ভ্ৰাম্যমাণৰ বিশেষ পাঁচ- ভাললগা, দুঃখলগা, ইতিবাচক তথা অনুকৰণীয় আৰু মন কৰিবলগীয়া (প্ৰশান্ত কুমাৰ বৰা)

ভ্ৰাম্যমাণৰ ইতিহাসৰ ভাললগা পাঁচটা কথা:

(১) ১৯৩০ চনত সৰভোগত ‘আসাম কহিনুৰ অপেৰা পাৰ্টী’ৰ জন্ম৷ পুৰণিগুদামৰ বিপিন বৰুৱাৰ অৰ্থসাহায্যৰে ওস্তাদ ব্ৰজনাথ শৰ্মাই এই সম্পূৰ্ণ ব্যৱসায়িক নাট্যদলৰ জন্ম দিয়ে৷ ১৯৩৩ চনত এই নাট্যদলক ‘আসাম কহিনুৰ থিয়েটাৰ পাৰ্টী’ নামেৰে নামকৰণ৷ নটসূৰ্য ফণী শৰ্মা আৰু নাট্যসম্ৰাট চন্দ্ৰ চৌধুৰীৰ দৰে অভিনেতাক এই নাট্যদলে মাহিলি ক্ৰমে কুৰি টকা আৰু সাত টকা বেতনেৰে দলত ৰাখিছিল৷

(২) অসমৰ নাট্য ইতিহাসত সহ অভিনয়ৰ সূচনা৷ ১৯৩৩ চনৰ নৱেম্বৰ মাহত ডুমডুমাৰ অসমীয়া নাট্য মন্দিৰত ব্ৰজনাথ শৰ্মাই মঞ্চত সম অধিকাৰেৰে স্থান দিলে গুৰণিগুদামৰ গোলাপী দাস, সৰ্বেশ্বৰী দাস, চামগুৰিৰ ফুলেশ্বৰী দাস, যোৰহাটৰ শৈলবালা দেৱী, নাজিৰাৰ বিনোদা গগৈ, উত্তৰ গুৱাহাটীৰ লাৱণ্য দাস আদি কেইবাগৰাকীও মহিলা শিল্পীক৷

(৩) নটৰাজ থিয়েটাৰৰ জন্ম৷ প্ৰয়াত সদা লহকৰে ১৯৫৯ চনত পাঠশালাত আৰম্ভ কৰা ‘নটৰাজ অপেৰা’ নামৰ আধুনিক যাত্ৰা দলটোক নতুন ৰূপ দি ১৯৬৩ চনত দুই ভাতৃ সদা লহকৰ আৰু অচ্যুত লহকৰে যৌথ প্ৰচেষ্টাৰে ‘নটৰাজ থিয়েটাৰ’ৰ জন্ম দিয়ে৷ আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ ইয়ে আৰম্ভণি৷ ‘ভ্ৰাম্যমাণ’ শব্দটো দিছিল সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই৷

(৪) ফণী শৰ্মা, লক্ষ্যধৰ চৌধুৰী ভৱেন্দ্ৰনাথ শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰৰ দৰে মহান নাট্যকাৰৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ আগমন৷ মহানন্দ শৰ্মা, অনুপমা ভট্টাচাৰ্যৰ দৰে চিৰসেউজ অভিনয় শিল্পীৰ আত্মপ্ৰকাশ৷ একেৰাহে বিছ বছৰ ধৰি অভিনীত ‘জেৰেঙাৰ সতী’ আৰু একেৰাহে পোন্ধৰ বছৰ ধৰি প্ৰদৰ্শিত ‘বেউলা’ৰ দৰে নাটকৰ অভূতপূৰ্ব জনপ্ৰিয়তা৷ ‘মুখ্যমন্ত্ৰী’, ‘পৃথিৱীৰ প্ৰেম’ৰ দৰে নাটকৰ সৰ্বভাৰতীয় সন্মান লাভ৷

(৫) জীৱন শিল্পী, গুৰুজী আদ্য শৰ্মাৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ আগমন৷ ‘ৰক্ষকুমাৰ’ নাটকৰ অদ্ভুত কলা-কৌশল, ‘টাইটানিক’ নাটকৰ মঞ্চত জাহাজ ডুবুৱা আৰু ‘অনুৰাধাৰ দেশ’ নাটকত মঞ্চত ড্ৰিলিং ৰীগ স্থাপনৰ দৰে অত্যাধুনিক কলা-কৌশলেৰে ভ্ৰাম্যমাণক জনপ্ৰিয়তাৰ শিখৰলৈ উত্তোলন৷ নৃত্য-নাটিকাসমূহৰ জনপ্ৰিয়তা৷ ৪০ৰ দশকতে মৰোৱাৰ ‘শংকৰ সংঘ অৰুণ অপেৰা’ত শিল্পী সূৰ্য বৈশ্যই সূচনা কৰা নৃত্য-নাটিকা প্ৰদৰ্শনৰ পৰম্পৰাক ভ্ৰাম্যমাণ থিয়েটাৰত সম্ভ্ৰান্ত ৰূপত উপস্থাপন আৰু ইয়াৰ মাধ্যমেৰে বিভিন্ন সামাজিক বিষয়ৰ ওপৰত সজাগতা সৃষ্টি৷

ভ্ৰাম্যমাণৰ ইতিহাসৰ দুঃখলগা পাঁচটা কথা:

(১) অসমৰ নাট্য ইতিহাসত সহ-অভিনয়ৰ ধাৰাৰ প্ৰৱৰ্তক, প্ৰথম অসমীয়া সম্পূৰ্ণ ব্যৱসায়িক ভ্ৰাম্যমাণ নাট্যদলৰ জনক ওস্তাদ ব্ৰজনাথ শৰ্মাৰ কৰুণ মৃত্যু৷ স্বাধীনতা আন্দোলনত জপিয়াই পৰি, কাৰাৰুদ্ধ হৈ সকলো সম্পত্তি বাজেয়াপ্ত হোৱাৰ পাছত তীব্ৰ আৰ্থিক সংকটত ভোগা এই সৈনিক শিল্পীগৰাকীয়ে জীৱনৰ শেষ সময়ত কাৰোৰে পৰা কোনো সঁহাৰি নাপালে৷ ১৯৬০ চনত গুৱাহাটীৰ চিভিল হস্পিটেলৰ বাৰাণ্ডাত বিনা চিকিত্সাৰেই মৃত্যুক আকোঁৱালি ল’লে তেওঁ৷

(২) আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰৰ বাটকটীয়া ‘নটৰাজ থিয়েটাৰ’ৰ অপমৃত্যু৷ অসুস্থতাৰ বাবে প্ৰযোজক অচ্যুত লহকৰে মাত্ৰ দুমাহৰ ছুটী লৈ ঘৰলৈ আহোতেই একেৰাহে চল্লিছ বছৰ ধৰি গৌৰৱেৰে থিয় দি ৰোৱা অসমৰ প্ৰথমটো আধুনিক ভ্ৰাম্যমাণ থিয়েটাৰ দল ২০০৩ চনত থানবান হৈ গ’ল৷

(৩) ভ্ৰাম্যমাণ থিয়েটাৰলৈ গ্লেমাৰ শিল্পীৰ আগমন৷ থিয়েটাৰৰ মালিক পক্ষই ছবিজগতৰ পৰা অহা গ্লেমাৰ শিল্পীক অধিক গুৰুত্ব প্ৰদান কৰাৰ ফলত মঞ্চৰ প্ৰকৃত শিল্পীসকল গুৰুত্বহীন হৈ পৰে৷ গ্লেমাৰ শিল্পীসকলক অভাৱনীয় অংকৰ পাৰিতোষিক দি অন্য শিল্পী-কলা-কুশলীক নামমাত্ৰ মাননি প্ৰদানৰ পৰম্পৰা আৰম্ভ কৰে৷

(৪) ভ্ৰাম্যমাণৰ মঞ্চৰ পৰা মানবিশিষ্ট মৌলিক নাটকৰ অন্তৰ্ধান৷ চলচ্চিত্ৰৰ অনুকৰণেৰে বাণিজ্যিকীকৰণৰ দৌৰ৷ সস্তীয়া মনোৰঞ্জনক গুৰুত্ব প্ৰদানেৰে দৰ্শকৰ ৰুচিৰ পৰিৱৰ্তনৰ অঘোষিত প্ৰতিযোগিতা৷ মানসম্পন্ন নাট্যকাৰৰ মৌলিক নাটকক অৱজ্ঞাৰে মছলাধৰ্মী কাহিনীযুক্ত নাটকক আকৰ্ষণীয় ৰূপত প্ৰক্ষেপণ, জাকজমকীয়া প্ৰচাৰেৰে বছৰত মাথো তেনে এখন নাটকেৰেই ব্যৱসায়িক মুনাফা লাভৰ চেষ্টা৷

(৫) ভ্ৰাম্যমাণৰ অভিনেতা-কলা-কুশলীৰ অৱসৰী জীৱনৰ অনিশ্চয়তা৷ শিল্পীৰ পাৰিতোষিক, পেঞ্চন, চিকিত্সা আদিৰ বিষয়ে প্ৰযোজক পক্ষ আৰু চৰকাৰৰ অমনোযোগিতা৷ বহুতো মহীৰূহ শিল্পীৰ দুৰ্বিসহ জীৱন-যাপন, চিকিত্সাৰ অভাৱত কৰুণ মৃত্যু৷ গ্লেমাৰৰ নিগনি দৌৰত ৰবীন নেওগৰ দৰে প্ৰতিভাৱান প্ৰযোজক-অভিনেতাৰ অকাল মৃত্যু ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনৰ বাবে শেহতীয়া আটাইতকৈ দুঃখজনক খবৰ৷

ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিবাচক আৰু অনুকৰণীয় পাঁচটা দিশ:

(১) ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক স্বকীয় নাট্যাভিনয় পৰম্পৰা৷ ই অসমৰ এক জনপ্ৰিয় আৰু প্ৰভাৱশালী শিল্পমাধ্যম৷ মাথোঁ নাট অভিনয়কে ভিত্তি কৰি গঢ়ি উঠা এনে মাধ্যম অসমৰ বাহিৰে বিশ্বৰ অন্য ঠাইত বিৰল৷ এক কথাত, ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক অনন্য পৰিচয়৷

(২) ভ্ৰাম্যমাণ থিয়েটাৰে অসমত এক কল্যাণমূলক সামাজিক মিছনৰূপে সেৱা আগবঢ়াই আছে৷ বহু সামাজিক অনুষ্ঠান, সংঘ-পুথিভঁৰাল, বিদ্যালয়-নামঘৰ আদিয়ে ভ্ৰাম্যমাণ থিয়েটাৰ আমন্ত্ৰণ কৰি আনি তাৰ ব্যৱসায়ৰ পৰা লাভ কৰা পুঁজি সমাজৰ কল্যাণমূলক কামত ব্যৱহাৰ কৰে৷ নলবাৰী ৰাস মহোত্সৱৰ দৰে সাংস্কৃতিক পৰ্যটনৰ দিশৰ পৰা অতিশয় গুৰুত্বপূৰ্ণ এক বিৰাট আয়োজন মাথোঁ ভ্ৰাম্যমাণ থিয়েটাৰসমূহৰ নাট প্ৰদৰ্শনক কেন্দ্ৰ কৰিয়েই অনুষ্ঠিত হয়৷

(৩) ভ্ৰাম্যমাণ থিয়েটাৰে অসমত এক বিৰাট উদ্যোগৰ ৰূপ ধাৰণ কৰিছে৷ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এই দুৰ্যোগৰ দিনতো এই উদ্যোগে নিজৰ জয়যাত্ৰা অব্যাহত ৰাখিছে৷ বৰ্তমান সময়ত প্ৰায় ত্ৰিছখন সৰু-বৰ ভ্ৰাম্যমাণ থিয়েটাৰে বহু শিল্পী-কলা-কুশলীক সংস্থাপনৰ সুযোগ প্ৰদান কৰিছে৷ তদুপৰি ইয়াৰ লগত জড়িত হৈ থকা বিভিন্ন দিশৰ বহু হাজাৰ লোকৰো ই পেটৰ ভাত মোকলোৱাত সহায় কৰিছে৷

(৪) ভ্ৰাম্যমাণ থিয়েটাৰৰ সমগ্ৰ উদ্যোগটো অদ্যপিও অসমৰ থলুৱা মানুহৰ হাততে আছে৷ প্ৰযোজকৰ পৰা নাট্যকাৰ-পৰিচালক, শিল্পী-কলা-কুশলীৰ পৰা পশ্চাদপটৰ বিভিন্ন কৰ্মীলৈকে এই উদ্যোগটোৰ লগত জড়িত সকলোবোৰেই মূলতঃ অসমৰ স্থানীয় মানুহ৷ সাম্প্ৰতিক সময়ত এটাৰ পাছত আনটোকৈ প্ৰতিটো সৰু-বৰ উদ্যোগত অনা-অসমীয়াৰ আধিপত্য চলাৰ দিনত ভ্ৰাম্যমাণ থিয়েটাৰৰ এই ব্যতিক্ৰমী ৰূপ নিশ্চয় এক অনুকৰণীয় দিশ৷

(৫) ভ্ৰাম্যমাণ থিয়েটাৰে অসমীয়া জাতিক এক সংস্কৃতিপ্ৰেমী জাতি হিচাপে থকা পৰিচয় অটুট ৰাখিছে৷ অসমীয়া ভাষা, সংস্কৃতি, ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ই অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ উজনি-নামনি আৰু পৰ্বত-ভৈয়ামৰ সম্প্ৰীতিৰ সাকোঁডাল মজবুত কৰাতো ভ্ৰাম্যমাণৰ ভূমিকা অপৰিসীম৷ বিভিন্ন সময়ত কলাৰ মাধ্যমেৰে সামাজিক সজাগতা সৃষ্টিতো ই সহায়ৰ হাত আগবঢ়াইছে৷ ব্যৱসায়িক দৃষ্টিকোণ অটুট ৰাখিও এক সামাজিক দায়বদ্ধ উদ্যোগৰূপে নিজৰ কৰ্তব্য পালনৰ প্ৰতি বিচ্যুত নহ’লে অসমৰ গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰে যুগ-যুগান্তৰলৈ নিজৰ শিৰ উচ্চ কৰি ৰাখিবলৈ সক্ষম হ’ব, এয়া নিশ্চিত৷

ভ্ৰাম্যমাণ থিয়েটাৰে মন কৰিবলগীয়া পাঁচটা দিশ:

(১) ভ্ৰাম্যমাণ থিয়েটাৰ অসমীয়া মানুহৰ অতি আপোন৷ সেয়ে ভ্ৰাম্যমাণ থিয়েটাৰে অসমীয়া মানুহৰ, অসমীয়া সমাজখনৰ কথা চিন্তা কৰিবই লাগিব৷ মাথোঁ ব্যৱসায়সৰ্বস্ব নহৈ ভ্ৰাম্যমাণ থিয়েটাৰ দলসমূহ সামাজিকভাৱেও দায়বদ্ধ হ’ব লাগিব৷ দৰ্শকৰ পৰিৱৰ্তিত ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি ক্ষেত্ৰবিশেষে পৰিৱৰ্তন আনিবই লাগিব, সেয়া আদৰণীয়ও, কিন্তু তাৰ অজুহাতত মাথোঁ অৰ্থ উপাৰ্জনৰ স্বাৰ্থত সংস্কৃতিৰ নামত বজৰুৱা উপাদানৰ পোহাৰ পেলা নিন্দনীয়৷ এনে অসংস্কৃত কাৰ্যৰে সস্তীয়া চমক সৃষ্টিৰ পৰা বিৰত থাকি ভ্ৰাম্যমাণ থিয়েটাৰ ৰুচিশীল অনুশীলনেৰে সঠিক পথেৰে আগবঢ়া উচিত৷

(২)বিভিন্ন সৰু-বৰ জাতি-গোষ্ঠীৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰ সমন্বয়েৰেহে বৃহত্তৰ অসমীয়া সংস্কৃতি সমৃদ্ধ হৈছে৷ ভ্ৰাম্যমাণ থিয়েটাৰে এই কথা পাহৰি থকা উচিত নহয়৷ ভ্ৰাম্যমাণৰ মঞ্চত সেয়ে আমাৰ থলুৱা জনগোষ্ঠীসমূহৰ পৰম্পৰাগত গীত-মাত, লোককথা আদিক গুৰুত্বসহকাৰে স্থান দিয়াৰ লগতে সিবিলাকৰ প্ৰসাৰৰ প্ৰতি সচেষ্ট হোৱা উচিত৷ এফালেদি ই মাধ্যমটোক সকলো লোকৰে গ্ৰহণযোগ্য কৰি তুলিব, আনফালেদি বৃহত্তৰ অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াও মজবুত কৰিব৷

(৩) দৰ্শকৰ মৰমেই ভ্ৰাম্যমাণ থিয়েটাৰৰ মূলধন৷ সেয়ে দৰ্শকসকলৰ সুবিধা-অসুবিধাৰ প্ৰতি থিয়েটাৰ কৰ্তৃপক্ষসমূহ উদাসীন হোৱা অনুচিত৷ বহু থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ আন্তঃগাঁথনি সন্তোষজনক নহয়৷ দুই-আঢ়ৈ ঘণ্টা ধৰি শান্তিৰে বহি থাকি পৰাকৈ এখন ভাল চকীৰ অভাৱ, বৰষুণৰ পানী নপৰাকৈ ওপৰত এখন মজবুত চালিৰ অভাৱ, বাহিৰৰ পোহৰ চকুত নপৰাকৈ ৰাখিবলৈ ভাল আঁৰ কাপোৰৰো ব্যৱস্থা নাই বহুবোৰ থিয়েটাৰত৷ গেলাৰীৰতো অৱস্থাই নাই৷ সকলোতকৈ ডাঙৰ কথা, নাটক চলি থকাৰ সময়তেই প্ৰেক্ষাগৃহৰ নিচেই কাষতে মাইকযোগে পৰৱৰ্তী অথবা পিছৰ দিনৰ দৰ্শনীৰ বিষয়ে কৰি থকা ঘোষণাবোৰে দৰ্শকক বাৰুকৈয়ে বিৰক্ত দিয়ে আৰু নাট উপভোগত ব্যাঘ্যাত জন্মায়৷ এই কথাবোৰলৈ থিয়েটাৰ কৰ্তৃপক্ষই চকু দিয়া ভাল৷

(৪) ভ্ৰাম্যমাণ থিয়েটাৰ খাটিখোৱা সাধাৰণ মানুহৰ বুকুৰ আপোন এক মাধ্যম৷ হেঁপাহেৰে নাটক চাবলৈ ৰৈ থকা এইসকল দৰ্শকৰ ক্ৰয় ক্ষমতাৰ কথা চিন্তা কৰি ভ্ৰাম্যমাণ থিয়েটাৰে টিকটৰ আকাশলংঘী মূল্যবৃদ্ধি কৰা অযুগুত৷ বৰ্তমান প্ৰায়বোৰ ভ্ৰাম্যমাণ দলেই এটা নাট্যবৰ্ষত মাথোঁ এখন নাটক প্ৰদৰ্শনকে লক্ষ্য কৰি লয়৷ নামত তিনিখন নাটক থাকিলেও কেতিয়াবা বাকী দুখন নাট প্ৰদৰ্শনেই নকৰে৷ নাট্যপ্ৰেমী সাধাৰণ দৰ্শকৰ প্ৰতি অয়া অন্যায়৷ সেইদৰে মূল নাটৰ আগত আগবঢ়োৱা নৃত্য-নাটিকাসমূহৰ প্ৰতিও দলসমূহে আজিকালি গুৰুত্ব দিয়া দেখা নাযায়৷ প্ৰায়বোৰ দলেই বছৰৰ পিছত বছৰ ধৰি একেখনি নৃত্য-নাটিকাকেই আগবঢ়াই থাকে৷ সকলোতকৈ ডাঙৰ কথা, প্ৰথম নিশাক বাদ দি বাকী দুনিশা দলসমূহে নৃত্য-নাটিকা বাদেই দিয়ে৷ দৰ্শকসকল মূৰ্খ নহয়৷ এই সকলোবোৰ কথা তেওঁলোকে ঠিকেই মন কৰি থাকে – ভ্ৰাম্যমাণ দলসমূহে সেয়া পাহৰা অনুচিত৷

(৫) সময়ৰ সৈতে আগবাঢ়ি ভ্ৰাম্যমাণ থিয়েটাৰেও কিছু কিছু ক্ষেত্ৰত পৰিৱৰ্তনৰ পোছাক পিন্ধা ভাল৷ প্ৰতিটো নাট্যদলেই নিজৰ একো একোটা ৱেৱছাইট খুলি তাত নিজৰ দলটোৰ বিষয়ে সবিশেষ তথ্য সকলোৰে বাবে উপলব্ধ কৰা দৰকাৰ৷ দলটোৰ ইতিহাস, বছৰটোৰ নাট্যসূচী, দৰ্শকৰ মতামত আদিৰ ব্যৱ্স্থা থকা লগতে ইণ্টাৰনেটযোগে আগতীয়া টিকট বুকিঙৰো ব্যৱস্থা ৰখা উচিত৷ সেইদৰে অভিনীত প্ৰতিখন নাটকৰে পাণ্ডুলিপি আৰু অভিনীত ভিডিঅ’ ৰেকৰ্ডিং ডিজিটেল মাধ্যমত সংৰক্ষণ কৰিব লাগে৷ নলবাৰীৰ ৰাস মহোত্সৱৰ দৰে ৰাজ্যৰ অন্যান্য ঠাইতো ভ্ৰাম্যমাণ কেন্দ্ৰিক মহোত্সৱৰ আয়োজন কৰি এইসমূহক দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ বাবে প্ৰয়াস কৰিব লাগে৷

অসমৰ গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰ নামৰ এই একক আৰু অনন্য উদ্যোগটো সগৌৰৱেৰে চিৰদিন উজলি থকাটো প্ৰতিজন সংস্কৃতিপ্ৰেমী অসমীয়াৰে কাম্য৷ অসমত অতি নিৰৱে এক সাংস্কৃতিক বিপ্লৱৰ জন্ম দিয়া এই গণমাধ্যমটো সম্প্ৰতি কেতবোৰ অবাঞ্ছনীয় কাৰকৰ দ্বাৰা আক্ৰান্ত হৈছে৷ কিন্তু আমি আশাবাদী যে নাট্যশিল্পৰ গৰিমা অটুট ৰখাৰ স্বাৰ্থত থিয়েটাৰসমূহৰ কৰ্তৃপক্ষ, প্ৰযোজক-পৰিচালক, নাট্যকাৰ, শিল্পী-কলা-কুশলী, সমালোচক, সদাশয় দৰ্শককে ধৰি সংশ্লিষ্ট সকলোৱে এই কাৰকসমূহৰ মূল বিচাৰি উলিয়াই তাক দূৰ কৰাৰ প্ৰয়াস কৰিব৷ ব্ৰজনাথ শৰ্মা, অচ্যুত লহকৰ আদি পুৰোধা ব্যক্তিৰ সপোনৰ ফচল এই জাতীয় উদ্যোগটোৱে সকলো প্ৰতিবন্ধকতা আঁতৰাই, সময়ৰ লগত খোজ মিলাই, কিন্তু পথচ্যুত নোহোৱাকৈ সংস্কৃতিৰ সুৰীয়া বৰআলিয়েদি উচ্চশিৰে আগুৱাই যাব৷ জয়তু ভ্ৰাম্যমাণ থিয়েটাৰ৷ জয় আই অসম৷

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিজয় বেজবৰুৱা
5 years ago

এই মাধ্যমটো বিভিন্ন দিশত নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷

লেখাটো মনোগ্ৰাহী হৈছে৷

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক