বৰ্ষা – বিতোপন বৰদলৈ

বৰ্ষা তুমি যেতিয়া আহা
মনতো বৰ ভাল লাগে।
পিয়াহত থকা পৃথিৱীখনেও যেন পিয়াহ পলুৱায়।
উৰিফুৰা ধূলিকণাবোৰো যেন নোহোৱা হয়।
জীপা ল মাটিৰ গোন্ধেও যেন চৌদিশ মলেমলায়।
 
বৰ্ষা তুমি যেতিয়া আহা
মনতো বৰ ভাল লাগে।
গৰমত ইচাট্-বিচাট্ কৰি থকা দেহাটো জুৰাওঁ।
শীতলতাত প্ৰাণ বুৰাওঁ।
সিৰ্ সিৰ্ কৈ উঠা শৰীৰৰ মাদকতাবোৰ পাওঁ।
 
বৰ্ষা তুমি যেতিয়া আহা
মনতো বৰ ভাল লাগে।
চৌদিশে গঢ়ি উঠে সেউজীয়া পৰিবেশ।
নদ-নদীয়ে প্ৰাণ পায়।
জলচৰে কেলি কৰে হিয়া উজাৰি।
 
বৰ্ষা তুমি যেতিয়া আহা
মনতো বৰ ভাল লাগে।
খেতিয়কৰ মুখত বিৰিঙে হাঁহি।
চৰাই-চিৰিকটিয়ে মাতে কিৰিলি, কিৰিলি।
হাবি-জংঘলত ফুল ফুলে,
গছ-লতাই নতুন পোখা মেলে
বৰ্ষা তুমি আহিলে। বৰ্ষা তুমি আহিলে।
####

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!