বিদায়- মূলঃ ফেডেৰিকো গাৰ্চিয়া লৰ্কা
বিদায়- মূলঃ ফেডেৰিকো গাৰ্চিয়া লৰ্কা
ভাবানুবাদঃ ড০স্মৃতিমালা শৰ্মা
============
মই যদি মৰি যাওঁ
বাৰন্দাখন খোলা ৰাখিবা।
শিশুটোৱে সুমথিৰা এটাৰ জুতি লৈছে।
(বাৰন্দাৰ পৰাই মই দেখিছোঁ)
কৃষকজনে য’ধানবোৰ মাৰিছে।
(বাৰন্দাৰ পৰাই মই শুনিছোঁ)
মই যদি মৰি যাওঁ
বাৰন্দাখন খোলা ৰাখিবা।