ভালপোৱা, ভাললগা, প্রেম ইত্যাদি… (তুলিকা নিৰ্মলীয়া)

ভালপোৱা, ভাললগা, প্রেম ইত্যাদি…

তুলিকা নিৰ্মলীয়া

 

 

প্রেম! প্রেমৰ পৰিধি, প্রেমৰ সংজ্ঞা… একো নাজানো! ভাব হয় ভালপোৱা ভাললগাবোৰ যেন বতাহতেই ওপঙি থাকে, উশাহত যেন লৈ ফুৰোঁ ভালপোৱা, মিঠা সুৰ এটিৰ দৰেই যেন গুণগুণাই থাকিম ভালপোৱাক, সৰাপাতৰ খৰমৰণি তুলি যেন খোজ কাঢ়িম ওঁঠত সুহুৰি এটা লৈ ভালপোৱাৰ হাতত ধৰি, থপিয়াই আনিম যেন আকাশৰ জোন, সিঁচি দিম মুঠি মুঠি জোনাক, প্রিয়জনৰ স’তে সাগৰৰ পাৰত বহি কটাম জোনাকী ৰাতি, আকাশৰ তৰা গণিম, সকলো পাহৰি খিলখিলাই হাঁহিম নীলা সাগৰখনৰ সৈতে, জোনাকী পৰুৱা ধৰিম, ৰোমাণ্টিক আৱেশত ডুবি ডুবি বৰষুণত তিতিম আপোনপাহৰা হৈ আৰু অপ্রয়োজনীয় হৈ পৰিব ৰং বিৰঙী ছাটিবোৰ… পাহৰি যাম দুখ-ভাগৰ, হিংসা-অসূয়া… মাথোঁ থাকিব প্রেম, শান্তি…

উসঃ ভালপোৱা! সঁচাই তুমি সুন্দৰ ।  হাজাৰটা বিষাদৰঙী গল্প-কবিতা সৃষ্টি তোমাৰ বাবেই, কত জনৰ উজাগৰী ৰাতিৰ বাবে তোমাকেই দোষী সজোৱা হয়, বিৰহী প্রেমিকৰ‘ দুঃখভৰী দাস্তান’ৰ বাবে তুমিয়েই দায়ী হ’লেও সকলোবোৰ দেখোন তোমাৰেই নামত  ।  তোমাৰ অবিহনে সৃষ্টি শূন্য  ।  তোমাৰ বাবেই সোণাৰুবোৰ হালধীয়া হাঁহি হৈ ওলমে, কৃষ্ণচূড়াবোৰ তেজৰঙী সপোন হৈ আহে, ফাগুনৰ দুষ্ট পচোৱাই আঁচল খহায়, পলাশৰ জুইয়ে উমাল কৰে হিয়া, সৰি পৰা শেৱালিলৈ মায়া ওপজে, দূবৰিৰ পাতত নিয়ৰবোৰ মুকুতা হয়, নাহৰ ফুলে, পখীয়ে গীত গায়, আঘোণৰ পথাৰত সোণগুটি লাগে… ক’ত নাই তুমি? গছে বিৰিখে, শব্দত, ছন্দত, সুৰত… ঋতুৱে ঋতুৱে বৈ আহা তুমি, সকলোতে তোমাৰ উপস্থিতি ।

অলপ অলপ মনত পৰে সৰুতে আইতাকহে চাগৈ মই বেছি ভাল পাইছিলোঁ মা-দেউতাতকৈ ।  আইতাৰ লগতহে শুইছিলোঁ, আইতাই ভাত নোখোৱালৈকে নাখাইছিলোঁ  ।  যিদিনাই স্কুল যোৱা আৰম্ভ কৰিলোঁ সেইদিনাৰ পৰাই ঘৰৰপৰা আতৰ হ’লো  ।  তাৰপিছত ভালপালো টিংকলক  ।  টিংকল নপঢ়িলে যেন ডাঙৰ কাম এটা থাকি যায় কৰিবলৈ ।  লাহে লাহে মৌচাক, নতুন আৱিষ্কাৰ, সঁফুৰা, অকণিৰ অগ্রদূত এইবোৰ আহিল ।  হাইস্কুলত খোজ দিয়াৰ পিছতেই প্রেমত পৰিলো গান আৰু বিস্ময়ৰ, নতুনকৈ কৰি লোৱা ফুলনিখনৰ ।  মিহিকৈ গান এটা বাজি নাথাকিলে পঢ়িব নোৱাৰা হ’লো ।  ৰেডিঅ’ত দিয়া গানৰ প্রগেমবোৰৰ সময় মুখস্থ একদম ।  প্রতিমাহৰ বিস্ময়খন নপঢ়িলে যেন কিবা আধৰুৱা আধৰুৱা লগা হ’ল ।  তাৰ মাজতেই স্কুল সলনি আৰু চুচুকচামাক খোজত হাইস্কুলীয়া প্রেম আহি মোৰ ‘পঢ়াকো’ জীৱনত এই সোমাওঁ এই সোমাওঁ  ।  পানীখোৱা ছুটিত কোনোবা এটাই আহি দি যায়__ ঐ ল, এইখিনি অমুকাই দিছে ।  চানা মর্টনৰ টোপোলাই দুহাত ভৰি থাকে ।  মই হেবাঙে ভাবি থাকো কিয় দিছেনো বুলি! লগৰকেইজনীৰ স’তে ভগাই খাই থওঁ ।  লাহে লাহে অমুকাৰ লগত অমুকীক জোকাবলৈ আৰম্ভ লগৰমখাৰ ।  অমুকীৰ দুচকুত লাজ কি চাব আৰু! আনক দেখুৱাই লাজ, পেটে পেটে যে কিমান ভাল লাগে! লেডী বার্ডৰ কাষে কাষে হিৰ’ চাইকেলৰ প্রেম চলি থাকে! লাজৰ মাজতেই সোমাল নীলাখামৰ চিঠি ।  মাজে মাজে ভাল লগা কোনোবা কবিৰ দুশাৰী কবিতা ।  এখন কাগজ লুকুৱাবলৈকে যে কিমান যতন! উসঃ ঘৰত যদি কোনোবাই দেখে ।  ভাবিলেই ভয় লাগে ।  বিহু আহিলে গামোচা ৰুমাল এখন গোটাবলৈ কিমান যে চিন্তা কৰিব লাগে ।  গামোচাত ফুল তুলিব শিকিলোঁ বুলিয়েই ঘৰতটো আৰু কাৰোবাক খুজিব নোৱাৰি অমুকক দিবলৈ বুলি গামোচা এখন ।  তথাপিও কিবাকিবি যতন কৰি সময়ত গামোচা এখন কেনেকৈ যে যোগাৰ হৈ যায় ।  ৱাহ ৰে প্রেম! এদিন সময় আহিল স্কুলক বিদায় জনোৱাৰ ।  সময়ৰ সোঁতত কোন কেনি ছিটিকিল ঠিকনা নাইকিয়া হ’ল ।  দুচকীয়া প্রেমৰ অধ্যায়েও তাতেই ব্রেক মাৰি ৰৈ গ’ল!

কলেজ-ভার্চিটিৰ দিনবোৰ, বিশেষকৈ ভার্চিটিৰ দিনবোৰেই যেন কিবা ৰোমাণ্টিক ৰোমাণ্টিক সুবাস থকা ।  নাহৰৰ তলত বহি থকা প্রেমিক-প্রেমিকাবোৰলৈ মোৰ বৰ মৰম লাগিছিল যদিও নিজৰ সেইকণ সৌভাগ্য নহ’ল (বৰ দুখ); কোনোবাখন মুখ লাজত ৰঙা পৰা, কোনোবাখন অভিমানত ওন্দোলি থকা, কোনোবাখন চিন্তাত গধুৰ, কোনোবাখন খিলখিল হাঁহিত উজ্জল… ভাল লাগিছিল মোৰ, সপোন দেখা সেই চিনাকী অচিনাকী প্রতিগৰাকী প্রেমিকপ্রেমিকাক ।  মোৰ বান্ধৱীবোৰে কয় মই হেনো গুলপীয়া! মানে কিবা ৰোমাণ্টিক ৰোমাণ্টিক মেজাজৰ মানুহ ।  হাঃহাঃ ৰোমাণ্টিক হোৱাটোনো কি বেয়া কথাটো হ’ল নহয় জানো! মন গ’লে হোষ্টেলৰ বেলকনিত ওলায় বৰষুণত তিতিছিলোঁ, জোনটো গাভৰু হোৱাৰ দিনা গোটেই ৰাতি বেলকনিতে বহি থাকিছিলোঁ, লাইব্ৰেৰীত নিজৰ দৰকাৰী কিতাপবোৰ নাচায় অসমীয়া সাহিত্যৰ কিতাপ খুচৰি থাকিছিলোঁ আৰু লগৰবোৰে নাম দিছিল মোক ‘পাগলী’ ।

দেখুৱাই মৰম কৰিব নাজানোঁ যদিও সঘনাই প্রেমত পৰো মই! কেতিয়াবা জেঙেৰা মাৰি কথা ক’লেও লগৰকেইজনী নহ’লে অকলে ভাল বস্তু এটা খাবলৈ মন নাযায়, অসুখ-বিসুখ হ’লে তাহাঁতৰ আবদাৰৰ আতিশয্যত চকুপানী ওলায়, মা-দেউতাই আপত্তি কৰিলেও ঠাণ্ডা বুলি গৰম কাপোৰ এযোৰ দিব পাৰিলে ভাল লাগে, ভাইটি-ভন্টিহঁতে নুখুজাকৈয়ে তাহাঁতৰ দৰকাৰী বস্তু এপদ দিব পাৰিলে ভাল লাগে… এই ভাললগাবোৰৰ যেন শেষ নাই ।  কেতিয়াবা গোটেই পৃথিৱীখনকে ভাল পাবলৈ মন যায় ।  কিবা এটা মায়া ওপজে সকলোলৈকে ।  কেতিয়াবা বজাৰলৈ গ’লে মোৰ ভৰটো টানি লৈ যোৱা পোৱালি ৰিক্সা ল’ৰাটোলৈকো মৰম লাগি যায় ।  পাচলি বজাৰৰ মানুহজনীয়ে মোক দেখি মিচিকিয়াই হাঁহি দিলে মন যায় তাইৰ হাতৰ ৰঙা-বগা খাৰু কেইপাট খুজি এবাৰ পিন্ধি লৈ তাইৰ স’তে পাচলি বিক্ৰী কৰিবলৈ ।  ঠেলা এখনত ফুলৰ পুলি লৈ ঘৰে ঘৰে ফুল বিক্রী কৰি ফুৰা কঁকাল বেঁকা মানুহজনৰ লগত গৈ ঠেলা ঠেলিবলৈকো মন যায় কেতিয়াবা ।
আমি যদি সকলোকে এবাৰ মাথোঁ ভালপাই চাওঁ কোনো কাৰণ নোহোৱাকৈ, প্রতিদান নিবিচৰাকৈ; এবাৰৰ বাবে হ’লেও অনুভৱ কৰিব পাৰিম সুখ কি ।  কথাষাৰ ভাবিলেই ওঁঠত হাঁহি এটা বিৰিঙিব ।  এবাৰ মাথোঁ ভাবি চাওঁকচোন, অনুভৱ কৰকচোন সেই হাঁহি কিমান সুন্দৰ হ’ব! দেখিব লাহে লাহে আপুনি নিজক ভাল পাবলৈ লৈছে ।  নিজক ভাল পাব শিকিলেই ভাল পাব পাৰি আনক ।  ভালপোৱাই সুন্দৰ কৰে আমাৰ চৌপাশ ।  আমিবোৰক লৈয়েই আমাৰ পৃথিৱী ।  প্রেম স্বৰ্গীয়, পৃথিৱীয়েই আমাৰ স্বর্গ ।

মই বিচাৰো মই যেন সদায় ৰোমাণ্টিক মেজাজৰ পাগলীজনীয়েই হৈ থাকো ।  এটি জোনাক নিশা প্রিয়জনৰ সৈতে সাগৰৰ পাৰত বহি কটোৱাৰ হাবিয়াসটো চিৰদিন থাকক বুকুতে ।  মই যেন বাৰে বাৰে প্রেমত পৰো প্রেমৰ, শব্দৰ, সুৰৰ, বৰষুণৰ, জোনাকৰ, মানুহৰ আৰু তেওঁৰ…

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক