বেজবৰুৱাৰ চুটি-গল্প  (অমৃতজ্যোতি মহন্ত)

            লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কোনো আলচ আৰম্ভ কৰাৰ আগতে আমি বেজবৰুৱাদেৱৰ জন্মৰ আগৰ অসমখনৰ কেইটামান কথালৈ চকু দি লোৱাটো প্ৰয়োজন। প্ৰথমেই মন কৰিবলগীয়া যে এই ‘অসম’ শব্দটো (বা Assam বা ‘আসাম’) আনুষ্ঠানিকভাবে ব্যৱহাৰ কৰিবলৈ লোৱাৰ কেইদশকমানহে হৈছিল। তেতিয়া বৃটিছে নিৰ্দ্ধাৰণ কৰা অসমৰ সীমা এতিয়া বহুত ঠেক হ’ল। (আজি কিছু বছৰমানৰ পৰা আকৌ ‘নৰ্থ-ইষ্ট’ শব্দৰ ব্যৱহাৰৰ উৎসাহৰ ফলত বহুতৰ বাবে ‘অসম’ শব্দটোৰ ‘প্ৰয়োজন’ নাইকীয়া হৈ আহিছে।) পাঠ্যপুথিত আমি পঢ়োঁ –“মানৰ আক্ৰমণত অসমীয়া প্ৰজা জুৰুলা হ’ল। শেষলৈ অত্যাচাৰী মানে কোম্পানীৰ এলেকাত খুন্দিওৱাত বৃটিছ কোম্পানীৰ ফৌজে মানক খেদি নি ইয়াণ্ডাবু (ডানাবু) সন্ধি কৰি ১৮২৬ চনৰ ফেব্ৰুৱাৰী মাহত ‘অসম’ কোম্পানীৰ তললৈ নিয়ে”। ইতিহাসৰ এই তথ্যৰ আঁৰত কেইবাটাও কথা সোমাই আছে। ওঠৰ শতিকাৰ শেষৰ পৰাই মোৱামৰীয়া বিদ্ৰোহৰ পৰা আৰম্ভ কৰি আহোম ৰাজশক্তি দুৰ্বল হৈ পৰিছিল। তাৰপাছত এটা এটাকৈ তিনিটা মানৰ আক্ৰমণ। শেষত বৃটিছৰ দখল। আভ্যন্তৰীণ কন্দল তথা আক্ৰমণকাৰীৰ বৰ্বৰতাত অসহায় হৈ পৰা প্ৰজাই ইংৰাজে আনি দিয়া ‘শান্তি’ত উশাহ লৈয়েই দেখিলে একেবাৰে নতুন ব্যৱস্থা। আইন, আদালত, থানা (অতিশয় বুনিয়াদী যদিও) আদি লৈ পতা প্ৰশাসন ৰাইজৰ বাবে একেবাৰে অচিনাকি আছিল। কৰ-কাটলৰ ব্যৱস্থাও নতুন হ’ল।

            চুবুৰীয়া বংগদেশত বৃটিছ ইতিমধ্যেই গজগজীয়া। এই নতুন এলেকাৰ (‘ৰাজ্য’ বুলিবলৈ বহু দশক বাকী) প্ৰশাসন চলাবলৈ কোম্পানীয়ে বংগদেশৰ কৰ্মচাৰী আনিলে। আৰু ১৮৩৬ চনৰ পৰা এই অঞ্চলটোত বাংলা ভাষা প্ৰৱৰ্ত্তিত হ’ল। তেতিয়া অফিচ-কাছাৰী তেনেই চালুকীয়া। বিদ্যালয়ৰ সংখ্যাও তেনেই সীমিত। এইবিলাকত বাংলা ভাষা মাধ্যম হ’ল। অৰ্থাৎ লুইতৰ দুপাৰত নতুন যুগৰ সূৰ্যোদয় ভালকৈ নৌহওঁতেই অসমীয়া ভাষাই উজুতি খালে। এইটো আছিল ঊনৈশ শতিকাৰ মাজভাগৰ অসমৰ সামাজিক জীৱনৰ দ্বিতীয় উল্লেখযোগ্য ‘বাস্তৱতা’।

            বেজবৰুৱাৰ জন্মৰ আগৰ তৃতীয় গুৰুত্বপূৰ্ণ সত্য হ’ল ‘অৰুণোদই’ৰ প্ৰকাশ। এদল আমেৰিকান মিচনেৰী আহি উজনি অসমৰ শিৱসাগৰত (এই শিৱসাগৰ নামটোও তেতিয়া নতুন) এটি ছপাকল পাতি এখন মাহেকীয়া কাকত উলিয়ালে। নাম দিলে ‘অৰুণোদই’। তেওঁলোকৰ ঘাই উদ্দেশ্য আছিল অঞ্চলটোত খৃষ্টধৰ্ম প্ৰচাৰ কৰা। কিন্তু অসমীয়া জন-জীৱনৰ আধুনিক বৌদ্ধিক ইতিহাসত এই মাহেকীয়াখন হৈ পৰিল প্ৰথম পদক্ষেপ। বিশাল বিশ্বৰ বাৰ্তা অসমীয়া মানুহে প্ৰথমে এই কাকততে পালে। আজি কল্পনা কৰিবলৈও অসুবিধা যে এই ‘অৰুণোদই’ৰ পৰাই লুইতৰ পাৰৰ মানুহে আহৰণ কৰিলে ‘সাধাৰণ’ কথা এটাৰ বিষয়েও পঢ়াৰ বাবে পঢ়িবলগীয়া অভ্যাস আৰু অভিজ্ঞতা। কেৱল সিমানেই নহয়, প্ৰথমবাৰৰ বাবে অসমীয়া গদ্যৰ এক মান নিৰ্ণয় কৰাৰ প্ৰয়োজন আৰু দায়িত্ব। দূৰণিৰ মহাদেশৰ পৰা অহা বিদেশী ধৰ্ম প্ৰচাৰকে এই চেষ্টাও কৰিছিল আৰু এক অতি সৰলীকৃত মান ঠিক কৰিছিল। ‘অৰুণোদই’ৰ প্ৰথম বছৰকেইটাৰ সবাতোকৈ উল্লেখযোগ্য অসমীয়া লেখক আনন্দৰাম ঢেকিয়াল ফুকনে এই সৰলীকৃত মানতে লেখিছিল। এইখিনিত উদাহৰণ হিচাপে তেখেতে লেখা ‘চিপিও সেনাপতিৰ চৰিত্ৰৰ কথা’- The noble behavior of Scipio নামৰ ৰচনাখনৰ পৰা কেইটিমান বাক্য তুলিছোঁ,– “ইস্পানিয়াহঁতৰ ৰন জিকি তেওঁ চাউনিলৈ আহিলত তেওঁৰ তলতিয়া বিসয়াসকলে তেওঁৰ তালৈ এজনি এনে ৰূপৱতি কন্যা আনিলে, জে তাইৰ ৰূপ দেখি সভাৰ সকলো এ মোহিত হ’ল। আৰু চিপিও এ তেওঁৰ স্বভাবি ধৈৰ্যতা এৰি অস্থিৰ হৈ তেওঁৰ আসনৰ পৰা উঠিল; পাচে থিৰ হৈ সেই ৰূপৱতি বন্দিয়াৰৰ ঘৰ, থকা ঠাই আৰু বঙ্গহ ইত্যাদিৰ কথা অতি সাদৰকৈ সুধি, ৰজাৰ কোঁৱৰ এটাই তাইক বিয়া কৰাবলৈ খুজিছে বুলি সুনি, সেই কোঁঅৰক আৰু কন্যাৰ মাক বাপেকক আনিবৰ আগ্যা দিলে।” এইখিনিৰ পৰা বেজবৰুৱা হাইস্কুলৰ ওপৰ শ্ৰেণী পোৱালৈ বেছি পৰিৱৰ্ত্তন হ’ল। দেশ ‘কোম্পানী’ৰ গুচি ‘মহাৰাণী’ৰ তলতীয়া হ’ল। অসমৰ বিদ্যালয়, অফিচ-কাছাৰীৰ পৰা বাংলা ভাষা আঁতৰিল, অসমীয়া পুনৰ প্ৰচলিত হ’ল। ভাষাটোৰ ব্যৱহাৰৰ ক্ষেত্ৰটো ইতিমধ্যে উল্লেখ কৰা অতি-সৰলীকৃত ঠাঁচ আঁতৰাই ব্যাকৰণসন্মত ৰূপ আৰম্ভ হ’ল। এইবিলাকৰ কৃতিত্ব হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা প্ৰমুখ্যে এদল পণ্ডিতৰ। আৰু ‘অৰুণোদই’ ৰ প্ৰকাশ অনিয়মীয়া হ’ল যদিও আন কাকত আলোচনীৰ প্ৰকাশ আৰম্ভ হ’ল। ক’ব পাৰি আধুনিক অসমীয়া ভাষা-সাহিত্যই কেঁচুৱা কাল অতিক্ৰম কৰিলে।

            নিজৰ ঘৰত লক্ষ্মীনাথে পাইছিল এক সম্পূৰ্ণ বৈষ্ণৱ পৰিৱেশ। ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাসে প্ৰকাশ কৰা ‘বেজবৰুৱাৰ নিৰ্বাচিত ৰচনা’ৰ পাতনিত ড° নগেন শইকীয়াই লেখিছে – “বেজবৰুৱা পৰিয়ালত পুৱাৰ পৰা গধূলিলৈকে সৰু-বৰ সকলোৱে সত্ৰীয়া নীতি-নিয়ম নিষ্ঠাৰে মানি চলিছিল। ……. তদুপৰি শঙ্কৰদেৱ-মাধৱদেৱৰ পুথিসমূহ নিয়মীয়াকৈ পাঠ কৰাৰ ফলত বেজবৰুৱা পৰিয়ালৰ শিশু আৰু কিশোৰসকলৰ মনতো এই পুথিসমূহে গভীৰ সাঁচ বহুৱাইছিল।… তদুপৰি তেওঁৰ মাতৃ থানেশ্বৰী দেৱী আছিল শঙ্কৰদেৱৰ অনুগামী আন এগৰাকী বৈষ্ণৱী কবি অনন্ত কন্দলিৰ বংশোদ্ভূতা। এতেকে, বেজবৰুৱাৰ মাজত ঐতিহ্যৰ পৰা লাভ আধ্যাত্মিক, নৈতিক, সামাজিক আৰু সাংস্কৃতিক মূল্যবোধবোৰ হৈ পৰিছিল সক্ৰিয় আৰু গতি নিৰ্দেশক।” তেখেতৰ পিতৃ দীননাথ বেজবৰুৱা আছিল আহোম ৰজাৰ ৰাজবৈদ্যৰ পৰিয়ালৰ। আৰু কৰ্মসূত্ৰে তেখেত আছিল এক্সট্ৰা এচিষ্টেণ্ট কমিছনাৰ। গতিকে ক’ব পাৰি পৰম্পৰাগত কৃষ্টি আৰু মৰ্যদাবোধৰ লগত যোগ হৈছিল বৃটিছৰ সংযোগে আনি দিয়া মধ্যবিত্ত জীৱনৰ আধুনিক প্ৰমূল্য। সেই লক্ষ্মীনাথ কলেজীয়া শিক্ষা ল’বলৈ কলিকতালৈ আহিল, আহি পৰিচিত হ’ল পূব-পশ্চিমৰ বৌদ্ধিক-নান্দনিক সংযোগৰ এক উখল-মাখল ক্ষেত্ৰৰ লগত। আন কথাত লক্ষ্মীনাথৰ ব্যক্তিত্বত মিলিত হ’ল তিনিটা সুঁতি– নামঘৰ (অসমৰ ঐতিহ্য), বৈঠকখানা (কলিকতাৰ বৌদ্ধিক জীৱন) আৰু কফি হাউচ (পশ্চিমৰ চিন্তা আৰু নান্দনিকতা), “অসমীয়া ভাষা উন্নতি সাধিনী সভা” গঠন আৰু ‘জোনাকী’ আলোচনী প্ৰকাশৰ আঁৰত আছিল এই তিনিওটি সুঁতিৰ সন্মিলনৰ প্ৰেৰণা৷ ইতিমধ্যে আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা হেমচন্দ্ৰ বৰুৱালৈকে আগৰ প্ৰজন্মই গঢ় দিয়া আধুনিক অসমীয়া সাহিত্যলৈ “হেম-মাজিউ-বেজ” (হেমচন্দ্ৰ, চন্দ্ৰকুমাৰ, লক্ষ্মীনাথ) প্ৰমুখ্যে এইদল তৰুণে ‘জোনাকী’ৰ পাততে পয়োভৰ আনিলে৷ বেজবৰুৱাৰ ভাষাতে– “এবছৰৰ জোনাকীৰ চেষ্টাই অসমীয়া ভাষাৰ কঁকালত অনেক বল দিলে, আৰু ভাষা-আকাশত পুৱাৰ পোহৰ পৰিল। অসমীয়া ভাষাটো আমাৰ অলাগতিয়াল বস্তু, কিছুমান ইংৰাজী শিক্ষিত অসমীয়াৰ যে এনে এটা অদ্ভূত সংস্কাৰ আছিল, সেইটোৱে বৰকৈ জোকাৰ খালে৷” এই চুটি মন্তব্যটিতে সাহিত্যৰথীৰ প্ৰত্যয়, প্ৰেৰণা আৰু উদ্দেশ্যৰ বিষয়ে আমি ধাৰণা কৰিব পাৰোঁ৷ তেখেতৰ বহুতো গদ্যত আৰু কৃপাবৰী ৰচনাত একেটা কথা ব্যংগাত্মক ভাষাৰেও উচ্চাৰিত হৈছে৷ উৰিয়া সাহিত্যত, ফকীৰমোহন সেনাপতিৰ ‘উৎকল ভ্ৰমণম’তো এনে ব্যংগ আছে৷ নিজৰ ভাষাটোৰ প্ৰতি এক অতুলনীয় অনুৰাগ আৰু দ্বায়িত্ববোধেৰে তেখেতে প্ৰতিটো সংৰূপতে মূল্যবান বৰঙণি আগবঢ়াই গ’ল৷ এইখিনিতে তাৰ ভিতৰত চুটিগল্পৰ ক্ষেত্ৰখনত এক দৃষ্টি দিব খোজা হৈছে৷

            আফ্ৰিকান গল্পৰ এক সংকলনৰ আগকথাত ছিনুৱা আছেবেই লিখিছে– “সাহিত্যৰ ঐতিহাসিকসকলে আমাক কয় যে, ইংৰাজী সাহিত্যত চুটিগল্পতকৈ উপন্যাস এশবছৰমান আগ৷ আধুনিক আফ্ৰিকান সাহিত্যত কিন্তু কথাটো ওলোটা৷ চুটিগল্প আগ হ’ল– যিটো ক’বলৈ গ’লে অধিক যুক্তিসংগত৷ আৰু এই পথ পৰিক্ৰমা কেইবা শতিকা জোৰা নহয়, কেইদশকমানহে বিস্তৃত৷” অসমীয়া সাহিত্যৰ ক্ষেত্ৰত দেখা যায় যে গল্প আৰু উপন্যাস প্ৰায় একে সময়তে ওলাইছে৷ হয় অৱশ্যে প্ৰথম উপন্যাস ‘কামিনীকান্ত’ (১৮৭৭) প্ৰথম গল্পতকৈ কেইবছৰমান আগতে ওলাইছে৷ অসমীয়া চুটিগল্পৰ অধ্যয়ন গ্ৰন্থত ড° প্ৰহ্লাদ কুমাৰ বৰুৱাই লেখিছে– “জোনাকী আলোচনীৰ ৪ৰ্থ বছৰৰ ৮ম সংখ্যাত লক্ষ্মীনাথ বেজবৰুৱাৰ  ‘পণ্ডিত মহাশয়’ গল্পৰ যোগেদি অসমীয়া সাহিত্যত চুটিগল্পৰ শুভাৰম্ভ হয়৷ কিন্তু এইটোও সঁচা যে ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ৰ পৰা ‘মিৰি জীয়ৰী’ লৈকে অসমীয়া উপন্যাসৰ জন্মৰ এক কাল আছে৷ চুটিগল্পৰ ক্ষেত্ৰতো জন্ম কাহিনী ‘আসাম বন্ধু’ আলোচনীত প্ৰকাশিত লম্বোদৰ বৰাৰ ‘সদান্দৰ কলাঘুমতি’ৰ পৰাই আৰম্ভ কৰিব লাগিব। কিন্তু বেজবৰুৱাৰ চুটিগল্পৰ ক্ষেত্ৰত বিশেষভাবে মন কৰিবলগীয়া কথা হ’ল প্ৰথমৰ সাধুকথাৰ লগত বিশেষ পাৰ্থক্য নথকা অৱস্থাৰ পৰা (‘ঘৰ পতা ককা’, ‘মূলা খোৱা বুঢ়া’) পাছৰ ‘পাতমুগী’-ৰ দৰে অতিশয় পৰিপক্ক ৰচনালৈকে এক সম্পূৰ্ণ পথ-পৰিক্ৰমা আমি একেজন গল্পকাৰৰ কাপত পাইছোঁ।

            বেজবৰুৱাৰ গল্পত বা কিছুমান গল্পত সাধুকথাৰ লগত পাৰ্থক্য খুব ক্ষীণ হোৱালৈ লক্ষ্য কৰি আজি সেইক্ষেত্ৰত সাহিত্যৰথীৰ আন এক সচেতনতাই কাম কৰিছিল বুলি ক’বলৈ মন যায়। প্ৰায় তিনি দশকমান জোৰা এক প্ৰয়াসৰ ফলশ্ৰুতি হিচাপে আধুনিক অসমীয়া গদ্যৰীতি গঢ় লৈছে। ‘অৰুণোদই’ৰ পাচত অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰকাশিত আলোচনীবিলাকে অলপীয়াকৈ হ’লেও এক পাঠক শ্ৰেণীৰ সৃষ্টি কৰিছে। এনে অৱস্থাত ৰাতিটোৰ ভিতৰতে পূৰ্ণাংগ মাত্ৰাৰে চুটিগল্প আশা কৰাটো ভুল। গতিকে বেজবৰুৱাই পাঠকসমাজ পৰম্পৰাগতভাবে অভ্যস্ত সাধু বা কাহিনীৰ অৱয়বৰে আৰম্ভ কৰি অসমীয়া ভাষাত চুটিগল্পক পূৰ্ণাংগ ৰূপ দিছিল। ১৯৩১ চনত লেখা ‘পাতমুগী’ গল্পৰ বিষয়ে ড° হীৰেন গোহাঁইয়ে লেখিছে-“পাতমুগীৰ দৰে গল্প ৰবীন্দ্ৰনাথ বা বংকিমচন্দ্ৰইও লিখা নাই।…বেজবৰুৱাৰ মৌলিকতাৰ আন প্ৰমাণ নালাগে।”

            গতিকে তেখেতৰ সমস্ত চুটিগল্প বা তেনেধৰণৰ ৰচনাবিলাকক এই ঐতিহাসিক প্ৰেক্ষাপটত লৈ আমি তাৰ মাজত কেইবাটাও সুঁতি বিচাৰি পাওঁ। সেয়ে প্ৰহ্লাদ বৰুৱাই ক’বৰ দৰে প্ৰথম সংস্কাৰধৰ্মী আৰু দ্বিতীয় ব্যক্তি জীৱন সম্পৰ্কীয় বুলি দুটা ভাগতে সামৰি থ’ব নোৱাৰি।

            বেজবৰুৱাৰ বহুকেইটা গল্পত পাঠকে পায় সেইসময়ৰ অসমীয়া মধ্যবিত্ত সমাজৰ এচামৰ মাজত গা-কৰা ফোপোলা ৰুচি আৰু ভণ্ডামিৰ প্ৰতি লেখকৰ তীব্ৰ শ্লেষ। এই ক্ষেত্ৰত ঠাউকতে আঙুলিয়াব পাৰি ‘মলক গুইন গুইন’ গল্পলৈ। অৱশ্যে ‘নাঙলুচন্দ্ৰ দাস’, ‘ভোকেন্দ্ৰ বৰুৱা’, ‘আমাৰ কানীয়া সভাৰ এক অধিৱেশন’ ইত্যাদি আন বহুতো গল্পত এই শ্লেষ আছে।

            আনহাতে ‘বাপিৰাম’, ‘মিষ্টৰ ফিপ্সন’ আদি গল্পত উচ্চাৰিত হৈছে বিদেশী চাহাবৰ প্ৰতি নিন্দা। ড° হীৰেন গোহাঁইয়ে লেখিছে-“ গল্পটোৰ অন্যতম বৈশিষ্ট্য এয়ে যে উপনিবেশিক যুগত লম্পট প্ৰতাপী চাহাবৰ বিৰুদ্ধে ইমান স্পষ্ট ভাষাত কৰা প্ৰতিবাদৰ উদাহৰণ আমাৰ সাহিত্যত ইয়েই বোধহয় প্ৰথম।” (‘বাপিৰাম’-ৰ বিষয়ে )

            আজিৰ বহুবোৰ গল্পৰ তুলনাত এনেবোৰ গল্পৰ সংগঠন বৰ সৰল যেন লাগিব পাৰে, কিন্তু পাহৰি গ’লে নহ’ব যে বাপিৰাম বা মিঃ ফিপ্সন লেখা সময়ত দেশত স্বাধীনতাৰ কল্পনাই কৰা নাছিল, সংগ্ৰামলৈ বহুত বাকী। সাহিত্যৰথীৰ সাহস তাৰ পৰাই অনুমান কৰিব পাৰি।

            বেজবৰুৱাৰ গল্পত আমি বিভিন্ন নাৰী লগ পাওঁ। আকৌ কথা একেটাই, আজিৰ তুলাচনীৰে চাই আমি সেইবিলাকৰ মাজত অনেক ‘বিসংগতি’ বিচাৰি পাম। যেনে ‘ভদৰী’ লেখকৰ এক জনাজাত গল্প। ‘নাৰীবাদী’ অৱস্থান এটা নোলোৱাকৈয়ে আজিৰ সাধাৰণ প্ৰমূল্যৰ পৰা ভদৰীৰ ত্যাগক ‘সমৰ্থন’ কৰিবলৈ যুক্তি কম। কিন্তু সেইবুলি ভদৰীৰ যোগেদি পৰম্পৰাই গঢ় দিয়া নাৰী মন এটা গল্পকাৰে সফলতাৰে চিত্ৰায়ণ কৰাটো আওকাণ কৰিলেও ভুল হ’ব। ভুল হ’ব ভদৰীৰটোৱেই প্ৰতিজনী নাৰীৰ মন হোৱাটো লেখকে বিচৰা বুলি ভাবিলে। একেজন গল্পকাৰে ‘যেনে চোৰ তেনে টাঙোন’ গল্পও লেখিছে। ‘পাতমুগীৰ’ বিষয়ে ইতিমধ্যে উল্লেখ কৰা হৈছে। নায়িকাৰ নামটো ‘পাতমুগী’ৰ ঠাইত যদি আজিৰ লগত খাপ খোৱা এটা দিয়া হয় বা তেওঁলোকে খোজ কাঢ়ি নগৈ এ.চি. নোহোৱা গাড়ী এখনত গৈ থকাটো বুজোৱা হয় আৰু ঔটেঙাৰ ঠাইত ক’ল্ড ড্ৰিংকচ খোৱা দেখুৱাই দিয়া হয় (উদাহৰণস্বৰূপে), পাঠকে আজি লেখা গল্প বুলি ভাবিব। চমুকৈ এই বুলিয়েই ক’ব পাৰি যে নাৰী-মুক্তি বা নাৰী-সমতাৰ প্ৰসংগত বেজবৰুৱা সময়তকৈ যথেষ্ট আগবঢ়া আছিল, কিন্তু চৰিত্ৰাংকণ আৰু বৰ্ণনাত বাস্তৱক চেৰাই যোৱা নাছিল।

            বেজবৰুৱাৰ গল্পত ৰবীন্দ্ৰনাথৰ প্ৰভাৱৰ বিষয়েও মাজে সময়ে উল্লেখ কৰা হয়। ড° হীৰেণ গোহাঁইদেৱে এইবুলিও কৈছে, “বিশেষকৈ বেজবৰুৱাৰ ‘মুক্তি’ ৰবীন্দ্ৰনাথৰ ছুটি আৰু ভদৰী ৰবীন্দ্ৰনাথৰ আন এটা গল্পৰ অসমীয়া সংস্কৰণ বুলিলে মিছা কোৱা নহয়।” বেজবৰুৱাৰ ব্যক্তিত্বত কলিকতাৰ জীৱন স্পন্দনৰ উত্তাপৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰা হৈছে। বয়সৰ ফালৰ পৰাও সাহিত্যৰথী আৰু কবিগুৰু সমসাময়িক আছিল আৰু ঠাকুৰ পৰিয়ালৰ পৰাই বেজবৰুৱাই বিয়াও কৰাইছিল। গতিকে ৰবীন্দ্ৰনাথৰ মহাপ্ৰতিভাই আন বহুতৰ লগতে বেজবৰুৱাকো প্ৰভাৱিত কৰাটো স্বাভাৱিক। কিন্তু এইখিনিতে বেজবৰুৱাৰ লেখনিৰ দুটা প্ৰধান দিশৰ বিষয়ে এবাৰ চকু দিয়াটো প্ৰাসংগিক। এক হ’ল অসম আৰু অসমীয়াৰ প্ৰতি এক অতুলন অনুৰাগ, গৌৰৱবোধ, দায়িত্ব আৰু সচেতনতা। সেইবাবে শংকেদেৱৰ পৰা আৰম্ভ কৰি অসমৰ সম্পদ আৰু সৌন্দৰ্যক তেখেতে যেনেকৈ পৰম উছাহেৰে সুঘোষিত কৰিছিল, তেনেকৈ আধুনিক জীৱন বীক্ষা, নান্দনিক সৰসতা তথা আদৰ্শীয় কৰ্ম-সংস্কৃতিৰে উদ্ধুদ্ধ হ’বলৈ বহু বাকী থকা জাতিটোক ৰসৰাজৰ কলমে সীমাহীনভাবে তিৰস্কাৰ কৰিছিল। যেনে-

“কপালত আছে ডাঙৰ হ’বি

নাথাকিলে কি কৰিবি।

ধুমধুপালে নিৰৰ্থক

গাত মাথোন চেকা।

হেৰ’ অসমীয়া ডেকা।

যাৰ পঢ়িবৰ মন যায়,

মৰক পঢ়ি দুৰ্ভগীয়া,

তহঁতে মক্ মকা।

হেৰ’ অসমীয়া ডেকা।

            লক্ষ্মীনাথৰ লিখনিৰ আনটো দিশ হ’ল বঙ্গৰ লগত অসম আৰু অসমীয়াৰ ভৌগোলিক নৈকট্য, ভাষিক সাদৃশ্য ইত্যাদিৰ বিষয়ে তেখেতৰ সচেতনতা।এইটো একে আষাৰতে সামৰি থ’ব পৰা প্ৰসংগ নহয় যদিও ইমানকে ক’ব খুজিছোঁ যে এই দুয়োটা দিশ ইটো সিটোৰ বিপৰীত (Contradictory) বা এক অক্ষমতাৰ ঠাইত আনৰ সক্ৰিয়তা বিকল্প বুলি ভাবিলে শুদ্ধ নহ’ব। প্ৰতিবেশীৰ পৰা সুস্থ সমল আহৰণ কৰা আৰু একে সময়তে নিজৰ স্বকীয়তা গৰ্বেৰে বজাই ৰাখি আগবঢ়া। এনে এক পথেৰেই তেখেতে অসমীয়াৰ ভৱিষ্যতৰ সপোন দেখিছিল। কেৱল কৃপাবৰী ৰচনাখিনিতেই নহয়, বেজবৰুৱাৰ লেখনিৰ বুজন অংশতে এই দুই সুঁতিৰ সতৰ্ক সহাৱস্থান লক্ষ্য কৰা যায়।

            কিছুমান গল্পতো এই সহাৱস্থান পাওঁ। ‘পাতমুগী’ গল্পৰ আৰম্ভণিতে ‘বিদেশী বস্তু’ৱে ‘আমাৰ দেশ’ ভৰাই দিয়াত কুমাৰসকলৰ পৰম্পৰাগত ব্যৱসায় নচলা হোৱাটো গল্পটোৰ প্লটৰ বাবে অপৰিহাৰ্য নাছিল। বা সেইদৰে ‘লাওখোলা’ গল্পৰ প্ৰথমৰখিনিত থকা ‘বাগান বাড়ী’ৰ বৰ্ণনাও গল্পটোৰ বাবে অপৰিহাৰ্য নাছিল। এইবিলাকৰ আঁৰত ইতিমধ্যে উল্লেখ কৰা সচেতনতাই কাম কৰিছে।

            আজিৰ পৰিবৰ্হিত বাস্তৱতাত এই সত্যটো বহুতৰ বাবে স্পষ্ট নহ’ব। কিন্তু এইখিনিতে ক’ব খুজিছোঁ, বৰ্তমানৰ এক ‘উদ্যম’—- সেইটো হ’ল ‘নৰ্থ-ইষ্ট’। এই ‘নৰ্থ-ইষ্ট’ কৃষ্টিৰ উছাহৰ ফলত ‘অসম’ আৰু ‘অসমীয়া’ সত্ত্বা কিবা ‘আওপুৰণি’ হোৱা যেন হৈছে। সেয়ে ক’বলৈ মন যায়, নান্দনিক ৰসাস্বাদনৰ বাহিৰেও সাহিত্যৰথীৰ গল্পৰ এই সামাজিক প্ৰাসংগিকতাক এক নতুন দৃষ্টি দিয়াটো বাঞ্চনীয়।

            লেখকে ব্যৱসায়ৰ কামত দীঘলীয়া দিন উৰিষ্যাৰ সম্বলপুৰত কটাইছিল। সেই অঞ্চলটোৰ জীৱনৰ উপাদান লৈ তেখেতে কেইবাটাও গল্প লেখিছিল। ‘কন্যা’, ‘ৰতন মুণ্ডা’, ‘ভৈৰা’ আদি কেইটামান উদাহৰণ। বেজবৰুৱাৰ আন বহু গল্পত প্ৰথমতেই ষ্পষ্ট হোৱা সমাজ সচেতনতাৰ ঠাইত এইবিলাকত পাওঁ এক অপৰূপ মানৱীয় অনুকম্পা। এইখিনিতে ‘ৰতন মুণ্ডা’ গল্পৰ কেইটিমান বাক্য তুলিছোঁ, সেই অনুকম্পাৰ উদাহৰণ হিচাপে। লেখকৰ গদ্যৰ পৰিচিত হাস্যৰস আৰু বক্ৰোক্তিৰ বাহিৰেও সৰল গীতিময়তাৰ এক উদাহৰণ হিচাপে আৰু দেখাত সৰল গদ্যৰ মাজতে ফুটি জীৱন দৰ্শনৰ অনুপম চানেকি হিচাপে—- “কিন্তু ৰ’বাচোন চাওঁ; হাতে-খাৰুৱে লগ লগাদি লগ লাগি ডেও দি সৌ দুটি কোন নাচি ফুৰিছে? আমাৰ চিনাকী জুমুৰী আৰু ৰতন নেকি? হয়, থমকি থমকি দুয়ো দুয়োৰে মুখলৈ চাই ফুচ্ ফুচ্ কৰে কিবা ক’ব লাগিছে। কি কৈছে? কোনে জানে কি কৈছে, কপৌৱে কপৌৱনীৰ মুখলৈ চাই কি কয়, ভাটৌৱে ভাটৌৱনীৰ কাণত কি ফুচফুচাই কোনে জানে? ঘূৰণীয়া পৃথিৱীত আমিও নাচি-ঘূৰি গৈ থাকোঁ। অহা বাটতে উজুতি খাই ৰ’বৰ আমাৰ সকাম কি?”

            ব্যাখ্যা নিষ্প্ৰয়োজন। অসমীয়া সাহিত্যৰ ইতিহাসত বেজবৰুৱাৰ সেই ‘সম্বলপুৰীয়া’ গল্পকেইটা এক সমূহীয়া নষ্টালজিয়া হ’ল, যেনেকৈ নষ্টালজিয়া হ’ল কেইদশকমানৰ পাছত বিভিন্ন অসমীয়া সাহিত্যিকে লেখা শ্বিলং ভিত্তিক গল্প কিছুমান।

            বেজবৰুৱাৰ সময়তকৈ আগবঢ়া মনটোৱৰ বিষয়ে উদাহৰণ দি শেষ কৰিব নোৱাৰি। তেখেতৰ ‘জাতিৰামৰ জাত’ গল্পটোত জাত বিচাৰৰ প্ৰতি লেখকৰ নিন্দা তুলনাহীন স্পষ্টতাৰে প্ৰকাশিত হৈছে। একেসময়তে তেখেতৰ বিভিন্ন গল্পত এনে কিছুমান ইংগিত আৰু শব্দৰ ব্যৱহাৰ পাঠকে পায় যি লেখকৰ ভৱিষ্যদৰ্শী আধুনিক মনটোৰ লগত ৰজিতা খাই নপৰে। উদাহৰণ দিব খোজা নাই যদিও সেই ‘বিসংগতি’ৰ বিষয়ে চমুকৈ এই বুলিয়ে ক’ব পাৰি যে সচেতনভাবে অনুসৰণ কৰা আৰু প্ৰচাৰ কৰা আদৰ্শ আৰু বৰ্ণনাত ব্যৱহৃত শব্দ আৰু মন্তব্যৰ মাজত থকা পৰস্পৰ বিৰোধিতাৰ বিষয়ে লেখক হয়তো সতৰ্ক নাছিল। এইটোও সঁচা যে আজি একেবাৰে গ্ৰহণ কৰিব নোৱাৰা এনেধৰণৰ মন্তব্য কেৱল বেজবৰুৱাৰ লেখনিতেই নহয় ঊনৈশ শতিকাৰ আন কেইবাজনো লেখকৰ লেখাত আমি পাওঁ। ইয়াৰ আঁৰৰ এটা কাৰণ আমি আটায়ে জানো যে বহু শতিকা জুৰি চলি অহা কিছুমান ‘মূল্যবোধ’ কেইটামান দশকতে জাৰি জোকাৰি পেলোৱাটো কাৰ্যতঃ সম্ভৱ নাছিল। দ্বিতীয় এটা কাৰণ যোগ দিবলৈ মন যায়। ঊনৈশ শতিকাৰ Victorian Temper-এ সাত সমুদ্ৰ পাৰ হৈ অসম-বংগৰ নগৰীয়া সমাজকো চুইছিলহি নেকি?

            আজি বিশ্ব সাহিত্যৰ বহুবোৰ চৰিত্ৰৰ বিচয়ে নতুন ব্যাখ্যা চলিছে। একলব্য, শূৰ্পনখা, কেলিবান, অথেলো আদিৰ বিষয়ে মূল লেখকসকলে কৰা অংকণৰ ওপৰত নতুন বিশ্লেষণ আগবঢ়োৱা হৈছে। তেনেক্ষেত্ৰত বিক্ষিপ্ত উক্তি বা বৰ্ণনাৰ উদ্ধৃতিৰে কিবা এক ‘সত্য’ প্ৰমাণ কৰাতকৈ লেখকজনৰ সামগ্ৰিক ৰচনা আৰু কৰ্মৰ ভিত্তিতহে মূল্যায়ণ উচিত হ’ব। বেজবৰুৱাৰ ক্ষেত্ৰতো সেই সিদ্ধান্তই কাম্য।

            সামৰিব খুজিছোঁ এক অনুভবেৰে। উপন্যাস, চুটিগল্প আৰু নাটক— এই তিনিওটা সংৰূপৰ ভিতৰত অসমীয়া সাহিত্যত চুটিগল্পৰ ক্ষেত্ৰখনতেই ব্যাপ্তি আৰু বৈচিত্ৰ্য তুলনামূলকভাবে বেছি। তাৰ আঁৰত আছে এটা শতিকাৰো ওপৰকাল আগতে সাহিত্যৰথীয়ে দি থৈ যোৱা লক্ষীমপুৰৰ পৰা সম্বলপুৰলৈকে বিস্তৃত এই ক্ষেত্ৰখন। ভুৰুকী বৌৰ পৰা ললিতী কাকতিলৈকে, লম্বোদৰ ডেকাৰ পৰা জুৰমন ৰাইদঙীয়ালৈকে এই বিচিত্ৰ উখল-মাখলে আমাক চিৰদিন প্ৰেৰণা যোগাই যাব।

                                                            ————————–

                                                (লেখকৰ ই-মেইল: [email protected])

(বি.দ্ৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ১৫০তম জয়ন্তী উদযাপন উপলক্ষে “ভাষা সাহিত্য সন্মিলনী, অসম”-এ “মামণি ৰয়চম গোস্বামী মেম’ৰিয়েল ট্ৰাষ্ট, দিল্লী”ৰ সৌজন্যত দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহযোগত ২৭ আগষ্ট, ২০১৩ তাৰিখে আয়োজন কৰা বক্তৃতানুষ্ঠানৰ বক্তা সাহিত্যিক, সমালোচক, অনুবাদক শ্ৰীযুত অমৃতজ্যোতি মহন্ত ডাঙৰীয়াই “বেজবৰুৱাৰ চুটি-গল্প” শীৰ্ষক এক সাৰুৱা বক্তৃতা প্ৰদান কৰিছিল। সেই বক্তৃতাটোৰেই ছপা ৰূপ সাহিত্য ডট অৰ্গৰ পঢ়ুৱৈ সমাজলৈ আগবঢ়োৱা হ’ল।)

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ইক্ৰামুল হক
3 years ago

মোৰ মাতৃ মোক দৰ্শন লক্ষীনাথ বেজবৰুৱাৰ

Anonymous
1 year ago

সচাকৈয়ে বেজবৰুৱা ৰ সাহিত্য কৃতি মোৰ বহুত প্রিয়