ভ্ৰাম্যমানৰ এই বৰ্ষৰ চাৰিখন নাটকৰ কথাৰে… (হীৰকজ্যোতি বৈশ্য)

বিদ্যয়তনিক ব্যস্ততাৰ পৰা কিছু সকাহ পোৱা বাবে এইবাৰৰ ভ্ৰাম্যমানৰ নাট্য যাত্ৰাৰ আৰম্ভণিতে চাৰিখনকৈ নাটকৰ সোৱাদ ল’ব পাৰিলোঁ৷ কেচুঁৱা কালৰেপৰা ভ্ৰাম্যমানৰ নাটক চাই আহিছোঁ বাবে ইয়াৰ প্ৰতি কিবা এক অবুজ আকৰ্ষণ আছে৷ এই বৰ্ষৰ মই চোৱা তিনিটা নাট্যদলৰ চাৰিখন নাটকৰ বিষয়ে আপোনালোকক সম্যক ধাৰণা দিবলৈ অলপ কিছু তলত উল্লেখ কৰিলোঁ৷ সমালোচনা নহয়, সাধাৰণ দৰ্শক হিচাপে ভাল-বেয়া কিছু কথাহে৷
জলদস্যু (স্থান- ধাৰাপুৰ, পশ্চিম গুৱাহাটী; তাৰিখ- ১৬/০৮/১৫; নাট্যদল- ৰাজতিলক থিয়েটাৰ):
নিৰৱছিন্নভাৱে হতাশ হৈ হৈ যোৱা বৰ্ষত ঠিৰাং কৰিছিলোঁ যে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটক আৰু নাচাওঁ৷ পিছে, বন্ধুগনৰ তাগিদাত এইবাৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটকেৰেই আৰম্ভণি কৰা হ’ল৷ মাজুলীৰ এজন ডেকা জীৱনে(যতীন বৰা) জীৱিকাৰ বাবে গুৱাহাটীৰ কাছাৰী ঘাটলৈ আহি নাও চলায়৷ গুৱাহাটীত সি ভাৰা কৰি থকা ঘৰটোৰ মালিক পি পি বি(বিপুল বৰা) ধুৰন্ধৰ প্ৰকৃতিৰ৷ ঘৰৰ আচল মালিকৰ পৰা চলে-বলে-কৌশলে সকলো সম্পত্তি হস্তগত কৰাৰ পৰিকল্পনাত ব্ৰতী৷ সকলো কাম হৈ যায়, মালিক-মালিকনীক হত্যা কৰে, মাত্ৰ মালিকৰ একমাত্ৰ জীয়েক নীলা(অংকিতা শইকীয়া)ৰ চহী এটা লোৱাটোতহে সমস্যা হয়৷ নীলাক সি জোৰ-জবৰদস্তি কৰি বিয়া কৰায়, কিন্তু কেতিয়াও তাইক সেন্দূৰ ল’বলৈ নিদিয়ে, কাৰো ওচৰত পত্নী বুলি চিনাকি কৰাই নিদিয়ে, কাম কৰা ছোৱালী বুলিহে চিনাকি কৰাই দিয়ে৷ জীৱনৰ তাড়ণাত সি কৰা অত্যাচাৰ নীলাই নিৰৱে সহি যায়৷ …যেন মাজুলী৷ নিজৰ ৰূপ, গুণ, ঐশ্বৰ্যৰে মহীয়ান অথচ দিনে দিনে বাঢ়ি অহা গৰাখহনীয়া, বানপানী আদিয়ে মাজুলীৰ ঐশ্বৰ্যত দাগ লগাইছে, হেঁচুকি হেঁচুকি সংকুচিত কৰিছে৷ ৰাতি ৰাতি চহীটো ল’বৰ বাবে নীলাক সি শাস্তি দিয়ে, নীলাই চিঞৰে আৰু সেই চিঞৰ গৈ ভাৰাতীয়া জীৱনৰ কাণত পৰে৷ সহজ-সৰল জীৱনে চিঞৰৰ গম ল’বলৈ যায় আৰু লাহে লাহে নীলাৰ লগত বন্ধুত্ব আৰু পিছত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে৷ নীলাৰ সম্পত্তি কাঢ়িবলৈ পি পি বিয়ে কৰি থকা চক্ৰান্তৰ কথা জীৱনে গম পায় আৰু তাক নিধন কৰাৰ পণ লয়৷ শেষৰ দৃশ্যত নদীত পানীৰ মাজত দুয়োৰে হতাহতি লাগে আৰু জীৱনে তাক মাৰি পেলায়৷
কাহিনীত নতুনত্ব একো নাই৷ বাস্তৱিক নাইবা শৈল্পিকভাৱেও কাহিনী বিফল৷ একেখিনি সংলাপ পাঁচ-ছয়বাৰ পুনৰাবৃত্তি হৈছে৷ জীৱন নামৰ মাজুলিৰ ডেকাজনৰ চৰিত্ৰত যতীন বৰাই ভাল অভিনয় কৰিছে যদিও তেওঁৰ দেহৰ গঠন মাজুলিৰ কষ্টৰ মাজেৰে ডাঙৰ হোৱা ডেকাতকৈ বেছি সোণৰ চামুচ মুখত লৈ ডাঙৰ হোৱা আদহীয়া লোকৰ দৰেহে লাগিছে৷ এইবিলাক কথাত চকু দিয়াটো জানো উচিত নাছিল? দুটামান গৰম গৰম ডায়লগ দি দুষ্টক দমন আৰু শান্তক পালন কৰা মেছেজ দিলেই নাটক এখন ভাল হ’ব নোৱাৰে, যিটো ভট্টাচাৰ্যৰ নাটকত সততে দেখা যায়৷
মোৰ ফেচবুকত তুমি (স্থান- মৰোৱা, নলবাৰী; তাৰিখ- ২৪/০৮/১৫; নাট্যদল- থিয়েটাৰ ভাগ্যদেৱী):
বিজ্ঞানৰ আৱিষ্কাৰে মানুহৰ চিন্তাধাৰাৰ ওপৰতো প্ৰভাৱ পেলায়৷ এই প্ৰভাৱে সমাজ, সংস্কৃতি, সাহিত্য আদি সকলো চুই যায়৷ এনে প্ৰভাৱৰ সুবাদতে আজি জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং চাইট ফেচবুকৰ ওপৰতো অসমীয়াত নাটকৰ সৃষ্টি হ’ল৷

সচৰাচৰ (বেছিভাগ)দাক্ষিণাত্যৰ চিনেমাৰ দৰে দা, কুঠাৰ, লাঠিৰে মৰামৰি দেখুওৱা নাট্যকাৰ, অভিনেটা চম্পক শৰ্মাৰ এইখন এখন ব্যতিক্ৰমী নাটক৷ এইটো কথাও মানিব লাগিব যে প্ৰতিখন নাটকত শৰ্মাই সমাজলৈ একোটা ভাল মেছেজ দিয়ে৷ এইখন নাটকতো তাৰ ব্যতিক্ৰম হোৱা নাই৷
কলেজীয়া ছোৱালী (চন্দনা শৰ্মা)ৰ ফেচবুকৰ জৰিয়তে চিনাকি হয় এজন মানুহৰ, যাক তাই সকলোতকৈ ভাল বন্ধু বুলি মানে, সকলো সুখ-দুখৰ কথা কয়, সকলো ক্ষেত্ৰত পৰামৰ্শ লয়৷ কিন্তু এই মানুহজনৰ নামটো ‘বন্ধু’ বুলিহে থাকে ফেচবুকত৷ সহপাঠী (ৰাতুল দাস)এ তাইক ভাল পাই যদিও মুখ খুলি ক’ব নোৱাৰে তাইক৷ পৰিয়ালৰ হেঁচাত ওচৰৰ গাওঁৰ নীহাৰৰ লগত তাইৰ বিয়া হয়৷ বিয়াৰ দুদিন পিছতেই তৎকালীনভাৱে মিছন এটাত নীহাৰ গুচি যায় পঞ্জাৱলৈ৷ তাত চিনিয়ৰ ফৌজী চন্দন(চম্পক শৰ্মা)ক বচাবলৈ গৈ নিজে প্ৰাণ বিসৰ্জন দিয়ে৷ মৰাৰ আগত চন্দনক কৈ যায় তেওঁৰ দুখীয়া ঘৰখন থানথিত লগাবলৈ, নৱবিবাহিত কইনাজনীক আকৌ বিয়া দিবলৈ৷ কেন্সাৰ ৰোগত আক্ৰান্ত ফৌজী চন্দনে জীয়াই থকা দিনকেইটাত নীহাৰৰ শেষ ইচ্ছাটো পূৰাবলৈ মিছন হিচাপে লয়৷ অনেক বাধা-বিঘিনিৰ অন্তত চন্দন সফল হয়৷ চন্দনেই নীহাৰৰ পত্নীৰ ফেচবুকৰ ‘বন্ধু’জনো৷
নাটকখনত ফেচবুকৰ ভাল দিশ, বেয়া দিশ দেখুৱাই দিছে৷ অসমৰ গাঁৱে-ভূৱে গৈ নাট পৰিৱেশন কৰা, মানুহৰ অতি আপোন ভ্ৰাম্যমান থিয়েটাৰৰ দৰে এটা মাধ্যমে আধুনিক তথা বহুলভাৱে ব্যৱহৃত প্ৰযুক্তিৰ সজাগতা সৃষ্টি কৰাটো খুবেই ভাল কথা৷
নাটখনত চম্পক শৰ্মাই দৰ্শকৰ অধিকাংশ মনোযোগ কাঢ়িছে৷ নৱাগত অভিনেতা ৰাতুল দাসৰ অভিনয়ৰ কচৰৎ আৰু বহুখিনি বাকি আছে৷ নাটখনৰ শেষত কাহিনীৰ দিশ সলনি হয় আৰু কাহিনীয়ে বিজ্ঞান-প্ৰযুক্তিৰ জয়যাত্ৰাৰ দোহাই দি ডাইনী হত্যা বন্ধ কৰিবলৈ আহ্বান জনায়৷ সামগ্ৰিকভাৱে এখন ভাল নাটক৷
মিৰি জীয়ৰী (স্থান- ভৱানীপুৰ, বৰপেটা; তাৰিখ- ২৫/০৮/১৫; নাট্যদল- ৰাজশ্ৰী থিয়েটাৰ):
উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি ‘মিৰি জীয়ৰী’ৰ নাট্যৰূপ চাম বুলি ভাবিও অনেক থোৰোগোৰো কৰিব লগা হৈছিল, কিয়নো পূৰ্বতে কহিনুৰ থিয়েটাৰৰ মঞ্চত কাঞ্চন বৰুৱাৰ ‘অসীমত যাৰ হেৰাল সীমা’ৰ হেমন্ত দত্তৰ নাট্যৰূপ চাই হতাশ হৈছিলোঁ৷ মনক সান্তনা দিছিলোঁ এই বুলি যে উপন্যাসত বৰ্ণিত কাহিনীৰ প্ৰগাঢ় আমেজ নাট্যকাৰ-পৰিচালকৰ বাবে নাট্যৰূপত সংৰোপণ কৰা আৰু দৰ্শকে তাৰপৰা সেই আমেজ আহৰণ কৰাটো সম্ভৱ নহয়৷ কিন্তু! ‘মিৰি জীয়ৰী’ চাই সেই ভুল ভাঙিল৷ অন্তৰ শাঁত পৰিল৷ নাট্যকাৰ হেমন্ত দত্ত আৰু সমূহ অভিনেতা-অভিনেত্ৰীৰ ওপৰত শ্ৰদ্ধা উপজিল৷ বিশেষভাৱে শ্ৰদ্ধা উপজিল সঙ্গীত পৰিচালিকা তৰালী শৰ্মাৰ ওপৰত৷ যোৱাবৰ্ষত কহিনুৰ থিয়েটাৰৰ মঞ্চত লক্ষ্মীনাথ বেজবৰুৱাৰ ছুটিগল্প ‘মুক্তি’ৰ একেজন নাট্যকাৰৰ নাট্যৰূপ চাই পুলক অনুভৱ কৰিছিলোঁ৷ একেই অনুভৱ হৈছে ‘মিৰি জীয়ৰী’ৰ নাট্যৰূপ চায়৷
কাহিনীভাগ সকলোৰে জ্ঞাত৷ বিস্তৃত উপন্যাসখনৰ প্ৰায় প্ৰতিটো দিশেই দেখুৱাবলৈ যত্নৰ ত্ৰুটি কৰা নাই৷ সেয়ে হয়তো নাটখনৰ দৈৰ্ঘ্য্য বৰ্তমানৰ নাটবোৰৰ তুলনাত ভালেখিনি বেছি হৈছে৷ বেছিভাগ দৃশ্যই চুটি চুটি, তাৰ মাজতেই ধুনীয়া মিতব্যয়ী সংলাপ, সংগীতেৰে দৰ্শকক এখন ‘ভাল’ নাটক চোৱাৰ অভিজ্ঞতা দিয়ে৷ জনজাতীয় বেসভূশা তথা দৃশ্যসমূহ জনজাতীয় সংগীতেৰে আটকধুনীয়াকৈ সজাই কাহিনীৰ পটত নান্দনিক সৌন্দৰ্য সংস্থাপন কৰা হৈছে৷ দুখন মঞ্চত সৃষ্ট এনেকুৱা পটভূমিত জংকী(ৰবি শৰ্মা), পানেই(আশা বৰদলৈ), ডালিমিৰ মৰ্মান্তিক প্ৰেম কাহিনী চাই দৰ্শকে আকৌ এবাৰ কান্দি উঠিল৷ নিঃসন্দেহে এখন সফল নাটক৷
দেৱদাসী (স্থান- ভৱানীপুৰ, বৰপেটা; তাৰিখ- ২৬/০৮/১৫; নাট্যদল- ৰাজশ্ৰী থিয়েটাৰ):
শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ ‘দেৱদাস’খন যদি ‘দেৱদাসী’ নামাকৰণ কৰা হয়, কাহিনীৰ কেনেকুৱা ধৰণৰ সালসলনি হ’ব পাৰে? হয়, অভিজিৎ ভট্টাচাৰ্যৰ ‘দেৱদাসী’ নাটকখন ‘দেৱদাস’ৰ ওলোটা ৰূপ বুলিব পাৰি৷ মাত্ৰ কাহিনীটোত আধুনিক পট সংযোজন কৰা হৈছে (তথাপি বাস্তৱসন্মত হৈ উঠাগৈ নাই)৷
বিশাল কোম্পানীৰ মালিকৰ একমাত্ৰ পুতেক সাগৰৰ প্ৰেম হয় ড্ৰাইভাৰৰ ছোৱালী মায়া (আশা বৰদলৈ)ৰ লগত৷ দেউতাক আৰু কোম্পানীৰ একাউণ্টেণ্ট (কৃষ্ণমণি নাথ)ৰ চক্ৰান্তত পৰি সাগৰৰ বিয়া হয় একাউণ্টেণ্টৰ ভনীয়েকৰ লগত৷ দেউতাকৰ মৃত্যুত নিঠৰুৱা হৈ মায়াই আশ্ৰয় লয় বেশ্যা ৰূপালী আৰু তাইৰ তোলনীয়া ভাতৃ জীৱন(ৰবি শৰ্মা)ৰ ঘৰত৷ কুখ্যাত গুণ্ডা জীৱন লাহে লাহে মায়াৰ প্ৰেমত পৰে আৰু গুণ্ডাগিৰি এৰি ভদ্ৰ জীৱন লয়, মায়াৰ পৰিচৰ্যা কৰে৷ মায়াই জীৱনৰ প্ৰেম বুজে যদিও সাগাৰৰ প্ৰেমৰ বেহুৰ পৰা মুক্ত হ’ব নোৱাৰে৷ মায়াই জীৱনক অহা জনমত প্ৰেমৰ প্ৰতিশ্ৰুতি দিয়ে, এই জনমত যে তাইৰ কাৰণে সাগৰেই ভগৱান আৰু তাই দেৱদাসী, দেৱদাসীৰ পূজা ভগৱানে গ্ৰহণ নকৰিলেও দেৱদাসীৰ যে সেয়াই কৰ্তব্য৷ সাগৰক হেৰুৱাই মায়াৰ অৱস্থা শোচনীয় হৈ যায়৷ খোৱা-লোৱা বাদ দিয়ে৷ আনফালে সাগৰৰো একে অৱস্থা৷ কেৱল মদ খাই থাকে৷ কালান্তৰত একাউণ্টেণ্টে ভনীয়েকৰ সহায়ত সাগৰৰ দেউতাকৰ সমস্ত সম্পত্তি অধিগ্ৰহণ কৰি লয় আৰু সাগৰক চুৰিৰে হানে৷ দেউতাকে তেতিয়া অনুতপ্ত হয়, মায়াক অনুৰোধ কৰে সাগৰৰ বাবে প্ৰাৰ্থনা কৰিবলৈ৷ শেষ দৃশ্যত বেমাৰী গাৰে শিৱ মন্দিৰত মায়াই উন্মাদ নৃত্য কৰে, (হয়তো ভগৱান প্ৰসন্ন হয়) সাগৰ হাস্পতালৰ পৰা দৌৰি আহে, মায়াক সাবতি ধৰে, কিন্তু মায়া আৰু তেতিয়া জীয়াই নাথাকে৷
অভিনয় নিঃসন্দেহে ভাল হৈছে সকলোৰে৷ কাহিনীৰ ফালৰ পৰা কিবা যেন এটা উহ্য হৈ থাকিল৷ ‘দেৱদাস’ৰ কাহিনীটোকে ‘দেৱদাসী’ কৰোতে আৰু অধিক আকৰ্ষণীয়কৈ, অধিক গভীৰতাৰে নিৰ্মাণ কৰিব পৰা গ’লহেঁতেন৷
নাটকখন চাই মই বেয়া পোৱা যদিও এটা মন্তব্য(remark) কৰিব খোজো- কিছু ষ্টাইলিচ ফাইট, গৰম ডাইলগ দুটামান, আইটেম ছঙৰ দৰে দুটামান গান আৰু নাচ, ৮০-৯০ৰ হিন্দী ছৱিত দেখুওৱাৰ দৰে মন্দিৰত কাতৰ প্ৰাৰ্থনা আৰু প্ৰাৰ্থনাত খুচ হৈ হিৰোৰ মৃত্যুমুখৰপৰা ইউ-টাৰ্ণ ইত্যাদিবোৰ অভিজিৎ ভট্টাচাৰ্যৰ নাটকৰ কেইটামান এৰাব নোৱাৰা অংগ৷
শেষত, এই চাৰিখন নাটকৰ ৰেংকিং মোৰ হিচাপত- ১/মিৰি জীয়ৰী, ২/মোৰ ফেচবুকত তুমি, ৩/দেৱদাসী, ৪/জলদস্যু৷
ভ্ৰাম্যমানৰ উদ্যোগটো জাতিস্কাৰ হৈ থাকক, অকল বাহ্যিকতাক লৈয়েই প্ৰযোজকে ব্যৱসায় নকৰক, সবল বাস্তৱধৰ্মী নাট মঞ্চস্থ হওক, নতুন নতুন শৈলীৰ চৰ্চা কৰি দৰ্শকক চিন্তাৰ খোৰাক দিয়ক- তাৰেই আশা কৰোঁ সদায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!