বিবাহিত বৰলা- ৰূপাংকৰ চৌধুৰী

আগৰ কথা বেলেগ আছিল৷ তেতিয়া মই আৰু মোৰ পত্নী দুই ৰাজ্যৰ দুই চহৰৰ বাসিন্দা আছিলোঁ৷ কৰ্মসূত্ৰে৷ এতিয়া আমি একেলগে থাকোঁ৷ একেলগে থাকিলে বহুত সুবিধা৷ ঘৰুৱা যতন আৰু মৰম মিহলি খানা পোৱাটো আটাইতকৈ ডাঙৰ সুবিধা৷ ভোজনৰসিক হিচাপে সেয়া মোৰ দৰে বিবাহিত ব্যক্তিৰ বাবে জীৱনৰ সুখ বিচৰাৰ এক অন্যতম পাথেয়৷ ঢেকীয়া, লাই, খুতুৰা, পালেং, মানিমুনি শাকৰ বিভিন্ন ব্যঞ্জন, সৰু মাছ-ডাঙৰ মাছ, বিলৰ মাছ, নদীৰ মাছৰ হৰেক ৰকমৰ আঞ্জা, মূৰিঘণ্ট, নানা ৰকমৰ মূৰ্গীৰ জোল (বেলেগে থাকোতে ব্ৰয়লাৰৰ ড্ৰাই-ফ্ৰাই আছিল ভোজন বিলাসৰ প্ৰধান উৎস!) তদুপৰি পত্নীৰ আব্দাৰেৰে নিজৰ সৌন্দৰ্য চৰ্চাৰ এক বেলেগ আমেজ আছে৷ চুলিত হেনা কৰা, মুখত-ফেচিয়েল, ফেচ-পেক ঘঁহা ( অকলে থাকোতে সেই ডাঠ চামৰাৰ বিহাৰী নাপিতৰ ভয়ংকৰ হাতৰ ঘৰ্ষণ!) আদিয়ে জীৱনটো উদযাপনৰ নতুন নতুন মাধ্যমবোৰৰ লগত চিনাকি কৰাই গৈছিল৷ তাৰে মাজতে সপ্তাহৰ শেষত চিনেমা চোৱা, আলহী খোৱা আদি পৰ্ব আছিলেই৷ মুঠতে এক সুন্দৰ জীৱন-যাপন! বৈবাহিক জীৱনৰ সুখবোৰৰ লগত এক সুখৰ সংসাৰ৷
সকলো ঠিকেই চলি আছিল৷ নীতি-নিয়ম পালিত অন্য এক জীৱন৷ কিন্তু কেনা লাগিল৷ সেই বিবেক দাই ’ৱাটচএপ’ত দিয়া পোষ্টেই মোৰ মাজত লুকাই থকা ’বৰলা-ভাৱ’টো জগাই তুলিলে! লক্ষ্যস্থান কোকৰাঝাৰ৷ কোকৰাঝাৰত এখন আকৰ্ষণীয় পৰ্য্যটনস্থলী বিচাৰি উলিয়াইছে বিবেক দাই৷ একদম নতুন ঠাই৷ বিবেক দা মোৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ চিনিয়ৰ৷ দাদাৰ পুত্ৰ এতিয়া সেই হোষ্টেলত থাকে! সি এমএত নাম লগাইছে৷ দাদাই সদায় পৰীক্ষামূলক জীৱন ধাৰণত ব্যস্ত৷ জীৱনটো বেলেগ ধৰণে উদযাপন কৰি খুউব ভাল পায়৷ মাজতে ব্ৰহ্মপুত্ৰত কটাইছিল এক সপ্তাহ নৌকা-বিহাৰ কৰি৷ সংগী দাদাৰ পুতেকৰ বন্ধু দুজনমান৷ মাজতে আকৌ এবাৰ হিমাচলৰ হিমালয়ত গৈছিল৷ তিনিমাহ থাকি আহিছিল৷ গেৰুৱাবসন লৈ সন্ন্যাসী টাইপ জীৱন৷ দাদা ঘূৰি আহিবৰ দিনা বৌৱে মোৰ পত্নীক কান্দি-কান্দি ফোন কৰিছিল প্ৰায় এঘণ্টা ধৰি৷ বৌৰ কান্দোনত আৱেগিক হৈ দাদাৰ ঘৰলৈ খবৰ-খাতি কৰিবলৈ গ’লোঁ মই আৰু মোৰ পত্নী৷ দেওবৰীয়া হাতত কাটি থকা লোভনীয় গাহৰিৰ মাংস দেখি মই গাড়ীৰ পৰা নামি গ’লোঁ ২ কেজি মান ল’বলৈ৷ বিবেক দাৰ বৰ প্ৰিয় গাহৰিৰ মাংস৷ কিন্তু পত্নীয়ে সোঁৱৰাই দিলে দাদাৰ বৰ্তমানৰ গেৰুৱাবসনধাৰী সন্ন্যাসী ৰূপ৷ ‘মুড-অফ’ হৈ গৈছিল৷ কাষতে বিক্ৰী কৰি থকা মালভোগ কল, বুট, মগু, চাগু, বাঁহৰ চুঙাৰ দৈ আৰু অলপ ঘি ল’লোঁ৷ গাহৰিখিনিৰ প্ৰতি এক লোলুপ দৃষ্টি দিলোঁ আৰু ম’বাইলত দুখনমান ফ’ট’ তুলি আনিলোঁ যাতে সেয়া চাই দুদিনমান ভাত দুমুঠি বেছিকৈ খাব পাৰোঁ৷
দাদাহঁতৰ ঘৰৰ দুৱাৰমুখত গাড়ী ৰখাই দেখিলোঁ এক আশাতীত দৃশ্য৷ দাদাৰ গাত গেৰুৱা কাপোৰো নাই, মুখত এমোকোৰা দাড়িৰো চিন-চাব নাই৷ ’ক্লীন-চেভ’ বিবেক দাদাই আগচোতালত বহি লোকেল মূৰ্গী বাচি আছে৷ কাষত বহি বৌৱে ডাঙৰ-ডাঙৰ লোভনীয় ‘পিচ’ কৰি আছে এটি প্ৰকাণ্ড বাহু মাছ৷ বিবেক দাৰ এই কথাটোৱেই ভাল লাগে যে তেওঁ একেথিৰে বেছি দিন থাকিব নোৱাৰে৷ অস্থিৰ৷ পত্নীৰ পিনে এক অভিমানী চাৱনি নিক্ষেপ কৰিলোঁ৷ গাহৰি আনিব নিদিয়াৰ ভেমত৷ সেয়াই বিবেক দা৷ এক নিজস্ব জীৱনশৈলীৰে পৰিচালিত ব্যক্তি৷
সেই বিবেক দাৰেই প্ৰস্তাৱ৷ একেবাৰে নতুন ঠাই৷ কোনো হাই-উৰুমি নাই৷ চক্ৰশীলা৷ কাষতে দুখন বিল৷ ধীৰ বিল আৰু দিপলাই বিল৷ বিলৰ পাৰত পিকনিক পাৰ্টী আহে কিন্তু এতিয়া সেয়াও নাই৷ পিকনিকৰ বতৰ গ’ল৷ বেচৰকাৰী সংস্থা এটাই তদাৰকী কৰি আছে৷ সেই ঠাইখন এক পৰ্য্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ এক সুন্দৰ পৰিকল্পনা৷ বিটিএডিৰ পৰা আশাপ্ৰদ সঁহাৰি পাইছে৷ সেই সংস্থাৰ তৰফৰ পৰা পৰীক্ষামূলকভাবে চলি আছে তাতে ’ইক’টুৰিজিম’ৰ ব্যৱস্থা৷ অতি ঘনিষ্ঠ আৰু চিনাকি দুই-এজনৰ বাবে তাত থকা-মেলাৰ ব্যৱস্থা৷ জংগল চাফাৰী, পক্ষী নিৰীক্ষণৰ ব্যৱস্থা৷ মুঠতে এক অভিলাষী কাৰবাৰ৷ জংগলৰ মাজত ৰাতি থকাৰ ব্যৱস্থা৷ কি মজা লাগিব!
পত্নীক ক’লোঁ৷ কোকৰাঝাৰত যাম বুলি৷ বিবেক দাৰ লগত তিনিদিনীয়া কাৰ্য্যসূচী৷ বিবেক দাৰ লগত ’প্লেন’ কৰা বুলিলেই বেলেগকৈ ভবা পত্নীয়ে এইবাৰ কিন্তু সঁহাৰি দিলে৷ বিবেক দাৰ বৌৱে ইতিমধ্যে জনাইছিলেই হেনো৷ মোক ক’লে- এটা কাম কৰিবা৷ যাওঁতে মোক বিবেক দাৰ ঘৰত নমাই থৈ যাবা৷ বৌৱে বহুত দিনৰ পৰা থকাকৈ মাতি আছে যোৱাই হোৱা নাই৷ মোৰো বেয়াই লাগিল৷ একেলগে থকাৰ পৰা মোৰ পত্নীৰো ক’তো অকলে থকাকৈ যোৱাই হোৱা নাই৷ ভালেই পালোঁ৷
শুকুৰবাৰ এটাত পুৱাই ওলালো গুৱাহাটী অভিমুখে৷ আগদিনা ৰাতিয়েই ৰাস্তাত খাবলৈ আৰু বিবেক দাহঁতৰ ঘৰলৈ বুলি কিবা-কিবি বনাই থৈছিল৷ পুৱা ন বজাৰ আগতেই বিবেকদাৰ ঘৰত আমি হাজিৰ৷ আহি গাড়ী ৰাখিবই পোৱা নাই৷ বিবেক দাৰ গালি-গালাজ আৰম্ভ- ’গৰুৰ গাড়ীৰ দৰে চলাইছিলি নেকি গাড়ী? ইমান দেৰি? বল, বল৷ মোক ভিতৰত যাবই নিদিলে৷’ ৰাস্তাত গড়চুকৰ মাংস বজাৰলৈ লোভনীয় চাৱনি এটা দিছিলোঁ৷ বিবেক দাই ক’লে- ’বল, বল৷ মাংসৰ ঘানীত গৈ আছোঁ আমি৷’ জালুকবাৰী পাওঁতেই দাদাই গাড়ী বিশ্ববিদ্যালয়ৰ পিনে ঘূৰাব দিলে৷ বিশ্ববিদ্যালয়ৰ ৰাস্তা লৈ মই সুধিলোঁ-
– আৰু কোনোবা আছে নেকি?
– এগাল আছে ব’ল৷ আৰু হেৰি, কোকৰাঝাৰ ’কেনচেল’৷ আমি বেলেগ ঠাইত যাম৷

– কি? ক’ত যাব? বৰ দেখোন কৈ আছিল জংগল চাফাৰী কৰিব?

– নাই৷ সেই সংস্থাটোৰ ল’ৰা কেইজনে হঠাৎ কিবা কামত মানাহত আহিছে৷ আজি পুৱাই মোক ফোন কৰিছিল৷ তোক ক’ব নহ’ল৷

– এতিয়া তেন্তে ক’ত কি প্লেন কৰিব?

– ব’লচোন৷ হোষ্টেল ব’ল৷ তাত কাম এটা আছে৷
হোষ্টেল পাই দেখিলোঁ, চাৰিজনমান ল’ৰা হাতত কৰাহী, হেতা, গামলা, বাল্টি হাতে হাতে লৈ ৰৈ আছে৷

– ই মানে অলক হোষ্টেলত নাই৷ বিশ্ববিদ্যালয় টীমৰ হৈ ক্ৰিকেট খেলিবলৈ গৈছে বৰপেটাৰ পিনে৷ তাৰ লগৰ কেইটামান আছে৷ সিহঁতক লগত লৈ যাওঁ৷

– আপুনি মানুহ মাৰিব হে৷ আপুনি নিজৰ ল’ৰাৰ লগৰ লগত আবতৰীয়া ’পাৰ্টি’ কৰিব?

– নাই ঐ৷ নৌকা-বিহাৰ কৰোঁতেই ইহঁতৰ লগত ভাল সম্পৰ্ক এটা হৈ গ’ল৷ সেয়েহে ভাবিলোঁ এটা ’পাৰ্টি’ হৈ যাওক৷
অলকে জানিলে কি হ’ব তাকে ভাবি বেয়া লাগি আছিল৷ সি যদি কেনেবাকৈ গ’ম পায় আৰু বৌক কৈ দিয়ে? আৰু বৌৱে কান্দি কান্দি মোৰ পত্নীক! কোনে কাক কি বুলি সান্ত্বনা দিব? চেহ! পত্নীৰ মুখখন মোৰ সন্মুখত ভাঁহি আহিল৷ পাচিটোৰ দৰে ফুলি থকা মুখখন৷ দুগালে বৈ অহা অশ্ৰু! নিজকে কিবা ফাঁকিবাজ যেন লাগিল৷ এই বিবেক দাৰ লগত ’প্লেনিং’ সঁচাই কৰিব নালাগে৷ ক’ত যে কি বুদ্ধিবোৰ মূৰত সুমুৱাই থাকে! অলপ সময়ৰ বাবে মন বেয়া লাগি গ’ল৷ কিন্তু পিছ মুহূৰ্ততে ‘বৰলা’ মইটোৱে উক দি উঠিল৷ আহিছোঁ যেতিয়া অলপ ফূৰ্তি কৰা যাওক৷
যি হওক৷ আহিলোঁ যেতিয়া আৰু আধা বাটৰ পৰাটো উভতি যাব নোৱাৰি৷ মানুহজনীক ফোন কৰিম বুলিও নকৰিলোঁ৷ সন্ধিয়া উভতি আহি সবিশেষ নিজেই জনাম৷ এতিয়া লক্ষ্যস্থান ৰাণী৷
ৰাণী সঁচাই প্ৰকৃতিৰ ৰাণী৷ প্ৰকৃতিৰ মনোমোহা ৰূপ! পিকনিকৰ বতৰত কিন্তু একেবাৰে পঁয়ালগা অৱস্থা৷ ৰাণীগেট পাই লাগতীয়াল সামগ্ৰীবোৰ লৈ ল’লোঁ৷ গাহৰিৰ মাংস, পানী, চাউল, বিলাহী, পিঁয়াজ, জলকীয়া, আদা-নহৰু, তেল-মচলা, প্লেট-গিলাচ আৰু চাৰি বটল মদ৷ পিকনিকস্থলীত আমিয়েই অকল৷ এই মাৰ্চৰ মাহত কোন মূৰ্খই পিকনিক খাব আহিব নো! বিবেক দা থাকিলে এটা ভাল৷ খানা ৰন্ধাৰ পৰা আদি কৰি পেগ সাজি দিয়ালৈকে সকলো কাম নিয়াৰকৈ কৰে৷ দাদাৰ হাতৰ ৰন্ধা বহুত দিন খোৱা নাই৷ খানাৰ সমান্তৰালকৈ হোষ্টেলৰ ল’ৰা কেইজনৰ গীটাৰ বজাই সংগীতানুষ্ঠান৷ মই বহুত দিনৰ মূৰত খোৱা বাবেই নেকি জল্দি নিচা ধৰিলে৷ গাহৰি ভজাৰ পৰাই ভক্ষণ আৰম্ভ৷ নাখাও বুলি ক’লোঁ যদিও কথা নামানে কোনেও৷ অৱস্থা কাহিল৷ পিছত ভাত কি খালোঁ মই নিজেই গম নাপালোঁ৷ বিবেক দাই গাড়ী চলাই লৈ আহিল৷ আটাইকেইজন অৰ্দ্ধ-উলংগ! দেহৰ ওপৰভাগত একো নাই! হোষ্টেললৈ আহি এক ঘণ্টামান শুই দিহে অলপ ’ফ্ৰেচ’ লাগিল৷ একাপ-একাপ চাহ খাই ওভতনি যাত্ৰা আৰম্ভ কৰি দিলোঁ৷ আজি ৰাতিটো বিবেক দাৰ ঘৰতে থাকিম৷
বিবেক দাৰ ঘৰৰ গে’টৰ সন্মুখত গাড়ী ৰখালোঁ৷ বিবেক দাৰ ঘৰৰ পৰা ডাঙৰ-ডাঙৰ শব্দ কৰি হনী সিংৰ গান বাজি আছে- ’চাৰ বটল ভডকা, কাম মেৰা ৰোজ কা’৷ ’ভডকা’ শব্দটো শুনি দিনৰ খোৱাখিনি আহি ডিঙিলৈ আহিল৷ বৌ আৰু মোৰ মানুহজনীয়ে চাগে আড্ডা মাৰি আছে গান শুনি-শুনি৷ এতিয়া গৈ গা-পা ধুই ল’ম আৰু বৌৱে ৰন্ধা এসাজ ঘৰুৱা খানা খাই বিছনাত পৰিম৷
কলিং বেল মাৰি হে আছোঁ৷ কোনো সঁহাৰি নাই৷ কিন্তু কিবা ভডকাৰ গোন্ধটোহে পোৱা যেন লাগিল৷ ভাবিলো এয়া মতিভ্ৰম হৈছে মোৰ৷ দিনৰ ডিঙিলৈকে খোৱাৰ পাৰ্শ্বক্ৰিয়া৷ উপায়ন্তৰ হৈ আমি ঘৰৰ পাচফালে গ’লো৷ গৈ তাত যি দেখিলোঁ ভাগ্যে মূৰ ঘূৰাই পৰি নগ’লোঁ৷
আমি কোকৰাঝাৰ গ’লে যে একেদিনাই ঘূৰি নাহোঁ সেয়া নিশ্চিত আছিল বৌ আৰু মোৰ পত্নী৷ দুয়ো ’ফুল-ভলিউম’ত গান লগাই একেবাৰে ’ডিস্কো নৃত্যত মচগুল! কাষত ইতিমধ্যে ’ভডকা’ৰ এটা ’হাফ-বটল’ পৰি আছে৷ চিকেনৰ হাড়বোৰ জমা হৈ আছে কাষৰ প্লেট এখনত৷
ৰাতি ভাত ৰন্ধাৰ পাল মোৰ আৰু বিবেক দাৰ পৰিল৷ আলু-সিদ্ধ, দালি-বটা, জহা চাউলৰ ভাত খাই শুই থাকিলোঁ৷ দু্য়োৰে মানুহ দুজনীক অলপ অলপ খুৱাই দিলোঁ সৰু ছোৱালীক দিয়াৰ দৰেই অলপ অলপ নিজৰ থালৰ পৰা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments