ভ্ৰাম্যমানৰ ভু-ভা বিচাৰি (ভায়লিনা বৰা)

ছাত্ৰ জীৱনৰ অন্তিম বছৰেকীয়া গৱেষণা পত্ৰখন লিখিম বুলি বিষয়বস্তু বিচাৰি হাবাথুৰি খাই ফুৰা দিনকেইটা, এপ্ৰিলৰ প্ৰথমভাগ৷ নানা পকিকল্পনা, বিহু নে বাৰেচহৰীয়া ভাওনা নে অংকীয়া নাট? তেনেকুৱাতে দেখিলো বাতৰিকাকতত আমাৰ ভ্ৰাম্যমানৰ বতৰা৷ বিশ্বাস কৰিবলৈ টান পাইছিলো, দিল্লীলৈ সঁচাই আহিবনে? বিষয়বস্তু ঠিৰাং কৰা হৈ গ’ল, মোৰ টাৰ্ম পেপাৰ হ’লে ভ্ৰাম্যমানৰ ওপৰতে হ’ব৷ পিচদিনাৰ পৰা সদাই ‘ইন্দিৰা গান্ধী নেচনেল চেন্টাৰ ফৰৰ দ্য আৰ্টচ’ লৈ তাঁতবাতি৷ এদিন ৰাতিপুৱাই গৈ পেণ্ডেল তৰাৰ পৰা নাটৰ চাই শেষ কৰিহে উভতিছো৷ প্ৰতিনিশাৰ দৰ্শনীলৈ মোৰ অনা অসমীয়া বন্ধু বান্ধৱীক লৈ গৈ উৎসাহেৰে প্ৰতিটো সংলাপ তৰ্জমা কৰি গৈছিলো৷ হেঁপাহেৰে পঢ়িছিলো ‘টাইমছ অফ ইণ্ডিয়া’ত ৰতন লহকৰৰ সাক্ষাৎকাৰ৷ বিচাৰিলে এতিয়াও ওলাব সেইখন কাগজ পুৰণা ফাইলত৷ মোৰ গৱেষণা পত্ৰখন জমা দিয়া হ’ল৷ সেয়া আছিল ২০১০চনৰ কথা৷ কিন্তু মোৰ এম.ফিলৰ চূড়ান্ত বৰ্ষৰ সেইখন পেপাৰেই শেষৰখন হৈ নাথাকিল৷ভ্ৰাম্যমানক বিষয়বস্তু হিচাপে লৈ মই গৱেষণা আৰম্ভ কৰিলো ২০১১চনৰ জুলাই মাহত৷ মোৰ গুৰুকে ধৰি বহুতেই কৈছিল যে বিষয়বস্তু বৰ বহল; নাট্যগোষ্ঠীৰ লগত থাকি ঘূৰিব লাগিব, ইংৰাজী সাহিত্যৰ মাজত আকৌ থিয়েটাৰ ক’ত সোমাব, তাকো অসমীয়া ভাষাত! সেই সকলো হতাশাজনক কথাক পাছলৈ ঠেলি মই আকোৰগোঁজ হৈ লাগি ধৰিলোঁ। পি৹এইচ৹ডি৹ কৰিম যেতিয়া ভ্ৰাম্যমানৰ ওপৰতেই কৰিম৷ ভাগ্যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগটোত সাহিত্যৰ লগতে সংস্কৃতিও যোগ কৰা হৈছিল, গতিকে মোৰ বিষয়টো তাতে সোমাই পৰিল৷ সকলোৰে পৰা পৰামৰ্শ বিচাৰোতে প্ৰায়েই শুনি উৎসাহিত হৈছিল আৰু কৈছিল, এনে বিষয়ৰ ওপৰত কাম হোৱা নাই আৰু হ’ব লাগে৷ ভাবিছিলো কি কৰা যায়, ইমান ডাঙৰ বিষয় এটা সামৰো কি কৰি! কি কি প্ৰশ্ন উত্থাপন কৰা যায় ‘ছিন’পচিচ’ত! কি হ’ব নিধাৰ্য! ভয়ো লাগিছিল, হ’বনে বাৰু মোৰ দ্বাৰা সম্ভৱ ইমান ডাঙৰ প্ৰকল্প এটা? তেতিয়া লাহে লাহে বিভিন্ন অভিৱৰ্তন সমূহলৈ ‘এবষ্ট্ৰাক্ট’ পঠিয়াবলৈ ধৰিলোঁ৷ ‘ইংলিছ এণ্ড ফ’ৰেইন লেংগুৱেজেজ ইউনিভাৰ্চিটি’ আৰু  ‘হায়দৰাবাদ কেন্দ্ৰীয় বিশ্ববিদ্যালয়’ত মোৰ গৱেষণা পত্ৰ পঢ়াৰ পিছত বিশেষজ্ঞসকলৰ পৰা দিহা পৰামৰ্শ লাভ কৰি অলপ সাহস বাঢ়িল৷ এখন পত্ৰ ছপা হৈও ওলাল৷ পাৰিম যেন লাগিল লাহে ধীৰে৷ দিনো বেছি নাই বাকী, সেয়ে মাঁৰবান্ধি ওলালো ক্ষেত্ৰ অধ্যয়নৰ বাবে অসমলৈ৷ আজিকালি সময়ৰ অভাৱ সকলোৰে, সহায় পামনে ছাগৈ মনোভাৱেৰে দিল্লী এৰিলোঁ৷ এইখিনিতে উনুকিয়াই থওঁ যে, কিতাপ বহুত বিচাৰিলোঁ৷ পানবজাৰত, মানুহৰ ঘৰত, পুঁথিভৰালত; কিন্তু কিতাপৰ সংখ্যা নিচেই নগণ্য৷ কিন্তু কোনো কোনোৱে কোৱামতে কেইখনমান সংগ্ৰহ কৰা হ’ল যদিও যথেষ্ঠ নহয় পি৹এইচ৹ডি৹ৰ সমলৰ বাবে৷ নাটকৰ ওপৰত বহুত কিতাপ অতুলচন্দ্ৰ হাজৰিকাৰ মঞ্চলেখা খন খুঁচৰি উলিয়াইছিলোঁ সাহিত্য একাডেমীৰ সকলোতকৈ কোণৰ,ঠেক,যেনেতেনে বেঁকাকৈ সোমাব পৰা শ্বেল্ফটোৰ পৰা৷তেখেতে নিজে চহী কৰা কিতাপখন সেনেকি আছিলে, পাতবোৰ উঁৱলি যোৱা, কিন্তু সেইদিনালৈকে কিতাপখন কোনেও পঢ়িবলৈ উলিয়াই নিয়া নাছিলে৷ তেখেতে লিখাৰ সময়ত ভ্ৰাম্যমান আছিল এটা নতুন বিষয়, তথাপি তেখেতৰ বৰ্ণনাসমূহ ইমানো সংক্ষিপ্ত নাছিল যিমান নতুন নাট্য সাহিত্যৰ কিতাপবোৰত বৰ্তমান পোৱা যায়৷ প্ৰতিখন কিতাপেই সেই একে কথাকেই কয়৷ কেইপৃষ্ঠামানযোৰা কিছুমান তথ্য, কি, কোনে, ক’ত, কেনেকৈ? তাতকৈ বেছি আৰু একো পোৱা নাযায়৷ নাই ক’তো নাটকৰ আলোচনা৷ একো খতিয়ান নাই মঞ্চসত্বাৰ বিষয়ে৷ অভিনেতা সকলক কেনেকৈ নিৰ্বাচন কৰা হয়, নাটকৰ নিৰ্বাচন কেনেকৈ কৰে, এটা নাট্যবৰ্ষৰ নাটক চলি থাকোতেই আহিবলগীয়া বছৰটোৰো সকলোখিনি ঠিক হৈ থাকে, আহ্বায়ক কমিটীবোৰৰ গুৰুত্ব, এই বিষয়বোৰ কোনো এখন কিতাপতেই আলোচনা কৰা দৃষ্টিগোচৰ নহ’ল৷ হয়তো ময়েই অসফল হ’লো সঠিক কিতাপৰ নিৰ্বাচনত।

কিন্তু মই সিদ্ধান্ত লৈ পেলালো যে মোৰ গৱেষণা পত্ৰত মই এইবোৰ প্ৰশ্নৰেই উত্তৰ বিচাৰিম৷

শৰৎকাল, বতাহত উৎসৱৰ গোন্ধ৷ অসহ্য গৰমৰ পৰা ৰক্ষা, দুৱৰিৰ নিয়সনা পৰশ, শেৱালিৰ দলিছা আৰু সেউজীয়া ধাননি, পুজাৰ বতৰ৷ এইকেইটা দিনত অসমত দুৰ্গা পুজাৰ পেণ্ডেলবোৰৰ লগতে মুৰ তুলি উঠে ভ্ৰাম্যমানৰ পেণ্ডেলবোৰে৷ যোৱাবছৰ এনেকুৱা সময়তেই মই ওলাইছিলোগৈ নলবাৰীত৷ নামনি অসমলৈ মোৰ প্ৰথম যাত্ৰা, অকলে৷ নৱোদয় বিদ্যালয়ৰ ‘মিনি-মাইগ্ৰেচন’ক ধন্যবাদ যে চিনাকি বহুত সেই ঠাইতো৷ সংযোগক্ৰমে যাৰ ঘৰত উঠিছিলোগৈ তেখেত আছিল এসময়ৰ বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক৷ ভূপেন বৰদেউতাই কৈছিল, দেহাই নাটানিলেও মনে নামানে৷ কথাটো যে সঁচা মই সেইকেইদিনতেই উপলব্ধি কৰিলো৷ নলবাৰীত মানুহৰ মনে প্ৰাণে আছে ভ্ৰাম্যমান৷ এঘৰত এদিন এৰাতি থাকিয়েই বহুকেইখন কিতাপৰ তথ্যতকৈ বেছি কথা শিকিব পালোঁ৷ দিল্লীৰ পৰাই বহুকেইজন প্ৰযোজকৰ লগত কথা হ’বলৈ চেষ্টা কৰিছিলো যদিও সহাঁৰি পোৱা নাছিলো৷ ভাগ্যদেৱী থিয়েটাৰৰ সুবোধ মজুমদাৰৰ লগত কথা পাতিছিলো ‘ফেচবুক’ৰ যোগেৰে৷ বহুকেইখন থিয়েটাৰৰ ৱেবচাইট বিচাৰি পাইছিলো যদিও বেছিভাগেই অচল৷ যিটো যুগত আমাৰ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুৱাইছে, সেই সময়ত এই অচল ৱেবচাইটবোৰ সঁচাই নিৰাশাজনক৷ যি কি নহওঁক, অচিনাকী ঠাই, অচিনাকী মানুহৰ মাজতো যিখিনি সহায় পালো, সেয়া সঁচাই পাহৰিব নোৱাৰা অভিজ্ঞতা৷ মোক কোৱা হৈছিলে যে, সুবোধ মজুমদাৰৰ ঘৰটো ৰাস্তাৰ কাষতে আৰু সন্মুখত আছে থিয়েটাৰ ভাগ্যদেৱীৰ বেনাৰ৷ চম্পক শৰ্ম্মাৰ দ্বৈত চৰিত্ৰৰ ছৱিৰ সন্মুখেদি সোমাই গ’লো৷ তেখেতে লৈ গ’ল শিবিৰলৈ৷ তেখেতৰ শিবিৰৰ কাৰ্য্যালয়ত কিতাপৰ আলমাৰী দেখি ভাৱ হ’ল, এটা প্ৰশ্নৰ উত্তৰ মই পালোৱেই৷ নাটকৰ কাৰণে অধ্যয়ণৰ সমল, নতুন বিষয়, প্ৰতিবছৰৰ নতুন নাটক৷ মোৰ গৱেষণা গ্ৰন্থৰ তিনিটা অধ্যায়েই নাটকৰ ওপৰত৷ মৌলিক নাটক, আন কিতাপৰ পৰা তৰ্জমা কৰা নাটক বা কিকাপৰ পৰা নাট্যৰূপ পোৱা নাটক আৰু চিনেমাৰ পৰা অনুপ্ৰাণিত নাটকৰ আলোচনাই হৈছে মূল উদ্দেশ্য৷ কিন্তু বুজা গ’ল যে নাটক পোৱা নাযায়৷ প্ৰায় এশৰ ওচৰা ওচৰি এই নাট্যদলবোৰৰ বছৰি তিনিখনকৈ নাটকৰ সংৰক্ষণৰ কোনো ব্যৱস্থাই নাই৷ নাটকবোৰৰ চপাৰ খৰচ বহন কৰিব পৰা অৱস্থা নাই৷ প্ৰকাশকসকল আগবাঢ়ি নাহে৷ মানুহে নি ঘূৰাই নিদি বহুবাৰ নাটক হেৰুৱাই৷ এই নাট্যবোৰ সংৰক্ষণ কৰিব পৰা হ’লে অসমীয়া সাহিত্যৰ ভঁৰাল আৰু চহকী হৈ উঠিলহেতেঁন৷কিন্তু নাটকবোৰ যিধৰণে বিনোদনধৰ্মী হৈ উঠিছে, তাত নাচগানৰ পয়োভৰৰ পৰা চপাবলৈ একো বাকীয়েই নৰয়৷  যিহেতু নাটক পোৱা নাযাব, গতিকে কেমেৰাৰে ৰেকৰ্ড কৰি পুণৰ সংলাপ লিখি লোৱাতকৈ একো গত্যন্তৰ নাথাকিল৷ বাট চাই ৰ’লো ৰাস মহোৎসৱলৈ৷ শুনিছিলোহে নলবাৰীৰ ৰাসৰ কথা, দেখিহে বুজিলো কিয় বিখ্যাত এই ৰাস! মোৰ উদ্দেশ্য ভ্ৰাম্যমান, ৰাস নহয়; কিন্তু হৰিমন্দিৰৰ সাহাৰ্য্যাৰ্থে তাৰ আহ্বায়ক কমিটীয়ে আমন্ত্ৰণ কৰিছিল এঘাৰখন থিয়েটাৰক৷ মোৰ কাক এৰো কাক ধৰো অৱস্থা! অধিক মাছত বগলী কণাৰ দৰেই লাগিছিল তাত থিয় হৈ৷ থিয়েটাৰখন অকল অভিনেতাৰেই নহয়৷ মই কথা পাতিছিলো খুঁটা পোতাৰ পৰা আৰম্ভ কৰি কাপোৰ চিলোৱা, গান গোৱা, নৃত্য নাটিকাৰ কলা কুশলীলৈকে আৰু শিকিছিলো বহুত নতুন কথা, যিবোৰ কিতাপৰ পাতত নাই৷ সেইকেইদিন বহুকেইখন নাটক চোৱা হ’ল৷ এখনৰ প্ৰথম দৰ্শনী, ইখনৰ দ্বিতীয়৷ ভাগ্যদেৱীত চালো “মানুহে মানুহৰ বাবে”, বৰদৈচিলাত “মাতাল ৰজা” আৰু ৰাজশ্ৰীৰ “গুণ্ডা”ক কেমেৰাত বন্দী কৰিবলৈ সক্ষম হ’লো৷ যদিও প্ৰতিখন নাটক উপভোগ কৰাৰ হেঁপাহ থাকি গ’ল৷

ভ্ৰাম্যমান সলনি হৈছে৷ নাটকো সলনি হৈছে৷ কাৰম সময়ৰ লগে লগে দৰ্শকো সলনি হৈছে৷ দেখি ভাল লাগে যে প্ৰচাৰ মাধ্যমে ভ্ৰাম্যমানক প্ৰাধান্য দিছে আৰু ভ্ৰাম্যমান তাৰ দ্বাৰা উপকৃতও হৈছে৷ আমাৰ উদ্দেশ্য হ’ব লাগে ভ্ৰাম্যমানক আৰু বিখ্যাত কৰি তোলা৷ যাতে “যাত্ৰা”ৰ দৰেই বুলি অসমৰ বাহিৰত চিনাকী দিব লগা নহয়৷ গলগলীয়া মাতপ সেই “আহিব ধৰিছে আপোনাৰ নিচেই কাষলৈ এখনি মঞ্চসফল নাটক” ৰ ঘোষণা শুনি মোৰ দৰে তেওঁলোকো শিঁহৰিত হৈ উঠক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!