ভ্ৰামক (বিকাশ শইকীয়া)

10726235_941009379259771_143978680_n(১)
কলিগ এজনৰ ভায়েকৰ বিয়া। বিয়াঘৰ নলবাৰী টাউনৰপৰা অলপ আঁতৰত। বিয়া খাই উভতি আহি আছোঁ। ৰাষ্টাটো খুব এটা ভাল নহয়। মাজে মাজে বিৰাট গাত। গাতবোৰত ঠেকেচা খাই পি.ডব্লিউ.ডিক গালি পাৰি আহি আছোঁ। হঠাত গাড়ীখনৰ কিবা এটা হ’ল। নামি দেখিলোঁ, টায়াৰ পামচাৰ। ডিকিত স্পেয়াৰ এটা আছে। কিন্তু ওপৰত প্ৰচণ্ড ৰ’দ। ইফালে সিফালে চালোঁ। অলপ আগত চ’ক এটা আছে। কোনোবা ল’ৰা এটাক পইচা কেইটামান দি চকাটো চেঞ্জ কৰাব লাগিব।
– চকা পামচাৰ হল নেকি….. পিছফালৰপৰা কোনোবাই মাতিলে।
ঘূৰি চালোঁ, এখন চাইকেল ৰৈ আছে, ওচৰত এখন চিনাকি মুখ। মইনুল। ইউনিভাৰচিটিৰ এসময়ৰ সহপাঠী।
– আৰে মইনুল, ইমান দিনৰ মূৰত, মানুহটো ক’ত গায়ব হৈ গৈছিলি। তোৰ ঘৰ ইয়াতে নেকি….. মই সুধিলোঁ
– অ, এইখন আমাৰেই গাঁও
– মেকানিক-চেকানিক পাম নেকি?
– ল’ৰা এটা আছে, মাতি দিও ৰ
মইনুলে ফোন কৰি কাৰোবাক মাতিলে। ল’ৰা এজন আহিল।
– ই চকাটো চেঞ্জ কৰি দিব, মোৰ ঘৰ ওচৰতে, তেতিয়ালৈ চাহ একাপ খাই ল’বি বল …. মইনুলে ক’লে।
মইনুলৰ ঘৰলৈ ওলালোঁ। এটা হাফ ৱাল দিয়া ঘৰ। ওপৰৰখিনি মাটিৰে লিপা। মনে মনে এটা সন্তুষ্টি লাভ কৰিলোঁ। এটা সময়ত মইনুল মোৰ প্ৰতিদ্বন্দী আছিল। ইউনিভাৰচিটীত থাকোঁতে সি মোৰ লগত প্ৰতিদ্বন্দিতা কৰিব ওলাইছিল। মোৰ লগত তাৰ তেতিয়াও তুলনা নাছিল, এতিয়াও নাই।
মইনুলৰ ঘৰৰ ভিতৰখন অৱশ্যে বেচ আটোমটোকাৰী, পৰিপাটী। চোফা, আচলতে মোৰ ঘৰত থকা সত্তৰ হাজাৰ টকাৰ ইটালিয়ান আৰ্হিৰ ডিভানখনৰ তুলনাত কাঠৰ ফ্ৰেম এটাত কুচন লগাই থোৱাৰ নিচিনা চকীখনত বহিলোঁ। মানুহ এজনীয়ে পানী দুগিলাছ লৈ আহিল।
– এয়া ৰেহেনা, মোৰ ৱাইফ। আৰু এয়া মোৰ ইউনিভাৰচিটীৰ বহুত ভাল দোস্ত, বহুত ডাঙৰ চাকৰি কৰে
…. মইনুলে চিনাকি কৰাই দিলে।
মই নমস্কাৰ দিলোঁ। ৰেহেনাই অৰ্ডিনাৰী শাড়ী এখন পিন্ধিছে। খুব বেছি দুশ টকা হব।
মইনুল পঢ়াত বহুত চোকা নাছিল। কথা-বতৰাৰ কোনো ষ্টেণ্ডাৰ্ড নথকা মইনুলে আমাৰ মাজত মিলা-মিছা বঢ়াবলৈ কিছুমান আমোদজনক কাম কৰিছিল। যাৰ ফলত মইনুল বহকেইজনৰ বাবে কমেডি আইটেম হৈ পৰিছিল।
কিন্ত মইনুল, সি মোক এটা সময়ত চেলেঞ্জ দিবলৈ সাহস কৰিছিল।

(২)

ইউনিভাৰচিটীৰ ফাইনেল ইয়াৰৰ কথা। চেপ্তেম্বৰৰ কোনোবা এটা দিন। ইলেকচনৰ সময়। পি.জি.এছ.ইউ লৈ প্ৰতিটো ডিপাৰ্টমেন্টৰ এজনকৈ প্ৰতিনিধি থাকে। আমাৰ ডিপাৰ্টমেন্টত মোৰ বাহিৰে বেলেগ কোনোবা ওলাব বুলি মই ভবা নাছিলোঁ। ডিপাৰ্টমেন্টৰ বাহিৰৰ চিৰিত বহি ম’বাইলত গেম খেলি আছোঁ। মইনুল আহি মোৰ ওচৰ পালেহি।
– চোৱা মই পি.জি.এছ.ইউ লৈ ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটেটিভ হব খুজিছোঁ। আমাৰ ক্লাছৰ চব ছোৱালীৰ চাপৰ্ট মোৰ লগত আছে। ৰাহুল, নৱ, সুব্ৰতও মোৰ লগত আছে। ইলেকচন হ’লে তুমি বেয়াকৈ হাৰি যাবা… মইনুলে কৈছিল।
– চা দোস্ত, তই এই যে ফাল্টু কমেডিচব কৰি থাক, মানুহে ভাল পায় সঁচা, কিন্তু কমেডিয়ান এটাক ডিপাৰ্টমেন্টৰ ৰিপ্ৰেজেনটেটিভ কৰি কোনেও নপঠায়। আৰু চা, মোৰ লগত তোৰ কোনো তুলনাই নহয়। তই ইংৰাজীত কথাই কব নোৱাৰ, মোৰ তুলনাত তোৰ জেনেৰেল নলেজ জিৰো, তোৰ কমিনিকেচন স্কিল নায়েই, তোৰ পাৰ্চনেলিটি নায়েই, তই মোৰ লগত ক’ত পাত্তা পাবি?
– নাই, চবে মোক চাপৰ্ট দিব।
– ধুৰ, মক্কেল নেকি বে তই। কথা বুজি নাপাৱ নেকি? চা দোস্ত, মোক যদি চেলেঞ্জ কৰ মোৰ খং উঠিব, আৰু মোৰ খং উঠিলে তই ডিপাৰ্টমেন্টত নাপাত্তা হৈ যাবি…. মই মইনুলক দম দিছিলোঁ।
মইনুলে মোৰ কথা নামানিলে। ইলেকচন হ’ল। ছয়ত্ৰিশটা ভোটৰ সি মাত্ৰ তিনিটা ভোট পালে। নিজৰটো, ৰাহুলৰ আৰু তাক দেখুৱাই মোৰ ভোটটো মই তাক দিলোঁ।
– দেখিলি দোস্ত, মোৰ ভোটটোও মই তোক দি দিলোঁ, তথাপিও তই জিকিব নোৱাৰিলি। আচলতে মোৰ লগত তোৰ কোনো তুলনাই নহয়…. ইলেকচনৰ পাছত মই তাক কৈছিলোঁ।
এইটো নহয় যে তাক মই বেয়া পাইছিলোঁ। কিন্তু সি মোৰ প্ৰভুত্বক চেলেঞ্জ কৰিছিল আৰু সেয়ে তাক কৌশলগতভাৱে ডিপাৰ্টমেন্টৰ লগত জড়িত কামবোৰৰপৰা আঁতৰাই ৰাখিছিলোঁ। কিন্তু তাক ভাৰচিটি উইকত ফুটবল খেলাৰ আৰু ৱাল মেগাজিনত কেইশাৰীমান লিখাৰ সুযোগ দিছিলোঁ।
ইউনিভাৰচিটিৰ পাছতো মই মোৰ গ্লেমাৰ অটুত ৰাখিলোঁ। ভাল চাকৰি এটা যোগাৰ কৰি চ’চিয়েল ষ্টেটাছ মেইনটেইন কৰিলোঁ। তাৰ বিপৰীতে মইনুল কৰবাত হেৰাই গ’ল। আমাৰ লগৰবোৰৰ আদ্দাত মইনুল নামৰ কমিক আইটেমটোক কোনেও মনত নেপেলোৱা হৈ পৰিল।

(৩)

ৰেহেনাই চাহ লৈ আহিল। চাহৰ কাপটো হাতত ল’লোঁ।
– ইউনিভাৰচিটিৰ পাছত ক’ত গায়ব গৈ গৈছিলি। একো খবৰ-খাতিয়ে নোহোৱা হৈ গৈছিল যে… মই সুধিলোঁ।
– জানই তো, ঘৰৰ অৱস্থা ভাল নাছিল। পঢ়াৰ সময়ত গাঁৱৰ মানুহে সহায় কৰিছিল। অৰুনাচল গুচি গ’লোঁ। ৰেচিডেনচিয়েল স্কুল এখনত। দৰমহা ৪০ টকা দিছিল। এবছৰ তাত থাকিলোঁ। তাৰ পাছত গাঁৱলৈ ওভতি আহিলোঁ। এতিয়া এন.জি.ও এটা চলাও। চৰকাৰৰ স্কীমবোৰৰে গাঁৱত সমবায় খেতি আৰম্ভ কৰিছোঁ।
সমবায় খেতি, এন.জি.ও। ধুৰ। সি গৱাৰে হৈ থাকিল। হাফ ৱালৰ ঘৰ, গাঁৱলীয়া ঘৈণী, চাইকেল। মইনুল জীৱনত আগবাঢ়িবই নোৱাৰিলে। তালৈ মোৰ পুতৌ উপজিল।
বাহিৰত মানুহ কেইজনমান গোট খাইছে। মইনুল বাহিৰলৈ ওলাই গ’ল। মইনুলৰ পাছে পাছে আমিও বাহিৰলৈ গ’লোঁ।
– তই ১০ মিনিট ৰ, মই আহি আছোঁ এঠাইৰপৰা…. এইবুলি কৈ মইনুল মানুহকেইজনৰ লগত গ’লগৈ। এটা কেটেঙা ল’ৰা আমাৰ কাষত থাকিল।
– ভাইটি তই ইয়াৰে নেকি… মই সুধিলোঁ।
– হয়…. ল’ৰাজনে কলে
– মইনুলৰ এন.জি.ও ত কাম কৰ নেকি?
– হয়, তাৰ লগত জড়িত।
– এইবাৰ খেতি কেনেকুৱা?
– এইবাৰ ভাল হৈছে।
– তই পঢ়া-শুনা কৰি আছ নে খেতিতে ধৰিছ?
– নহয় মানে এক্সুৱেলি মই এন.আই.টি শিলচৰত পঢ়ি আছোঁ। চেমিষ্টাৰ ব্ৰেক চলি আছে। সেইকাৰণে গাঁৱলৈ আহিছোঁ। মইনুলদাক সহায় কৰি দিওঁ, পাকীজাত পঢ়াও, আমাৰ গাঁৱৰ বাহিৰলৈ যিমানকেইজন গৈছে চবেই ছুটীত পাকীজালৈ আহে।
– পাকীজা মানে?
– আমাৰ গাঁৱত আগতে স্কুল নাছিল। হাইস্কুল পঢ়িবলৈ টাউনলৈ যাব লাগে। সেয়ে মইনুলদাই কেইবছৰমান আগতে স্কুল এখন খুলিছিল। পাকীজা একাডেমী। যোৱাবছৰ দুজনে ইয়াৰপৰা ষ্টেণ্ড কৰিছিল।
– কিন্তু মইনুলেতো এন.জি.ও হে কৰে বুলি কৈছিল
– মইনুলদা অমাৰ কাৰণে ফৰিষ্টা। তেওঁ আমাৰ গাঁওখন সলনি কৰি দিছে। এন.জি.ও ৰে বহুত চৰকাৰী স্কীম আনিছে। আজিকালি আমি ট্ৰেক্টৰেৰে খেতি কৰোঁ। পথাৰত টিউবৱেলেৰে পানী দিও। সমবায় ভিত্তিক ফিচাৰী, ব্ৰয়লাৰ ফাৰ্ম, ছাগলী ফাৰ্ম খুলিছোঁ। আজিকালি কোনো মানুহ বহি নাথাকে, সবেই কাম কৰে। গাঁৱৰ সকলো ল’ৰা-ছোৱালীয়ে আজিকালি পঢ়া শুনা কৰে। গাঁৱৰ বহুত দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীয়েও মেডিকেল-ইঞ্জিনাৰিং পঢ়ি আছে। ফীজ-কিতাপৰ পইচা চব সমবায়-এন.জি.ও ই দিয়ে।
মইনুল উভতি আহিছে। মইনুলৰ পাছে পাছে গাঁৱৰ কেইজনমান মানুহ।
– তোৰ গাড়ীখন ঠিক হৈ গ’ল… মইনুলে কলে।
গাড়ীখনৰ ফালে খোজ ল’লোঁ। মইনুল আৰু মোৰ মাজত এটা বৃহৎ পাৰ্থক্য। ইউনিভাৰচিটিত মইনুলক নব্বৈ শতাংশ ভোটত পৰাজিত কৰা মই মোৰ আৰ্জিত বিদ্যা ব্যৱহাৰ কৰিছোঁ ব্যক্তিগত সফলতাৰ বাবে। মোৰ লগৰ প্ৰায় সকলোৱেই মোৰ দৰেই গোলাম হৈ পৰিছে। চৰকাৰী-বেচৰকাৰী দৰমহা খোৱা গোলাম। বস্তুবাদী চিন্তাধাৰাই গ্ৰাস কৰা কিছুমান আত্মকেন্দ্ৰিক গোলাম। আৰু মইনুল… মইনুল ইজ ইউজিং হিজ নলেজ এণ্ড স্কিল ফৰ দা আপলিফমেন্ট এণ্ড ৰিনভেচন অৱ হিজ চচাইটি … মইনুল ইজ লিডিং এ জেনেৰেচন।
ৰাষ্টাৰ দুয়োফালে সেউজীয়া পথাৰ। মইনুলৰ গাঁৱৰ পথাৰখনত ধানবোৰ লহপহকৈ বাঢ়ি আহিছে।
গাড়ীখন ষ্টাৰ্ট কৰিলোঁ। আজি মইনুলৰ লগত মোৰ একো তুলনাই নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!