ভয় (মৃণাল কুমাৰ বৰা)

“ঐ মাল। ক’ত যাৱ বে ? মোৰ লাগত যাবি ব’ল। আজি টেম্প’ও নাই।”

নয়নাক উদ্দেশ্যি চিয়ঁৰি উঠে নিত্যানন্দই। ভয় খায় নয়নাই। এই মদাহীটোক ভয় কৰে তাই। উত্তৰ দিবও নোৱাৰে তাই ভয়তে। নিশ্চুপ হৈ ৰয় নয়না ভয়তে। লাহে লাহে আঁতৰি গৈ তিনিআলিটোত ৰয়গৈ সি। নয়নাই ভয়ে ভয়ে খোজকাঢ়ি গৈ থাকে।

“অ নন্দ। কোনফালে যোৱানো ? মোক নাৰ্ছিং হ’মৰ ওচৰত নমাই থৈ আহিবা ব’লা না।”

কোবাকুবিকৈ আহি নিত্যানন্দৰ বাইকখনত হাত এখন ৰাখি লেনিয়াই লেনিয়াই কয়হি জুহি বৌৱে। উচপ খাই উঠে নিত্যানন্দ। সৰু এলেকাটোৰ প্ৰায় সকলোৱে বৌ বুলি মতা জুহি বাইদেউৰ কামনাভৰা চকুজুৰিলৈ নিত্যানন্দই ভয় কৰে।

“উঠক বৌ।”

সেপ এটা গিলি লাহেকৈ কৈ উঠে নিত্যানন্দই। জুহি বৌ তাৰ বাইকত উঠে। ধৰিবলৈ বেলেগ একো নোপোৱাত তাৰ কান্ধতে হাত এখন ৰাখে জুহি বৌৱে। ভয় এটাই নিত্যানন্দকো মেৰিয়াই ধৰে। নিঃশব্দে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments