বৰ্ষাৰ গদ্য-ৰাজীৱ সন্দিকৈ

সন্ধিয়া অফিচৰ পৰা আহি লেখকে ঘৰ সোমোৱা মাত্ৰকে হুৰ হুৰকৈ বৰষুণজাক আহিল।

বৰষুণত তিতাৰ পৰা কথমপি ৰক্ষা পৰাত স্বস্তিৰ নিশ্বাস এৰি বাৰান্দাতে বহি লেখকে বাহিৰলৈ চালে। তেতিয়া বৰষুণজাকো ক্ৰমাৎ ডাঙৰ হ’বলৈ আৰম্ভ কৰিছিল। তেওঁৰ ঘৰৰ সন্মুখতে থকা চাহ বাগিছাখনৰ চাহগছবোৰৰ মাজে মাজে আন্ধাৰত একোটাহঁত দৈত্যৰ দৰে থিয় দি থকা প্ৰকাণ্ড শিৰীষ গছবোৰ বৰষুণৰ লগতে বলি থকা বতাহত হালি-জালি আছিল। দবা-পিটা বৰষুণ, মাজে মাজে প্ৰচণ্ড শব্দৰে মৰা মেঘৰ গাজনি, আকাশ পোহৰোৱা বিজুলীৰ চমক, সমুখত চাহ বাগিছাৰ বিস্তৃৰ্ণ সেউজ দলিচা…..বহুদিনৰ মূৰত এক অনামী প্ৰশস্তিত লেখকৰ মনটো ভৰি পৰিল।
কিমান দিনৰ আগৰ কথা বাৰু….পোন্ধৰ বা বিছ বছৰ? নিশা ধুমুহা-বৰষুণ আহিলেই লেখকে ঘৰৰ আগফালৰ বাৰান্দাত বহি বৰ্ষাৰ নিশাবোৰৰ মায়াৱী ৰূপ উপভোগ কৰিছিল। প্ৰচণ্ড শব্দৰ মেঘৰ গাজনি, বিজুলীৰ চমকণি, বতাহত দোঁ খাই মাটি চুই যাও যেন কৰি হালি পৰা তামোল গছ, ধুমুহাত নীড় হাৰা হোৱা অচিন পক্ষীৰ কোলাহল, বতাহৰ মাজে মাজে পাছফালৰ বাৰীত আমগছৰ ডাল, কলগছ ভঙাৰ শব্দ। আস্ কি যে দিনবোৰ আছিল সেয়া।
সেই সময়ৰে কথা আছিল কিজানি,
মুষলধাৰ বৰষুণৰ মাজে মাজে ঘৰৰ ওচৰৰ মহাবিদ্যালয়খনৰ খেলপথাৰত সৰু ফুটবল এটা ভৰিত লৈ দৌৰি ফুৰিছিল এজাক কিশোৰ। “কোন কোন আছিল বাৰু সেইদিনা ? সোণমনি, নালিয়া, বগাই, ভদীয়া আৰু…..”, নাই লেখকৰ স্মৃতিয়ে মনত পেলাব নোৱাৰিলে আটাইবোৰ মুখক! মনত থাকিল কেৱল সেই বৰ্ষণমুখৰ আবেলিটোৰ কথা। বৰষুণৰ পানীত সিক্ত দেহা, কোমল বোকাই চিনিব কৰি ৰোৱা শৰীৰৰ মাজত সেই আবেলি আনন্দত কিৰিলিয়াই আছিল শৈশৱে।
সেইদিনা সন্ধিয়া পঢ়াৰ টেবুলত বহি হাঁচিয়াওতে লেখকৰ মাতৃয়ে খঙতে পুতেকক গালি পাৰিছিল, “কিমান কৈ আছো বৰষুণত তিতি নাথাকিবি, এতিয়া জ্বৰ হলে পাবি মজাটো !” মাতৃৰ কৰুণাময়ী মুখখন কল্পনা কৰি লেখকৰ মুখত এটা হাঁহি জিলিকি উঠিল।
“অই, পানীখনত বেছিকৈ খেলি নাথাকিবি, ঠাণ্ডা সোমাব গা’ত”,! আৰু এদিন মাকৰ এই কথাষাৰ মনত পৰিল লেখকৰ। কেতিয়া শুনিছিল বাৰু এই কথা ?
সেইদিনা আবেলি বৰষুণৰ লগতে আকাশৰ পৰা সৰিছিল সৰু বৰ অসংখ্য বৰফৰ টুকুৰা। লেখকৰ ঘৰৰ আগফালৰ সেউজ চোতালখনত বৰফবোৰ এখন শুভ্ৰ দলিচাৰ দৰে বিস্তৃত হৈ আছিল। আনন্দত লেখকে সেইদিনা হাতত এটা সৰু বাল্টি লৈ চোতালত সৰা বৰফবোৰ বুটলিছিল। সিক্ত হাতৰ মুঠিত শীতল বৰফৰ স্পৰ্শৰ আনন্দত মছগুল হৈ থাকোতেই মাকে বাৰান্দাৰ পৰা চিঞৰি উঠিছিল, “পানীত বেছিকৈ খেলি নাথাকিবি….”,
সেইদিনা সৰু বাল্টিটো ভৰি পৰা বৰফৰ টুকুৰাবোৰ অলপ পৰৰ পাচত পানী হৈ পৰিছিল। উপঙি ৰৈছিল মাথো বৰফৰ লগত লাগি থকা ঘাঁহৰ সৰু সৰু টুকুৰাবোৰ।
বহাগ-জেঠ মহীয়া পানীয়ে লেখকৰ ঘৰৰ পাছফালৰ সৰু পথাৰখন ভৰাই পেলায়। সেই পানী যেতিয়া বাৰীৰ ডাঙৰ পুখুৰীটোৰ ফালে বাগৰি যায়, ন-পানী পাই বাহিৰলৈ ওলাই যাবলৈ চেষ্টা কৰা মাছৰ উজান উঠে। সেই নিশাবোৰত টিঙৰ চালিত হোৱা বৰষুণৰ শব্দবোৰৰ লগে লগে উৎকণ্ঠা বাঢ়ে লেখকৰ পিতৃৰ, “চেপাটো ভাল দৰে পাতিলিনে, ফাঁচীজাল খনৰ খুটি ভালদৰে পুতিলিনে? সোনকালে শুই থাক, ৰাতিপুৱাই উঠি চেপাটো চাবিগৈ।”
এদিন উজানত উঠা পুঠি, কাৱৈ, কান্ধুলী মাছৰে ঠাহ খাই থকা চেপাটোৰ ভিতৰত নুৰ খাই সোমাই থকা ঢোৰা সাপটোৰ ছবিখন হঠাৎ লেখকৰ মনলৈ ভাঁহি আহিল। এক অদ্ভূত শিহৰণত এতিয়াও তেওঁৰ শৰীৰ জিকাৰ খাই উঠিল।
বৰষুণজাক কম হোৱাৰ কোনো লক্ষণ দেখা নগল। আনসময়ত গোমা হৈ অহা আকাশখন দেখিলেই বৰষুণৰ আশঙ্কাত বিৰক্তিত মুখ কোচাই দিয়া লেখকৰ বৰষুণজাকৰ প্ৰতি এক অদ্ভূত মায়া উপজিল। মুখত এক সন্তুষ্টিৰ হাঁহি লৈ লেখক হাতখন মেলি ব্যাকুলতাৰে আগবাঢ়ি গল বহু যুগৰ বন্ধু বৰষুণজাকক এবাৰ মৰমেৰে স্পৰ্শ কৰাৰ বাবে।
সেই সময়তে আকাশ পোহৰাই তোলা বিজুলীৰ এক চমকেও যেন দুই বন্ধুৰ এই মিলনক স্বাগতম জনালে।
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!