ড° ভূপেন হাজৰিকাৰ গীতৰ আঁৰৰ কথা -(ৰুমী বৰা)

ড° ভূপেন হাজৰিকাৰ গীতৰ আঁৰৰ কথা
——————————————-
ৰুমী বৰা
সংগীত জগতত ড° ভূপেন হাজৰিকাৰ অৰিহণা অপৰিহীম ৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি অসমবাসীৰ বাবে অমূল্য সম্পদ৷ গীতিকাৰ,সুৰকাৰ,গায়ক,কথাছবি নিৰ্মাতা হিচাপে তেওঁ আছিল এজন অসাধাৰণ ব্যক্তি ৷ উদ্দেশ্য আৰু পটভূমিৰ ভিন্নতা ভূপেন হাজৰিকাৰ ৰচনাৰাজিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য ৷ আজি তেওঁৰ কেইটিমান এনে চিৰসেউজীয়া গীতৰ আঁৰৰ কিছু কাহিনী আগবঢ়াইছোঁ৷
ভুপেন হাজৰিকাৰ দেউতাক নীলকান্ত হাজৰিকা এজন সংগীত প্ৰেমী লোক আছিল ৷ তেওঁ ভূপেন হাজৰিকাক সপ্তম শ্ৰেণীত থাকোতে এখন পিয়ানো কিনি দিছিল গান শিকিবৰ বাবে ৷ ১৯৩৭ চনত শৈশৱতেই তেওঁ প্ৰথম স্বৰচিত গীত এটি লিখিছিল, গীতটো আছিল …..
“ কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে 
ধৰিছিল নামৰে তান,
নামৰে সুৰতে আনন্দত নাচিছিল
পৱিত্ৰ বৰদোৱা থান
মোৰ গুৰু ঐ,পৱিত্ৰ বৰদোৱা থান ৷৷ ”
তেওঁ সৰুৰে পৰাই সংগীতৰ দ্বাৰা সমাজৰ উন্নতি কৰিবলৈ যত্ন কৰিছিল ৷ এছিয়াৰ সৰ্ব্ববৃহৎ ৰেকৰ্ডিং কোম্পানী “হিজ মাষ্টাৰ্ছ ভয়চ”ত তেওঁৰ প্ৰথম গীতৰ ৰেকৰ্ডিং হৈছিল কলিকতাত ৷ বয়স কম হোৱাৰ বাবে তেতিয়া তেওঁৰ মাতটো সৰু আৰু ছোৱালীৰ দৰে আছিল ৷ সেয়ে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাই “জয়মতী কুঁৱৰী আৰু শোণিত কুঁৱৰী ” কথাছবিৰ মহিলাৰ কন্ঠৰ বাবে ভূপেন হাজৰিকাৰ দ্বাৰা ৰেকৰ্ডিং কৰাইছিল ৷
যেতিয়া তেওঁ তেৰ বছৰীয়া,তেতিয়া দ্বিতীয় মহাসমৰৰ হত্যালীলা,আনফালে গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলি আছিল ৷ সকলো ফালে নানা সংঘাত ৷তেওঁ জাতি-ধৰ্ম্ম-ভাষাৰ বিভেদক পাহৰি ভ্ৰাতৃত্ববোধ জগাই তুলিবলৈ এই গীতটো ৰচনা কৰিছিল ৷
“অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্ব্বহাৰাৰ সৰ্ব্বস্ব
পুনৰ ফিৰাই আনিম
নতুন ভাৰত গঢ়িম ৷……”
১৯৪৬চনত তেওঁ যেতিয়া কাশী বিশ্ববিদ্যালয়ত পঢ়ি আছিল, তেতিয়া তেওঁ আগ্ৰাৰ তাজমহল দেখি ৰচিছিল এই প্ৰেমৰ গীতটি- “হায় হায় হায়,কঁপি উঠে কিয় তাজমহল ?….”! তেনেদৰে, আইতাকে ৰান্ধি খুওৱা কলমৌ শাকলৈ মনত পেলাই লিখিছিল –“কলমৌ খাওতে বুঢ়া হনুমন্তে ,নগৰী কৰিলে ছন ঐ গোবিন্দাই ৰাম ৷৷” আকৌ চিকাগো ৰে’ল ষ্টেচনত ৰেলৰ বাবে অপেক্ষা কৰি থাকোঁতে এটি গীত লিখিছিল ৷ গীতটো আছিল ……….
“ঝক ঝক ৰে’ল চলে মোৰ,
ৰে’ল চলে মোৰ ৰে’ল চলে,
সাম্য ৰিঙিয়াই,
শান্তি উকিয়াই ৰে’ল চলে ৷৷
ফায়াৰমেন মই ,……….”
গীতটোত আছে ৰেলৰ শ্ৰমিকসকলৰ জীৱন-সংগ্ৰামৰ চিত্ৰ আৰু শোষক-শোষিতৰ মাজৰ প্ৰাচীৰ ভাঙি সাম্য প্ৰতিষ্ঠাৰ এক সঙ্কল্প ৷ দুখীয়া-নিপীড়িত মানুহৰ মুক্তিৰ সপোনক বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত কোনেও যে ঐক্যবদ্ধ সংগ্ৰামক ৰুধিব নোৱাৰে ,সেই কথাকেই তেওঁ গীতেৰে কৈছে ৷
আটলাণ্টিক মহাসাগৰেদি জাহাজত আহি থাকোতে,তেওঁ মহাসাগৰখনৰ শান্ত ৰূপ দেখি এটি গীত লিখিছিল ৷ গীতটো যথেষ্ঠ ভাবগধুৰ আৰু জীৱন সংগ্ৰামত মানুহে কেতিয়াও ক্লান্তহৈ নপৰিবৰ বাবে উৎসাহ যোগোৱা হৈছে ৷ ১৯৫২চনত তেওঁ এই গীতটো ৰচনা কৰিছিল ৷ এই কালজয়ী গীতটি হ’ল-
“সাগৰ সঙ্গমত,কতনা সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত
তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ
উৰ্ম্মিমালা অশান্ত ৷৷”
এই গীতটিত প্ৰশান্ত মহাসাগৰৰ আঁৰত তেওঁৰ নিজৰ সামাজিক জীৱনটোৰো প্ৰতিফলন ঘটিছে৷ তেতিয়া দেশলৈ উভতাৰ কথাই নানা দ্বিধা-দন্দ্ব আৰু সন্দেহৰ জন্ম দিছিল ৷অনিশ্চয়তাৰ কথা, আৰ্থিক দিশৰ চিন্তা আৰু দেশলৈ ঘূৰি গৈ কিনো কৰিব —ইত্যাদি চিন্তাতে প্ৰথম চাৰিটা শাৰীত লিখিছিল যে ক্লান্ত হ’ব নাপায়৷ উল্লেখযোগ্য যে তেওঁ গীতটো একেবাৰতে লিখা নাছিল ৷ ইউৰোপ,আফ্ৰিকা আদি চাই যেতিয়া গুৱাহাটী পাইছিলহি,তেতিয়া গতানুগতিক সমাজৰ মূল্যায়নৰ বিৰুদ্ধে গৈ যথেষ্ট সময়ৰ পাচতহে গীতটোৰ বাকী অন্তৰাকেইটা লিখিছিল৷ তেওঁৰ আত্মজীৱনীত উল্লেখ কৰা মতে, তেওঁৰ জীৱনৰ সকলো দৰ্শনৰ গভীৰতা এই গীতটোত দিব পাৰিছে বুলি তেওঁৰ বিশ্বাস হৈছিল ৷ জীৱনৰ সত্য,সুন্দৰ আৰু নীৰৱ সাধনাৰ দৰ্শন নিহিত হৈ থকা এই গীতটিয়েই হৈছে তেওঁৰ জীৱনৰ প্ৰিয়তম গীত ৷
১৯৬০চনত অসমত ভাষা আন্দোলন আৰম্ভ হ’ল৷ ভূপেন হাজৰিকাই হেমাঙ্গ বিশ্বাসক লগত লৈ ‘Let us meet’ বুলি অনুষ্ঠান এটা কৰি গোটেই অসম ঘূৰি,অসমীয়া-বঙালীৰ মাজত সম্প্ৰীতিৰ বাবে গান গাইছিল৷ মানুহৰ মাজত ভুলতেই সৃষ্টি হোৱা ভুল বুজা-বুজি আৰু হিংসা-হত্যাৰ বিভীষিকান আঁতৰ কৰিবৰ কাৰণেই তেওঁলোকৰ সাংস্কৃতিক অভিযানত গাবৰ বাবে কেইবাটাও গীত ৰচনা কৰিছিল ৷ তাৰে ভিতৰত বিখ্যাত গীতটো আছিল –
“মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱাঁ – সমনীয়া ?”
১৯৬২ চনৰ শেষ ভাগত চীনে ভাৰত আক্ৰমণ কৰিলে ৷কামেং সীমান্তৰ ব’মডিলালৈকে চীনা সৈন্য সোমাই আহিল ৷এফালৰ পৰা ধ্বংস কৰি অহা ৰণ-বলিয়া চীনা দস্যুহঁতৰপৰা উত্তৰ-পূব ভাৰতক ৰক্ষা কৰাৰ আশা নেদেখি তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিদায়-বাণী শুনালে ৷ তেজপুৰকে আদি কৰি উত্তৰ পাৰৰ মানুহে ঘৰ-বাৰী এৰি যেনিয়ে-তেনিয়ে পলাই প্ৰাণ বচাবলৈ চেষ্টা কৰিলে ৷ ভূপেন হাজৰিকাই মাক-দেউতাকৰ কোনো খবৰেই পোৱা নাছিল ,দুখত ম্ৰিয়মানহৈ তেওঁ এই গীতটো লিখিছিল-
“বুকু হম্ হম্ কৰে – মোৰ আই
কোনে নিদ্ৰা হৰে – মোৰ আই
পুত্ৰ হৈ মই কিমতে তৰোঁ ?
আই,তোৰে হৈ মই মৰোঁ ৷৷”
১৯৬২ চনৰেই ডিচেম্বৰ মাহৰ ২৪ তাৰিখে ভূপেন হাজৰিকা আৰু তেওঁৰ লগৰীয়াসকলে এখন ডকুমেণ্টৰী ফিল্ম কৰাৰ বাবে কামেং সীমান্তৰ যু্দ্ধক্ষেত্ৰলৈ যাত্ৰা কৰিলে ৷ তেওঁলোকে গৈ ‘টেঙাভেলিত’ শ্মশানৰ নীৰৱতা দেখা পালে ৷ ছেদেলি-ভেদেলিহৈ কেউপিনে পৰি আছিল অসংখ্য ভাৰতীয় জোৱানৰ ক্ষত-বিক্ষত মৃতদেহবোৰ ৷ মৰাশৰ ছাল টানি টানি কেইটামান পাহাৰীয়া কুকুৰে কেংকেঙাইছিল ৷ মাখিবোৰে মনৰ আনন্দতে এটা মৰাশৰ পৰা আন এটা মৰাশলৈ উৰি গৈছিল ৷ ‘জেনেভা কনভেনচন’ৰ নীতি অনুসৰি যুদ্ধ ক্ষেত্ৰৰ জোৱানৰ মৃতদেহ সৎকাৰ কৰাৰ সামান্য সভ্যতাখিনিও নাছিল সেই চীনা ৰাক্ষসহঁতৰ ৷ টেঙাভেলিত দেখা একে দৃশ্যকেই তেওঁলোকে ব’মডিলাতো দেখা পালে ৷ দেশৰ বাবে প্ৰাণ দিয়া আমাৰ জোৱানসকলৰ মৃতদেহবোৰ দেখি তেওঁৰ কলিজাৰ পৰা নিগৰি ওলাইছিল এটি গীত-
“কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ’ল
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহ’লো মই কিয় ?”
১৯৬৩ চন-তেওঁ যেতিয়া একেবাৰে অকলশৰীয়া যেন অনুভৱ কৰিছিল,তেতিয়া তেওঁ একাকীত্ব দূৰ কৰিবৰ কাৰণে গীতৰ মাজতেই ডুবি থাকিবলৈ বিচাৰিছিল ৷ নিষ্ঠুৰ জীৱন সংগ্ৰামত তেওঁ এষাৰি মৰমৰ মাতৰ বাবে ব্যাকুল হৈ পৰিছিল ৷সেই অনুভূতিক তেওঁ গীতেৰেএইদৰে প্ৰকাশ কৰিছিল –
“আকাশীগঙ্গা বিচৰা নাই
নাই বিচৰা স্বৰ্ণ অলঙ্কাৰ ৷
নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত
বিচাৰোঁ মৰমৰ মাত এষাৰ ৷৷”
বিভিন্ন সময়ৰ বিভিন্ন পৰিস্থিতিত এনেদৰেই ভূপেন হাজৰিকাদেৱে এটাৰ পিছত এটাকৈ কালজয়ী গীতসমূহ সৃষ্টি কৰি গৈছিল৷ এই মনপৰশা গীতসমূহে চিৰদিন আমাকো জীৱনৰ বাটত সাহসেৰে আগুৱাবলৈ প্ৰেৰণা যোগাই থাকিব৷
সহায়ক গ্ৰন্থ: ‘মই এটি যাযাবৰ: ড° ভূপেন হাজৰিকাৰ অনুলিখিত আত্মজীৱনী’
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!