বৰ্ষা ঋতু আৰু অসমভূমি (চবিনা ইয়াচমিন)

 

“তই আহিলেই বৰষুণ আহে,

চিপচিপিয়া হয় পথাৰ,

কৃষকৰ সপোন গৰ্ভৱতী হয়,

চকুত সপোনৰ শিপা গজে,

জোৰেৰে খামুচে নাঙল৷”

(কবি: দীপ্তি দেউৰী বৰা৷

কবিতাৰ শিৰোনাম: শাওণ)

ভাৰতৰ উত্তৰ-পূৱত অৱস্থিত অসম দেশৰ জলবায়ু আৰু বতৰক ইয়াৰ ভৌগোলিক অৱস্থাই বিশেষ ভাৱে প্ৰভাৱিত কৰে৷ প্ৰাকৃতিক সৌন্দৰ্যৰ ফালৰ পৰা এই দেশ অতি মনোৰম৷ তদুপৰি চিৰ প্ৰৱাহমান ব্ৰহ্মপুত্ৰ নদী অসমৰ এক আপুৰুগীয়া সম্পদ৷ ভাৰতবৰ্ষৰ অন্যান্য দেশ সমূহতকৈ অসমৰ জলবায়ু কিছু সুকীয়া৷ এই দেশৰ জলবায়ুৰ কিছু নিজস্ব বৈশিষ্ট আছে৷ অসমৰ পাৰ্বত্য অঞ্চলসমূহৰ জলবায়ু সমগ্ৰ বছৰজুৰি শীতল আৰু ভৈয়াম অঞ্চলৰ জলবায়ু গৰমৰ দিনত উত্তপ্ত হয় যদিও ভাৰতৰ অন্যান্য দেশ সমূহৰ তুলনাত অসমৰ জলবায়ু অতি অনুপম৷ পৰ্বত, পাহাৰ, উপত্যকা, ভৈয়াম, অৰণ্য আদিৰে পৰিপূৰ্ণ অসম দেশত বছৰত ছটা ঋতুৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ সেইকেইটা হ’ল ক্ৰমে- গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত৷

বৰ্ষা ঋতু অসমৰ এক অতি গুৰুতবপূৰ্ণ ঋতু৷ এই ঋতু আৰম্ভ হয় আহাৰ আৰু শাওণ মাহৰ পৰা৷ বৰ্ষা ঋতুত ভাৰতৰ ভিতৰত অসমতেই আটাইতকৈ বেছি বৰষুণ হয়৷ এই বৰষুণৰ পৰিমাণ বছৰি প্ৰায় ১৭০২.০০মি:মি:৷ সেই সময়ত অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লাস্যময়ী ৰূপ মন কৰিবলগীয়া৷ এই ঋতুত ভাৰতৰ দক্ষিণ-পশ্চিমমুৱা মৌচুমী বতাহ জাকৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৃষ্টিয়ে সমগ্ৰ অসম ভূমিকে যেন ধুই নিকা কৰে৷ চৌদিশ সেউজীয়া আৰু কেৱল সেউজীয়া৷ সোণাৰুৰ সোণ বৰণে সমগ্ৰ অসমবাসীৰ মন-মগজু পুলকিত কৰি তোলে৷

প্ৰায় ৭৮,৫২০ বৰ্গ কি:মি: মাটি কালিৰে আৱৰি থকা উত্তৰ-পূৰ্বাঞ্চলৰ মূখ্য দ্বাৰ অসম দেশ হৈছে মূলতঃ এখন কৃষিভিত্তিক দেশ৷ সাধাৰণতে অসমৰ কৃষক সকলৰ বাবে বৰ্ষা ঋতু অতি গুৰুত্বপূৰ্ণ৷ এই ঋতুত হোৱা বৰষুণৰ পানী তেওঁলোকে পুখুৰী, খাল আদি খান্দি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে৷ যাতে সেই পানী তেওঁলোকে জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পাৰে৷ মুঠতে বৰ্ষা ঋতু অসমৰ কৃষক সকলৰ বাবে ভগৱানৰ এক অৱদান স্বৰূপ৷ এই ঋতুত হোৱা পৰ্যাপ্ত পৰিমাণৰ বৰষুণৰ বাবেই অসমৰ মাটি অতি সাৰুৱা আৰু কৃষি কৰ্মৰ বাবে বিশেষ ভাবে উপযোগী৷ অসমৰ জলবায়ুক মৌচুমী বতাহে প্ৰভাৱিত কৰাৰ বাবে ইয়াত গৰমত অতিমাত্ৰা গৰম নহয় আৰু ঠাণ্ডাতো অতিমাত্ৰা ঠাণ্ডা নহয়৷

“তই আহিলে নদীৰো ওফোন্দ বাঢ়ে

দুৰ্দান্ত হয় সোঁত

নদী গৰ্ভৱতী হ’লে খং বেছি হয়

ভাঙি থৈ যায় সুখৰ চোতাল৷”

(কবি: দীপ্তি দেউৰী বৰা৷

কবিতাৰ শিৰোনাম: শাওণ)

বৰ্ষা ঋতুত অসমত কেতিয়াবা একে লেথাৰিয়ে কেইবাদিনো বৰষুণ হয়৷ ফলত নৈ-বিল, জান-জুৰি, নিজৰা আদি পানীৰে উপচি পৰে৷ নৈবোৰত প্ৰতি বছৰে বানপানী হয়৷ বানপানী অসমৰ এক ডাঙৰ সমস্যা৷ কেতিয়াবা এই বানপানীয়ে অতি ভয়ানক ৰূপ ধাৰণ কৰি বহু গাঁও আৰু শস্য পথাৰ উটুৱাই নিয়ে৷ বাট-পথবোৰ চিঙি যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মায়৷ অসমত বছৰি বৰ্ষা ঋতুত হোৱা অত্যাধিক বৰষুণৰ বাবেই পৃথিৱী বৃহৎ নদী দ্বীপ মাজুলীত গৰাখহনীয়াই সেই ঠাইৰ ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰিছে৷

বাস্তৱ জগতৰ  মানুহৰ গতানুগতিক যান্ত্ৰিক  জীৱনৰ বেছি ভাগ সময়েই দুখ-দৈন্যই ভৰা৷ বৰ্ষা ঋতুৱে মানৱ জীৱনত জীয়াই থকাৰ এক নতুন উদ্যম জগাই তোলে৷ বৰষাৰ জাক জাক মৌচুমীয়ে সমগ্ৰ অসমকে ছাটি ধৰি গছ-লতাবোৰক যেন গ্ৰীষ্মৰ প্ৰখৰ তাপৰ পৰা উদ্ধাৰ কৰি জীপাল কৰি তোলে৷ পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰস্থল অসম ভূমিয়ে বৰ্ষা ঋতুত এক নতুন সাজ পৰিধান কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!