ভিন্নস্বাদ (জ্যোতিৰূপম দত্ত)

প্ৰজাপতিৰ ব্যৱস্থাপত্ৰ

কেইবছৰমান আগৰ কথা৷ মোৰ লগৰ এজনে বিয়া পাতিবলৈ মনস্থ কৰি কইনা বিচৰা কাৰ্য্য আৰম্ভ কৰিলে৷ তাৰ নিজৰ ব্যৱসায় আছে৷ প্ৰতিপত্তি থকা সচ্ছল ঘৰ এখনৰ ডেকা সি৷ গতিকেই মনে মিলা কইনা এজনী বিচাৰি বন্ধুৱে দুই এজনক কাণ চোৱালে৷ তাৰ কইনা বিচৰা কামত নিজৰ ঘৰৰ মানুহো উঠি পৰি লাগিল৷

সেই সময়ত ফেচবুকৰ যুগ আৰম্ভ হোৱাই নাই৷ মন পচন্দৰ কইনাৰ খবৰ বাতৰি আঁতি-গুৰি মাৰি লোৱাৰ ক্ষেত্ৰত পুৰণিকলীয়া নীতি নিয়মেই চলি আছিল৷ বন্ধুৰ বাবে কইনা বিচৰাত আমিও হাত উজান দিলোঁ৷ ৰূপৱতী, ধনৱতী, গুণৱতী, বিদুষী আদি বিভিন্ন কন্যাৰ খবৰ আনি তাৰ আগত পেচ কৰা হ’ল৷ পিছে কইনা পচন্দ নহয়হে নহয়৷ কিবা নহয় কিবা এটা কৈ সি সকলোবোৰ নাকচ কৰি থাকিল৷ আমিও অৱশ্যে আশা এৰি নিদিলোঁ৷
এদিন আমাৰ লগৰে এজনে এটা সাংঘাতিক খবৰ আনিলে৷ বিবাহযোগ্যা ছোৱালী এজনীৰ খবৰ, ধনীৰ দুলালী, ৰূপে গুণে অতুলনীয়া, তাতে ছোৱালীয়ে ডাক্তৰি শিক্ষাও অলপতে সাং কৰি চাকৰিত যোগ দিছে৷ কথাটো শুনি বন্ধুৰ খুঁটি অলপ লৰা যেন লাগিল৷ ছোৱালীৰ ফটো এখনো কেনেবাকৈ যোগাৰ হ’ল৷ ধুনীয়া ছোৱালীজনী৷ আমিবোৰেও যতন কৰি বন্ধুৰ ভিতৰত উমি উমি জ্বলি থকা জুইকুৰা ফুঁৱাই, খুঁচৰি ডাঙৰ কৰি দিলোঁ৷ মূৰকত গৈ সিদ্ধান্ত হ’ল যে পৰিয়ালৰ মানুহক জনোৱাৰ আগতে দুয়ো এবাৰ ঘৰৰ বাহিৰতে লগ হৈ কথা বতৰা হ’ব৷ সকলো যদি ঠিক থাকে তেন্তে পৰিয়ালৰ মানুহক সিদ্ধান্তৰ কথা জনাই দিব৷

ছোৱালীৰ ঘৰৰ ফালেও মান্তি হ’ল৷ ভালেই কথা, আত্মীয় স্বজনে গম পোৱাৰ আগতেই ফয়চলা হৈ গ’লে দুই পক্ষৰে মংগল৷ বাহিৰত লগ ধৰাত ছোৱালীৰো কোনো আপত্তি নাই৷ আধুনিকা ছোৱালী৷ সি এদিন অলপ সময় ফোনতেই কথাও পাতিলে৷ ফোনত কথা পাতি সি ভালেই পালে হেনো৷ গতিকে নিৰ্দিষ্ট দিন এটাত ৰেষ্টুৰেণ্ট এখনতে দুয়ো লগ হবলৈ ঠিৰাং কৰিলে৷

কথা মতেই কাম৷ নিৰ্দিষ্ট দিনটোত ৰেষ্টুৰেণ্ট এখনত আবেলি সময়ত বন্ধু গৈ হাজিৰ হ’ল৷ যথাসময়ত ছোৱালীজনীও আহিল৷ কথা পতা আৰম্ভ হ’ল৷ বন্ধুৱে কিতাপৰ কথা, বজাৰৰ কথা, বতৰৰ কথা, ফুৰিবলৈ যোৱাৰ কথা উলিয়ালে৷ নানা কথাৰ বকলা মেলা গ’ল৷ ছোৱালীও বৰ সপ্ৰতিভ, লাজ নকৰাকৈ উত্তৰ দি গ’ল৷ তায়ো দুটামান কথা সুধিলে৷ বন্ধুৱে কি খাই ভাল পায়? ডেইলি ৰুটিনখন কেনে? খোৱা-বোৱাত কিবা বাচ-বিচাৰ আছে নেকি? পানী-দুনি খায় নে নেখায় ইত্যাদি বহু কথা৷
এনেতে এপাকত ছোৱালীজনীয়ে ‘হাতখন চাওঁ’ বুলি কৈ বন্ধুৰ হাতখন মুঠি মাৰি ধৰিলে নহয়! বন্ধুৰ হাতখন নিজৰ মুঠিত লৈ আঙুলি কেইটিও হেনো আলফুলে লিৰিকি বিদাৰি চাই কেইটিমান কথা কৈ গ’ল৷ তাইৰ চকু বন্ধুৰ চকুত৷ সেই সময়ত বন্ধুৰ হেনো এটা শব্দও কাণেৰে নোসোমাল৷ বন্ধুৰ মন থৌকি-বাথৌ হ’ল৷ মডাৰ্ণ ছোৱালীৰ বাবে এইবোৰ লাজৰ বিষয় নহয় যেনিবা৷ তাৰমানে মোটামুটি ‘ইয়েছ৷’

খাদ্য লৈ ৱেইটাৰটো অহাতহে যেনিবা সেই মধুৰ সময়খিনিৰ সমাপ্তি ঘটিল৷ খোৱা বোৱা শেষ কৰি বিদায়ৰ পৰত ছোৱালীজনীয়ে ৱেইটাৰক খুজি কাগজ এখন লৈ খচখচকৈ কিবা দুটামান শাৰী লিখি বন্ধুৰ হাতত দি কলে –
‘পাৰে যদি এইখিনি এবাৰ চাবচোন৷ কিবা থাকিলে মোক জনাব দেই৷’
বন্ধুৱে কাগজ টুকুৰা পঢ়ি নোচোৱাকৈ বুকুৰ কাষৰ জেপতে ভৰাই ৰেষ্টোৰাৰ পৰা ওলাই আহিল৷ ছোৱালীজনীয়েও তাক ধুনীয়া হাঁহি এটা উপহাৰ দি বিদায় লৈ গুচি গ’ল৷ ইফালে মোহিনী হাঁহিৰ কামশৰত বিদ্ধ হৈ বন্ধুৰ অৱস্থা একেবাৰে কাহিল৷ বন্ধুৱে কোনোমতে ৰুমলৈ ঘুৰি আহি কাগজ টুকুৰা মেলি চালে৷ কাগজ টুকুৰাত অদ্ভুত আখৰ কেইটামানেৰে বাক্য কেইশাৰীমান৷ মাজে মাজে কিহবাৰ দুটিমান ছবি অঁকাও আছে!
গধূলি মুৰে কপালে হাত দি বহি থকা বন্ধুৰ কোঠালীত আমি কেইটামানে অশেষ যত্ন কৰিও সেই প্ৰেমপত্ৰৰ পাঠোদ্ধাৰ কৰিবলৈ ব্যৰ্থ হ’লো৷ কেইটিমান শব্দ বুজি পালো যদিও সেই শব্দকেইটাই চিঠিখনক বেছি জটিলহে কৰি তুলিলে৷ যেনে, Liv, Cal, CID এইবোৰ! ফোন কৰি সুধিবলৈও সি নাৰাজ৷
আমাৰ লগৰ প্ৰকাশ নামৰ এজন একাচেকা ল’ৰা আছিল৷ সি কথাটো অলপ টং কৰি ভাবিলে৷ পিছ মূৰ্হুততে সি গিৰিসাই উঠি কলে –
‘এটা কাম কৰো ব’ল৷ ইয়াত এনেকৈ বহি থাকিলে নহব৷ এইখনত কি লিখা আছে মই এতিয়াই উলিয়াই দিম! মোৰ লগত ওলা৷ শৰ্মা ফাৰ্মাচীলৈ যাওঁ৷ তাতে তপন বুলি চিনাকি ল’ৰা এটা আছে, বিশ্বাসী মানুহ৷ সি চাই কৈ দিব পাৰিব৷ লাজ কৰি লাভ নাই বুজিছ’, চবেই জানে ডাক্তৰৰ আখৰ ফাৰ্মাচিষ্টেহে পঢ়িব পাৰে!’

কথামতেই কাম৷ আমি আটাইকেইটাই যাবলৈ ওলালো৷ ইফালে বন্ধুৰ অৱস্থা কাহিল৷ আমি তাক আশা ভৰসা দি ফাৰ্মাচী পোৱালোগৈ৷ ভাগ্যে সেই সময়ত ফাৰ্মাচীখনত আন গ্ৰাহক নাছিল৷ প্ৰকাশে চিধাই গৈ কাগজৰ টুকুৰাটো ল’ৰাজনক দেখুৱাই ক’লে –
‘এইখন ভালকৈ চাই দে৷ সোনকালে ! আন মানুহ অহাৰ আগতেই৷’
সি মুৰ দুপিয়াই কাগজখিলা এবাৰ চাই লুটিয়াই থলে৷ তাৰ পিছত লাহেকৈ সুধিলে – ‘কাৰ এইখন?’
ইতিমধ্যে বন্ধুৰ বুকুত ধানবনা আৰম্ভ হৈ গৈছিল৷ লগতে আমাৰো৷
‘ৰ’ব, এক মিনিটত আহি আছো৷’ – এইবুলি কৈয়েই ভিতৰলৈ গৈ অদৃশ্য হ’ল সি৷
ইফালে আমি এটাইমখাই টেনশ্যনত মৰিছো৷ তথাপিও বন্ধুক সান্তনা দিলোঁ৷ ক্ষন্তেক পাছতেই ফাৰ্মাচীখনৰ সেই তপন বোলা ল’ৰাজন ঘুৰি আহিল৷ হাতত পেকেট এটা৷ সি আহিয়েই ক’লে –
‘মই মোৰ ফালৰ পৰা চেম্পল এটা লগাই দিছো৷ দুশ ষাঠি টকা দিয়ক৷’

আমাৰ সকলোৰে খং উঠি আহিল৷ ব্লেকমেইলিং নেকি, পইছা দিলেহে চিঠিখন পঢ়ি দিব?
প্ৰকাশে তাক একপ্ৰকাৰ ডবিয়াই উঠিলে –
‘মোক চিনি পোৱা নাই নেকি তই৷ পিটি লম্বা কৰি দিম৷ চিঠি এখন পঢ়িব দিছোঁ, কিহৰ পইছা লাগে? দিম বাৰু, কিবা ভাল খবৰ থাকিলে পইছা পাই যাবি৷ ক কি লিখা আছে?’
ল’ৰাজনে অলপ আচৰিত হোৱাৰ নিচিনা হ’ল৷ আমাৰ মুখলৈ চাই লাহে লাহে কলে –
‘কেলচিয়াম টেবলেট এটাকৈ, আইৰণ আৰু লিভাৰৰ টনিকটো দিনে দুচামুচকৈ, লাষ্টৰটো এণ্টাচিড৷ ছবি আঁকি বুজাই দিয়াই আছে দেখোন! কি চিঠিৰ কথা কৈছে বাৰু, এইখন প্ৰেছক্ৰিপশ্যনহে!’

হিলাৰী ক্লিণ্টন

বহুদিন আগৰ কথা৷ ইণ্টাৰনেটে আমাৰ পদুলি গচকিছেহে মাথোন৷ সেই সময়ত বাতৰি কাকতৰ কাৰ্য্যালয়বোৰলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ বাতৰিবোৰ টেলিপ্ৰিণ্টাৰতেই আহিছিল৷ দীঘল দীঘল কাগজবোৰত প্ৰিণ্ট হৈ বিভিন্ন বাতৰিবোৰ আহি থাকে৷ তাকে চাই চাই পিছদিনা প্ৰকাশিত হ’বলগীয়া বাতৰিবোৰ সজাই পৰাই লিখিব লাগে৷
সম্পাদনাৰ মেজত বিভিন্নজনে ভাগে ভাগে বিভিন্ন পৃষ্ঠাবোৰৰ বাবে বাতৰি বাচি লৈ কাম কৰি যায়৷ সাধাৰণতে সৰু সুৰা বাতৰিবোৰ বা ভিতৰৰ পৃষ্ঠাবোৰৰ বাতৰিবোৰৰ দায়িত্ব কনিষ্ঠ সহ-সম্পাদকসকলকেই অৰ্পণ কৰা হয়৷ এজন জ্যেষ্ঠ সহকাৰী সম্পাদকে নিৰ্দিষ্ট পৃষ্ঠাসমূহৰ দায়িত্ব লয় আৰু কনিষ্ঠসকলে যতনাই দিয়া বাতৰিবোৰ চালি-জাৰি চাই প্ৰকাশিত হ’বলগীয়া বাতৰিবোৰ বাছনি কৰে৷
এদিন এজন চটফটীয়া ডেকা সহ:সম্পাদকে সম্পাদনাৰ মেজলৈ আহি তেওঁ লিখি অনা বাতৰি এটা দেখুৱালে৷ বাতৰিটো চায়েই সেই সময়ত সম্পাদনাৰ মেজত থকা সকলোৰে চকু কপালত উঠিল৷
বাতৰিৰ শিৰোনামা আছিল এনে –
‘হিলাৰী ক্লিণ্টনৰ দ্বাৰা দুজনকৈ কৰ্মচাৰীক গুলীয়াই হত্যা!’
সেই সময়ত বিল ক্লিণ্টন আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদত অধিস্থিত হৈ আছিল৷ যথাৰ্থতে সেই বাতৰিটোৱে সকলোকে চমকিত কৰি তুলিলে৷
সকলোৱে একেমুখে ডেকাক সুধিলে,
‘খবৰটো ক’ত পালাহে? সঁচানে? এইটো একেবাৰে ‘ফ্ৰণ্ট পেজ’ৰ নিউজ দেখোন!’
তেওঁ লাহেকৈ কলে, ‘টেলিপ্ৰিণ্টাৰতে আহিছে৷ এইমাত্ৰ পালো৷ মই Translate কৰি নিউজটো লিখি লৈ আহিছো’
সকলোৱে বাতৰিটো পঢ়িলে–
“আজি হিলাৰী ক্লিণ্টনে হোৱাইট হাউচত কৰ্মৰত তেখেতৰ দুগৰাকী কৰ্মচাৰীক গুলীয়াই হত্যা কৰে৷ ঘটনাৰ কাৰণ হিচাপে উনুকিওৱা হৈছে যে তেখেতৰ ব্যক্তিগত কামত আওহেলা কৰাৰ বাবেই তেখেতে অনিচ্ছাসত্বেও এই পদক্ষেপ ল’বলগীয়া হয়৷”
সেই সময়ত আন্তঃৰাষ্ট্ৰীয় বাতৰিবোৰৰ বাবে টেলিপ্ৰিণ্টাৰত অহা বাতৰিবোৰেই ভৰষা৷ ইণ্টাৰনেটৰ ব্যৱহাৰ একেবাৰে নাছিল৷ কিবা ঘটনাৰ সত্যাসত্যৰ বাবে টেলিফোন, ফেক্স মেছিনেই ভৰসা৷ এই বাতৰিটোৰ গুৰুত্ব বুজি সকলোৱে কোৱাকুই কৰাত লাগিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এটি৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহামান্য ৰাষ্ট্ৰপতিৰ সহধৰ্মিনীৰ দ্বাৰা দুজনকৈ কৰ্মচাৰীক গুলীয়াই হত্যা! অচিৰেই এই ঘটনাটোৱে পৃথিৱী তোলপাৰ লগোৱাটো খাটাং৷
এজন জ্যেষ্ঠ সহকাৰী সম্পাদকে কথাটো অলপ ভাবি চাই ডেকাজনক ক’লে– ‘চাওঁ, মোক টেলিপ্ৰিণ্টাৰত অহা নিউজটো দেখুওৱাচোন৷’
কথামতেই কাম৷ ইতিমধ্যে সকলোৰে অনুসন্ধিৎসাৰ কেন্দ্ৰবিন্দু হৈ পৰা সেই ছাব-এডিটৰজনে টেলিপ্ৰিণ্টাৰত অহা বাতৰিটো থকা কাগজৰ টুকুৰাটো আনি জ্যেষ্ঠ সহকাৰী সম্পাদকৰ হাতত দিলে৷
বাতৰিটো আছিল এনেধৰণৰ –
Hillary Clinton fired two staffs of her office due to negligence in duty! !

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!