.- ন’অ’.কে.! ভাবিলোঁ, কি কওঁ এইক? দামকে সোধো ৰহ… ‘হাউ মাচ্ছ?’

যুৱতীয়ে তৎক্ষণাৎ একাষে থকা কেলকুলেটৰটো হাতত ল’লে৷ বুটামকেইটামান টিপিলে৷ তাৰ পিছত মোৰ পিনে দাঙি দেখুৱালে৷ মুখেৰেও উচ্চাৰণ কৰিলে… ‘ফ’ৰ হাণ্ড্ৰেড বাট৷’

অনুচ্ছ স্বৰত লাহেকৈ সুধিলোঁ… ‘ডিচকাউণ্ট?’ থাইলেণ্ডত বস্তু কিনাৰ এইটো কিটিপ মই আগধৰি শিকিয়ে থৈছিলোঁ৷

তাই আকৌ কেলকুলেটৰটো ল’লে৷ টিপিলে৷ মোৰ চকুৰ ফালে দেখুৱালে, আৰু লগতে ক’লে… ‘থ্ৰি ফিফটি বাট৷ ন’ ডিচকাউণ্ট৷’

তাৰ মানে তাই পঞ্চাশ বাট কমাব৷ কিন্তু তাতকৈ নকমায়৷ তথাপি ময়ো দামদৰ কৰিবলৈ নেৰিলোঁ৷ কেলকুলেটৰটো যুৱতীৰ হাতৰ পৰা লৈ ময়ো লিখিলোঁ৷ তাৰ পাছত তাইৰ চকুৰ আগত দাঙি ধৰি ক’লোঁ… ‘টু ফিফটি বাট?’

কেলকুলেটৰটো নিজৰ হাতলৈ নিলে তাই৷ লগতে মূৰ জোকাৰিলে… ‘নপ’৷ মানে নহ’ব৷

মই আকৌ কেলকুলেটৰটো ল’লোঁ৷ লিখিলোঁ আৰু সুধিলোঁ… ‘থ্ৰি হাণ্ড্ৰেড বাট’?

কেনট’ শব্দ দুটা সুৰ লগাই দীঘলীয়াকৈ টানি কৈ তাই জেকেটকেইটা চপাই ল’লে আৰু মোলৈ পিঠি দি সেইবোৰ জপাত নিমগ্ন হ’ল৷

বুজিলোঁ, মোৰ জেকেট কিনাৰ মুদা মৰিল৷ তাই চাগৈ ধৰি ল’লে এইটোৱে নিকিনে বুলি৷ এনেয়ে দৰদাম কৰি আছে৷ লাহেকৈ তাৰ পৰা প্ৰস্থান কৰিলোঁ৷

সিদিনা তাইৰ তাত একো কিনা নহ’ল ঠিকেই৷ লাভৰ মূৰত শব্দ কেইটামান কিন্তু শিকিলোঁ৷ ফুকেট, পাট্টায়া আদিত ফুৰিচাকি কেইদিনমানৰ পিছত পুনৰ বেংককলৈ ঘূৰি আহিলোঁ৷ স্বদেশলৈ উভতাৰ আগদিনা খৰধৰকৈ তাইৰ তালৈ আকৌ গ’লোঁ৷ ছোৱালীজনীয়ে মোক দেখিয়ে চিনি পালে৷ তথাপি সুধিলোঁ, মোক চিনি পাইছা নেকি বুলি৷ তায়ো হয় বুলিলে৷ বিভিন্ন ৰং আৰু জোখ মিলাই সিদিনা মুঠতে ছটা জেকেট কিনি পেলালোঁ৷

One thought on “বেংকক চহৰৰ ফুটপাথত পোহাৰীৰ সৈতে কথা-বতৰা (আব্দুচ চাজিদ)

  • May 26, 2015 at 8:26 am
    Permalink

    পঢ়ি ভাল লাগিল। internet ot ene hahitya eman dhuniakoi pohibole pai jothesto hukhi.. moi bhraman kori aru bhraman kahini pohi bohut bhal pao.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!