বেজবৰুৱাৰ জাতীয়তাবাদ বনাম অসমীয়াৰ সংজ্ঞা( ড° অঞ্জল বৰা)

বেজবৰুৱাৰ সমগ্ৰ জীৱন পৰিক্ৰমা বিশ্লেষণ কৰিলে এটা কথা দেখা যায় যে তেওঁৰ ৰন্ধে ৰন্ধে সোমাই আছিল নিজ দেশ আৰু জাতিৰ প্ৰতি থকা একান্ত ভালপোৱা৷ এজন অসমীয়া হিচাপে বেজবৰুৱাই অসমীয়া জাতি আৰু অসম দেশৰ বাবে নিজৰ জীৱনৰ সকলো সুখ-প্ৰাচুৰ্যক ত্যাগ কৰি একান্তভাৱে নিজৰ জীৱন উছৰ্গা কৰিছিল৷ জীৱনৰ বেছিভাগ সময় কলিকতা আৰু সম্বলপুৰৰ ডাঠ হাবিৰ মাজত নিজৰ ব্যৱসায়ত ব্যস্ত থাকিলেও কোনো বিদেশীয়ে অসম, অসমীয়া জাতি আৰু অসমীয়া ভাষা-সাহিত্যক আক্ৰমণ কৰা দেখিলে তেওঁ কলমৰূপী অস্ত্ৰৰে সকলোকে প্ৰতিহত কৰিছিল৷ অসমতে থাকি ‘অনা-অসমীয়া’ই অসমীয়া জাতিক কৰা শত্ৰুতাক বেজবৰুৱাই গভীৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছিল৷ ‘বঙালীয়ে তেজপুৰত এখন বিশুদ্ধ হাইস্কুল পাতি কেৱল তাত বঙালী ছাত্ৰৰ অধ্যয়নৰ ব্যৱস্থা কৰা, বিদেশীয়ে সুবিধাৰ আশাত উঁই হাফলুৰ দৰে ৰাতিটোৰ ভিতৰতে নিজৰ ঘৰ সাজি জনসংখ্যা বৃদ্ধি কৰা, বাঙালী পণ্ডিতসকলে অসমীয়া সাহিত্যক বাংলা সাহিত্যৰ বহু পিছত সৃষ্টি বুলি ক’ব বিচৰা, অনন্ত কন্দলি; ডাকৰ বচন আদিক বাঙালীৰ বুলি কৈ তাক আত্মসাৎ কৰিব বিচৰা, প্ৰাকে প্ৰকাৰে বাঙালী লেখকসকলে (পদ্মনাথ বিদ্যাবিনোদ আদি) মহাপুৰুষ শংকৰদেৱে চৈতন্যদেৱৰ আৰ্হি লৈ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰা বুলি ক’ব বিচৰা, গোৱালপাৰাক বাঙালীয়ে নিজৰ মাজলৈ টানিব বিচৰা’ আদিৰ দৰে বিষয়বোৰক তেওঁ সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু বাঙালী পণ্ডিতসকলৰ লগত অকলেই যুঁজ চলাই গৈছিল৷ হিন্দু-মুছলমানৰ মাজৰ সংঘাত, জাতিভেদ, কুসংস্কাৰ আদি আঁতৰাই অৰ্থনৈতিক স্বাৱলম্বিতাৰ মাজেৰে তেওঁ এখন বিশাল অসমীয়া সমাজ প্ৰতিষ্ঠাৰ সপোন দেখিছিল৷

Laxminath

বেজবৰুৱাৰ সপোনৰ ‘অসমীয়া জাতি’ গঠনৰ বাটত কিছুমান উপাদানে যে বাধাৰ সৃষ্টি কৰা নাছিল এনে নহয়৷ এই বাধাসমূহ কিন্তু কোনো বাহ্যিক বাধা নাছিল৷ বাধাসমূহ আছিল সম্পূৰ্ণ আভ্যন্তৰিণ৷ বেজবৰুৱাই এনে বাধাসমূহক সদায় সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু তেওঁৰ কৃপাবৰী ৰচনাত ক্ষুৰধাৰ সমালোচনাৰে থকা-সৰকা কৰিছিল৷ বেজবৰুৱাই তেওঁৰ কৃপাবৰী ৰচনাত অসমীয়া, অসমীয়া সমাজ আৰু অসমীয়া জাতিৰ সংজ্ঞা নিৰ্ণয় কৰিছিল এনেদৰে-

ভিতৰ-ক’লা + বাহিৰ-বগা = অসমীয়া

মিছা + ভণ্ডামি = অসমীয়া সমাজ

ভেম + ভণ্ডামি = অসমীয়া জাতি

বৰ্তমান অসমীয়াৰ সংজ্ঞা বিচাৰি সকলোৱে হাবুডুবু খোৱাৰ সময়ত বেজবৰুৱাই উল্লেখ কৰা এই তিনিটা সংজ্ঞাই যে অসমীয়া জাতিক এশ শতাংশই প্ৰতিফলিত কৰিছে সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰিব৷ বেজবৰুৱাই তেওঁৰ কৃপাবৰী ৰচনাত ব্যঙ্গ কৰি কৈছে যে ‘অসমীয়া জাতি ডাঙৰ জাতি’ কাৰণ অসমীয়া জাতি ডাঙৰীয়া জাতি৷ জাতিক ডাঙৰীয়া কৰিবৰ হ’লে যি যিবিলাক উপকৰণৰ আবশ্যক সেইবিলাক অসমীয়া জাতিৰ সমান ভাৰতবৰ্ষৰ আন আন জাতিত নাই৷ … দেশ-গৌৰৱ, বংশ-গৌৰৱ আৰু আত্ম-গৌৰৱ এই কেটা মহৎ গুণ অসমীয়াৰ সম্পূৰ্ণৰূপে থকাটো প্ৰমাণ কৰিবলৈ যোৱাটো বাহুল্য মাত্ৰ৷ বিদেশী মাত্ৰৰে প্ৰতি ঘৃণায়েই দেশ-গৌৰৱৰ প্ৰমাণ৷ বংশ-গৌৰৱৰ কথা কবৰে সকাম নাই, ভাগ হক ছিগা হক ভূঞাৰ পোৱালি কথাই অসমীয়াৰ বংশ গৌৰৱৰ সাক্ষী৷ ভেম বুলি যে অসমীয়াৰ এটা সাত-পুৰুষীয়া বহুমূলীয়া সম্পত্তি আছে, সিয়েই আত্ম-গৌৰৱৰ চিন (গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১২৫২)৷ আজিৰ পৰা এশ বছৰৰ আগতে বেজবৰুৱাই উল্লেখ কৰা ওপৰৰ সংজ্ঞা তিনিটাৰ পৰা অসমীয়া সমাজখন বহু আগবাঢ়ি গ’ল৷ শিক্ষাৰ প্ৰসাৰ আৰু তথ্য-প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত মানুহৰ চিন্তা-শক্তিৰ বিকাশ ঘটিল৷ তথাপি আজিও নিজৰ বংশ, জাতি, কুল, গোষ্ঠী আদিৰ সীমাবদ্ধতাৰ পৰা অসমীয়া জাতি মুক্ত হ’ব পৰা নাই৷ বেজবৰুৱাই উল্লেখ কৰা ভেম আৰু ভণ্ডামিৰ লগতে অত্যাধিক আৱেগেই হৈছে আজিৰ অসমীয়া জাতিৰ প্ৰধান শত্ৰু আৰু এই অত্যাধিক আৱেগেই বৃহত্তৰ অসমীয়া সমাজখনক ঠান-বান কৰি তুলিছে৷ যাৰবাবেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰে গুৰুৱে দেখুৱাই থৈ যোৱা জাতি-জনজাতিৰ সংমিশ্ৰণেৰে গঠিত বৈষ্ণৱ ধৰ্মৰ একতাৰ জৰীডালেও অসমীয়া জাতিৰ অস্তিত্বক ৰক্ষা কৰিব পৰা নাই৷

বেজবৰুৱাৰ জাতীয়তাবাদ আৰু দেশপ্ৰেম আছিল অধিক বাস্তৱসন্মত৷ বেজবৰুৱাই তেওঁৰ জাতীয়তাবাদী আদৰ্শৰ বাবে প্ৰধানতঃ চাৰিটা বান্ধোনৰ ওপৰত নিৰ্ভৰ কৰিছিল৷ ধৰ্মৰ বান্ধোন, ৰাজনৈতিক বান্ধোন, ভাষাৰ বান্ধোন আৰু সামাজিক বান্ধোন (গ্ৰন্থাৱলী, তৃতীয়, পৃ. ২৩৮৬)৷ এই চাৰিটা বান্ধোনৰ জৰিয়তে তেওঁ অসমীয়া জাতিক একত্ৰিত কৰি ৰখাত মনোনিবেশ কৰিছিল৷ ভাষাৰ বান্ধোনৰ ক্ষেত্ৰত তেওঁৰ উৎকৃষ্টতম নিদৰ্শন হ’ল “অসমীয়া ভাষা আৰু সাহিত্য” বিষয়ক প্ৰবন্ধসমূহ৷ ইংৰাজ গৱৰ্ণমেণ্ট আৰু বাঙালী আমোলাৰ প্ৰৰোচনাত পৰি অসমীয়া ভাষাই কি দৰে জীয়াতু ভুগিছিল তাক তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল৷ বেজবৰুৱাই “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ত পাঠ কৰিবৰ কাৰণে ‘অসমীয়া ভাষা’ শীৰ্ষক এলানি বক্তৃতা যুগুত কৰিছিল৷ অসমীয়া ভাষা উদ্ধাৰৰ আন্দোলনত এইলানি বক্তৃতা আছিল বেজবৰুৱাৰ জাতীয়তাবাদৰ উজ্জল নিদৰ্শন৷ চৰকাৰৰ অৱহেলা আৰু অত্যাধিক বাংলা প্ৰীতিয়েই যে অসমীয়া ভাষা প্ৰতিষ্ঠাত বাধাৰ সৃষ্টি কৰিছে তাক বেজবৰুৱাই উপলব্ধি কৰিছিল৷ সমসাময়িক এচাম মধ্যবিত্তকো তেওঁ দোষ নিদিয়াকৈ থকা নাছিল৷ কাৰণ চৰকাৰী অফিচত কাম কৰা এচাম অসমীয়া ব্যক্তিয়েও অসমীয়া ভাষাৰ সপক্ষে মাত মতা নাছিল (যিটো বৰ্তমানো দেখা পোৱা যায়)৷ কিন্তু বেজবৰুৱাই ভাষা উদ্ধাৰৰ দৃঢ় সংকল্পৰ পৰা এক টিলিকমানো আঁতৰি অহা নাছিল৷ যি ভাষাত শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলিয়ে লিখিছিল, যি ভাষাত দশম, কীৰ্ত্তন, নামঘোষা, বাল্মীকিৰ সাতকাণ্ড ৰামায়ণ, মহাভাৰতৰ সুমধুৰ ভাঙনি, ভাগৱত গীতাৰ মধুৰ ছন্দৰ তৰ্জমা আছে, যি ভাষাত বিস্তৰ পুৰণি পুৰাণ, বুৰঞ্জী, ইতিহাস, কাব্য আছে, যি ভাষা পাঁচশ বছৰৰ পৰা লিখিত ভাষা ৰূপে চলি আছে সেই ভাষাক বেজবৰুৱাই যুক্তিৰ ব্ৰহ্মাস্ত্ৰৰে ক্ষন্তেকিয়া বাংলা ভাষাৰ নাগপাশৰ পৰা মুক্ত কৰি আপোন মৰ্যদাৰে জীয়াই থকাৰ পথ দেখুৱাইছিল৷

বেজবৰুৱাই ধৰ্মৰ বান্ধোনৰ অপৰিহাৰ্যতাকো অধিক গুৰুত্ব দিছিল৷ তেওঁৰ মতে যি জাতিৰ ভিতৰত ধৰ্ম্মৰ আচল জৰীডাল নাই বা থাকিও ইমান ঢিলা-শোলোকা যে সি কামিলা নহয়, সেই জাতিয়ে প্ৰকৃত জাতীয়তাৰ প্ৰকৃত সুখ-সম্ভ্ৰম লভিব নোৱাৰে৷ বেজবৰুৱাই স্পষ্টভাৱে উনুকিয়াইছিল যে “অসমীয়া জাতিয়ে যদি প্ৰকৃত জাতীয়তা লভি এটা প্ৰকৃত জাতি হ’ব খুজিছে তেন্তে অসমীয়াক ধৰ্ম্মৰ বান্ধোন লাগে, নহ’লে নচলে৷ ধৰ্ম্মৰ প্ৰাণ সঞ্চাৰিণী শক্তিৰ বান্ধোনেৰে অসমীয়াই বান্ধ খালেই অসমীয়া জাতিৰ জাতীয়তা অভগন অমৰণ হ’ব আৰু তেতিয়াই অসমীয়া মানুহ হৈ উঠিব, নতুবা নহয় (গ্ৰন্থাৱলী, তৃতীয়, পৃ. ২৩৮৬)৷” বেজবৰুৱাই উল্লেখ কৰা এই ধৰ্মৰ বান্ধোন আছিল শংকৰদেৱৰ প্ৰচলিত নৱবৈষ্ণৱ ধৰ্মৰ বান্ধোন৷ সংকীৰ্ণতা আৰু সাম্প্ৰদায়িকতাৰ উৰ্ধ্বত জন্ম হোৱা নৱবৈষ্ণৱ ধৰ্মই অসমীয়া জাতীয়তা গঠনত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল৷ সেয়েহে বেজবৰুৱাই কীৰ্ত্তন-নামঘোষাৰ মহান আদৰ্শৰে এটা বৃহত্তৰ অসমীয়া জাতি প্ৰতিষ্ঠাৰ সপোন দেখিছিল৷ বিভিন্ন জাতি-জনজাতিৰ ভাষা, কলা-সংস্কৃতিৰ সংমিশ্ৰণত তেওঁ অসমীয়া ভাষা-সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰিছিল৷

প্ৰত্যেক জাতিৰ সমাজ ব্যৱস্থাৰ একোটা নিৰ্দিষ্ট সাংস্কৃতিক ৰূপ থাকে৷ সামাজিক ৰীতি-নীতি, আচাৰ ব্যৱহাৰ, সাজ-সজ্জা, খাদ্যাভ্যাস আদিৰ মাজেৰেই জাতি এটাৰ জাতীয়তা লুকাই থাকে৷ বেজবৰুৱাই অসমীয়া জাতিৰ এই সাংস্কৃতিক প্ৰমূল্যসমূহক অধিক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল৷ সেই সময়ত মধ্যবিত্ত অসমীয়াসকলে ‘বঙ্গলা ভাষা, বঙ্গলা গান, বঙ্গালীৰ নিচিনাকৈ চুলি কটা, চুৰিয়া-চোলা পিন্ধা (মোৰ জীৱন সোঁৱৰণ, পৃ: ৪৭ ), ৰিহা-মেখেলা এৰি শাৰী পিন্ধা, অসমীয়া কৌটিকলীয়া ৰন্ধা-বঢ়া পিঠাপনা ইত্যাদি পৰিত্যাগ কৰি বঙালী নভেল উপন্যাস হাতত লৈ হালুৱৈৰ দোকানৰ ৰসগোল্লা, সন্দেশ, কচুৰি, মিহিদানা ইত্যাদিৰে জলপান দিবলৈ শিকা’ (গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৪৬৪) আদি কাৰ্যক বৰকৈ ঘৃণাইছিল৷ তেওঁ কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালত বিয়া কৰালেও তেওঁক ষোল্ল অনা বাঙালী কৰিবলৈ চেষ্টা কৰা জেঠেৰি আৰু খুলশালীসকলৰ আগত বিৰদৰ্পে নিজক স-সন্মানেৰে অসমীয়া কৰি ৰাখিছিল৷ গাত ইংৰাজী হেট-কোট পিন্ধিও উৰে জীৱন বঙলা, উড়িয়া সমাজত বাস কৰিও তেওঁ পাহৰা নাছিল অসমীয়া ‘কাঁহুদী আৰু খাৰলি’ৰ সোৱাদ৷ ‘ডিনাৰ টেবুল’ত বিচাৰি পোৱা গৈছিল পঁইতা ভাত, পোৰা মাছ, পকাতেল সনা শুকান বগৰিৰ গুৰি আৰু খৰিচাৰ পঞ্চমৃত৷ বৰঞ্চ ক’ব পাৰি তেওঁ সুদূৰ কলিকতা আৰু সম্বলপুৰৰ ডাঠ হাবিৰ মাজৰ পৰা অসম আৰু অসমীয়া জাতিক অনিষ্ট কৰিব পৰা বিষয়বোৰক অধিক সূক্ষ্মভাৱে দেখা পাইছিল আৰু সেইবোৰ নিৰাময়ৰ মাজেদি জাতিটোক অধিক সবল কৰি তুলিব বিচাৰিছিল৷

বেজবৰুৱাৰ মতে ৰজাৰ শাসন, ভাষাৰ শাসন আৰু ধৰ্মৰ শাসন এই তিনিডাল জৰীয়ে বান্ধি যিবোৰ মানুহক একেটা জাতি কৰে, সেই জাতি পৃথিৱীত নিকটকটীয়া হয়৷ সমাজ বান্ধোনৰ জৰীডালো যদি সেই তিনিডালৰ লগত লগ লাগে তেনেহ’লে সি সোণত সুৱগা হয়৷ বেজবৰুৱাৰ জাতীয়তাবাদ আৰু দেশপ্ৰেম কোনো অন্ধ অনুকৰণ নাছিল৷ হিংসা, অত্যাচাৰ, দমন-পীড়নৰ মাজেদি চলে-বলে-কৌশলে জাতি এটাক বিদেশী শাসকৰ পৰা মুক্ত কৰাটোৱেই তেওঁৰ দৃষ্টিত প্ৰকৃত জাতীয়তাবাদ বা দেশপ্ৰেম নাছিল৷ মাতৃভূমি আৰু মাতৃভাষা আছিল বেজবৰুৱাৰ জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ মূল ভেটী৷ অসমীয়া জাতিক এটা আদৰ্শ জাতি হিচাপে গঢ়িবলৈ হ’লে প্ৰথমতে যে তাৰ ভাষা-সাহিত্যৰ উন্নতিৰ প্ৰয়োজন সেই কথা বেজবৰুৱাই হৃদয়তাৰে অনুভৱ কৰিছিল৷ দুখৰ কথা যে আজি বিভিন্ন জাতি-জনজাতিৰ আত্মপৰিচয়ৰ সন্ধানে বৃহত্তৰ অসমীয়া জাতিৰ পৰিচয়টো বৰ্তমান সোলোক-ঢোলোক কৰি তুলিছে৷ মাতৃভূমিৰ কথা ভাবিবলৈ যোৱাৰ আগতে আজি খিলঞ্জীয়া, ভূমিপুত্ৰৰ অনৰ্থক চিন্তা-চৰ্চ্চাই মানুহৰ মনবোৰ সংকীৰ্ণ কৰি তুলিছে৷ কিন্তু বেজবৰুৱাই অসমীয়া জাতি আৰু ভাষাৰ ক্ষেত্ৰত কেতিয়াও এনে সংকীৰ্ণতাৰ পৰিচয় দিয়া নাছিল৷ যেনেতেনে প্ৰকাৰেৰে নিজৰ জন্মভূমিক আৰু জাতিক জাত্যাভিমান আৰু জাতি স্বাতন্ত্ৰ্যৰে ডাঙৰ কৰি দেখুৱাটোৱেই তেওঁ কেতিয়াও গ্ৰহণ কৰা নাছিল৷ এক উদাৰনৈতিক মানৱতাৰ আদৰ্শৰে বেজবৰুৱাই অসমীয়া জাতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছিল৷

সাম্প্ৰতিক সময়ত এই জাতীয়তাবাদ, দেশপ্ৰেম যেন লাহে লাহে সংকোচিত হৈ আহিবলৈ ধৰিছে৷ বেজবৰুৱাই উল্লেখ কৰা ভাষা, ধৰ্ম, সমাজ আৰু ৰাজনীতিৰ আটাইকেইটা বান্ধোনেই যেন এতিয়া সোলোক-ঢোলোক হৈ পৰিছে৷ ব্যক্তিগত চিন্তা, অত্যাধিক আৱেগ, সৰু সৰু জাতি-জনজাতিৰ স্বায়ত্বশাসনৰ আন্দোলন, ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বিভাজন আদিয়ে বৃহত্ত্বৰ অসমৰ ভৌগোলিক অৱয়বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে৷ লেখক-বুদ্ধিজীৱীসকলৰ সাহিত্যৰ মাধ্যমেৰে সামগ্ৰিক জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ চিত্ৰ প্ৰতিফলিত হৈ উঠিলেও দেশপ্ৰেমৰ ঐকান্তিক নিষ্ঠাৰ অভাৱে অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ প্ৰতি লাহে লাহে অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে৷ এই কথা অকল আজিৰ সময়ৰ এক অপ্ৰিয় সত্য নহয়, যিজন বেজবৰুৱাই প্ৰতি মুৰ্হূত্বতে মনৰ মাজত জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ অভিব্যক্তি কঢ়িয়াই লৈ ফুৰিছিল তেওঁ নিজেও কলিকতাত পঢ়িবলৈ যোৱা ডেকা ছাত্ৰসকলৰ স্বদেশপ্ৰেমৰ তুলনাৰে দুখ কৰি কৈছিল যে “এইফেৰা দুখ নকৰি নোৱাৰি যে, সেই মুঠি ডেকা ছাতৰৰ পিছত তেওঁলোকতকৈও বেছি নাইবা তেনেকুৱাও উত্সাহ লৈ মাতৃভাষাৰ হকে খাটোঁতা ছাতৰ নোলাল আৰু ওলোৱা নাই (গ্ৰন্থাৱলী, দ্বিতীয়, পৃ. ১৭৫৪)৷ বৰ্তমান সময়ত অসমীয়াৰ সংজ্ঞা নিৰ্ণয়ৰ জটিলতাৰ মাজত প্ৰতিজন অসমীয়াই বেজবৰুৱাই উল্লেখ কৰা চাৰিটা বান্ধোনক পুনৰ বিবেচনা কৰা উচিত৷ এক সুষ্ঠ বাতাবৰণ আৰু সামাজিক বান্ধোনৰ অবিহনে কেৱল পদ্ধতিগত ৰাজনৈতিক সংজ্ঞাই বৃহত্তৰ অসমীয়া জাতিক কেতিয়াও ৰক্ষা কৰিব নোৱাৰে৷ যেতিয়ালৈকে অসমত বসবাস কৰা সকলো জাতি-জনজাতিয়েই ক্ষুদ্ৰ স্বাৰ্থৰ ভেম-ভণ্ডামিৰ আৱৰণখনৰ পৰা ওলাই আহি একেটা পথেৰে খোজ কঢ়াৰ সংকল্প ল’ব নোৱাৰে, তেতিয়ালৈকে অসম, অসমীয়া সমাজ আৰু অসমীয়া জাতিৰ কোনো সংজ্ঞাই বৃহত্তৰ অসমৰ উন্নতি সাধন কৰিব নোৱাৰিব৷

…………………………………………………………………………………………………..

Anjal Borah, C/O Dilip Kumar, GMC H.No-10, Kailashpur, By-lane-2, Guwahati, Jalukbari-781014, Call- 9954705518, E-mail- [email protected]

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক