ভাল খবৰ – সত্যজিত দত্ত

ঘটনা ১

ৰাতি এঘাৰটা বাজিছে৷ ৰাজীৱ শুবলৈ নিজৰ কোঠাত সোমাল৷ চকীৰ ওপৰত ৰখা তাৰ মোবাইলটো বাজি আছে৷ পংকজে ফোন কৰিছে, ইমান ৰাতি তাৰ আকৌ কি হল?

-হেলো পংকজ কি হল ইমান ৰাতি……

পংকজ তাৰ বন্ধু, ভাল খবৰ দিলে, সি লৰাৰ বাপেক হল৷ কিন্তুু খবৰটো শুনি মনত যিমান আনন্দ পালে তাতকৈ বেছি মনটো বিষাদ হল৷ আজি ৰাতি যে তাৰ টোপনি নাহে সেইটো নিশ্চিত৷ পংক‌জে তাতকৈ তিনি বছৰৰ পাছত বিয়া পাতিছে, আৰু সেইটো আছিলে মণিকাৰ লগত এটেণ্ড কৰা তাৰ অন্তিম সামাজিক অনুষ্ঠান৷ মণিকা তাৰ সহধৰ্মিনী৷ যোৱা দুবছৰ বিয়া, জন্মদিন, পূজা আদি কোনো সামাজিক অনুষ্ঠানলৈ ৰাজীৱ নাযায়৷ কিবা যে এটা অচিন ভয়, ভয় মানুহৰ প্ৰশ্নৰ, প্ৰশ্ন এটাই, কিবা ভাল খবৰ আছেনে? প্ৰশ্ন শুনি শুনি ৰাজীৱ আৰু মণিকা ভাগৰি গৈছে৷ এই ভাল খবৰটো দিব পাৰিলেযে তাৰ কিমান ভাল লাগিব এইটো সি হে জানে৷ ৰাজীৱে হাঁহি উত্তৰ দিয়ে, কিন্তুু মণিকাই একো উত্তৰ নিদিয়ে; উত্তৰ দিয়ে তাইৰ দুচকুৱে৷ ডাক্তৰে দৰব দিয়ে আৰু ধৈৰ্য ধৰিবলৈ কয়৷ মণিকা ৰূমলৈ আহিল, হাতত পানীৰ বটল৷
ৰাজীৱে ভাল খবৰটো মণিকাক নিদিয়ে, অন্তত তাইৰ টোপনি ভাল হওক৷

ঘটনা ২

ডাঙৰ হলঘৰটোত ৰাজীৱ তাৰ মাক দেউতাকৰ লগত বহি আছে, নাৰ্ছ এজনী আহি খবৰ দিলে ছোৱালী হৈছে, মিঠাই খুৱাব লাগে৷ অপাৰেচন ৰূমটোৰ দুৱাৰৰ ওপৰত জলি থকা ৰঙা লাইটটোলৈ চকু গল ৰাজীৱৰ৷
দেউতাই কলে – “সকলোকে ফোন কৰি ভাল খবৰটো দে৷”
হয় ভাল খবৰটো দিব লাগিব, ৰাজীৱ আজি বাপেক হল৷ পকেটৰ পৰা ফোনটো উলিয়াই নাম্বাৰ কেইটা বিচাৰি থাকোতে চকুলোৰে সি একো নেদেখা হল৷ কি হল তাৰ আজি? ইমান বছৰে তাৰ চকুপানী কেতিয়াও ওলোৱা নাই পিছে আজি কি হল?
ডাক্তৰে যে তাক কৈছিল “ৰাজীৱ তুমি নিজক সাহসী কৰা আৰু ধৈৰ্য ধৰা, নহ’লে মণিকাক কোনে বুজাব”৷
সমাজৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মনিকা যেতিয়া চকুপানী পেলাইছিল, ৰাজীৱে মনিকাক ধৈৰ্য আৰু নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল৷ অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত আজি ৰাজীৱ আৰু মণিকাৰ ভাল খবৰ আহিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক