বিফলতাৰ এপৃষ্ঠা – বিকাশ শইকীয়া

২০১১ চনৰ কথা৷ তেতিয়া নদীবান্ধ বিৰোধী আন্দোলন তুংগত৷ ভাইটি তেজপুৰ ইউনিভাৰচিটীত ছছিয়লজি পঢ়ি আছে৷ এবাৰ পুজাৰ বন্ধত দুয়োটা ঘৰত আছো৷ নদীবান্ধৰ কথা ওলাল৷ মই সপক্ষে, সি বিপক্ষে৷ শেষত মই হাৰ মানিলো৷ ভাইটিয়ে মোক বুজাই দিলে কেনেকৈ নদীবান্ধে অসমৰ ডেমগ্ৰাফি চেঞ্জ কৰিব, কেনেকৈ আপাৰ সোৱনশিৰি পাহাৰৰ বালি আহি মাজুলী পাইছেহি৷

– তই চছিয়লজি পঢ়িছ নে জিয়লজি আৰু চিভিল ইঞ্জিনিয়াৰিং পঢ়িছ ……. মই সুধিলো
– ছছিয়লজি
– তেন্তে এইবোৰ কোনে কলে
– চন্দন শৰ্মা নামৰ আমাৰ এজন ছাৰ আছে, বহুত ভাল ছাৰ ……… ভাইটিয়ে কলে
মই বুজি উঠিলো যে মাই ব্ৰাদাৰ ৱাজ ব্ৰেইনৱাছড৷ সেই সময়ত অখিল গগৈ এফালে, হিমন্ত বিশ্ব এফালে৷ দুয়োজনৰ মাজত কুকুৰ-মেকুৰীৰ দৰে যুঁজ৷ চন্দন শৰ্মা বোলা প্ৰফেছাৰজন অখিল গগৈৰ সপক্ষে আৰু খুব সম্ভৱ তেও অখিল গগৈৰ সপক্ষে এটা ঢৌৰ সৃষ্টি কৰিছিল তেজপুৰ ইউনিভাৰচিটিত৷
সেই সময়তে টেট পৰীক্ষা হৈছিল৷ হিমন্ত বিশ্বই জনপ্ৰিয় কৰা প্ৰথম টেট৷

– এইবাৰ টেট দিবি ……….. মই ভাইটিক ফোন কৰি কলো৷
টেটৰ পাছদিনা মই ভাইটিক ফোন কৰিলো৷

– কেনে হল টেট

– দিব নোৱাৰিলো

– কিয়

– ক্লাছ আছিল

– কিয় এদিন ক্লাছ খতি কৰি কিয় নিদিলি

– ধেই এইবোৰ দি লাভ নাই

– কিয়

– হিমন্ত বিশ্ব একদম কৰাপটেড, পুৰা চাকৰিবোৰ বেছি দিব…. ভাইটিয়ে কলে

– তোৰ মুৰত এইবোৰ কোনে সুমুৱাই দিছে…. মই সুধিলোঁ

ভাইটিৰ মুৰত এনেধৰণৰ কথা কোনে সুমুৱাইছে মোৰ বুজিবলৈ বাকী নাছিল৷ মোৰ প্ৰচণ্ড খং উঠিছিল৷
এই টেট পৰীক্ষাটোত এক শতাংশও দুই নম্বৰী নোহোৱাকৈ প্ৰতিজনে চাকৰি পাইছিল৷ যিসকলে পাছ কৰিছিল প্ৰত্যেকেই প্ৰথমতে অস্থায়ী চাকৰি পাইছিল আৰু পাছলৈ প্ৰতিজন পাৰ্মানেণ্ট হৈছিল৷
ভাইটি তেতিয়া থাৰ্ড ছেমিষ্টাৰত
– হামদৰ্দ, ফুলব্ৰাইট এইবোৰ চাই থাকিবি
– এইবোৰ কি
– কিয় তোৰ চন্দন শৰ্মাই এইবোৰৰ কথা নকয় নেকি, বাহিৰত পি.এইচ.ডি কৰিবলৈ স্কলাৰচিপ এইবোৰ, জিয়লজি-চিভিলৰ-আল্টু ফাল্টু ফাণ্ডা দিব পাৰে, ইণ্টাৰনেচনেল স্কলাৰচিপৰ কথা ক্লাছত কব নোৱাৰে নেকি….. মই খঙেৰে কলো
ভাইটিয়ে মোক সাম্যবাদ, আৰ্থিক অসমতা, শোষিত-নিষ্পেষিত শ্ৰেণী, বুৰ্জোৱাবাদ ইত্যাদিৰ ওপৰত দীঘল লেকছাৰ এটা দি কলে যে সি এইবোৰত ইণ্টাৰেষ্টড নহয়৷
– চা ভাই, এইবোৰ কথা কিতাপত ভাল লাগে, কিন্তু ৰিয়েল লাইফ বেলেগ, কাৰ্ল মাস্কে কেতিয়াও পথাৰত হাল বোৱা নাছিল, লেলিনে ৰজাৰ দৰে বাস কৰিছিল, লাখ টকা খৰচ কৰি সি নিজৰ মুৰ্তি বনাইছিল, হীৰেন গোহাঁই বোলে পাক্কা কমিনিউষ্ট, কিন্তু তেওঁৰ ছোৱালীয়ে পুজিপতিৰ চাকৰি কৰে, গতিকে এইবোৰত মাথা নামাৰিবি ……………. মই কলো
সি মোক বেয়া পালে, তাৰ মতে মই পুজিপতি ভাৱধাৰাগ্ৰস্থ আৰু হিমন্ত বিশ্ব নামৰ বেয়া জিনিছটোৰ অন্ধ ভক্ত৷
ফৰ্থ ছেমিষ্টাৰ পালেহি৷
– নেটৰ কাৰণে পঢ়৷ ছছিয়েলজি নতুন চাবজেক্ট৷ কেইখনমান কলেজতহে আছে৷ পোষ্ট কম৷ জে.আৰ.এফ নহলে নেট লাভ নাই৷ আৰু এটা কাম কৰ, ল কৰ, তই ডিবেট ভাল কৰ, ল কৰিলে তোৰ ভাল হব এট লিষ্ট নিজে কিবা এটা কৰি খাব পাৰিবি৷ আৰু চা, হয় তই চাকৰি কৰিব লাগিব, নহলে চাকৰি দিয়া মানুহ হব লাগিব, নহয় মানুহে তোক পাত্তা নিদিব, পাছত বৰ দিগদাৰ পাবি ………. মই কৈছিলো, সি শুনিলে নে নাই গম নাপালো
এটা সময়ত মই তাক কোৱা বাদ দিলো৷ সি ফাৰ্ষ্ট ক্লাছ আৰু নেট-স্লেট পালে ঠিকেই কিন্তু জে.আৰ.এফ নাপালে৷ তেজপুৰ-গুৱাহাটীত পি.এইচ.ডি কৰিবলৈ ছীট নাই৷ ছছিয়েলজিৰ কলেজত পোষ্টো নাই৷
তাক মই এডভাইচ দিয়া বাদ দিলো৷ যি মন যায় কৰি থাকক৷ যোৱাবছৰ সি টেটো পাছ কৰিলে৷ কিন্তু হিমন্ত বিশ্বৰ বিসম্বাদৰ পাছত টেটতো এপইণ্টমেণ্ট বন্ধ হৈ আছে৷
কিন্তু এটা মোৰ বেয়া লাগে যেতিয়া ছছিয়েলজিৰ ফাষ্ট ক্লাছ, নেট-স্লেট থকা মোৰ ভাইটিয়ে তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিত এপ্লাই কৰে আৰু সেই চাকৰিটোও নাপায়৷ তেতিয়া মোৰ বুকুত এটা বিষ অনুভৱ কৰো৷ ককায়েক হিচাপে অসফলতাৰ বেদনা৷
লাহে লাহে ভাইটি আৰু মোৰ মাজত ব্যৰধান বাঢ়ি গৈ আছে৷ দিনকদিনে সি হতাশ হৈ গৈ আছে৷ সি লাজকুৰীয়া হৈ পৰিছে৷ অঙহী-বঙহী ৰ ঘৰলৈ সি যোৱা বাদ দিছে৷ সি কিয় নাযায় মই জানিও নজনাৰ ভাও ধৰি থাকো৷ মই তাক বুজাব খোজো, কিন্তু মই বাৰে বাৰে অসমৰ্থ হও৷
– মই কি কৰিম এতিয়া…… মই সোধো
– তাক কৰবাত বেলেগলৈ পঠিয়াই দিয়া, ঠেকিলেহে শিকিব, বয়স গৈ আছে পাছলৈ বৰ কমপ্লেক্সিটি আহিব….. চন্দনদাই কলে
– ঘৰ চে নিকাল দো, আপনে আপ চিধা ৰাস্তে পে আ জায়েগা…… মোহিতে কয়
– অলপ কষ্ট পাবলৈ দে, ঘৰত আৰামত ভাত-মাছ খাই আছে, যেতিয়া ঠুকন খাব, তেতিয়াহে গম পাব…….. দীৰুদাই কয়
ভাইটি আৰু মোৰ মাজত নিয়মমাফিক কথা-বতৰা হয়৷ যিকোনোধৰণৰ তৰ্কৰপৰা মই আতৰি থাকো৷ আজিকালি সি অখিল গগৈ, চন্দন শৰ্মা, নদীবান্ধ, মাস্ক, লেলিন এইবোৰৰ কথা নকয়৷
১৫ মে ২০১৬
– এইবাৰ বিজেপি জিকিলে ভাল আছিল ……… ভাইটিয়ে কলে
– কিয়….. মই সুধিলো
– হিমন্ত বিশ্ব পাৱাৰলৈ আহিলে টেটৰ চাকৰিকেইটা খুলি দিব, চাকৰি এটাৰ বহুত দৰকাৰ আছিল ……. ভাইটিয়ে ক্ষীণ হাহি এটা মাৰি কলে
মই ভাইটিৰ ফালে চালো৷ নদীবান্ধ, চন্দন শৰ্মা, অখিল গগৈ, হিমন্ত বিশ্বৰ সমীকৰণবোৰ বুজি পাওঁতে তাৰ বহুত বছৰ লাগিল৷ জীৱনৰ অংক আৰু বাহিৰৰ পৃথিৱীখন সি বুজি পালেই ভাল হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!