বেজবৰুৱাৰ ঢাকোন উদঙাই পঁইতা ভাত খাওঁ (পদ্ধতিগত অভিলেখন সম্পৰ্কীয় এটা টোকা) (সমুদ্ৰ কাজল শইকীয়া)

বৰঘৰৰ মেকুৰীও নাই আৰু সেই মেকুৰী সৰু ঘৰলৈ যোৱাৰ কথাও ক’ব খোজা নাই। এই মাহৰ সাহিত্য ডট্ অৰ্গৰ সম্পাদক অঞ্জল বৰাই বেজবৰুৱা বিষয়ক বিশেষ সংখ্যাৰ যো জা চলাই থকা বুলি লেখা এটা বিচাৰিছিল। কিন্তু বেজবৰুৱা সম্পৰ্কীয় লেখা এটা যুগুতাই উলিয়াব পৰাকৈ সামৰ্থ বা সময়-সুবিধাৰ এটাও এই অভাজনৰ নাই। সেয়ে সীমামূৰীয়াকৈ বেজবৰুৱাৰ নামৰ আচিলা লৈ অন্য কিছু কথাহে বখানিব খুজিছোঁ। কিছু মত অভিমতৰ বাহিৰে এই লেখাত আন একো নাই। ঢাকোনখনহে বেজবৰুৱাৰ, পঁইতাভাতখিনি নহ’বও পাৰে। পঁইতাভাত আমি খাবলৈ পাওঁ এইবাবেই যে কোনোবাই আগদিনা ৰাতিয়েই ৰাহি ভাতখিনিত পানী দি আছুতীয়াকৈ থৈছিল। তাকেই নকৰা হ’লে নাপালোঁহেঁতেন৷ আমাৰ কথাৰ বিধেয়ও এইখিনিতেই।

বেজবৰুৱাৰ অৱদান বহুমুখী কেবাখনো ক্ষেত্ৰ জুৰি আছে। লোক-সাহিত্যৰ সংগ্ৰাহক আৰু সংকলক হিচাপে তেখেতৰ যি গুৰুত্ব সেইখিনি কথা মনলৈ অহাতেই এই আলোচনাৰ সূত্ৰপাত ঘটিল। ‘বুঢ়ী আইৰ সাধু’ কেৱল এখন সাধুৰ কিতাপেই নহয়, ই এটা সঞ্চয়ন আৰু আমাৰ বাবে সমলপুথি। এতিয়া কথা হ’ল ই কিহৰ সমল বা কেনেকৈ ই গুৰুত্বপূৰ্ণ। ইয়াৰ ডাল পাত আৰু শিপা ভাগে ভাগে ফঁহিয়াই চালে বহুখিনি প্ৰয়োজনীয় কথা ওলাই পৰিব। ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্হিত সমলখিনি যথা-

১) মৌখিক সাহিত্য৷

২) তৎকালীন বা তাৰো আগৰ কালৰ গ্ৰাম্য জীৱনৰ কথন ভঙ্গী৷

৩) ফকৰা-যোজনা সমন্বিতে ভাষাৰ কালিকা৷

৪) সামাজিক পৰিস্থিতিৰ কিছু ৰেঙনি (যি খিনি আঁহে আঁহে সোমাই আছে, বিচাৰিব জানিলেই ওলাই পৰিব)৷

৫) এখন সমাজৰ ব্যক্তিবিশেষৰ কল্পনাৰ আধাৰখিনি (ভোক-পিয়াহ, অৰ্থ-বৈভৱ ইত্যাদি)৷

৬) এখন সমাজৰ সমূহীয়া অৱচেতনা (কালেক্টিভ কনচিয়াচনেছ)৷

এইখিনি কাম কৰাৰ ক্ষেত্ৰত বেজবৰুৱাৰ পদ্ধতি বা উৎসৰিত চেতনা অসমৰ ক্ষেত্ৰত হয়তো প্ৰথম পদক্ষেপ৷ কিন্তু বিশ্বৰ পৰিপ্ৰেক্ষিতত একান্তই স্বকীয় বা একক নহয়। আমাৰ খণ্ডিত বিচাৰ বুদ্ধিৰ বাবেই হওক অথবা অধ্যয়নৰ সীমাবদ্ধতাৰ কাৰণেই হওক কিছুমান কথাৰ আতি-গুৰি মাৰি আলোচনা কৰিবলৈ আমি আজিও শিকা নাই। তাতে উপহুতা হৈ অলপ জাতীয়তাবাদী ভাৱনায়ো ক্ৰিয়া কৰাৰ ফলত ব্যক্তি পূজনৰ এটা প্ৰয়াসে মূৰ দাঙি উঠে যাৰ পৰিণতিত আমি আচলতে সেই পূজ্যব্যক্তিৰ অৱদানবোৰক নিজে নজনাকৈ আৰু বেছি অপমানহে কৰোঁ। উদাহৰণ স্বৰূপে শঙ্কৰদেৱ সম্পৰ্কীয় কথা পাতোঁতে আমি ভাবো যে শংকৰদেৱেই সকলো, তেৰাৰ বাদে আৰু কোনো নাই। সেই ধৰণেৰেই তেখেতে অনুপ্ৰেৰণা বা সমল আহৰণ কৰা উৎসসমূহ বা সেইবোৰৰ সম্ভাৱনা সম্পৰ্কে কথা পাতিবলৈ আমি উদাসীন হৈ ৰওঁ। ফলত কালক্ৰমত, আমি নিজকে আৰু বেছি সংকীৰ্ণ কৰি পেলাওঁ।

বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ এটা বিদ্যায়তনিক কাম। এই প্ৰসঙ্গলৈ আমি আহিম। কিন্তু তাৰ আগতে আন এটা কথা উনুকিয়াই থওঁ। বেজবৰুৱাৰ পৰৱৰ্তী কালত তদ্ৰূপ চৰ্চা বহুকাললৈ নোহোৱাৰ ফলত আমাৰ এটা সাধাৰণ ধাৰণা থাকি গ’ল যে ইয়াত সংকলিত সাধুখিনিয়েই অসমীয়া সাধুকথা। সাধুপুথিখনৰ বিস্তৰ জনপ্ৰিয়তা আৰু একক অৱস্থানৰ কাৰণে আজিও সাধুকথা বুলিলেই সেইখিনি সাধুকথাই আমি কওঁ বা শুনিবলৈ পাওঁ। কিন্তু আমি মনত ৰখা দৰকাৰ যে অসমৰ দৰে বহু-ভাষিক, আৰু মিশ্ৰিত সাংস্কৃতিক আৰু নৃগোষ্ঠীৰ সমাৱেশ ভূমিত আৰু বহুধৰণৰ সাধুকথা আছিল বা আছে যিবোৰ হয়তো সেই এখন মাত্ৰ পুথিত সন্নিবিষ্ট নহ’ল। এই কথাৰ ভিত্তিত ‘বুঢ়ী আইৰ সাধু’ৰ সাধুখিনি অসমীয়া সাধুকথাৰ পৰিচয় বুলি মানিব পাৰিলেও একমাত্ৰ পৰিচয় বুলি আমি মানি লোৱাটো উচিত নহ’ব। ড লক্ষী হাজৰিকাই কোৱা এষাৰ কথাও এইখিনিতে টানি আনিব পাৰি – “সাধুবোৰত বেজবৰুৱাৰ ভাষাৰীতিৰহে প্ৰতিফলন ঘটিছে”। ‘বুঢ়ী আইৰ সাধু’ৰ পাতনিত বেজবৰুৱাই লিখিছে, “শেহত কওঁ যে তলত নাম দিয়া সকলৰ পৰা আমি এই কিতাপত দিয়া সৰহভাগ সাধু পাইছিলোঁ; কিন্তু কোনটো কাৰ পৰা পোৱা গৈছিল সেইটো কোৱা অসাধ্য, কাৰণ নানা ৰকমকৈ লিখা একোটা সাধুকে আমি কেইবাজনৰ পৰা পাইছিলোঁ আৰু সেই এটাইবোৰ পঢ়ি মিলাই বাছি, যোগ-বিয়োগ কৰি আমি নিজৰ ভাষাত সাধুবোৰ সম্পূৰ্ণ নতুনকৈ লিখিছোঁ। স্বৰূপাৰ্থত, তেওঁলোকে যি ভাষাত সাধুবোৰ লিখি পঠাইছিল সেই ভাষা এই সাধুবোৰত নাই বুলিলেই হয়, দৈবাৎহে কোনোটোত এশাৰী আদশাৰী আছে। কিছুমান সাধু আমাৰ সমূলি নিজা৷” পাতনিখনৰ পৰা এইখিনি কথাৰ উদ্ধৃতি দি ‘বুঢ়ী আইৰ সাধুৰ ভাষাতাত্ত্বিক বিচাৰ’ নামৰ লেখাত হাজৰিকাই কয়, “বেজবৰুৱাৰ মন্তব্যৰ পৰাই স্পষ্টকৈ বুজিব পাৰি যে ‘বুঢ়ী আইৰ সাধু’ৰ যি ভাষাৰীতি তাত বেজবৰুৱাৰ ভাষাৰীতিৰহে প্ৰকাশ পাইছে – লোকভাষাৰ (folk language) প্ৰলেপ তেনেকৈ নাই। অৱশ্যে লোকভাষাৰে সমৃদ্ধ সাধুকথাবোৰ বেজবৰুৱাই নিজা ধৰণে সজালেও লোকভাষাৰ কিছু আভাস নিশ্চয় তাত বিচাৰি পোৱা যাব৷”  সি যি কি নহওক, ‘বুঢ়ী আইৰ সাধু’ৰ ক্ষেত্ৰত বেজবৰুৱাই কেনেকৈ এজন সম্পাদকৰ ভূমিকা আৰু দায়িত্ব পালন কৰিছে তাৰ আভাস পোৱা গ’ল।

আধুনিকতাবাদ এটা বিশ্বব্যাপী আন্দোলন আৰু ইয়াৰ লগৰ জাতীয়তাবাদী উত্থানৰ সংযোগ আছে। জাৰ্মান গ্ৰীম ভাতৃদ্বয়ে সংগ্ৰহ আৰু সংকলন কৰা ফেইৰী টেইল অথবা বঙালীৰ ‘ঠাকুমাৰ ঝুলি’ৰ সম পৰ্যায়ৰ সকলো প্ৰয়াসৰ আঁৰতেই কিছুমান জাতীয়তাবাদী প্ৰৱণতাই কাম কৰিছিল। কথাখিনি বুজিবলৈ তেনেই সহজ – আমাৰ নিজৰ গীত মাত, নিজৰ কথন ভংগী, নিজৰ সমাজ জীৱনক কোনোবাখিনিত কেনেবাকৈ উত্তৰসূৰী প্ৰজন্মৰ বাবে ৰাখি থৈ যাব লাগিব- এই বোধৰ উন্মেষেই অন্তৰালত থকা কাৰণ। উত্তৰসূৰীৰ কথা ভাবোতেও আমি ভাবিব লাগিব পূৰ্বজসকলৰ কথা। এই চেতনা জাগ্ৰত হৈছিল দেশ, মানুহ আৰু ভাষাৰ অস্তিত্বৰ সঙ্কটকালত, ইংৰাজৰ তলতীয়া ভাৰতবৰ্ষত।  সাধাৰণীকৰণৰ দোষত পৰিব খোজা নাই, কিন্তু তথাপি ক’ব পাৰি যে প্ৰত্যেক জাতিৰে কিছুমান সামূহিক বৈশিষ্ট্য থাকে। জাতিগত দোষ বা গুণ হিচাপে সঞ্চয়ৰ প্ৰতি অনীহা আমি অসমীয়াৰ ইতিহাসত দেখি আহিছোঁ। দুবেলা দুমুঠি পেটে ভাতে খাই বিশেষ অপায় অমংগল নোহোৱাকৈ কোনোমতে চাৰে ঘাৰে চলি থাকিব পৰাটোৱেই আমাৰ গাঁৱলীয়া জীৱনৰ দৰ্শন। অসমীয়া সমাজখন বহুলাংশে গ্ৰামীণ হোৱাৰ ফলতেই বোধকৰোঁ সেই অভাবো নাই, ৰাহীও নাই ধৰণৰ এটা মনস্কতা আমাৰ মাজত থাকি গ’ল। এই ক্ষেত্ৰত ইংৰাজ সম্পূৰ্ণভাবে ব্যতিক্ৰম হোৱাৰ ফলতেই আমাৰ বৃন্দাৱনী বস্ত্ৰখন গৈ ইংৰাজৰ দেশৰ সংগ্রহশালা পালেগৈ। যিখিনি আপুৰুগীয়া সমল এই দেশত থাকিল সেইবোৰ ঘুণে খালে, উঁই পোকে খালে, বানত উটি গ’ল আৰু নাজানোঁ ক’ত যে কি হ’ল। দিন কাল সলনি হ’ল, মানুহৰ চিন্তা-ধাৰাও সলনি হ’ল। কিন্তু আমি আজিও নাজানোঁ কোনখন হাতে লিখা পুথি কোন সত্ৰত আছে, কেতিয়াৰ পৰা কেনেকৈ আছে বা আজিৰ তাৰিখত কি অৱস্থাত আছে। আমি সদায়ে ব্যৱহাৰ কৰা আঁচুফুলীয়া গামোচাখনৰ ইতিহাস কি? শংকৰদেৱৰ সমকালিন অন্যান্য পণ্ডিত সকলৰ ৰচনাৰাজি বিচাৰিলে ক’ত পোৱা যাব?

এই যে আমাৰ ঐতিহাসিক সমলবোৰ আধৰুৱা, খণ্ডিত বা বিক্ষিপ্ত- তাৰ ফল আমি ক্ৰমে ক্ৰমে সকলো ক্ষেত্ৰতেই ভোগ কৰিবলৈ আৰম্ভ কৰিছোঁ। এটা সময়ত ৰঙালী বিহুৰ সময়ৰ হুঁচৰি আছিল ডেকাসকলৰ ধেমালি আৰু ৰসিকতাৰ এক জীৱন্ত আৰ্কাইভ। কালক্ৰমত বহু অঞ্চলত সেই হুঁচৰি নোহোৱা হৈ গৈ কেৱল হৰিনামতে আৱদ্ধ হৈ থাকিলগৈ। এটা সময়ত লোকগীত বুলিলে তাত চিত্ৰ বিচিত্ৰ বিষয়বস্তুৰ সমাহাৰ আছিল। কিন্তু ক্ৰমান্বয়ে এনে এটা পৰিস্থিতি হ’ল যে লোকগীত বুলি যিকোনো এটা এলবাম বজাৰৰ পৰা তুলি আনিলে তাত প্ৰায় আটাইখিনিয়েই হৰিনাম-ধৰ্মী গীতহে বিচাৰি পাওঁ। টোকাৰী গীত, দেহ-বিচাৰৰ গীত, কামৰূপীয়া লোকগীত আটাইবোৰ মষিমূৰ কৰি হৰিনামৰ আগাসন দেখা পালোঁ। দিনে দিনে বৈচিত্ৰ্যবোৰ হেৰাই যাবৰ উপক্ৰম হৈছে। এয়ে কালৰ ৰীতি। এতিয়া কথা হ’ল গাঁবে-ভূঞে চুকে কোণে যিখিনি একক বৈচিত্ৰ্যময় সমল সোমাই আছিল বা আজিও সোমাই আছে সেইবোৰ উলিয়াই আনি থুপ খুৱাব কোনে?

পুৰণি সম্পদ খুচৰি চালে, সেইবোৰ সংগ্রহ বা সংকলন কৰিলে অতীতমুখী হোৱা নুবুজায়, বৰঞ্চ এই কামে আমাক আৰু বেছি ভবিষ্যতমুখী হে কৰি তোলে। এই কথাটোকেই বেজবৰুৱাই বুজাব খুজিছিল, আৰু তেওঁ যি সময়ত এই কামটো কৰিছিল সেই সময়খিনিত সমগ্ৰ পৃথিৱীতেই ই এক সমানে গুৰুত্বপূৰ্ণ কাম আছিল। এই কথা সাব্যস্ত কৰিবলৈ মাত্ৰ এইকণ তথ্যই যথেষ্ট যে, ফিনলেণ্ডৰ গৱেষক আন্টি আৰ্নেই সাধুকথাৰ বিভিন্ন প্ৰকাৰ বা ধৰণৰ প্ৰথমখন তালিকা ‘বুঢ়ী আইৰ সাধু’ৰ প্ৰকাশৰ মাত্ৰ এবছৰ আগতে প্ৰকাশ কৰি উলিয়াইছিল। মন কৰিব, বেজবৰুৱাৰ দিনত ইণ্টাৰনেট নাছিল।

আৰ্কাইভ (অভিলেখাগাৰ?) মানে হ’ল ঐতিহাসিক খতিয়ানৰ সংকলন অথবা সেইবোৰ থ’ব পৰা এটা অৱস্থান। এয়া কোনো ব্যক্তিবিশেষ বা অনুষ্ঠানক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সমগ্ৰ কাৰ্যকালৰ (বা জীৱনকালৰ) তথ্যৰ সংগ্ৰহ। আৰ্কাইভ বুলিলে সাধাৰণতে কোনো আলোচনী, সংকলন অথবা লাইব্ৰেৰী মাত্ৰ নহয়। ইয়াত জনপ্ৰিয় মাধ্যমৰ যোগেদি অপ্ৰকাশিত বহুতো সমল একত্ৰ হয় যাৰ ফলত আৰ্কাইভৰ কিছুমান মৌলিক আৰু একক গুৰুত্ব থাকে। সম্প্ৰতি এনে আৰ্কাইভৰ গুৰুত্ব আৰু সমাদৰ বাঢ়ি আহিছে আৰু বহুতো অনুষ্ঠান প্ৰতিষ্ঠানে উদ্যোগ গ্ৰহণ কৰিছে। তথ্য (অথবা সমল) সংগ্ৰহ, সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত হীমজ্যোতি তালুকদাৰৰ কিছু উদ্যোগ আমি ইতিমধ্যেই দেখা পাইছোঁ আৰু তেওঁলোকৰ আনুষ্ঠানিক প্ৰয়াস ‘এনাজৰী’ৰ কৰ্মৰাজীয়েও মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ‘অসমীয়াত কথা-বতৰা’ গ্ৰুপৰ জৰিয়তে জন্ম লোৱা ‘সাহিত্য ডট্ অৰ্গ’ আলোচনীখনো এক প্ৰকাৰৰ আৰ্কাইভেই।

অলপ অপ্ৰিয় হ’লেও সত্য যে অসমৰ বিদ্যায়তনিক পৰিমণ্ডলত কাম কৰাৰ বহুখিনি সুযোগ সুবিধা থকা বুলি আমি গম পাওঁ, কিন্তু সেইবোৰৰ ‘আউটকাম’ সম্পৰ্কে খবৰ খাতি আমি বৰকৈ নাপাওঁ। বৌদ্ধিক মহলৰ পৰাও আমি খুব বেছি আশাপ্ৰদ ভূমিকা দেখা নাপালোঁ। তাৰ পৰিৱৰ্তে নতুন প্ৰজন্মৰ আগৰণুৱা কিছু সংখ্যক যুৱক-যুৱতীৰ গাইগুটীয়া প্ৰচেষ্টাই আমাক বেছিকৈ আকৰ্ষিত কৰিছে। এইখিনি কথাৰ লগতেই আমি আৰ্কাইভিং মনষ্কতা বুলি এষাৰ কথা উনুকিয়াব খুজিছোঁ। সমল (মেটেৰিয়েল), সূত্ৰ (এভিডেন্স) আৰু তথ্য (ডাটা)  সংগ্ৰহ/সংৰক্ষণ/ প্ৰয়োগৰ এই গাইগুটীয়া অথবা বিকল্প প্ৰয়াসবোৰৰ আন এটা বহল পৰিসৰৰ ভূমিকা আছে। সেয়া হ’ল, কেৱল বিদ্যায়তনিক বা বৌদ্ধিক মহলৰহে কাম বুলি হাত সাবটি বহি নাথাকি এই বিকল্প মাধ্যমৰ গুৰুত্ব ক্ৰমাগত ভাবে বৃদ্ধি পাই অহাৰ ফলত এদিন ই আমাৰ মানসিকতাতো সামগ্ৰিক ভাবে প্ৰভাৱ পেলাব। এখন বিশ্ববিদ্যালয়ৰ পৰিসৰত থকা আৰ্কাইভ এটা সীমিত সংখ্যক লোকৰ বাবেহে হাতেৰে ঢুকি পোৱা হোৱাৰ বিপৰীতে এই বিকল্প প্ৰয়াসবোৰ গণমাধ্যমেৰে সহজলভ্য হৈ উঠে। আমাৰ এই মন্তব্য বিদ্যায়তনিক চৰ্চাৰ বিৰোধী বা তাৰ প্ৰতি অনীহা সূচক বুলি ভাবিলে ভুল কৰা হ’ব। বৰঞ্চ আমি প্ৰকাৰান্তৰে বিদ্যায়তনিক চৰ্চাৰ বহুল সঞ্চাৰহে বিচাৰিছোঁ।  এইখিনিতেই অসমৰ বিশ্ববিদ্যালয় কেইখনৰ সংশ্লিষ্ট বিভাগবোৰৰ লগত (যেনে ফোকলোৰ ষ্টাডিজ, কালচাৰেল ষ্টাডিজ আদি) জড়িত কোনোবা পাঠক আছে যদি তেওঁলোকে এই নিম্নলিখিত কথাখিনিৰ উত্তৰ দিব পাৰে-

১) সেই বিভাগসমূহৰ ‘চিলেবাচ’ কিমান ৰেডিকেল?

২) সেইবোৰত তত্ব, তত্ব-চৰ্চা আৰু অভ্যাস সু-সমাবেশ ঘটেনে (থিয়ৰি, প্ৰেক্সিছ আৰু প্ৰেক্টিছ)?

৩) সেই বিভাগসমূহত বহু-আয়তনিক (মাল্টিডিচিপ্লিনাৰী) চৰ্চাৰ অৱকাশ আছে নে?

৪) সেই বিভাগসমূহত মাল্টিমিডিয়া আর্কাইভ আছে নে?

৫) এজন ছাত্ৰই বা ছাত্ৰীয়ে যদি জুবিন গাৰ্গ বা পাপনৰ পৰিবেশন শৈলী সম্পৰ্কে ডিছাৰ্টেচন কৰিব খোজে তেওঁক সেইবোৰত উৎসাহিত কৰা হয় নে?

৬) অসমীয়া লোক-সংস্কৃতিৰ কোনো এটা উপাদানৰ উৎস সন্ধান কৰিবলৈ বিচৰা কোনোবাই চত্তিশগড় বা উৰিষ্যালৈকে ঢপলয়াবলৈ প্ৰস্তুত থাকে নে?

যদি উপৰিউক্ত প্ৰশ্নখিনিৰ খুব এটা ইতিবাচক উত্তৰ আমি নাপাওঁ, তেনেহ’লে ‘বেজবৰুৱা জয়ন্তী’ক লৈ বৰকৈ হৈ হাল্লা কৰি থাকিবৰ অধিকাৰখিনি আমি হেৰুৱাই পেলাম। কাৰণ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ নিজে এখন থিয়ৰি আৰু প্ৰেক্টিচৰ (তত্ব আৰু অভ্যাসৰ) নমুনা। ‘বুঢ়ী আইৰ সাধু’ৰ বেজবৰুৱাজন আচলতে এজন আৰ্কাইভিষ্ট। সাধুকথাৰ সংকলনখনৰ সৈতে তাৰ পাতনিখনো সমানে গুৰুত্বপূৰ্ণ। “বেজবৰুৱাৰ পাতনিখন সেই সময়ৰ এখন উল্লেখযোগ্য ৰচনা। পাতনিখনে লোক-সংস্কৃতি চৰ্চাৰ আৰম্ভণিৰ কালচোৱাতে লোক-সংস্কৃতি আৰু সাধুকথা সম্পৰ্কে হোৱা চিন্তা-চৰ্চাৰ সৈতে বেজবৰুৱাৰ পৰিচয়ৰ স্বাক্ষৰ বহন কৰে (মদন শৰ্মা, প্ৰবন্ধ- শেহতীয়া তত্ত্বৰ আধাৰত ‘বুঢ়ী আইৰ সাধু’- এটি পঠন)৷”

বেজবৰুৱাৰ ‘গভীৰ বিদ্যায়তনিক দৃষ্টিভঙ্গী’ আৰু ‘বিদ্যায়তনিক মনষ্কতা’ সাব্যস্ত কৰি ড নগেন শইকীয়াই কয়, “ফোকলোৰ তথা লোক-সংস্কৃতি অধ্যয়নৰ বিদ্যায়তনিক গুৰুত্ব আৰু প্ৰয়োজন অনুভৱ কৰি বেজবৰুৱাই এই পাতনিখনত যি কেইটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ গৈছে , একবিংশ শতিকাৰ লোক-সংস্কৃতি বিশেষজ্ঞসকলে তাতকৈ অধিক বিশেষ কথা কোৱা নাই। তেওঁ কৈছে যে ভাষাত একোটা জাতিৰ মানুহৰ পৰিচয়ৰ সাঁচ মচ নোখোৱাকৈ থকাৰ দৰেই পুৰণিকলীয়া সাধুকথাবিলাকতো একোটা জাতিৰ মানুহৰ ব্যৱহাৰিক আৰু মানসিক জীৱনৰ সাঁচ থাকি যায়। তেওঁ ভাষাতত্ব আৰু পুৰাণতত্বৰ দৰেই সাধুকথা তত্বও কোনো জাতিৰ মানুহৰ পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে অতি লাগতিয়াল বুলি কৈ থৈ গৈছে। তদুপৰি তেওঁ সাধুকথাবোৰ যে ল’ৰালিৰ বিষয় বা কোনো কামত নহা বস্তু বুলি ভবাটো অনুচিত সেই বিষয়েও উদাহৰণ সহ উল্লেখ কৰি গৈছে। তেওঁ কৈছে, “বাস্তবিকতে ক’বলৈ গ’লে জাৰ্মান পণ্ডিত সকলৰ পৰিশ্ৰমেহে পোনতে সভ্যজগতক দেখুৱাই দিলে যে কোনো এটা জাতিৰ এটা পুৰণি সাধুকথাৰ ইতিহাস আৰু ভাষাৰ ভিতৰৰ এটা শব্দৰ ইতিহাস এখন ডাঙৰ যুদ্ধৰ ইতিহাসতকৈ মূল্যবান (উৎস- সাতসৰী, ‘বুঢ়ী আইৰ সাধু’ৰ ১০০ বছৰ বিশেষ সংখ্যা, ষষ্ঠ বছৰ, দ্বাদশ সংখ্যা, জুলাই ২০১১, সম্পাদক- অনুৰাধা শৰ্মা পূজাৰী)৷”

আজিৰ তাৰিখত ই এক গুৰুত্বপূৰ্ণ বিষয় আৰু এই সন্দৰ্ভত বিশদ চিন্তা চৰ্চাৰ অৱকাশ আছে। আৰ্কাইভ শব্দটো অলপ সহজ অৰ্থতেই ব্যৱহাৰ কৰিছোঁ যদিও ইয়াৰ লগত পদ্ধতি, লক্ষ্য আৰু উদ্দেশ্য তথা আদৰ্শগত সিদ্ধান্তৰ প্ৰয়োজনীয়তা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!