ভাৰতীয় সঙ্গীতৰ এক উজ্জ্বল জ্যোতিষ্ক পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে -( নিবেদিতা হাজৰিকা)

ভাৰতীয় সঙ্গীতৰ এক উজ্জ্বল জ্যোতিষ্ক পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে
-নিবেদিতা হাজৰিকা
ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ইতিহাস অতি গৌৰৱময় আৰু আমাৰ বাবে প্ৰেৰণাদায়ক। ভাৰতীয় সঙ্গীতে বৈদিক যুগৰে পৰা বিভিন্ন ক্ৰমবিৱৰ্ত্তনৰ মাজেৰে আহি আজিৰ অৱস্থাত উপনীত হৈছেহি। মুছলমান সকলৰ শাসন কালত ভাৰতীয় সঙ্গীতে বহু বেছি প্ৰসাৰ লাভ কৰে। এই কালচোৱাত বহু নতুন নতুন ৰাগৰ সৃষ্টি হোৱাৰ লগতে সঙ্গীতৰ ক্ৰিয়াত্মক দিশটোৱে উন্নতিৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয়। কিন্তু মুছলমান সকলৰ শাসন আৰু আধিপত্য কমি অহাৰ লগে লগে ভাৰতলৈ ইংৰাজ সকলৰ আগমন হয় আৰু ভাৰতীয় সঙ্গীতৰ চৰ্চা কমি আহিবলৈ ধৰে। ইংৰাজ সকলৰ ভাৰতীয় সঙ্গীতৰ প্ৰতি থকা উদাসীনতাৰ বাবেই ভাৰতীয় সঙ্গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত কিছু বাধা আহি পৰে। কিন্তু সুখৰ বিষয় এয়ে যে সেই কালছোৱাতো এনে কিছু গুণী লোক ওলাল যি সকলৰ প্ৰচেষ্টাত ভাৰতীয় সঙ্গীতৰ চৰ্চা আৰু সাধনা অটুট থাকিল। ইংৰাজ সকলৰ মাজৰো কেইবাজনো গুণী লোকে ভাৰতীয় সঙ্গীতৰ মূল্য উপলব্ধি কৰি সঙ্গীত চৰ্চাক উদগনি দিয়াৰ লগতে নিজেও চৰ্চা আৰু অধ্যয়ন কৰিবলৈ ধৰে।
ইংৰাজৰ শাসন কালত পাশ্চাত্য সঙ্গীতে গ্ৰাস কৰিবলৈ ওলোৱা ভাৰতীয় সঙ্গীতৰ ধ্বজা পুনৰ সমাজত গৌৰৱেৰে প্ৰতিষ্ঠা কৰিবলৈ কিছু গুণী জ্ঞানী লোক উঠি পৰি লাগিল। যি কেইগৰাকী মহান সঙ্গীতজ্ঞই নিজৰ অক্লান্ত পৰিশ্ৰম, একনিষ্ঠ সাধনা আৰু অগাধ পাণ্ডিত্যৰে ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ক্ষেত্ৰত এটি নতুন পথৰ সন্ধান দি গ’ল সেই সকলৰ ভিতৰত পণ্ডিত বিষ্ণুনাৰায়ন ভাটখাণ্ডে অন্যতম। 
মুম্বাইৰ বালকেশ্বৰ নামৰ এখন গাঁৱত ১৮৬০ খৃষ্টাব্দৰ ১০ আগষ্টত ভাটখাণ্ডেজীৰ জন্ম হয়। তেওঁৰ মাক-দেউতাকৰ সঙ্গীতৰ প্ৰতি ৰাপ আছিল, সেয়েহে তেওঁ সৰুৰে পৰাই এটি সঙ্গীতময় পৰিবেশ লাভ কৰিছিল। সৰুতে তেওঁ মাকৰ পৰা ভজন শিকিছিল। কলেজত পঢ়া কালত তেওঁ নিয়মিতভাৱে সঙ্গীত শিকিবলৈ আৰম্ভ কৰে আৰু সঙ্গীত বিষয়ৰ বিভিন্ন গ্ৰন্থাদি অধ্যয়ন কৰাত মনোনিবেশ কৰে। যথাসময়ত তেওঁ সুখ্যাতিৰে বি এ এল এল বি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু মুম্বাইত ওকালতি আৰম্ভ কৰে।
১৮৮৭ খৃষ্টাব্দত মুম্বাইৰ কেইগৰাকীমান চহকী পাৰ্চী সম্প্ৰদায়ৰ লোকে “গায়ন উত্তেজক মণ্ডলী” নামৰ এটি সঙ্গীত সন্থা আৰম্ভ কৰে। ভাটখাণ্ডেজীও সেই অনুষ্ঠানৰ সদস্য হয় আৰু এইদৰেই সেই সময়ৰ বিখ্যাত সঙ্গীতজ্ঞ সকলৰ কাষ চপাৰ সুযোগ লাভ কৰে। সেই সকলৰ সান্নিধ্যই তেওঁক প্ৰচলিত হিন্দুস্থানী সঙ্গীত সম্পৰ্কে বিশদভাৱে জ্ঞান আহৰণ কৰাত সহায় কৰে।
ইতিমধ্যে সঙ্গীত সম্পৰ্কীয় প্ৰাচীন আৰু মধ্যযুগীয় বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰি তেওঁ দেখিলে যে গ্ৰন্থত উল্লেখিত তথ্যৰ লগত গায়ক বা বাদক সকলে পৰিবেশন কৰা সঙ্গীতৰ বহুখিনি অমিল আছে। সেই সময়ৰ পেছাদাৰী গায়ক সকলৰ অধিক সংখ্যকেই মুছলমান হোৱা বাবে সংস্কৃত ভাষাত লিখা প্ৰাচীন সঙ্গীত গ্ৰন্থ সমূহৰ লগত তেওঁলোকৰ পৰিচয় নোহোৱাটো স্বাভাৱিক। স্বৰলিপিৰ বিধিবদ্ধ কোনো নিয়ম নথকাত গীত বিলাক মুখে মুখেই শিকোৱা হৈছিল। তাৰ ফলত কেতিয়াবা বহুতো ৰাগৰো পৰিৱৰ্ত্তন ঘটিছিল। কিন্তু প্ৰাচীন গ্ৰন্থৰ বৰ্ণনাৰ লগত মিল নাথাকিলেও পেছাদাৰী গায়ক সকলৰ মাজত প্ৰচলিত ঘৰাণা বা বংশ-পৰম্পৰাগত ভাৱে চলি অহা এই ৰাগ আৰু গীত বিলাকেই আছিল বৰ্তমানৰ ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ মূল ভেটি। সেইবাবে ইয়াৰ ওপৰতে ভাটখাণ্ডেজীয়ে প্ৰচলিত ৰাগ সঙ্গীতৰ এখনি সু-সংবদ্ধ ব্যাকৰণ ৰচনা কৰিবলৈ স্থিৰ কৰিলে। তেওঁ প্ৰচলিত ৰাগ সমূহক শ্ৰেণীবদ্ধ কৰি প্ৰত্যেক ৰাগৰে বৈশিষ্ট্য সমূহ স্পষ্টভাৱে দাঙি ধৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিলে। প্ৰচলিত হিন্দুস্থানী সঙ্গীতৰ তাত্ত্বিক (THEORETICAL) দিশটোৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচনা কৰিবলৈ আৰম্ভ কৰিলে।
তেওঁৰ সঙ্গীতৰ ক্ৰিয়াত্মক (PRACTICAL) আৰু তাত্ত্বিক (THEORETICAL) এই দুয়োটা দিশতে গুৰুত্ব প্ৰদান কৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰে। উভয় বিষয়ৰ ওপৰত ৰচিত কেইখনমান মহত্বপূৰ্ণ গ্ৰন্থ হৈছে – প্ৰচলিত ধ্ৰুপদ,খেয়াল আদি গীত সমূহৰ স্বৰলিপি প্ৰস্তত কৰি প্ৰকাশ কৰা “ক্ৰমিক পুস্তক মালিকা” (৬ ভাগত), “অভিনৱ ৰাগ মঞ্জৰী”, “ লক্ষ্মণ গীত”, “ভাটখাণ্ডে শাস্ত্ৰ” (৪ ভাগত) ইত্যাদি। ভাটখাণ্ডেজীয়ে বিলাৱল ঠাটক শুদ্ধ ঠাটৰ মান্যতা দি দহোটা ঠাটৰ ভিত্তিত হিন্দুস্থানী সঙ্গীতৰ ৰাগ সমূহৰ বৰ্গীকৰণ কৰে। তেওঁ সৃষ্টি কৰি থৈ যোৱা ঠাট আৰু স্বৰলিপি পদ্ধতি বৰ্ত্তমান আমাৰ দেশৰ সৰহ সংখ্যক সঙ্গীত-শিক্ষানুষ্ঠানতে প্ৰৱৰ্ত্তন হৈ আছে। ১৯১৬ চনত ভাটখাণ্ডেজীয়ে বৰোদাত এখন সৰ্বভাৰতীয় সঙ্গীত সন্মিলনৰ আয়োজন কৰে। সেই সন্মিলনত একত্ৰিত হোৱা ভাৰতৰ প্ৰসিদ্ধ সঙ্গীতবিদ আৰু শিল্পী সকলৰ লগত আলোচনা কৰি ভাৰতীয় সঙ্গীতৰ ক্ৰিয়াত্মক (PRACTICAL) আৰু তাত্ত্বিক (THEORETICAL) দিশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সেই সন্মিলনত পাঠ কৰা ভাটখাণ্ডেজীৰ “A short historical survey of the music of northern India” নামৰ ৰচনাই ভাৰতীয় সঙ্গীতৰ ক্ষেত্ৰত এটা নতুন দিশৰ সূচনা কৰে।
পণ্ডিত ভাটখাণ্ডেজীৰ অক্লান্ত পৰিশ্ৰমৰ ফল স্বৰূপে ১৯২৬ চনত লক্ষ্ণৌত ‘মেৰিচ কলেজ অব্ হিন্দুস্থানী মিউজিক’ নামৰ সঙ্গীত শিক্ষাৰ অনুষ্ঠান স্থাপিত হয়। প্ৰায় একে সময়তে তেওঁৰ যত্নত গোৱালিয়ৰ চহৰত স্থাপিত হয় ‘মাধৱ সঙ্গীত বিদ্যালয়’ নামৰ অন্য এক সঙ্গীত শিক্ষাৰ অনুষ্ঠান। লক্ষ্ণৌৰ মেৰিচ কলেজ অব্ হিন্দুস্থানী মিউজিকেই বৰ্তমান “ভাটখাণ্ডে সঙ্গীত বিদ্যাপীঠ” নামেৰে জনাজাত। যাৰ অধীনত এতিয়া ভাৰতবৰ্ষৰ নগৰে-চহৰে অসংখ্য সঙ্গীত শিক্ষাৰ অনুষ্ঠান সুখ্যাতিৰে পৰিচালিত হৈ আহিছে। এইজনা মহান সঙ্গীতজ্ঞই অক্লান্ত পৰিশ্ৰমেৰে সঙ্গীতৰ কঠোৰ নিয়মকো সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ সহজ-সৰল কৰি তুলিলে। সঙ্গীতৰ বহু নতুন নিয়ম আৱিষ্কাৰ কৰি ভাৰতীয় সঙ্গীতক বৈজ্ঞানিক পদ্ধতিৰে প্ৰতিষ্ঠা কৰা এই গৰাকী মহান সঙ্গীতবীদে বিভিন্ন দিশত সঙ্গীতৰ উন্নতি সাধন কৰি ১৯৩৬ চনত ইহলীলা সম্বৰণ কৰে। প্ৰাচীন আৰু সমসাময়িক ভাৰতীয় সঙ্গীত সম্পৰ্কে গভীৰ অধ্যয়ন কৰি সঙ্গীতক এটি বিধিৱদ্ধ ৰূপ দিয়াৰ ক্ষেত্ৰত পণ্ডিত বিষ্ণুনাৰায়ণ ভাটখাণ্ডেজীৰ অৱদান যাউতিযুগীয়া হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!