প্ৰসংগঃ ভাৰতীয় ভাবাদৰ্শ (জিতেন বেজবৰুৱা)

প্ৰসিদ্ধ মাৰ্ক্সবাদী পণ্ডিত পেৰি এণ্ডাৰ্ছনৰ The Indian Ideology নামৰ এখন আমোদজনক কিতাপ প্ৰকাশ পাইছে৷ Three Essays Collective নামৰ প্ৰকাশনটোৱে ২০১২ চনৰ অক্টোবৰত প্ৰকাশ কৰা কিতাপখন ভাৰতবৰ্ষ সম্পৰ্কে তিনিখন দীঘল ৰচনাৰ সংকলন৷ পিছে ভাৰতীয় ভাবাদৰ্শনো কি? ভাৰতৰ এচাম বুদ্ধিজীৱীয়ে প্ৰচাৰ আৰু ব্যাখ্যা কৰা ভাৰত সম্পৰ্কে কিছুমান অতিৰঞ্জিত আৰু অবাস্তৱ কিন্তু বহুলব্যাপ্ত তথা আধিপত্যশীল ধাৰণা, যিসমূহ ভাৰতীয় জাতি-ৰাষ্ট্ৰৰ অফিচিয়েল মতাদৰ্শৰ সম্প্ৰসাৰণ মাত্ৰ৷ ৰামচন্দ্ৰ গুহ (India after Gandhi, Makers of Modern India), সুনীল খিলনানি (The Idea of India), মেঘনাদ দেশাই (The Rediscovery of India), অমৰ্ত্য সেন (The Argumentative Indian), প্ৰতাপ ভানু মেহতা (The Burden of Democracy) আদি বুদ্ধিজীৱীক এণ্ডাৰ্ছনে উক্ত ধাৰণাসমূহৰ ঘাই আৰু জনপ্ৰিয় প্ৰচাৰক হিচাপে আলোচনা কৰিছে৷ কিন্তু এইসকল ভাৰতীয় ভাবাদৰ্শৰ সাম্প্ৰতিক সমৰ্থকহে; স্বাধীনতা আন্দোলনৰ সময়তে কংগ্ৰেছে জন্ম দিয়া আৰু নেহৰুৰ শাসনত প্ৰাতিষ্ঠানিকীকৃত ৰূপ লাভ কৰা এই ভাবাদৰ্শই পৰৱৰ্তী সময়ছোৱাতো অবিচ্ছিন্নভাৱে ভাৰতৰ বৌদ্ধিক জগতখনৰ ওপৰতো নিজৰ সুদীৰ্ঘ প্ৰচ্ছায়া বিস্তাৰিত কৰি ৰাখিছে৷ ভাৰতীয় জাতি আৰু ভাৰতীয় গণতন্ত্ৰৰ ‘অলৌকিক’ মাহাত্ম্য, দুৰতিক্ৰম্য প্ৰতিবন্ধক স্বত্ত্বেও ইয়াৰ অবিশ্বাস্য সফলতা, মানৱ ইতিহাসত ইয়াৰ একক আৰু গৌৰৱমণ্ডিত স্থান সম্পৰ্কে যিসমূহ ধ্যান-ধাৰণা অবিৰতভাৱে প্ৰচাৰিত হৈ আহিছে সিবোৰৰ সমূহীয়া ৰূপটোৱেই হ’ল ভাৰতীয় ভাবাদৰ্শ৷ ভাৰত সম্পৰ্কীয় এই কল্পমূৰ্তিক চমুকৈ নিম্নোক্ত চাৰিটা শব্দযুগলেৰে বৰ্ণাব পাৰি: প্ৰাচীনত্ব-ধাৰাবাহিকতা, বৈচিত্ৰ্য-ঐক্য, বিশালত্ব-গণতন্ত্ৰ আৰু বহু-সহিষ্ণুতা-ধৰ্মনিৰপেক্ষতা (antiquity-continuity, diversity-unity, massivity-democracy, multi-confessionality-secularity)৷ এই কল্পমূৰ্তিৰ বৌদ্ধিক ধাৰক-বাহক হ’ল মূলতঃ উদাৰনৈতিক ভাৱধাৰাৰ বৌদ্ধিক সমাজখন; কিন্তু তাতে ই সীমাবদ্ধ নহয়, “It extends much further, into wide reaches of the area self-defined as to the left of this mainstream.” (পৃ. ৩-৪) কিন্তু এই আত্মতুষ্টিপূৰ্ণ আৰু আত্মশ্লাঘাপূৰ্ণ কল্পমূৰ্তি কিমানখিনি বাস্তৱসন্মত আৰু কিমান দূৰলৈ ইতিহাসসন্মত? এই প্ৰশ্নৰ উত্তৰ দিয়াটোৱেই এণ্ডাৰ্ছনৰ উদ্দেশ্য৷

এণ্ডাৰ্ছনে কিতাপখনৰ তিনিখন ৰচনাত (‘Independence’, ‘Partition’ আৰু ‘Republic’) সময়ানুক্ৰমিকভাৱে ভাৰতীয় ভাবাদৰ্শৰ জন্মৰ ঐতিহাসিক প্ৰেক্ষাপট দাঙি ধৰিছে আৰু এই কল্পমূৰ্তিৰ ‘ফোঁপোলা স্বৰূপ’ ‘উন্মোচন’ কৰিবলৈ চেষ্টা কৰিছে৷ তেওঁৰ মতে, প্ৰাগৈতিহাসিক কালৰপৰা বিৰাজমান ভাৰতীয় জাতিৰ ধাৰণাটো এটা অতিকথা মাত্ৰ; ‘ভাৰতৰ ধাৰণা’টো (The Idea of India) সম্পূৰ্ণৰূপে ব্ৰিটিছৰহে অৱদান৷ ৰাজনৈতিক আৰু সামাজিকভাৱে বহুধাবিভক্ত আৰু অতিশয় বিশৃংখল ভাৰতবৰ্ষ নামৰ নৈৰাজ্যৰ ওপৰত এক উমৈহতীয়া আন্তঃগাঁথনিগত, আইনগত আৰু সাংস্কৃতিক সজ্জা আৰোপ কৰি ইয়াৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ব্ৰিটিছে এক প্ৰশাসনিক আৰু মতাদৰ্শগত ঐক্যৰ জন্ম দিলে যাৰপৰা ভাৰতৰ ধাৰণাটোৰ বিকাশ ঘটিল৷ (পৃ. ১৫) আনহাতে, সাম্ৰাজ্যবাদবিৰোধী সংগ্ৰামৰ নেতৃত্বদায়ী কংগ্ৰেছ দলটোৱে ভাৰতীয় জাতিক সামগ্ৰিকভাৱে প্ৰতিনিধিত্ব কৰা বুলি থকা কল্পকথাৰ বিপৰীতে তেওঁ দেখুৱাইছে যে এই দলটো আছিল মুষ্টিমেয় হিন্দু উচ্চবৰ্ণৰ প্ৰতিনিধি; গান্ধী-নেহৰুকে ধৰি দলটোৰ সকলো নেতাই আছিল কম-বেছি পৰিমাণে হিন্দু মনোবৃত্তিৰ সংকীৰ্ণ গণ্ডীত আৱদ্ধ৷ ভাৰত বিভাজন আৰু তৎজনিত ব্যাপক ট্ৰেজেডিও হ’ল নেতৃবৃন্দৰ এই হিন্দু মনোবৃত্তিৰে স্বাভাৱিক পৰিণাম৷ স্বাধীনতাৰ পাছত যিধৰণে কাশ্মীৰ আৰু অন্যান্য ভূখণ্ডসমূহক ভাৰতীয় ৰাষ্ট্ৰৰ সৈতে চামিল কৰা হ’ল, সেয়া কোনো ঐক্যবদ্ধ ভাৰতীয় জাতিৰ লক্ষণ নহয়; সেয়া হ’ল দমন-নিপীড়নৰ ওপৰত টিকি থকা এটা ফোঁপোলা ব্যৱস্থাৰ অন্যায়মূলক জোৰ-জবৰদস্তি মাত্ৰ৷ আৰু ধৰ্মনিৰপেক্ষতা? ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ জীৱন নিৰ্বাহৰ হাহাকাৰ অৱস্থাক ঢাকোন দিবলৈ কৰা ই এটা সাৰহীন প্ৰচাৰ মাত্ৰ৷ গতিকে তেওঁৰ মতে “the fusion of nation with religion in the struggle for independence” – ইয়েই হ’ল ভাৰতীয় জাতীয়তাবাদৰ জন্ম আৰু বিকাশত লগা আটাইতকৈ ডাঙৰ কেণা আৰু ইয়েই বিভিন্ন ৰূপ পৰিগ্ৰহ কৰি আজিপৰ্যন্ত ভাৰতক পীড়ি আহিছে৷ আনহাতে, ভাৰতত বাঁও শক্তিৰ দুৰ্বলতাৰ মূল কাৰণটোও ইয়াতেই লুকাই আছে৷ (পৃ. ৪) বাঁও শক্তিয়ে ভাৰতীয় সমাজত গজগজীয়া খোপনি ল’ব নোৱাৰাৰ এটা প্ৰধান পৰিণাম হ’ল “a passive accommodation to the myths of the Indian Ideology, and the crimes of the state committed in their name. The hegemony of edulcorated versions of the national past is perhaps the most striking aspect of an internalisation of the ruling ideas of the time.” গতিকে “If the Left is to gain a stronger place in the intellectual scene, a break with these, in an altogether more confident and critical spirit, is needed.” (পৃ. ৫) সেই প্ৰয়োজনটোকে পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে এণ্ডাৰ্ছন৷

বিদ্বানসকলৰ কথা নকওৱেই, ভাৰতৰ ইতিহাস চৰ্চা তথা বৌদ্ধিক জগতখনৰ সৈতে মোটামুটি চিনাকি থকা ব্যক্তিৰ বাবেও উপৰোক্ত উক্তিসমূহ একেবাৰে অচিনাকি নহয়৷ একে আষাৰে ক’বলৈ গ’লে, এণ্ডাৰ্ছনৰ কিতাপখনত অভিনৱ বা আচৰিত বুলিবলৈ একো নাই৷ কিন্তু প্ৰকাশৰ দিন ধৰি (কিতাপ আকাৰে প্ৰকাশ পোৱাৰ পূৰ্বে ৰচনাকেইখন The London Review of Books অত প্ৰকাশ পাইছিল; আচলতে তেতিয়াই অনন্যা বাজপেয়ী, কৰুণা মানতেনা আদি অনেকে তেওঁৰ সমালোচনা আগ বঢ়াইছিল) ইয়াক লৈ অনেক সমালোচনা আৰু বিতৰ্ক অব্যাহত আছে৷ বিজয় প্ৰসাদ, দিলীপ ছিমিঅ’ন, প্ৰীতম সিং, নমিত অৰোৰা, য়াহিয়া চৌধুৰী, নাগেশ ৰাও, অচিন ৱানাইক, অজয় গুদাৱৰ্দী, পংকজ মিশ্ৰ, ৰবি পালাট, কবিতা ফিলিপ, প্ৰভাত পাটনায়ক, আদিত্য মুখাৰ্জী আদি অনেক পণ্ডিতে কিতাপখনৰ সমালোচনা আগবঢ়াইছে, প্ৰফুল বিদৱায়ে লোৱা এণ্ডাৰ্ছনৰ এক মূল্যৱান ইমেইল সাক্ষাৎকাৰো Outlook আলোচনীত প্ৰকাশ পাইছে (১২ নৱেম্বৰ, ২০১২)৷ কিছুসংখ্যক সমালোচকে এণ্ডাৰ্ছনৰ ভালেমান ধাৰণা ভ্ৰান্ত বুলি দেখুৱাই দিও কিতাপখনৰ মূল প্ৰজেক্টটোক সমৰ্থন জনাইছে; আনকি শক্তিশালী, মৌলিক আৰু দুঃসাহসিক বৌদ্ধিক সাফল্য বুলিও অভিহিত কৰিছে (যেনে: প্ৰীতম সিং, Socialist Resistance, 16 June 2014), কিতাপখনৰ জেকেটৰ ভিতৰফালে অৰুন্ধতী ৰয়ৰো দ্বিধাহীন মুকলি প্ৰশংসা পঢ়িবলৈ পাওঁ৷ আনহাতে, বাকীসকলৰ সমালোচনাই এণ্ডাৰ্ছনৰ গুৰুতৰ সীমাবদ্ধতা আৰু আসোঁৱাহসমূহ আঙুলিয়াই দেখুৱাইছে (যেনে: Economic and Political Weeklyত প্ৰভাত পাটনায়ক আৰু আদিত্য মুখাৰ্জীৰ লেখা, ক্ৰমে ’Modern India sans the Impact of Capitalism’, 7 September 2013, ’Challenges to the Social Sciences in the 21st Century: Some Perspectives from the South’Ê; উল্লেখ্য যে মুখাৰ্জীৰ লেখাটো সমাজবিজ্ঞান চৰ্চা-সম্পৰ্কীয় আলোচনাহে, তাত প্ৰসংগক্ৰমেহে কিতাপখনৰ কথা আহি পৰিছে)৷ কিন্তু কিতাপখনৰ সবাতোকৈ বিস্তাৰিত আৰু প্ৰণালীবদ্ধ সমালোচনা আগ বঢ়াইছে নিবেদিতা মেনন, পাৰ্থ চেটাৰ্জী আৰু সুদীপ্ত কবিৰাজে The Indian Ideology: Three Responses to Perry Anderson (Sanjay Ruparelia edi., Permanent Black) শীৰ্ষক সংকলনত; তেওঁলোকৰ ৰচনাসমূহ হ’ল যথাক্ৰমে ’Perry Anderson and the British Ideology’, ’There is an Indian Ideology, But It’s not This’, ’The Curious Persistence of Colonial Ideology’.

কিন্তু ইমানবোৰ সমালোচনা-প্ৰতিক্ৰিয়াৰ আঁৰৰ ৰহস্য কি? ইয়াৰ মূল কাৰণটো হয়তো এণ্ডাৰ্ছনৰ দাম্ভিকতাপূৰ্ণ দাবীটো আৰু তাৰ সুৰটো৷ তেওঁ দাবী কৰিছে যে পোনপ্ৰথমবাৰৰ বাবে তেওঁ ভাৰতীয় ভাবাদৰ্শৰ ফোঁপোলা স্বৰূপ জলজল-পটপটকৈ উদঙাই দেখুৱাইছে, যিটো কৰিবৰ বাবে ভাৰতৰ বুদ্ধিজীৱীসকলৰ অতদিনে সামৰ্থ্য হোৱা নাই আৰু ভৱিষ্যতেও হোৱাৰ আশা নাই৷ প্ৰকৃতাৰ্থত ক’বলৈ গ’লে, তেনেই অনুষ্টুপীয়া তথ্যৰ আধাৰত কৰা বহুতো বৃহৎ বৃহৎ সাধাৰণীকৰণৰ সমষ্টিস্বৰূপ এণ্ডাৰ্ছনৰ কিতাপখন, যাৰ পাতে পাতে লুকাই আছে অহমিকাপূৰ্ণ আৰু পুতৌ-মিশ্ৰিত ঔপনিবেশিক মনোবৃত্তি৷ ভাৰতবৰ্ষৰ ইতিহাস আৰু সমাজ সম্পৰ্কে সততে পাব পৰা বিস্তৃত আৰু বৈচিত্ৰ্যপূৰ্ণ সমাজবৈজ্ঞানিক গৱেষণা-কৰ্মক উলাই কৰি এণ্ডাৰ্ছনে The Oxford Companion to Indian Politics-জাতীয় কেইখনমান গ্ৰন্থৰহে আশ্ৰয় লৈছে; বাকীখিনি আধাৰগ্ৰন্থ হৈছে মূলতঃ ভাৰতীয় জাতীয় আন্দোলনৰ নেতাসকলৰ নিজা ৰচনাৱলী তথা ব্ৰিটিছ প্ৰশাসক-পণ্ডিতসকলৰ ৰচনাৱলী৷ ইয়াৰ আঁৰত অৱশ্যে এনে এক ধাৰণা দাঙি ধৰাৰ উদ্দেশ্যও লুকাই আছে যে তেওঁ পোনে পোনে প্ৰকৃত ৰচনাৰাজিৰ ভিত্তিত তেওঁৰ সাংঘাতিক সিদ্ধান্তসমূহত উপনীত হৈছে! নিবেদিতা মেননে তেওঁৰ তথ্যৰ শোচনীয় অৱস্থা তথা ৰেফাৰেন্সৰ ক্ষেত্ৰত আশ্ৰয় লোৱাৰ চতুৰালিৰ ‘স্বৰূপ’ তন্ন তন্নকৈ উদঙাই দেখুৱাইছে৷ আচলতে এণ্ডাৰ্ছনে ভাৰতৰ সমাজবিজ্ঞানীসকলৰ ৰচনাৰাজিক গুৰুত্ব দিয়াৰ কথাই নাহে: তেওঁলোকৰ বিষয়ে উল্লেখ কৰোতে তেওঁ একাধিক ঠাইত ‘এজন নেটিভ ইতিহাসবিদ’ আদি শব্দৰাজি প্ৰয়োগ কৰিছে, বেঞ্জামিন জাকাৰিয়াক বুলিছে ডেকা স্কলাৰ, সুগতা বোসৰ বিষয়ে লিখিছে যে বংশগত আত্মীয়তা থকা সত্ত্বেও (খুব সম্ভৱ সুগতা বোস সুভাস বসুৰ আজোনাতিনী) তেওঁৰ বৌদ্ধিক ভাৰসাম্য আৰু গাম্ভীৰ্যত বিৰূপ প্ৰভাৱ পৰা নাই৷ স্বাভাৱিকতেই, ব্ৰিটিছ পণ্ডিতসকলৰ কাৰোৱে সম্পৰ্কত এণ্ডাৰ্ছনৰ এনে অপমানসূচক মনোভাব চকুত নপৰে৷

কিতাপখনৰপৰা ব্ৰিটিছ ঔপনিবেশিক মতাদৰ্শৰ নিভাঁজ প্ৰতিনিধি হিচাপে এণ্ডাৰ্ছনৰ পৰিচয় স্পষ্ট ৰূপত পাঠকৰ সন্মুখত ভাহি আহে৷ তেওঁৰ ধাৰণাত, ব্ৰিটেইনে কেনেবাকৈ ভুলবশতঃ উপনিবেশবিলাকৰ শাসনৰ দায়িত্বভাৰ লাভ কৰিছিল হয়, কিন্তু সি উপনিবেশসমূহৰ সৰ্বাত্মক কল্যাণৰ হকে কোনো চেষ্টাৰ ত্ৰুটি কৰা নাছিল৷ প্ৰাচ্যদেশীয় স্বৈৰতন্ত্ৰৰ বিপৰীতে সেই দেশত আইনৰ শাসনৰ প্ৰচলন কৰিছিল; সামন্তীয় শাসকসকলৰ বেহিচাপী অপচয়ৰ বিপৰীতে সি সম্পদৰ সুপৰিকল্পিত আৰু লাভজনক পৰিচালনাৰ ব্যৱস্থা কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত সেই মহান শ্বেতবৰ্ণ শাসকসকলেই কূটবুধীয়া নেটিভ এলিটসমূহৰ চক্ৰান্ত আৰু আক্ৰমণৰ মোকাবিলা কৰিবলগা হৈছিল৷ এটা কথা ঠিক যে ব্ৰিটিছে ভাৰতবাসীক খৰধৰকৈ আৰু নিৰ্মমভাৱে অসহায় অৱস্থাত দুৰ্দশাৰ মাজত এৰি থৈ গুচি গৈছিল৷ কিন্তু ভাৰতবাসীৰ কাম্য স্বাধীনতাৰ বাটটোওতো ব্ৰিটিছেই মুকলি কৰি দিছিল৷ এণ্ডাৰ্ছনৰ মতে, ভাৰতৰ স্বাধীনতাপ্ৰাপ্তিত সাম্ৰাজ্যবাদ-বিৰোধী আন্দোলনৰ মুঠেই ভূমিকা নাই৷ স্বাধীনতা আনি দিছিল আন দুটা কাৰকেহে: প্ৰথমটো হ’ল ব্ৰিটিছে ১৯০৯ চনত প্ৰৱৰ্তন কৰা নিৰ্বাচনী ব্যৱস্থাৰ সম্প্ৰসাৰণ, দ্বিতীয়টো জাপানী সেনাৰ আক্ৰমণ৷ নিৰ্বাচনী ব্যৱস্থাৰ সম্প্ৰসাৰণৰ ফলস্বৰূপে ১৯৩৭ চনৰ নিৰ্বাচনত দেশজুৰি কংগ্ৰেছে জয়লাভ কৰিছিল আৰু কংগ্ৰেছৰ সদস্য সংখ্যাও বহুগুণে বৃদ্ধি পাইছিল; অহিংসা নীতিৰ পানীয়ে কৰিব নোৱাৰা কামটো নিৰ্বাচনী সাফল্যৰ মদে সহজে সাধন কৰিছিল৷ (পৃ. ৪৬) ইয়াৰ পাছত স্বাধীনতা একপ্ৰকাৰ অৱধাৰিত হৈ পৰিছিল; অৱশ্যে ব্ৰিটিছে যিমান পাৰে সেইটো পিছুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল, আনকি নেহৰুৱেও ভাবিছিল যে হয়তো ১৯৭০ৰ দশকতহে স্বাধীনতা লাভ সম্ভৱ হ’বগৈ৷ কিন্তু ব্ৰিটিছ সাম্ৰাজ্যবাদৰ দুৱাৰত জাপানী সেনাৰ আক্ৰমণে ৰাতিটোৰ ভিতৰতে ছবিখন সলাই পেলাইছিল৷ গতিকে ক’বলৈ গ’লে, নিৰ্বাচনী ব্যৱস্থা প্ৰৱৰ্তন কৰি ব্ৰিটিছে দেখুওৱা মহানুভৱতা আৰু প্ৰতিদ্বন্দ্বী আন এক সাম্ৰাজ্যৰ প্ৰত্যাহ্বানেহে ভাৰতৰ স্বাধীনতা সম্ভৱ কৰি তুলিছিল৷ পাৰ্থ চেটাৰ্জীয়ে সঠিকভাৱেই মন্তব্য দিছে যে এণ্ডাৰ্ছনে The Indian Ideologyৰ সলনি The British Colonial Ideology বুলি এখন লিখা হ’লেহে অধিক উপযুক্ত হ’লহেঁতেন; নিজৰ বৌদ্ধিক জীৱনত লালন কৰা অপৰীক্ষিত কিছু ধাৰণাৰ মুখামুখি হ’বলৈ সুযোগ পালেহেঁতেন৷

এণ্ডাৰ্ছনে আধুনিক ভাৰতৰ ইতিহাস লিখিবলৈ গৈছে কামোত্তেজনাপূৰ্ণ গল্প-উপন্যাসৰ ধঙত, গছিপৰ ষ্টাইলত৷ তেওঁৰ মহান নেতা-কেন্দ্ৰিক ইতিহাসবীক্ষাত স্বাভাৱিকতেই জাতীয় আন্দোলনৰ ঘাই নেতা গান্ধী-নেহৰুৰ ব্যক্তিগত জীৱনে বিস্তৰ ঠাই দখল কৰিছে৷ উদাহৰণস্বৰূপে, প্ৰথমখন ৰচনাত ১৮৫৭ৰ আন্দোলন (এণ্ডাৰ্ছনৰ ভাষাত চিপাহী বিদ্ৰোহ) আৰু তাৰ পৰৱৰ্তী বিকাশসমূহ থূলমূলকৈ দাঙি ধৰি তাৰ পাছত সৰুকৈ কংগ্ৰেছৰ প্ৰথম পৰ্যায়টোৰ কথা উল্লেখ কৰিছে (কাৰ্জনৰ বংগ বিভাজনৰ বিৰুদ্ধে উথলি উঠা ‘হিন্দু ক্ৰোধ’ৰদ্বাৰা প্ৰণোদিত আন্দোলনটোহে আছিল প্ৰথম কিছু-জংগী জাতীয়তাবাদী প্ৰকাশ) – তাৰ পিছতে প্ৰৱেশ ঘটিছে গান্ধীৰ৷ গান্ধীৰ প্ৰৱেশৰ পিছত আৰু বেলেগলৈ চকু দিবলৈ প্ৰয়োজন নাই – গান্ধীৰ ধৰ্মীয় চিন্তা, যৌন জীৱন আদি এফালৰপৰা বখলিয়াই নি এণ্ডাৰ্ছনে গান্ধীৰ ‘ভণ্ডামি’ ‘উন্মোচন’ কৰিছে, আৰু বুজাই দিব বিচাৰিছে যে ভাৰতীয় জাতীয়তাবাদৰ ‘ফোঁপোলা স্বৰূপ’ উদঙাই দেখুৱাবলৈ সিমানেই যথেষ্ট৷ একেদৰে দ্বিতীয়খন ৰচনাতো ইতিহাসৰ গতি নিৰ্ণয়ত যৌন সম্পৰ্কই প্ৰভূত গুৰুত্ব লাভ কৰিছে; নেহৰু আৰু এডৱিনা মাউণ্টবেটেনৰ অবৈধ সম্পৰ্কই ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ প্ৰক্ৰিয়াত এক প্ৰধান ঘটনা হিচাপে স্থান লাভ কৰিছে৷

এণ্ডাৰ্ছনৰ কিতাপখনে ইউৰোপীয় ইতিহাসচিন্তাত প্ৰবাহিত হৈ থকা ইউৰোপকেন্দ্ৰিকতাকে স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে৷ হেগেল, জেমছ মিল, জে. এছ. মিল আদিয়ে প্ৰতিনিধিত্ব কৰা সেই দীঘলীয়া ইতিহাসচিন্তাৰ পৰম্পৰাৰপৰা উৎসাহিত এই কিতাপখনে আমাৰ সন্মুখত দাঙি ধৰা প্ৰশ্নটো নতুন নহয়, সি বহুত পুৰণি৷ ‘সভ্যতা’ৰ পদানুক্ৰমবদ্ধ বিন্যাসৰ ওপৰত প্ৰতিষ্ঠিত ‘সৰ্বজনীন ইতিহাস’ৰ ধাৰাটোৱে প্ৰথম ধাৰণাগত পূৰ্ণতা লাভ কৰে হেগেলৰ হাতত৷ ইউৰোপ আৰু ইউৰোপৰ বাহিৰৰ দেশসমূহক এই চিন্তাধাৰাত বেলেগ বেলেগ সামাজিক চালিকাশক্তিৰদ্বাৰা পৰিচালিত পৃথক পৃথক সভ্যতা হিচাপে বিচাৰ কৰাৰ সলনি এক সৰলৰৈখিক বিন্যাসত ৰাখিহে বিচাৰ কৰা হৈছিল: এইমতে ‘সভ্যতা’ৰ চূড়ান্ত শীৰ্ষত থকা ইউৰোপে স্থান পাইছিল পদানুক্ৰমৰ ওপৰভাগত আৰু বাকী সমাজসমূহে স্থান পাইছিল তলৰভাগত৷ দেখাত তুলনামূলক যেন লাগিলেও এই ইতিহাসচিন্তাক প্ৰকৃতাৰ্থত ‘বৈপৰীত্যমূলক’ বুলিহে অভিহিত কৰিব পাৰি [not comparative but contrastive history – Sudipta Kaviraj in Ruparelia, p. 108]৷ কিয়নো ইয়াত দুইধৰণৰ সমাজৰ বিচাৰ-নীতি সামঞ্জস্যহীন৷ ইয়াৰ জৰিয়তে ইউৰোপীয় ইতিহাসবিদসকলে এছীয় সমাজসমূহৰ বিমূৰ্ত আৰু সাৰমৰ্মসূচক বৈশিষ্ট্যৰ বিপৰীতে ৰাখি ইউৰোপীয় সমাজসমূহৰ পৰিৱবৰ্তনমুখৰ আৰু দ্বন্দ্বপূৰ্ণ ইতিহাসৰ বিস্তাৰিত আৰু কংক্ৰিট চৰ্চা আগ বঢ়াই নিছিল৷ ইউৰোপীয় সমাজসমূহ হ’ল উত্তপ্ত, ঐতিহাসিক সমাজ; ইয়াৰ বিপৰীতে ভাৰতীয় আৰু অন্যান্য সমাজসমূহ হ’ল শীতল, পৰিৱৰ্তনহীন৷ (পূৰ্বোক্ত গ্ৰন্থ, পৃ. ১০৯) গতিকে ইউৰোপীয় সমাজৰ ব্যাখ্যাৰ বাবে জটিল আৰু বহু-শৃংখলাগত পথ বাছি ল’বলগা হয় আৰু অহৰ্নিশ সামাজিক পৰিৱৰ্তনৰ প্ৰতি তীক্ষ্ণ দৃষ্টি দিবলগা হয়৷ কিন্তু ভাৰতীয় বা আন সমাজসমূহৰ ব্যাখ্যাৰ বাবে সিবোৰৰ মূল ‘স্পিৰিট’টো উদঘাটন কৰিলেই হ’ল, সিবোৰৰ সাৰমৰ্মটো অৰ্থাৎ মূল চালিকাশক্তিটো বিচাৰি উলিয়ালেই হ’ল – সকলো ৰহস্যৰ ওৰ পৰিব৷ সেয়ে অনুষ্টুপীয়া তথ্য আৰু বৃহৎ সাধাৰণীকৰণ, আন কথাত essentializationএৰেই এইসমূহ সমাজৰ ইতিহাস লিখিব পাৰি৷

এণ্ডাৰ্ছনৰ কিতাপখন ইয়াৰ এক উৎকৃষ্ট প্ৰমাণ৷ তেওঁৰ মতে, ভাৰতীয় সমাজৰ স্পিৰিটটো হ’ল ধৰ্ম, হিন্দু ধৰ্ম৷ ভাৰতীয় সমাজখন হ’ল অন্তৰ্নিহিতভাৱে হিন্দু, ভাৰতীয় জাতীয় আন্দোলনটো আৰু ইয়াৰ নেতৃবৃন্দও হ’ল অন্তৰ্নিহিতভাৱে হিন্দু৷ গতিকে কংগ্ৰেছৰ নেতৃত্বত প্ৰতিষ্ঠা হ’বলগা জাতি-ৰাষ্ট্ৰখনো মূলগতভাৱে হিন্দু; গতিকে জিন্নাৰ নেতৃত্বত মুছলমানসকলে পাকিস্তান গঠন কৰাটোও আছিল অৱশ্যম্ভাৱী, কিয়নো তাৰ বাদে অন্য উপায় নাই৷ একে কাৰণতে ভাৰতত ধৰ্মনিৰপেক্ষতাই খোপনি পুতিব নোৱাৰে৷ এণ্ডাৰ্ছনৰদ্বাৰা ব্যৱহৃত আন দুটা বিশ্লেষণাত্মক কেটেগৰি হ’ল সাম্প্ৰদায়িকতা আৰু বৰ্ণবাদ৷ স্বাভাৱিক কাৰণতে তেওঁ সাম্প্ৰদায়িকতাক ক’তো communalism বুলি কোৱা নাই, কৈছে ইউৰোপীয় উদাহৰণ অনুসৰি confessional politics বুলি৷ তেওঁৰ মতে, ভাৰতত অতীতৰপৰা হিন্দু আৰু মুছলমানৰ মাজত অমীমাংসনীয় বৈৰিতাৰ সম্পৰ্ক বিৰাজ কৰি আহিছে৷ আনহাতে, ভাৰতীয় গণতন্ত্ৰৰ মূল ৰহস্যৰ কাঠিটো হ’ল বৰ্ণবাদ৷ বৰ্ণবাদে ভাৰতীয় গণতন্ত্ৰক পৰিচালিতও কৰি আছে আৰু একে সময়তে গণতন্ত্ৰৰ প্ৰাণশক্তিও শুহি নাশ কৰিছে৷ কিন্তু বৰ্ণবাদ বিষয়টোৰ গভীৰত প্ৰৱেশ কৰিবলৈ এণ্ডাৰ্ছন নাৰাজ৷ প্ৰকৃততে বিশ্লেষণাত্মক কেটেগৰি এটাই তেতিয়ালৈকেহে আমাক সঠিক ব্যাখ্যা দিব পাৰিব যেতিয়ালৈকে সি অহৰহ পৰীক্ষিত আৰু নতুন-অস্বস্তিকৰ প্ৰশ্নৰে দ্বন্দ্বমুখৰ হৈ থাকিব; সম্পূৰ্ণ আৰু মৃত, আন অৰ্থত ৰেডিমেড, কেটেগৰি এটাই বিশ্লেষণক প্ৰতিহত কৰি পূৰ্বধাৰণাক সুদৃঢ় কৰি তোলে৷ নক’লেও হ’ব যে এণ্ডাৰ্ছনৰ আলোচনাত ধৰ্ম, সাম্প্ৰদায়িকতা, বৰ্ণবাদ আদি প্ৰতিটো বিশ্লেষণাত্মক কেটেগৰিয়েই মৃত – যাৰ ভিত্তিত তেওঁৰ ঔপনিবেশিক-অ’ৰিয়েণ্টেলিষ্ট পূৰ্বধাৰণাহে অধিক সুদৃঢ় হৈছে, নতুন বিশ্লেষণৰ বাট মুকলি হোৱাৰ কোনো সম্ভাৱনা নাই৷

এতিয়া প্ৰশ্নটো হ’ল, ইয়াত এণ্ডাৰ্ছনৰ মাৰ্ক্সবাদটো ক’ত গ’ল? বাঁও ৰাজনীতিৰ প্ৰভাৱহীনতাৰ কথা কৈছে যদিও কিতাপখনত বিশ্লেষণৰ কেটেগৰি হিচাপে শ্ৰেণী অনুপস্থিত – ধৰ্মই সকলো ঢাকি থৈ দিছে৷ প্ৰভাত পাটনায়কে তেওঁৰ সমালোচনাত দেখুৱাইছে যে হিন্দু ধৰ্মক ব্যাখ্যাত্মক কাৰকলৈ উত্তোলিত কৰা এক ধাৰণাগত কাঠামোত নিজক আৱদ্ধ ৰাখি এণ্ডাৰ্ছনে পুঁজিবাদক আওকাণ কৰিছে; পুঁজিবাদী ব্যৱস্থাৰ অন্তৰ্নিহিত যুক্তি আৰু তাৰ সৈতে ভাৰতৰ ওতঃপ্ৰোত সম্পৰ্ক অনুধাৱন কৰি নোৱৰাৰ বাবেই তেওঁ ভাৰতীয় সমাজখনৰ বিবৰ্তনত কোনো গতিশীলতা দেখিবলৈ পোৱা নাই৷ কিন্তু সমস্যাটোৰ শিপা অধিক গভীৰলৈকে প্ৰোথিত৷ আদিত্য মুখাৰ্জীয়ে পূৰ্বোল্লিখিত ৰচনাত সমাজবিজ্ঞানসমূহৰ চৰ্চাত ইউৰোপকেন্দ্ৰিকতাৰ প্ৰসংগত লিখিছে যে ঔপনিবেশিক-ইউৰোপকেন্দ্ৰিক দৃষ্টিৰপৰা মুক্তিৰ গেৰাণ্টি মাৰ্ক্সবাদেও দিব নোৱাৰে৷ পিছে সেয়া আন এক পৃথক বিষয়; সেই বিষয়ত বহল আলোচনালৈ নগৈ চমুকৈ ক’ব পাৰি যে এণ্ডাৰ্ছনৰ কিতাপখনত মাৰ্ক্সবাদৰ কিছু উপাদানৰ সৈতে অ’ৰিয়েণ্টেলিজিমৰ কিছু উপাদানৰ মিশ্ৰণ ঘটিছে – প্ৰকৃততে দ্বিতীয়টোৱে প্ৰথমটোক আত্মসাৎ কৰি পেলাইছে৷

এণ্ডাৰ্ছনৰ মতে ভাৰতৰ ভৱিষ্যৎ কেনেকুৱা? অন্ধকাৰ৷ বৰ্ণবাদৰ ব্যৱস্থাই দৰিদ্ৰ জনসাধাৰণক বহুধাবিভক্ত কৰি ৰাখিছে; শ্ৰমিকসকল বিক্ষিপ্ত আৰু অসংগঠিত; আৰু বৌদ্ধিক সমাজখন ভাৰতীয় জাতি আৰু গণতন্ত্ৰৰ মাহাত্ম্য উদযাপনত আত্মহাৰা৷ গতিকে ভাৰতৰ বৰ্তমান দুৰৱস্থাৰপৰা মুক্তিৰ কোনো বাট তেওঁ দেখা পোৱা নাই৷ আন ভাষাত ক’বলৈ গ’লে, ভৱিষ্যৎ ভাৰতৰ কোনো ইতিহাস নাথাকিব, থাকিব কেৱল সংসদীয় গণতন্ত্ৰৰ খোলাৰ ভিতৰতে চৰকাৰৰ সালসলনি৷ অচিন ৱানাইকৰ দৰে (এণ্ডাৰ্ছনৰ মতে ভাৰতীয় ভাবাদৰ্শৰ নিচাগ্ৰস্ততাৰপৰা মুক্ত হয়তো একমাত্ৰ মাৰ্ক্সবাদী পণ্ডিত) মোহমুক্ত দুই-এক বুদ্ধিজীৱীহে একমাত্ৰ আশাৰ ৰেঙণি৷ সেইকেইজনৰ লগ লাগি এণ্ডাৰ্ছনে নিজে ভাৰতৰ বুদ্ধিজীৱীবৃন্দৰ মূৰৰপৰা ভাৰতীয় ভাবাদৰ্শৰ নিচা আঁতৰাই পঠোৱাৰ ব্যৱস্থা কৰিলেহে হয়তো আমি নতুন পথৰ সন্ধান পাম৷ সেইটোৱেই একেবাৰে পুৰণি অথচ খাঁটি প্ৰশ্ন: আলোকপ্ৰাপ্ত ইউৰোপীয় পণ্ডিতে আমাৰ মূঢ় সমাজখনক আমাৰ নিজৰ বিষয়েই জ্ঞান দিব খুজিছে, আমি প্ৰস্তাৱটো গ্ৰহণ কৰিমনে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments