ভগ্ন হৃদয়ৰ প্ৰতিচ্ছবি (ভবিতা দাস)

আঁতৰি থকাৰ অলেখ প্ৰচেষ্টাক বিফল কৰি সেই একেবোৰ স্মৃতিয়ে বাৰে বাৰে কোবাই গৈছে মুনমীক। এটা অশান্ত মনে কোঙা কৰি পেলাইছে তাইক৷ মনটো অলপ শান্ত হওঁক বুলিয়ে শুক্ৰেশ্বৰ ঘাটৰ এই নিৰ্জন ঠাই টুকুৰালৈ আহিছে তাই৷ জন অৰণ্যৰ পৰা কিছু আতৰত…হয়তো অলপ আনন্দৰ সন্ধানত।
ইমান সুন্দৰ ভাৱে গতি কৰা জীৱনটো যে কেনেকৈ হঠাতে স্থবিৰ হৈ গ’ল তাই ভাৱিয়ে নাপালে। ৰাজীৱ তাইৰ প্ৰিয় বন্ধুজন। যাৰ সৈতে পাৰ কৰিছিল তাই এটা এটা সুন্দৰ দিন। নিজৰ প্ৰতিটো সুখ দুখ মান অভিমান ভাগ কৰিছিল, যাৰ সংগৰ বাবে নিজকে বহুত সুখী যেন অনুভৱ কৰিছিল। হঠাতে অহা বলিয়া ধুমুহা জাকে উৰুৱাই নিলে তাইৰ সুখ,হাঁহি,আনকি ৰাজীৱকো। প্ৰতি শনিবাৰে কৰা ব্ৰতেও একো ফল নিদিলে। ছাৰখাৰ হৈ গ’ল সকলো।
আচলতে ঘটিছিল নো কি এটা সামান্য ভুল বুজা বুজিৰ বাহিৰে…!সেই সামান্য ভুল বুজাবুজিতে হেৰাই গৈছিল মুনমীৰ জীৱনৰ ছন্দ। মুনমী আৰু ৰাজীৱৰ মাজত আছিল অগাধ বন্ধুত্ব ৷
দুয়ো দুয়োকে ভাল বন্ধু হিচাপেই জানে। বন্ধুমহলৰ সকলোৱে জানে সেই কথা। কিন্তু দিপশিখা…
তাই কথাটো বেলেগ দৃষ্টিৰে চালে। সেইদিনা দিপশিখাই কোৱা কথাষাৰেই টো খেলিমেলি কৰিলে সকলো। বিশেষ কাম এটাৰ বাবে মুনমী দিপশিখাৰ ঘৰলৈ যাবলৈ ওলাইছিল। কথাটো গম পায় ৰাজীৱেও যোৱাৰ ইচ্ছা কৰিলে। প্ৰথমে মুনমীয়ে মানা কৰিছিল যদিও তাৰ একান্ত ইচ্ছাক আওকাণ কৰিব নোৱাৰিলে তাই। দুয়ো জন গ’ল। দুয়োকে তেনেকৈ যোৱা দেখি দিপশিখাই ক’লে ডেটিং নেকি? হতভম্ব হৈ গৈছিল দুয়োজন। ৰাজীৱে লাহেকৈ কৈছিল মোক ডেটিঙৰ কাৰণে তোমাৰ ঘৰৰ আশ্ৰয় নালাগে দিপশিখা। নাৰী হৈ নাৰীক সন্মান কৰিবলৈ শিকা, মোক সমাজে নাঙঠ বুলি হাঁহক তাত মোৰ একো আপত্তি নাই কিন্তু এগৰাকী নাৰী হৈ নাৰীক অপমান নকৰিবা…তোমাৰ দৰে শিক্ষিতা নাৰী এগৰাকীৰ মুখত এনেবোৰ কথাই শোভা নাপায়।
কথাষাৰ কৈয়ে দুয়ো ওলাই আহিছিল।
গোটেই ঘটনাটো দিপশিখাই হজম কৰিব নোৱাৰিয়েই হয়তো মুনমী আৰু ৰাজীৱৰ মাজত থকা সম্পৰ্কটোক প্ৰেম নাম দি প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছিল।

আজি সেইজন ৰাজীৱেই লাহে লাহে মুনমীৰ পৰা আঁতৰি থাকিবলৈ ল’লে। তাইক কটু কথা শুনাবলৈ ধৰিলে হকে বিহকে। আৰু এদিন সেই জনী দিপশিখাৰ হাতেৰে ফোন কৰাই অপমান কৰিলে। যিজন ৰাজীৱে মুনমীৰ প্ৰতিটো দুখ নিজৰ বুলি ভাৱিছিল,নিজৰ কোনো কথা লুক ঢাক নকৰাকৈ মুনমীক কৈছিল সেইজন ৰাজীৱে এতিয়া মুনমীক কয় “তুমি মোৰ প্ৰেয়সী নে পত্নী ? মোৰ প্ৰতিটো খবৰ তোমাক দিবই লাগিব বুলি মই কোনো দলিলত চহী কৰি থৈছোঁ নেকি”?কথাবোৰ শুনি হতভম্ব হৈ গৈছিল মুনমী ৷ কোনোমতেহে ওলাই অহা চকুলোক বাধা দি ৰাখিছিল ৷
সঁচাকে মানুহে আচলতে নিজৰ বাহিৰে আন কাকোৱেই ভালকৈ চিনি পাব নোৱাৰে….তাই যিদৰে চিনি নাপালে ৰাজীৱক….এসময়তটো এনে লাগিছিল ৰাজীৱতকৈ হয়তো তাইক ভালদৰে কোনেও বুজি নাপায়…..ৰাজীৱৰ দৰে লৰা এজনৰো যে বিবাহ অসফল কেনেকৈ হব পাৰে তাই আচৰিত হৈছিল ভাবি তেতিয়া…..তাৰ পৰা আঁতৰি যোৱা পত্নীৰ ওপৰতে সকলো দোষ জাপি দিছিল তেতিয়া তাই…..কিন্তু এতিয়া তাই উপলব্ধি কৰিব পাৰিছে তাইৰ সেই ধাৰণা হয়তো ভুল আছিল…..তাইৰ এতিয়া এনে লাগে এইজন ৰাজীৱক যেন তাই চিনিয়েই নাপায়….কোনোবাটো মুহূৰ্তত তাৰ আঁতৰি যোৱা পত্নীয়েও এনেকৈয়ে ভাবিছিল নেকি বাৰু? তাইৰ কেতিয়াবা জানিব মন যায়…. ।।
এৰা সম্পৰ্কৰ এই এনাজৰী ডাল যেতিয়া হঠাতে চিঙি যায়,বৰ কষ্ট হয়। মুনমীৰো হৈছে…এক ধৰণৰ শূন্যতাই তাইক দহিছে। বাৰে বাৰে নিজকে দোষ দিছে। অৱশ্যে এটা কথা তাই অনুভৱ কৰিছে “যিজন ৰাজীৱে হোমৰ জুইক সাক্ষী কৰি বিয়া কৰোৱা পত্নী,নিজৰ ঔৰসৰ সন্তানটোক আপোনত্বৰ এনাজৰীৰে বান্ধি ৰাখিব নোৱাৰিলে, সেইজন মানুহৰ পৰা ইয়াতকৈ বেছি জানো আশা কৰিব পাৰি”? তথাপি মনটোক বুজাব পৰা নাই তাই। চকুলো বোৰ বৈয়ে আছে অবিৰাম। ৰাজীৱক হেৰুৱাৰ দুখ।
বেলি পৰো পৰো হ’ল। হয়তো আন্ধাৰ হ’ব কিছু সময়ৰ পিছত, যিদৰে দুখৰ আন্ধাৰে গ্ৰাস কৰিছে তাইৰ সমগ্ৰতাক, আঁউসীৰ আন্ধাৰে গ্ৰাস কৰিব পৃথিৱী। এটা ভাৰাক্ৰান্ত মন লৈ মুনমী ঘৰমুৱা হ’ল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!