‪বৰবৰুৱাৰ পুনৰাগমন (অভিজিৎ কলিতা)

আগকথা: ৰসৰাজৰ কৃপাবৰ বৰবৰুৱা অসমীয়া ব্যংগ সাহিত্যৰ উৎকৃষ্টতম নিদৰ্শন। সেই লিখনিৰ ধাৰাক অনুসৰণ কৰাৰ এক নিঃকিন প্ৰচেষ্টা, ৰসৰাজৰ ন্মানাৰ্থে আগবঢ়ালোঁ

আসামবাসী ৰাইজ, ৰাইজ মানে, সেই নদাই ভদাইৰ পৰা ধৰি একেবাৰে মন্ত্ৰী মুদাগৰ গোটেই সোপাকে জাকৈয়াই খালৈত পুথি খলিহনা, শিঙৰা, চেলকণা, চেঙেলীৰ পৰা গংগাটোপলৈকে ভৰাই লোৱাৰ দৰে, একেলগ কৰি ,মাতষাৰ মাতি, দুটামান কথা কবলৈ মুখ মেলিলোঁ। হওতে বৰবৰুৱাৰ এই কেলেহুৱামখাৰ বা-বাতৰি লোৱাৰ মন মেজাজ একেবাৰে নাই। নোৱাৰাতহে আজি আহি আসামৰ ৰাইজৰ মুখামুখি হ’ব লগাত পৰিল। ৰাইজে জানেই, যোৱাবেলি স্বৰ্গফেৰৎ বৰবৰুৱাই আসাম মুলুকৰ ৰাইজৰ হিতাৰ্থে অনেক আঁচনি দি যোৱাৰ লগতে অসমীয়াক চকু ফালি নিজৰ ভুল বিলাক দেখুৱাই তাৰ সমিধানৰ উপায়ো দি নোযোৱা নহয়। পিছে “গালো বালো খোলাকটিৰ তাল” , বৰবৰুৱাৰ হিতোপদেশক বুঢ়া আঙুলি দেখুৱাই এই মুলুকৰ ৰাইজে মনখুচি কামত লাগিল, দুখতে বৰবৰুৱাই ‘পুনৰ’মুচিকো ভবঃ’ বুলি শাওপাত দি ঘৰৰ ল’ৰা ঘৰলে যোৱাদি স্বৰ্গলৈ গ’লগৈ। সেইদিন ধৰি বৰবৰুৱাই আসাম মুলুকৰ ফালে মুখ ঘুৰাই চোৱা নাই, তাতোকৈ স্বৰ্গলোকৰ তলা নলা বিচাৰি দিনকেইটা সুখত কটোৱাৰ মতলবহে কৰিছিল। পিছে মনত এধানি দুখ নথকা নহয়, বোলে নিজৰেই ৰজা, নিজৰেই প্ৰজা, এনেহেন সুবিধা পাই ৰাইজখনেনো কিখন কৰি আছে। পিছে বৰবৰুৱাৰ নিজৰেই অনেক আহুকাল, তাতে স্বৰ্গৰাজ্যৰ কথা। গতিকে ঊট পক্ষীয়ে কণী লুকুৱাদি চকু কাণ মুদি দিনকেইটা পাৰ কৰাৰ ইচ্ছাহে আছিল বৰবৰুৱাৰ। পিছে কথাতে কয় নহয়, “ভবা কথা নহয় সিধি, বোলে বাটত আছে কণা বিধি” বৰবৰুৱাই স্বৰ্গলোকৰ সা-সুবিধা বিলাকৰ মৌজ লৈ থাকোতেই সেইদিনা স্বৰ্গলোকৰ গৱৰ্ণৰ মানে স্বয়ং ভগৱান বিষ্ণুৱে বৰবৰুৱাক তলব কৰিলে।

বৰবৰুৱাই পিতলৰ মুঠিৰ লাখুটিডাল লৈ মূৰত পাগটো মাৰি বিষ্ণু দেৱতাৰ দৰবাৰ পায়গৈ মানে, সেইদিনা গৱৰ্ণৰৰ আপিচ একেবাৰে গহীণ। আক তাক সুধি বৰবৰুৱাই গম পালে বোলে, আসাম মুলুকৰ অৱস্থা অতি গুৰুতৰ, সেয়েহে আজি হেনো কিবা ভিতৰুৱা মেলৰ আয়োজন। বৰবৰুৱাৰ মন তেতিয়াই নোগোন্ধোৱা নহয়। পিছে কৰ পানী কলৈ যায় চাওচোন বুলি বৰবৰুৱাই পোনে পোনে গৱৰ্ণৰক সুধিলেগৈ। বৰবৰুৱাক আথে বেথে বহুৱাই, তামোল চালি যাচি, কুশল বাৰ্তা সোধাৰ পাছত গৱৰ্ণৰে যিফেৰা কথা উলিয়ালে, বৰবৰুৱাই শুনি বৰ সন্তোষ নেপালে। ভগৱানে বোলে, সমস্ত মনুষ্য লোকৰ মাজত আসাম মুলুকৰে অৱস্থা অতি গুৰুতৰ, আসামক ৰক্ষা কৰিব নোৱাৰিলে বোলে, মনুষ্য জাতিৰে অমংগল আসন্ন। বৰবৰুৱাই বহলাই ব্যাখ্যা কৰিবলে কোৱাত বিষ্ণুদেৱে বোলে পৃথিবীৰ যত বদ-বেয়া কাম, সকলো আসামৰ পৰাই আৰম্ভ হয়, গতিকে আসামৰ ৰাইজক দুই চাইটা ভাল কথা শিকাব নোৱাৰিলে, বোলে মানব জাতিয়েই আসামবাসীৰ পদাংক অনুসৰণ কৰি আও মৰণে মৰিবৰ পাং পাতিছে, গতিকে বোলে সময়ৰ শৰ সময়ত মাৰি অসমীয়াক নাওমান হলেও ভাল কৰিব নোৱাৰিলে বোলে বিষ্ণুদেৱতাৰ চাকৰিৰেই ইতি পৰিব, আৰু ৰুদ্ৰদেৱতাই তাৰে সুবিধা লৈ সৃষ্টিৰ বিনাশ কৰিবলৈ চেগ চাই আছে। হেনজানি, বৰবৰুৱাই শীঘ্ৰে আসামলে গৈ ৰাইজক অলপ সুবুদ্ধি দি সৃষ্টিখন ৰক্ষা কৰিব লাগে। তাতে বৰবৰুৱা এই বিষয়ত এক্সপেৰিয়েন্স থকা মানুহ, এনে লোক স্বৰ্গত আৰু দুজন নাই, গতিকে সৃষ্টি ৰক্ষাৰ এই গুৰুদ্বায়িত্ব বৰবৰুৱাৰ বৃদ্ধ যদিও সৱল কান্ধতে দিয়া হ’ল। বিষ্ণু দেৱতাৰ কথা শুনি বৰবৰুৱাৰ সাতামপুৰুষীয়া খংটো ঘপহকে উঠি নহা নহয়, জহন্নামে যা বুলি গপগপাই ওলাই অহাৰ ইচ্ছাও নোহোৱা নহয়। আসাম দেশত বৰবৰুৱাই পোৱা অপমান এতিয়াও বৰবৰুৱাৰ বুঢ়া কলিজাত চাহখৰিৰ অঙঠাৰ দৰে গপগপীয়ায়াকৈ জ্বলি নথকাও নহয়। হেৰৌ ভাললে বুলি নিজৰ বৰবৰুৱা বিষয়ৰ ভেম এৰি কথা দুষাৰ কলো, দৰবলৈ বুলিও কৰ্ণপাত কৰিব নেপায় নে? পিছে বিষ্ণুদেৱতা একেবাৰে পকা গৱৰ্ণৰ, বৰবৰুৱাৰ খং উঠা যেন পাই, একেবাৰে গাজত লগাকৈ যি কেইটা কথা ক’লে, বৰবৰুৱাৰ ভাতৃপ্ৰেম একেবাৰে জাগ্ৰত হৈ উঠিল নহয়। পিছে বৰবৰুৱাও একেবাৰে কেঁচা খেলুৱৈ নহয়, পোনে পোনে গৱৰ্ণৰক ক’লে বোলে, পাৰমেন্ট কে যাব নোৱাৰো, চাহবাগীছাৰ ফাল্টু লেবাৰৰ দৰে মাজে মধ্যে গৈ দুষাৰ ভাল কথা কৈ আহিমগৈ, অসমীয়াই শুনিলে ‍শুনিব, নুশুনিলে ভুগিব, বৰবৰুৱাৰ কি আহে যায়। পানীত পৰা লোকে তৃণ-কুটাকে সম্বল বুলি সাৱটি ধৰাৰ দৰে গৱৰ্ণৰেও বৰবৰুৱাৰ কথা একে আষাৰে মানি ল’লে, বোলে, বৰবৰুৱা হৈ যাব নেলাগে, মাজে মধ্যে, আসাম মুলুকৰ কোনোবা এটাৰ গাত থিত দি দুষাৰ দৰকাৰী কথা কৈ আহিলেও হ’ব। বৰবৰুৱাৰ নোহো বোলাৰ বাট নেথাকিল।

পিছে লেঠা লাগিল , যেতিয়া কাৰ গাত থিত দিয়া যায়, কথাটো থিৰাং কৰা হ’ল। বৰবৰুৱাই বৰ বেছি চিন্তা কৰা নাছিল, কিন্তু যিদিনা চেংচন কৰা মানুহটোৰ নাম পালে, বৰবৰুৱাৰ খং একেবাৰে টিকনিৰ আগেৰে গৈ চেলাউৰীৰ মাজত থিত দিলেগৈ। গবৰ্ণৰ হ’লে কি হব? ইমান কণ কাণ্ডজ্ঞান নেথাকিলে সৃষ্টিখন কেনেকে চলাব। বৰবৰুৱা বংশ কৌটিকালৰ পৰা ৰজাৰ বি‍ষয় খোৱা, কোনো কালে অজাতিৰ লগত সংগ হোৱা নাই । যিটো মানুহৰ লগত লগাই দিলে সেইটোৰ বংশ পৰিচয়ৰেই থানথিত নাই। আৰু চেহেৰাও কি চাবা, একেবাৰে বাৰ হাত চিৰালৰ তেৰ হাত গুটি যেন টেমি হেন মুখখনত ফৈ হেন গো‌ফ কোচাৰে তেনেই সাতপুৰুষ সিন্ধি খানি, বেৰৰ পোলা কাটি পেট প্ৰবৰ্তোৱা বংশৰ সকলো লক্ষণ থকা, ওৰেটো জীৱন গা ধোৱাৰ নামত গেলা পুখুৰীটো জোবোৰা এটা মাৰি নোপোৱা, কাপোৰ কাণি, মাত কথাৰ সজাত নোহোৱা, খাবলৈ নেপায় পিত মৰা, মুখৰ লাগবান্ধ নাইকীয়া এই অপগন্দটোৰ গাত বৰবৰুৱাক লম্ভিবলৈ উচটনি দিয়াত বৰবৰুৱাই টিঙিৰি তুলা হৈ সাতহতীয়া আৰ্জি এখন স্বয়ং গৱৰ্ণৰৰ মেজত দাখিল কৰিলেগৈ। বোলে বৰববৰুৱাক এনে অপমান কৰিবলৈ সাহস পালে ক’ত। তাকে দেখি গৱৰ্ণৰে কৰযোৰে বৰবৰুৱাক খোচামতি কৰি ক’লে বোলে কোনোবা কেৰেনীৰ ভুলৰ বাবেহে এনে অনৰ্থ হ’বলে পালে, আৰু স্বৰ্গলোকৰ নিয়ম মতে লগে লগে ট্ৰেন্সফাৰ কৰিব নোৱাৰি। গবৰ্ণৰৰ অবস্থা দেখি বৰবৰুৱাৰ খংটো যেনিবা নাওমান শাম কাটিল আৰু বোলে যি হ’বৰ আছিল হ’ল, বৰবৰুৱাৰ দৰে স্থিতপ্ৰজ্ঞ লোকে কৰিম বোলাৰ পাছত ডিঙি কাটি দিলেও এখোজো পিছ হুহুকি নাহে। কিন্তু যিমান সোনকালে পাৰে বৰবৰুৱাক এই কামৰ পৰা অব্যাহতি দিব লাগে।

সেই হেতুহে আজি বৰবৰুৱাৰ আসাম আগমণ। এই নাম ল’বলে মন নোযোৱাটোৰ মুখে বৰবৰুৱাই দুষাৰ ভাল কথা আসামৰ ৰাইজক ক’ব, শুনিলে আসাম দেশৰ উন্নতি হ’ব, নুশুনিলে স্বইচ্ছা। জানি ল’ব লাগে, বৰবৰুৱাই এনেই উৰণীয়া কথা নকয়, বৰবৰুৱাৰ কথাত আগৰ ফিৰিঙি কোম্পানিৰ এশ বছৰীয়া গেৰাণ্টি থাকে। আৰু আসাম দেশৰ সকলো সমস্যা টিলিকিতে উৰুৱাই দিব পৰা বুধি বৰবৰুৱাৰ বৰপেৰাত অলেখ আছে। হেনজানি, কৃপাবৰ বৰবৰুৱই আকও আসামৰ দেশৰ অধিবাসী সকলক হুকুম নিদি অনুৰোধ কৰিছে বোলে “চকু মেল, হেৰৌ নাও বুৰি তলি পাবৰ হ’ল, টিঙৰ পৰা নাম।”

ইতি
কৃপাবৰ বৰবৰুৱা

ক্ৰমশ….

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!