বেজবৰুৱাৰ দাৰ্শনিক চিন্তা -( নিপন নিয়ৰ শেনছোৱা)

বেজবৰুৱাৰ দাৰ্শনিক চিন্তা
– নিপন নিয়ৰ শেনছোৱা
 
অসমীয়া সাহিত্য জগতৰ এটি উজ্জ্বল জ্যোতিষ্কস্বৰূপ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন হৈছে তেওঁৰ দাৰ্শনিক তত্ত্বসমৃদ্ধ জ্ঞানেৰে পৰিপূৰ্ণ ৰচনাসমূহ। তেওঁৰ এই প্ৰৱন্ধৰাজি ভাগৱত-নিৰূপিত কৃষ্ণ আৰু কৃষ্ণকথামূলক ভক্তি-ধৰ্মৰস্বৰূপ নিৰ্ণয় কৰাৰ উদ্দেশ্যে ভাৰতীয় দৰ্শনৰ মূল প্ৰতিপাদ্য বিষয় শাস্ত্ৰীয় উক্তিৰ সহায়ত সহজবোধ্য ভাষা আৰু প্ৰকাশভঙ্গীৰে উপস্থাপন কৰা হৈছে। এই ৰচনাসমূহত বৈষ্ণৱ ধৰ্মৰ দাৰ্শনিক ফালটো প্ৰতিপাদন কৰি মহাপুৰুষ প্ৰৱৰ্তিত ভক্তিধৰ্মৰ মাহাত্ম্য প্ৰকাশক গভীৰ চিন্তামূলক আলোচনা আগবঢ়াইছে।
 
বেজবৰুৱাৰ ৰচনাৰাজিৰ মাজত বৈষ্ণৱ প্ৰভাৱৰ কাৰণ বিচাৰি গ’লে তেওঁৰ বংশ পৰম্পৰা, ল’ৰালিৰে পৰা পৰিয়ালৰ মাজত পোৱা সাত্ত্বিক ধৰ্মীয় পৰিবেশ, গুৰু দুজনাৰ আদৰ্শৰ প্ৰতি থকা শ্ৰদ্ধাশীল মনোভাৱ আৰু গভীৰ দাৰ্শনিক তত্ত্বমূলক গ্ৰন্থৰ অধ্যয়নৰ কথাকে ক’বলগীয়া হয়।
 
বেজবৰুৱাৰ তত্ত্বমুলক প্ৰবন্ধ:
আধুনিক অসমীয়া সাহিত্যলৈ ৰোমান্তিক ভাৱধাৰাৰ প্ৰৱৰ্তন কৰোঁতা আৰু কৃপাৰব বৰবৰুৱাৰূপে অসমীয়া সাহিত্যলৈ হাস্যৰসৰ ঢল বোৱাই দিয়া বেজবৰুৱাৰ অন্য এক ৰূপ প্ৰকাশ পাইছে তেওঁৰ আধ্যাত্মিক ৰচনাসমূহৰ মাজেৰে। ‘তত্ত্ব-কথা’ৰ প্ৰবন্ধৰাজি এই শ্ৰেণীৰ অন্তৰ্গত। এই প্ৰবন্ধসমূহৰ মাজেৰে তেওঁৰ চিন্তাশীল ধৰ্মপ্ৰাণ ব্যক্তিত্ব সুন্দৰৰূপে প্ৰকাশ পাইছে। ড° মহেশ্বৰ নেওগে কৈছে– ‘‘ ‘বাঁহি’ আদি কাকতত প্ৰকাশ হোৱা বেজবৰুৱা ডাঙৰীয়াৰ ‘কৃষ্ণকথা’ আৰু ‘তত্ত্ব-কথা’ই তেওঁৰ চিন্তাধাৰাৰ বিশেষ এটি দিক্ প্ৰকাশ কৰে।’’ ‘তত্ত্ব-কথা’ পুথিখনৰ সংকলন আৰু সম্পাদনা কৰা অতুলচন্দ্ৰ হাজৰিকাই এই কথা উল্লেখ কৰিছে যে— ‘‘গ্ৰন্থকাৰ বেজবৰুৱা ডাঙৰীয়াই ‘তত্ত্ব-কথা’ নামৰ কোনো গ্ৰন্থ ৰচনা কৰি এৰি যোৱা নাছিল। তেখেতৰ ‘তত্ত্ব-কথা’ নামৰ চুটি প্ৰবন্ধ এটাহে ‘বাঁহি’ত প্ৰকাশ হৈছিল মাথোন। এতিয়া আমি সেই প্ৰবন্ধটিৰে সমভাৱাপন্ন কেইটামান প্ৰবন্ধ লগলগাই এই তত্ত্ব-কথা গ্ৰন্থখনি যুগুত কৰিলোঁ।’’
 
তত্ত্বানুসন্ধানী ৰচনাৰ প্ৰেৰণা:
লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল এক সাত্ত্বিক বৈষ্ণৱ পৰিয়ালত। শিৱসাগৰৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ একনিষ্ঠ সেৱক ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ আৰু থানেশ্বৰী দেৱীৰ সন্তানস্বৰূপে জন্মসূত্ৰে পোৱা বংশ পৰম্পৰা আৰু ল’ৰালিৰে পৰা লাভ কৰা ধৰ্মীয় পৰিবেশ আৰু আশৈশৱ গুৰুদুজনাৰ ধৰ্মীয় আদৰ্শ, সত্ৰীয়া ভকতসকলৰ সান্নিধ্য আৰু ঘৰখনৰ ধৰ্মীয় পৰিবেশো তেওঁৰ মনত কুমলীয়া কালতেই অসীম প্ৰভাৱ পেলাইছিল। বেজবৰুৱাৰ সমগ্ৰ জীৱনৰ চালিকাশক্তি আছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ পবিত্ৰ ধাৰা। সেয়েহে তেওঁৰ জীৱনজোৰা কৃতিৰ বহুলাংশই আছিল কৃষ্ণভক্তিৰ আধাৰত গঢ় লৈ উঠা ৰচনা। বেজবৰুৱাৰ বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় ৰচনাৰাজি বুলিলে তত্ত্বমূলক প্ৰৱন্ধৰাজিৰ উপৰি মহাপুৰুষ দুজনাৰ জীৱন-চৰিত ‘‘শ্ৰীশ্ৰী শঙ্কৰদেৱ’’ আৰু ‘‘শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱ’’ৰ উপৰিও অন্যান্য বৈষ্ণৱ প্ৰভাৱযুক্ত ৰচনাও অন্তৰ্ভুক্ত কৰিব পৰা যায়।
 
গুৰু দুজনাই একশৰণ নামধৰ্মৰ পবিত্ৰ ধাৰা অসমৰ বুকুলৈ বোৱাই দিয়াৰ ফলস্বৰূপে জাতীয় ঐক্য আৰু সংহতি পুনৰ ঠন ধৰি উঠি এখন সুস্থ সমাজ গঢ়ি তোলাৰ আদৰ্শই বেজবৰুৱাক আপ্লুত কৰিছিল। অসমীয়া সমাজ সংগঠনৰ মহান উদ্দেশ্যেৰে সেয়েহে বেজবৰুৱাই গভীৰ অধ্যয়ন আৰু ৰচনাকাৰ্যত মনোনিবেশ কৰিছিল। তেওঁ হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ বেদ, উপনিষদ, গীতা, ভাগৱত আৰু বিভিন্ন পুৰাণ অধ্যয়ন কৰাৰ উপৰি এলানি তত্ত্বমূলক প্ৰবন্ধ ৰচনাত প্ৰবৃত্ত হৈছিল। তাৰে ভিতৰত অতুলচন্দ্ৰ হাজৰিকাৰ সংকলিত তত্ত্ব-কথাত অন্তৰ্ভুক্ত কৰা বিষয়সমূহ হৈছে:
১।ধৰ্ম আৰু ঈশ্বৰ-তত্ত্ব
২।সগুণ আৰু নিৰ্গুণ ধৰ্ম-তত্ত্ব
৩।শ্ৰীকৃষ্ণ-তত্ত্ব
৪।বস্ত্ৰহৰণ-তত্ত্ব
। ৰাসলীলা-তত্ত্ব
৬।বেদাদি-তত্ত্ব
৭।গীতা-তত্ত্ব
৮।ভাগৱত-তত্ত্ব
৯।কীৰ্তন আৰু ঘোষা-তত্ত্ব
১০।ভক্তি-তত্ত্ব
১১।নামধৰ্ম-তত্ত্ব
 
তত্ত্ব-কথাৰ মূলকথা:
বেজবৰুৱাৰ তত্ত্বমূলক প্ৰৱন্ধৰাজি গভীৰ ভাৰতীয় দৰ্শনৰ চিন্তাধাৰাৰে পৰিপূৰ্ণ। প্ৰৱন্ধসমূহত বেজবৰুৱাদেৱে উচ্চ পৰ্যায়ৰ পাণ্ডিত্যপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে। শাস্ত্ৰসমূহৰ গভীৰ জ্ঞান, পাণ্ডিত্য আৰু বিচাৰ বিশ্লেষণী শক্তি প্ৰৱন্ধসমূহৰ মাজেৰে প্ৰকাশ পাইছে। এই প্ৰবন্ধবোৰত নানা শাস্ত্ৰকাৰৰ উদ্ধৃতি দিয়াৰ উপৰি সংস্কৃত শ্লোক আৰু কীৰ্তন, দশম, নামঘোষা আদি অসমীয়া বৈষ্ণৱ ধৰ্মপুথিসমূহৰ অনেক সমভাবাপন্ন উদ্ধৃতি আৰু লগতে অসমীয়া অনুবাদো দিছে। সেয়েহে প্ৰবন্ধসমূহৰ অধ্যয়ন কৰিলেই তেওঁৰ বিভিন্ন ধৰ্মীয় গ্ৰন্থ গীতা-ভাগৱত, বেদ-উপনিষদ আৰু অন্যান্য পুৰাণসমূহৰ অধ্যয়নপুষ্ট জ্ঞানৰ পৰিচয় পোৱা যায়। গভীৰ তত্ত্বমূলক আৰু ভাৰতীয় দৰ্শনৰ চিন্তাধাৰাৰে পৰিপূৰ্ণ কঠিন বিষয়বোৰত ধৰ্ম, সবিশেষ আৰু নিৰ্বিশেষ অৰ্থাৎ সগুণ আৰু নিৰ্গুণব্ৰহ্ম, আনন্দস্বৰূপ পৰমব্ৰহ্মৰ মূৰ্তিমান আনন্দই শ্ৰীকৃষ্ণ ইত্যাদি কথা পৰ্যালোচনা কৰি সকলোৰে বোধগম্য কৰি সহজ সৰল ভাষাৰে উপস্থাপন কৰিছে।
 
বেজবৰুৱাদেৱে তেওঁৰ প্ৰতিটো প্ৰৱন্ধতে বেদ, উপনিষদ আৰু আন আন হিন্দুৰ আস্তিকৰ দৰ্শনৰ মতকেই গ্ৰহণ কৰিছে। তেওঁৰ বাবে মানুহৰ জীৱনত ঈশ্বৰেই সৰ্বস্ব, সৰ্বশক্তিমান। সেয়েহে ধৰ্ম আৰু ঈশ্বৰতত্ত্ব প্ৰবন্ধত তেওঁ কৈছেঃ- ‘‘ঈশ্বৰৰ বাহিৰে, ধৰ্মৰ বাহিৰে মানুহৰ জীৱনত কি পাঠ্য আছে নাজানো, ঈশ্বৰৰ পৰা আঁতৰি, ধৰ্মৰ পৰা আঁতৰিহে যে আমাৰ জীৱন অপাঠ্য, অধইচ হৈ পৰিছে তাত আমাৰ সন্দেহ নাই।’’
 
মানুহ ঈশ্বৰৰ অংশ। জীৱাত্মাৰ মাজত পৰমাত্মাৰ অংশকণা বিৰাজমান। বেদান্তৰ মুখ্য উদ্দেশ্য হৈছে নিৰ্গুণ ব্ৰহ্মৰ স্থিতি। কিন্তু নিৰ্গুণ ব্ৰহ্ম লাভ সাধাৰণজনৰ বাবে অসম্ভৱ। সেইবাবেই সগুণ ব্ৰহ্মই ঈশ্বৰ। কিন্তু বেজবৰুৱাদেৱে অকল নিৰ্গুণ বা অকল সগুণ ঈশ্বৰৰ কল্পনা কৰা নাই। গীতা, ভাগৱত আদিৰ প্ৰতিপাদ্য ঈশ্বৰ তেওঁকো উপাস্য দেৱতা সগুণ শক্তিসম্বলিত ব্ৰহ্মই অৰ্থাৎ ঈশ্বৰেই ভক্তৰ উপাস্য। শক্তিসম্বলিত ব্ৰহ্মক অৰ্থাৎ ঈশ্বৰক উপাসনা কৰিলেই যথেষ্ঠ।
 
ব্ৰহ্মৰ উপাসনা যোগ, ধ্যান-সমাধি আদিৰ দ্বাৰা কৰাটো সকলোৰে বাবে সম্ভৱ নহয়, ই অতি দুৰ্গম পথ। তদুপৰি সত্য, ত্ৰেতা, দ্বাপৰ যুগত সেই পথ অৱলম্বনীয় নহয়। সেইদেখি নবিধ সাত্ত্বিক ভক্তিৰ পথেৰে সগুণ ঈশ্বৰৰ উপাসনা কৰিলে ব্ৰহ্মত্ব লাভ হয়। সেই অৱলম্বনীয় নবিধৰ ভিতৰত শ্ৰৱণ-কীৰ্তন শ্ৰেষ্ঠ আৰু আটাইতকৈ সুগম। এই হৰিনাম শ্ৰৱণ-কীৰ্ত্তনেই মহাপুৰুষে জীৱৰ তৰণৰ উপায় বুলি ব্যক্ত কৰিছে। মাধৱদেৱে ঘোষাত কৈছে,
“হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে
প্ৰেম অমৃতৰ নদী,
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।।”
একশৰণ নামধৰ্মৰ সাৰমৰ্ম একমনে এক ধ্যানে ভগবানক ভক্তি কৰা। এক দেৱ এক সেৱ এক বিনে নাহি কেৱ নীতিয়েই ভক্তিধৰ্মৰ সাৰ কথা।
 
শংকৰদেৱে গীতা, শ্ৰীমদ্ভাগৱত আৰু সহস্ৰ নামৰ পৰা তেওঁৰ ধৰ্মৰ সাৰ গ্ৰহণ কৰিছে। ভক্তিৰ নিগূঢ় তত্ত্ব উপলব্ধি কৰিবলৈ হ’লে জীৱাত্মা আৰু পৰমাত্মাৰ মাজৰ পাৰ্থক্য হৃদয়ঙ্গম কৰিব লাগিব। ইয়ে বেদান্ত দৰ্শনৰ সাৰ কথা। বেজবৰুৱাদেৱে প্ৰবন্ধবোৰত এনে বিষয়ৰ পোষকতা কৰা পৰিলক্ষিত হয়। পৰমাত্মাৰ লগত জীৱাত্মাৰ যিদৰে সাদৃশ্য আছে সেইদৰে বৈসাদৃশ্যও আছে। তদুপৰি জীৱাত্মাৰ আছে দেহৰ পৰিচ্ছেদ। সৎ আৰু শুদ্ধ জীৱন-যাপন কৰি জ্ঞান আৰু ভক্তিৰ বলত জীৱাত্মাই পৰম পুৰুষৰ সান্নিধ্য লাভ কৰে। কিন্তু পৰমাত্মাৰ লগত জীৱাত্মা সম্পূৰ্ণৰূপে বিলীন হৈ নাযায়। এই ক্ষেত্ৰত বেজবৰুৱাদেৱে ঈশ্বৰ আৰু জীৱৰ সম্পৰ্কক সেৱা আৰু সেৱকৰ নিচিনা বুলি কৈছে।
 
বেজবৰুৱাদেৱৰ প্ৰবন্ধবোৰৰ মূল উদ্দেশ্য অকল দাৰ্শনিক তত্ত্বৰ বিচাৰ বিশ্লেষণেই নহয়। তেওঁৰ উদ্দেশ্য ভক্তিৰ মাহাত্ম্য প্ৰকাশ। পৰম পুৰুষে পৰম ব্ৰহ্মৰ আনন্দময় ৰূপৰ প্ৰতি বিশেষভাৱে আকৃষ্ট তেওঁ। তেওঁ শ্ৰীকৃষ্ণতত্ত্বত কৈছে যে অস্তিত্ব, চৈতন্য আৰু পৰমানন্দৰ মিলনৰ নামেই কৃষ্ণ । ব্ৰহ্মৰ সত্বাতেই জগতৰ সত্বা আৰু তেওঁ আছে বুলিয়েই জগত আছে। ধৰ্ম সবিশেষ আৰু নিৰ্বিশেষ, পৰমব্ৰহ্মৰ মূৰ্তিমান আনন্দই শ্ৰীকৃষ্ণ ইত্যাদিবোৰ কথা বেজবৰুৱাদেৱে পৰ্যালোচনা কৰি সকলোৰে বোধগম্য কৰি তুলিছে। ব্ৰজৰ গোপবালিকাসকলে ভগবান শ্ৰীকৃষ্ণৰ মাহাত্ম্য বুজি তেওঁৰ আৰাধনাত কেনেদৰে বিভোৰ হৈ পৰিছে আৰু তেওঁক স্বামী হিচাপে পাবলৈ আশা কৰি তেওঁৰ সান্নিধ্য লাভৰ প্ৰচেষ্টাতে ভগবানে তেওঁলোকক পৰীক্ষা কৰা বস্ত্ৰহৰণ ৰহস্য, ৰাসলীলাৰ তাত্পৰ্য আৰু বেদাদি তত্ত্বৰ পৰা নামধৰ্ম তত্ত্বলৈকে বিভিন্ন উপনিষদৰ শ্লোকৰ উদ্ধৃতিৰে যথাযথভাৱে আলোচনা কৰি ভক্তিযোগৰ মাহাত্ম্য সুন্দৰ আৰু বিশদভাৱে বুজাই দিছে।
 
জীৱৰ বন্ধনৰ কাৰণ মায়া। মায়াৰ নিমিত্তেই জীৱ বিষয় বাসনাত লিপ্ত হয় আৰু সেই বাবেই ৰাগ, দ্বেষ, দম্ভ, লজ্জাদিত মত্ত হয়। তাকেই মাধৱদেৱে কৈছে,
“যাৰ মায়া পাশে বন্দী হয়াচ পামৰ মন
তাৰ দুই চৰণত ধৰ”।
এই মায়া বন্ধন ছেদ হ’লেহে পৰম ব্ৰহ্মৰ সান্নিধ্য পাব পাৰি। তাৰ বাবে মহাপুৰুষে তপ, জপ, যাগ, যজ্ঞৰ কোনো দিহা দিয়া নাই। কেৱল ভগৱানৰ চৰণত নিজকে অৰ্পণ কৰিব পাৰিলেই মায়াৰ বন্ধন ছেদ কৰি পৰম ব্ৰহ্মক পাব পাৰি বা মোক্ষ লাভ কৰিব পাৰি। বৈষ্ণৱ গুৰুসকলৰ নিচিনাকৈ বেজবৰুৱাদেৱেও কঠোৰ কায়িক আৰু মানসিক কৃচ্ছসাধনৰ দ্বাৰা ভগৱানক পাবলৈ বিচৰা পন্থাৰ পৰিৱৰ্তে ভক্তিযোগক মোক্ষ প্ৰাপ্তিৰ সহজ উপায় হিচাপে বিশ্বাস কৰিছে।
 
বেজবৰুৱাদেৱে বিভিন্ন প্ৰৱন্ধৰ মাজেৰে বিশেষভাৱে ভক্তিৰ নিগূঢ় তত্ত্বৰ কথাকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। ভক্তি হৃদয়ৰ বস্তু। ঈশ্বৰভক্তি একপ্ৰকাৰৰ সাধনা। এই সাধনাত সিদ্ধিলাভ হয় তেতিয়া, যেতিয়া ভক্তই একাগ্ৰচিত্তে ভগৱানতে নিজৰ দেহ-মন সমৰ্পণ কৰিবলৈ সক্ষম হয়।
 
বেজবৰুৱাদেৱৰ তত্ত্ব-কথাৰ অন্তৰ্গত তত্ত্বমূলক প্ৰবন্ধবোৰৰ সামগ্ৰিক বিচাৰত দেখা যায় যে এই প্ৰৱন্ধবোৰৰ মাজেদি অসমত প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম আৰু বিশেষকৈ মহাপুৰুষীয়া ধৰ্মৰ আদৰ্শ পৰিস্ফুট হৈছে। বেদাদি তত্ত্বৰ আলোচনাৰ উদ্দেশ্যও হৈছে পৰম্পৰাৰ লগত সঙ্গতি ৰাখি ভক্তিমাৰ্গৰ বিশেষ বিশ্লেষণ, শ্ৰীকৃষ্ণৰ লীলাময় ৰূপৰ বিভিন্ন দিশৰ ব্যাখ্যা দিয়াৰ সময়ত তেওঁ শাস্ত্ৰ অধ্যয়নৰ পৰিচয় দিয়াৰ উপৰি ঠায়ে ঠায়ে মৌলিকতাৰ পৰিচয় দিছে। অসমৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ এটা থূলমূল আভাস তেওঁৰ প্ৰৱন্ধবোৰত পোৱা যায়। প্ৰাচীন ভাৰতীয় চিন্তাধাৰাৰ ক্ৰমবিকাশৰ বাটেদি আগবঢ়াই শেহত নামধৰ্মৰ মাহাত্ম্য কথনত তেওঁৰ বিশ্বাসৰ দৃঢ়তা পৰিস্ফুত হৈছে। নামধৰ্মৰ এই আলোচনাৰ সময়ত তেওঁ এজন সহৃদয় ভক্তৰ দৰে নামৰ মাহাত্ম্য ব্যক্ত কৰিছে। সেয়েহে হৃদয়ৰ ভাবাবেগ প্ৰৱন্ধবোৰৰ মাজেদি বিৰিঙি উঠিছে। পুনৰুক্তিৰ দোষো প্ৰৱন্ধসমূহত মাজে মাজে দেখা যায়। প্ৰৱন্ধসমূহত ৰসৰাজ বেজবৰুৱাৰ সলনি চিন্তাশীল তত্ত্বদৰ্শী বেজবৰুৱাৰ প্ৰতিচ্ছবি জিলিকি উঠিছে। এইবোৰে তেওঁৰ গভীৰ চিন্তাশক্তি আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি থকা প্ৰৱল অনুৰাগৰ পৰিচয় দিয়ে। এনে প্ৰৱন্ধ ৰচনাৰ উদ্দেশ্য আছিল শংকৰ-মাধৱৰ বৈষ্ণৱ ধৰ্মৰ সাৰমৰ্মখিনি তেখেতসকলৰ ৰচনাৰ মাজৰ পৰা চালি-জাৰি চাই সেইবিলাকৰ দাৰ্শনিক ভিত্তি আৰু বিশ্লেষণ দাঙি ধৰা। ভাৰতীয় দৰ্শনৰ পটভূমিত শংকৰ মাধৱৰ ধৰ্মক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যতেই এই প্ৰৱন্ধসমূহ তেওঁ ৰচনা কৰা বুলি সহজেই অনুমেয়।
 
(লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে দুলীয়াজান সাহিত্য সভাই আয়োজন কৰা আলোচনা চক্ৰত পঠিত)
 
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!