বাংলা বোলছবিৰ কথাৰে (অয়ন উত্তম)

Ayan Uttam ভাৰতীয় বোলছবি ইতিহাসত বাংলা চলচ্চিত্ৰৰ গুৰুত্ব অপৰিসীম৷ বাংলা ছবিয়ে বিশেষকৈ গুৰুত্ব দিয়ে ‘কাহিনী’ত৷ সেয়েহে দৰ্শকে ছবিবোৰক আঁকোৱালি লয়৷ এই দৰ্শকসকলৰ ভিতৰত কেৱল যে বাংলাভাষী দৰ্শকেই আছে, এনে নহয়৷ বাংলা ভাষাটি বুজিবলৈ সহজ— সেইবাবে ভাৰতৰ আন যিকোনো ৰাজ্যৰ দৰ্শকৰ বাবেও ছবিবোৰৰ কাহিনী আৰু ভাষা প্ৰায় বোধগম্য হয়৷ যোৱা কেইদিনমান ধৰি দৈনিক এখনকৈ বাংলা ছবি চোৱা ‘অভ্যাস’ত পৰিণত হৈছিল৷ ইয়াৰে কেইখনমান ছবিৰ বিষয়ে যৎকিঞ্চিৎ জনাবলৈ চেষ্টা কৰিছোঁ৷ ছবিকেইখন কলাত্মক ছবিৰ পৰ্যায়ৰ৷ সেয়েহে মনোৰঞ্জন ছবি ভালপোৱা দৰ্শকে এইকেইখন ছবিৰ সোৱাদত ভিন্নতা পাব পাৰে৷

১) ‘বাকিটা ব্যক্তিগত’

আপুনি প্ৰেমত পৰিছে? বা পৰিবলৈ বিচাৰে নেকি? খুব চেষ্টা কৰিছে কিন্তু সফল হোৱা নাই? তেন্তে ‘মোহিনী’লৈ যাওক৷ হয়, মোহিনী এখন গাঁৱৰ নাম— ইয়ালৈ গ’লে সকলোৱেই প্ৰেমত পৰে৷ তাৰপিছত কি হয় সেয়া কোনেও নাজানে, কিন্তু প্ৰেমত যে পৰিব সি ধুৰূপ৷ কিন্তু আপুনি ‘মোহিনী’লৈ নিজে যাব নোৱাৰিব, আপুনি অপেক্ষা কৰিব লাগিব— এখন ৰিক্সা আহিব, সেইখনত উঠি দিব আপুনি মোহিনীত উপস্থিত হ’ব৷ কিন্তু এটা কথা, মোহিনীৰ পৰা ঘূৰি আহি পুনৰ মোহিনীলৈ যদি যাবলৈ বিচাৰে— সেয়া আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব৷ মোহিনী গাঁওখন বিচাৰি হাবাথুৰি খালেও বিচাৰি নাপাব পাৰে৷

‘কেনন ৭ডি’ নামৰ এটি ডিজিটেল কেমেৰাত শ্বুটিং কৰা এখন অবিস্মৰণীয় ছবি৷ এজন ডকুমেণ্টেৰী ছবি নিৰ্মাতাই ‘প্ৰেমৰ সংজ্ঞা’ বিচাৰি ঘূৰি ফুৰোঁতে যিখিনি উপলব্ধি-অনুভৱ আহৰণ কৰিলে, তাৰেই কাহিনী হৈছে ‘বাকিটা ব্যক্তিগত’৷ এটা ডিজিটেল কেমেৰা, এজন কেমেৰাপাৰ্ছন, হাতত এডাল মাইক্ৰ’ফোন আৰু কলকাতাৰ ৰাজপথত ‘প্ৰেম’ৰ সংজ্ঞা দিয়া কেইজনমান পথচাৰী৷ চহৰৰ কোলাহলত সকলোৱেই প্ৰেমক অৱজ্ঞাৰ দৃষ্টিৰে চায়৷ হঠাৎ এজন জ্যোতিষীক লগ পায় আৰু তেখেতে জানিবলৈ দিয়ে যে ‘মোহিনী’ নামৰ এখন গাঁও আছে— যিখনলৈ গ’লে সকলোৱেই প্ৰেমত পৰে৷ প্ৰেমত পৰে বুলি ক’লে ভুল হ’ব— প্ৰেমত পৰিবলৈ বাধ্য হয়৷ প্ৰেমৰ অভিজ্ঞতা স্বচক্ষে দৰ্শন কৰিবলৈ কেমেৰা লগত লগত লৈ ছবি নিৰ্মাতা ‘মোহিনী’ গাঁও বিচাৰি ওলাল৷ জাগতিক আৰু অলৌকিক কাহিনীৰ দোমোজাত পৰি এইবাৰ ছবি নিৰ্মাতা সঁচাকৈ প্ৰেমত পৰিল মোহিনী গাঁৱৰ এগৰাকী যুৱতীৰ৷ প্ৰেমৰ বাবে অপেক্ষা, হৃদয় দিয়াৰ আনন্দ, অবিৰত যাত্ৰাপথৰ অনুভূতি আৰু জীৱনবোধৰ মুহূৰ্ত কিছু ধৰা দিছে ছবিখনত৷ সেউজীয়া শ্যামলী পথাৰ, প্ৰাণৰ গান, ৰূপালী পোহৰৰ ছায়াময় ‘কেনভাচ’, পৰি ৰোৱা শুকান হালধীয়া বাঁহপাত আৰু গাঁৱৰ প্ৰতিজনৰ প্ৰেমময় জীৱন— এক অপূৰ্ব অভিজ্ঞতা৷ ‘বাকিটা ব্যক্তিগত’ৰ কাহিনী, চিত্ৰনাট্য, পৰিচালনা আৰু সম্পাদনা প্ৰদীপ্ত ভট্টাচাৰ্যৰ৷ সংগীত পৰিচালক সুন্দৰ চক্ৰৱৰ্তীয়ে বাংলা লোকসংগীতক উচ্চমানত প্ৰকাশ কৰিছে৷ ছবিখনত অভিনয় কৰিছে ঋত্বিক চক্ৰৱৰ্তী, অমিত সাহা, অপৰাজিতা ঘোষ দাস, মাধৱী মুখাৰ্জী, সুপ্ৰিয় দত্ত আৰু চুৰ্নী গাংগুলীয়ে৷ ছবিখনৰ মূল সম্পদ— ডিজিটেল মাধ্যমত ডকুমেণ্টেৰীৰ ৰসক উচ্চ পৰ্যায়লৈ নি এখন পূৰ্ণ পৰ্যায়ৰ ছবি নিৰ্মাণ৷ ২০১৩ চনৰ শ্ৰেষ্ঠ বাংলা ছবিৰ ৰাজ্যিক পুৰস্কাৰ লাভ কৰে ছবিখনে৷ উল্লেখযোগ্য যে ছবিখন ৰিলিজ দিয়াৰ পিছত এসপ্তাহৰো বেছি চলা নাছিল— সেয়া মাল্টিপ্লেক্সেই হওক অথবা সাধাৰণ চিত্ৰগৃহতেই হওক৷ তথাপিও এখন অনবদ্য ছবি ‘বাকিটা ব্যক্তিগত’৷

(২) ‘চাৰুলতা-২০১১’

ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘নষ্টনীড়’ গল্পৰ আধাৰত আৰু সত্যজিৎ ৰায়ৰ ক্লাছিক ছবি ‘চাৰুলতা’ৰ ‘ৰীমেক ভাৰ্চন’ অগ্নিদেৱ চেটাৰ্জীৰ ‘চাৰুলতা-২০১১’৷ এগৰাকী সন্তানহীন, নিঃসংগ পত্নীৰ কাহিনী ‘চাৰুলতা-২০১১’৷ কৰ্ম ব্যস্ত তথা উদাসীন স্বামী, এখন ডাঙৰ ঘৰ আৰু অপৰিসীম সময়৷ বৰ্তমান যুগৰ এখন ‘জটিল’ ছবি দেখা পোৱা গৈছে ‘চাৰুলতা’ত৷ একাকিত্বৰ পৰা হাত সাৰিবলৈ ২০১১ চনৰ চাৰুলতাই খুলি লৈছে ফে’চবুক৷ অনলাইন চাটিঙত ফে’চবুক ফ্ৰেণ্ড সঞ্জয়ৰ সৈতে প্ৰেম৷ হঠাৎ দেখাদেখি৷ প্ৰেমৰ পৰা শৰীৰ, কিছু জড়তা, কিছু শংকা, অপ্ৰস্তুত, আকৌ প্ৰেম আৰু সাংসাৰিক জটিলতা— মূলতঃ এইখিনিকেই উপজীব্য হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘চাৰুলতা-২০১১’৷ নাম-ভূমিকাত ঋতুপৰ্ণা সেনগুপ্তই বহুখিনি দুঃসাহসিক অভিনয় কৰিছে৷ বহুকেইটা দৃশ্যত মেকআপবিহীন ঋতুপৰ্ণাক ‘চাৰুলতা’ই পূৰ্ণ সুযোগ দিছে অভিনয়ৰ বাবে৷ বাংলা ছবিত এনে দুঃসাহসিক দৃশ্য দুৰ্লভ৷ সম্পৰ্ক, প্ৰেম, বিশ্বাস, নিৰ্ভৰশীলতা, সমাজ আৰু আনহাতে এগৰাকী নাৰীৰ মনৰ বতৰা৷ জটিল বিষয়, জটিল ছবি৷ ‘চাৰুলতা-২০১১’ত বহুখিনি যৌনতা আছে কিন্তু সেয়া অত্যন্ত ৰুচিশীলভাৱে দৰ্শকৰ আগলৈ আগবঢ়াই দিছে পৰিচালকে৷ এগৰাকী মহিলাৰ মাজত লুকাই থকা যৌনতাক তুলি ধৰিছে ভিন্নৰূপত৷ আমাৰ সামাজিক পৰিচয়ৰ ভিতৰত লুকাই থকা নকল পৰিচয়খিনি কেনেদৰে প্ৰকাশ পায়— সেই কথা বুজাবলৈ চেষ্টা কৰিছে ছবিখনৰ জৰিয়তে৷ ঋতুপৰ্ণাৰ উপৰি কৌশিক সেন, দোলন ৰায়, দ্বিব্যেন্দু মুখাৰ্জী, আৰু অৰ্জুন চক্ৰৱৰ্তীৰ দক্ষ অভিনয়েই হৈছে ছবিখনৰ মূল সম্পদ৷

(৩) ‘আমি আৰ আমাৰ গাৰ্লফ্ৰেণ্ডছ’

‘গাৰ্লছ-ৰক্‌’— বৰ্তমান যুগৰ ‘শ্লোগান’৷ শ্ৰীময়ী, ৰিয়া আৰু প্ৰণীতা— মেট্ৰ’ নগৰীৰ তিনিগৰাকী যুৱতীৰ কাহিনীৰে নিৰ্মিত মৈনাক ভৌমিকৰ ছবি ‘আমি আৰ আমাৰ গাৰ্লফ্ৰেণ্ডছ’৷ ৪০ ঊৰ্ধ্বৰ শ্ৰীময়ীৰ জীৱনলৈ হঠাৎ আহে ১৬-১৭ বছৰীয়া যুৱক৷ মুক্ত বিহংগৰ দৰে উৰিব বিচাৰিও সজালৈ অৰ্থাৎ ঘৰলৈ ঘূৰি আহি শান্তি লাভ কৰে শ্ৰীময়ীয়ে৷ বিবাহ-উপযুক্ত ৰিয়াই যিজন যুৱককেই লগ পায়, সেইজনৰ সৈতেই বিয়াত বহিবলৈ উত্ৰাৱল হয়৷ কিন্তু প্ৰতিজনৰ পৰাই হতাশাৰ বাদে আন একো নাপায়৷ আনহাতে প্ৰণীতা চিন্তাশীল লেখিকা হ’লেও আশ্ৰয় হিচাপে বাচি লয় এজন অচিনাকি ফে’চবুক ফ্ৰেণ্ডক৷ শ্ৰীময়ী, ৰিয়া, প্ৰণীতাই কফিহাউচত বহি আড্ডা দিয়ে, বিকিনি পিন্ধি জলকেলি কৰে আৰু এজনীয়ে আনজনীৰ সান্নিধ্যত প্ৰাণৱন্ত হৈ উঠে৷ বাকীখিনি সময়ত এওঁলোক হতাশ, প্ৰাণহীন৷ কঠোৰ বাস্তৱৰ মাজতো ইগৰাকীয়ে সিগৰাকীৰ মাজত বিচাৰি পায় সহানুভূতি, তত্ত্বাৱধান, মানসিক শক্তি৷ আজিৰ যুগৰ যুৱতীয়ে অশ্লীল শব্দ প্ৰয়োগ কৰাত পিছ পৰি ৰোৱা নাই— সেয়া ছবিখনে উদঙাই দিছে৷ প্ৰতিবন্ধকতা পালেই সৃষ্টি হয় ক্ষোভ আৰু অসন্তুষ্টিৰ৷ ‘আমি আৰ আমাৰ গাৰ্লফ্ৰেণ্ডছ’ এখন ‘স্মাৰ্ট’ ছবি বুলি অভিহিত কৰিব পাৰি৷ ছবিখনৰ নায়িকাকেইগৰাকীৰ অভিনয় প্ৰশংসনীয়৷ শ্ৰীময়ীৰ ভূমিকাত স্বস্তিকা মুখাৰ্জী, ৰিয়াৰ ভূমিকাত পাৰ্ণো মিত্ৰ আৰু প্ৰণীতাৰ ভূমিকাত ৰাইমা সেনে অসাধাৰণ অভিনয় কৰিছে৷ অংকিত আদিত্য আৰু নীল দত্তৰ সংগীত ছবিখনৰ প্ৰাণ স্বৰূপ৷

(৪) ‘জাতিস্মৰ’

এখন আপুৰুগীয়া ছবি ‘জাতিস্মৰ’৷ দুটা জীৱনৰ স্মৃতি লৈ জীয়াই আছে কুশল হাজৰা৷ পুনৰ্জন্মৰ প্ৰতিটো স্মৃতিয়েই কুশল হাজৰাক উন্মাদ কৰি তোলে৷ এণ্টনী ফিৰিংগী নামৰ এজন সংগীতজ্ঞৰ জীৱন গাঁথাক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে৷ এই এণ্টনী ফিৰিংগীয়েই এই সময়ৰ কুশল হাজৰা৷ এণ্টনী ফিৰিংগীৰ সংগীত উদ্ধাৰত নামি পৰা গুজৰাটী যুৱকৰ বাংলা যুৱতীৰ সৈতে প্ৰেম৷ বাংলা ভাষা ক’ব নোৱাৰাৰ বাবে প্ৰেমত বাধা৷ এণ্টনী ফিৰিংগীৰ সন্ধান, সংগীত শিক্ষা আৰু যুৱতীক এটি বাংলা গান উপহাৰ৷ ‘ক্লাইমেক্সে’ৰে ভৰা সংগীতমধুৰ ছবিখনত বাংলা জনপ্ৰিয় অভিনেতা প্ৰসেনজিতৰ লগতে অভিনয় কৰিছে যীশু সেনগুপ্ত, স্বস্তিকা মুখাৰ্জী, আবিৰ চেটাৰ্জী, ৰিয়া সেন আদিয়ে৷ ছবিখনৰ পৰিচালক শ্ৰীজিৎ মুখাৰ্জী৷ ছবিখনৰ প্ৰধান সম্পদ সংগীত— ইয়াৰ বাবে প্ৰশংসা কৰিবই লাগিব কবীৰ সুমনক৷ সৌমিক হালদাৰৰ কেমেৰাৰ কামে ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে৷ আনহাতে ছবিখনৰ ‘মেকআপ’ সুন্দৰ হৈছে৷ এণ্টনী ফিৰিংগী আৰু কুশল হাজৰাৰ দ্বৈত ৰূপত প্ৰসেনজিতে যি অভিনয় কৰিলে, সেয়া বহুতৰ বাবে ঈৰ্ষাৰ বিষয় হোৱাৰ থল আছে৷ পূৰ্ণদৈৰ্ঘৰ বাংলা ছবিসমূহৰ ভিতৰত ‘জাতিস্মৰ’ এই বছৰৰ শ্ৰেষ্ঠ বুলি ক’ব পাৰি৷

(৫) ‘টেক ৱান’

বিতৰ্ক… বিতৰ্ক… বিতৰ্ক …! বিতৰ্কিত নায়িকা৷ বিতৰ্কিত এটা দৃশ্য৷ দোয়েল মিত্ৰ নামৰ অভিনেত্ৰীগৰাকীয়ে এখন চিনেমাৰ বাবে এটি উলংগ দৃশ্যত অভিনয় কৰে৷ আৰু তাৰ পৰাই সৃষ্টি হয় বিতৰ্ক, ‘গছিপ’, সমালোচনা৷ ছবিখন ৰিলিজ হোৱাৰ আগতেই এচামে ছবিখন বৰ্জন কৰিবলৈ আহ্বান জনায়, আনহাতে আন এচামে ছবিখনৰ সপক্ষে মত দিয়ে৷ হঠাৎ পট পৰিৱৰ্তন! আৰম্ভ হয় এগৰাকী মাতৃৰ গল্প, এগৰাকী অভিনেত্ৰীৰ জীৱনৰ গল্প আৰু এজন ব্যৰ্থ সাংবাদিকৰ গল্প৷ দোয়েল মিত্ৰৰ জীৱনটোক ‘সীতা’ৰ জীৱনৰ সৈতে তুলনা কৰিছে পৰিচালকে৷ সীতাৰ দৰেই উত্থান-পতনৰে ভৰা দোয়েল মিত্ৰ তেতিয়াও নিৰুত্তৰ, নিৰুদ্বেগ৷ অগ্নিপৰীক্ষা দি গৈছে৷ শেষত যি উলংগ দৃশ্যৰ বাবে চৰ্চাৰ বিষয় হৈ পৰিছিল, সেই দোয়েল মিত্ৰই আঁজুৰি আনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা৷ সংবাদপত্ৰত অভিনেত্ৰীৰ নগ্ন দৃশ্য প্ৰচাৰ হোৱাৰ পিছত ছবিখনক ‘পৰ্ণ ছবি’ হিচাপে আখ্যায়িত কৰিছিল বহুতে৷ কিন্তু এজন দৰ্শকে ছবিখনৰ এটি দৃশ্য দেখিয়েই সম্পূৰ্ণ ছবিখনৰ কাহিনী কল্পনা কৰিব পাৰে? ইয়াতেই পৰিচালকৰ আক্ষেপ ফুটি উঠে৷ পৰৱৰ্তী সময়ত যদি সেই ছবিখন ‘নেচনেল’ অথবা ‘ইণ্টাৰনেচনেল এৱাৰ্ড’ পায় সকলোৱে বাহঃ বাহঃ দিয়ে৷ প্ৰতীকধৰ্মী, ব্যংগধৰ্মী হ’লেও এখন ছিৰিয়াছ ছবি ‘টেক ৱান’৷ ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে মৈনাক ভৌমিকৰ বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়৷ ছবিখনত দোয়েল মিত্ৰৰ ভূমিকাত অভিনয় কৰিছে স্বস্তিকা মুখাৰ্জীয়ে৷ আন আন চৰিত্ৰত অভিনয় কৰিছে অন্বেষা মুখাৰ্জী, অৰিন্দম শীল, সম্পূৰ্ণা লাহিড়ীয়ে৷ সংগীত পৰিচালক ময়ূক্ষ ভৌমিক৷ ছবিখনৰ মূল সম্পদ এটা ভিন্নস্বাদৰ কাহিনী আৰু স্বস্তিকাৰ অভিনয়৷

বাংলা ছবিৰ মূল সম্পদ কাহিনী— সেয়া ওপৰত উল্লেখ কৰা হৈছে৷ কিন্তু আন এটি উল্লেখযোগ্য দিশ হৈছে— প্ৰায়বোৰ বাংলা ছবি নায়িকাপ্ৰধান৷ যি সময়ত বলীউডৰ পৰিচালকে নায়িকাপ্ৰধান ছবি নিৰ্মাণ কৰিবলৈ ভয় কৰে, সেই সময়ত বাংলা পৰিচালকে নায়িকাক শ্ৰেষ্ঠ আসন দি ছবি নিৰ্মাণ কৰি গৈছে— ই নতুনচাম অভিনেত্ৰীৰ বাবেও আশাৰ বতৰা৷ লগতে বাংলা ছবিয়ে আন এটা দিশলৈ মন দিয়ে— চিত্ৰগৃহলৈ যদি খুব কম সংখ্যক দৰ্শক গৈছে, তেওঁলোককো নিৰাশ নকৰে৷ দহজনৰ দহজনকেই সন্তুষ্ট ৰাখিবলৈ চেষ্টা কৰে৷ লগতে, ইউটিউবেই হওক বা আন আন ইণ্টাৰনেট ছাইটত বাংলা ছবি উপভোগ কৰা দৰ্শকৰ সংখ্যা তুলনামূলকভাৱে বেছি৷ গ্লেমাৰতকৈ কাহিনীক প্ৰাধান্য দিয়ে বাবেই বাংলা ছবি দৰ্শকে গ্ৰহণ কৰে৷ বিতৰ্কিত বিষয়, সাম্প্ৰতিক চিন্তা, বাস্তৱ জগতৰ সৈতে খাপ খোৱা কাহিনীক প্ৰাধান্য দি নিৰ্মাণ কৰা বাংলা ছবিৰ পৰিচালকে দৰ্শকৰ সমালোচনাক মান দিয়ে আৰু পৰৱৰ্তী ছবিসমূহ যাতে উৎকৃষ্ট হয়, তাৰ প্ৰতি লক্ষ্য ৰাখে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!