বিজ্ঞান মানসিকতা, আধ্যাত্মিক মানসিকতা, মানুহৰ জ্ঞানৰ ৰহস্য ইত্যাদি (ড° মনোজ কুমাৰ ডেকা)

(এক)

      বৰ বেছি বিজ্ঞান মানসিকতাক ব্যক্তিগতভাবে সমৰ্থন নকৰো৷ তথাকথিত বিজ্ঞান মানসিকতাই মানুহক অস্থিৰ কৰি তোলে৷ মই ব্যক্তিগত পৰ্য্যায়ত বিশ্বাস কৰো যে, “কি, কিয়, কেনেকৈ, প্ৰমান ক’ত” ইত্যাদি যিবোৰ প্ৰশ্ন বা জিজ্ঞাসাৰ ওপৰত ভৰ দি বিজ্ঞানে খোজ কাঢ়ে, সেইবোৰৰ আতিশায্য বেছি হ’লে মানুহে মনৰ শান্তি হেৰুৱাই পেলায়৷ সেইবুলি অন্ধবিশ্বাস, কু-সংস্কাৰ ইত্যাদিকো সমৰ্থন নকৰো৷ বিজ্ঞান মানসিকতাতকৈ মোৰ দৃষ্টিত আধ্যাত্মিক মানসিকতা অধিক গুৰুত্বপূৰ্ণ৷ এই ক্ষেত্ৰত মই সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ মতবাদক সমৰ্থন কৰো যে যিবোৰ প্ৰশ্নৰ উত্তৰ বিজ্ঞানে দিয়া সম্ভৱ নহয়, সেইবোৰৰ উত্তৰ কিন্তু আধ্যাত্মিক মতাদৰ্শনেৰে অনুভৱ কৰিব পাৰি৷

      মই সদায়ে বিজ্ঞানৰ ছাত্ৰ, বিজ্ঞানৰ সাধক৷ কিন্তু মোৰ অন্তৰআত্মাক জীৱনৰ বিভিন্ন পৰিস্থিতিত বুজনি দিওঁ আধ্যাত্মিক মতাদৰ্শনেৰে যিবোৰ বিজ্ঞানৰ দ্বাৰা সম্ভৱ নহয়৷ মই সদায়ে আকৌ এটা কথা মানি লওঁ যে “Don’t be Religious but be Spiritual”৷

(দুই)

গীতাৰ কথাৰে আধ্যাত্মিকতাত এটা পৰশৰ প্ৰয়াস

 গীতাত বৰ্ণিত মতে মাটি, পানী, বায়ু, অগ্নি আৰু আকাশ এই পঞ্চমহাভুতেৰে নিৰ্মাণ হয় মানুহৰ শৰীৰ৷ যদিও আপতত মাটিৰে গঢ় লোৱা শৰীৰেৰে এজন মানুহৰ আন এজন মানুহৰ সৈতে সম্বন্ধ হয়, কিন্তু বাস্ত্বিকতে না মানুহৰ পৰিচয় দেহেৰে হয়, না গঢ় লয় সম্বন্ধই৷ জ্ঞানী, ধাৰ্মিক, বিদ্যান যি দৰে এই পঞ্চমহাভুতেৰে নিৰ্মাণ হয়, ঠিক একেদৰে অজ্ঞানী, অধাৰ্মি, মূৰ্খও পঞ্চমহাভুতেৰে নিৰ্মাণ হয়৷ মানুহৰ স্ব্ভাৱ, আচাৰ-ব্যৱহাৰ আৰু কৰ্মই তেওঁৰ পৰিচয় হয়৷ এই স্ব্ভাৱ, আচাৰ-ব্যৱহাৰ আৰু কৰ্ম একে পঞ্চমহাভুতৰে নিৰ্মিত শৰীৰ হৈও মানুহ ভেদে ভিন্ন ভিন্ন হয় সৃষ্টিৰ তিনিটা গুনৰ উপাদানৰ আয়ত্তৰ ওপৰত নিৰ্ভৰ কৰি৷ সৃষ্টিৰ এই তিনিটা গুন হৈছে- তমস, ৰাজস আৰু সত্ব৷ তমসৰ অৰ্থ হ’ল অন্ধকাৰ৷ ভাল-বেয়া, উচিত-অনুচিতৰ বিচাৰ নকৰি মাত্ৰ জীৱন অতিবাহিত কৰাকে তামসিক ব্যৱহাৰ বোলে; যেনেকৈ পশু-পখী জীয়াই থাকে কেৱল নিজৰ শাৰীৰিক ইচ্ছাক পূৰণ কৰিবলৈকে৷ সত্বৰ বা সত্যৰ অৰ্থ হ’ল জ্ঞানৰ প্ৰকাশ৷ যেতিয়া ব্যক্তিয়ে প্ৰত্যেক পৰিস্থিতিতে ধৰ্মৰ, সত্যৰ, পৰম্পৰাৰ বিচাৰ আৰু পৰ্য্যালোচনা কৰি জীৱন কটায়, তেতিয়া তেনে জীৱনক সাত্বিক জীৱন বোলে৷ এই দুই ধৰণৰ গুনৰ আয়ত্তৰে গঢ় লোৱা দুই শ্ৰেণী মানুহৰ মাজত আৰু এটা শ্ৰেণী আছে যাৰ ওচৰত জ্ঞানতো আছে, কিন্তু শৰীৰ আৰু মনৰ ইচ্ছা-আকাংক্ষাৰ আগত ভাল-বেয়া, উচিত-অনুচিতৰ বিচাৰ মিছা হৈ পৰে৷ এনেকুৱা মানুহ ৰাজস অৰ্থাৎ অহংকাৰেৰে পূৰ্ণ মনেৰে জীয়াই থাকে৷ এই তিনিটা গুনৰ সংমিশ্ৰণে মানুহৰ স্ব্ভাৱ গঢ় দিয়ে৷

      কিন্তু মানুহ কেৱল পাঁচ মহাভূত বা পাঁচ পদাৰ্থ নহয়, নহয় পাঁচ জ্ঞানেন্দ্ৰীয় বা পাঁচ কৰ্মেন্দ্ৰীয় আৰু নহয় তিনি গুনৰ সমহাৰ মাত্ৰ৷ মানুহক চলন-ফুৰণ আৰু কাৰ্য্য কৰিবলৈ প্ৰয়োজন হয় শক্তিৰ আৰু এই শক্তিকে চেতনা বুলি কোৱা হয়৷ মানুহৰ তেওঁৰ চেতনাৰ লগত পাঁচ মহাভূত, পাঁচ জ্ঞানেন্দ্ৰীয় বা পাঁচ কৰ্মেন্দ্ৰীয় আৰু তিনি গুনৰ সমহাৰ নাম প্ৰকৃতি৷ মানুহ নামৰ যন্ত্ৰত বাস কৰে পুৰুষ৷ এই পুৰুষেই হ’ল পৰমাত্মাৰ অংশ যাক আত্মা আখ্যা দিয়া হয়৷ যেতিয়া পৰমাত্মাৰ অংশই আত্মা ৰুপেৰে দেহত বাস কৰে অৰ্থাৎ যেতিয়া প্ৰকৃতি আৰু পুৰুষৰ মিলন ঘটে তেতিয়া মানুহ জীৱিত হয়৷ আত্মাই শৰীৰৰ মাধ্যমেৰে শৰীৰৰ সুখ-দুখ অনুভৱ কৰে৷ শৰীৰক নাশ কৰিব পাৰি, কিন্তু আত্মাক নাশ কৰিব নোৱাৰি৷ আত্মাক না অস্ত্ৰৰে কাটিব পাৰি, না অগ্নিৰে জ্বলাব পাৰি, না পানী বা জলে আত্মাক নিৰ্ব্বল কৰিব পাৰে, না বায়ুয়ে আত্মাক শুকাব পাৰে৷ শৰীৰ অস্থায়ী; আত্মা সৰ্ব্বব্যাপী, স্থিৰ, অচল-অটল, সনাতন৷ পুৰণি বস্ত্ৰ ত্যাগ কৰি যেনেকৈ মানুহে নতুন বস্ত্ৰ ধাৰণ কৰে, তেনেকৈ আত্মাই পুৰণি শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ধাৰণ কৰে৷

      অন্ধ মানুহেও জীয়াই থাকে, বোবাইও জীয়াই থাকে, যাৰ হাত-ভৰি নাই তেৱোঁ জীয়াই থাকে৷ অৰ্থাৎ এইটো স্পষ্ট হৈ পৰিল যে শৰীৰেই মানুহ নহয়৷ অচেতন বা মূৰ্চ্ছা যোৱা অৱস্থাটো মানুহ জীয়াই থাকে, অৰ্থাৎ চেতন তত্ত্বও মানুহ নহয়৷ গীতাৰ অমৰ কথাৰ মতে যিয়ে ব্যক্তিয়ে এনেদৰে নিজৰ ভিতৰত চলাথ কৰে তেওঁ বুজি উঠে যে তেওঁ শৰীৰ নহয়, ইন্দ্ৰীয় নহয়, ভাৱনা নহয়, বিচাৰ নহয়, জ্ঞানও নহয়৷ যেতিয়া পৰম ব্ৰহ্মৰ ভাগ হয়, তেতিয়া পুৰুষ আৰু প্ৰকৃতিৰ সৃষ্টি হয়; আৰু পুৰুষ অৰ্থাৎ পৰামাত্মাৰ অংশই আত্মা নামেৰে প্ৰকৃতিৰ প্ৰত্যেক বস্তুতে বাস কৰিবলৈ লয়৷ লাহে লাহে এই আত্মাক মোহৰ অন্ধকাৰে ঘেৰি লয়৷ এই মোহ নিদ্ৰাৰ পৰা জাগ্ৰত হৈ স্বয়ং নিজক পৰামাত্মাৰ অংশ ৰুপে পুনৰ উপলব্ধি কৰিব পৰাটোৱে আত্মাৰ কৰ্তব্য, উদ্দেশ্য আৰু জীৱন-কাৰ্য্য৷ অথচ অধিক সংখ্যক আত্মাই নিজৰ দেহকে সকলো বুলি জ্ঞান কৰে, দেহৰ পৰা যে তেওঁ ভিন্ন এই কথা গমকে নাপায়৷ শৰীৰে যি সোৱাদ, সুখ-দুখ, গোন্ধ আদিৰ অনুভৱ পায় সেইবোৰকে নিজৰ অনুভৱ বুলি মানি লয়৷ আৰু পৰিৱৰ্তনৰ বাবে কোনো প্ৰয়াস নকৰে৷ যি আত্মাই অহৰহ অধৰ্ম কৰি যায়, পৰিৱৰ্তনৰ বাবে কোনো প্ৰয়াস নকৰে তেওঁলোকক জাগ্ৰত কৰিবলৈ শাস্তি বা দ্বন্দ্ব দিয়াটো অপৰিহাৰ্য্য হৈ পৰে৷ যেতিয়ালৈকে নিজকে শুদ্ধাত্মা কৰি ল’ব নোৱাৰিব, যেতিয়ালৈকে অধৰ্ম ত্যাগ কৰি ধৰ্মত দৃঢ় নহ’ব, তেতিয়ালৈকে এনেকুৱা আত্মাই জন্ম লৈ থাকিব, তেওঁলোকৰ শৰীৰৰ মৃত্যু ঘটি থাকিব৷ এইটোৱে ব্ৰহ্মবিদ্যাৰ প্ৰথম পাঠ যাক সাংখ্য যোগ বোলে৷

      এইখিনিতে ধৰ্ম আৰু অধৰ্মৰ বৰ সুন্দৰ বাখ্যা আগবঢ়াইছে গীতাত৷ যি পথত চলি মানুহে নিজকে আত্মাৰ ৰুপত দেখা পায়, পৰমাত্মাৰ অংশৰুপে নিজকে বুজি পায়, পৰম কৰুণাৰে সমগ্ৰ জীৱজগত, সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডক সাৱটি ল’ব খোজে; সেই পথকে ধৰ্ম বোলে৷ যেতিয়া মানুহে নিজকে পৰমাত্মাৰ অংশ ৰুপে জানি যায় তেতিয়া তেওঁৰ এইটো অনুভূতি আহি যায় যে এই সৃষ্টিখনেই পৰামাত্মা আৰু পৰামাত্মাই সৃষ্টি৷ যি মানুহে সৃষ্টি আৰু পৰামাত্মাৰ মাজত কোনো পাৰ্থক্য নাই বুলি বুজি পায় তেওঁ কেতিয়াও অইন মানুহ, অন্য প্ৰাণীৰ প্ৰতি কঠোৰ আৰু নিৰ্দ্দয় হ’ব নোৱাৰে৷ যি কোনো প্ৰাণীকে দিয়া আঘাতে যে সেই প্ৰাণীৰ লগতে সমগ্ৰ সংসাৰ, সমগ্ৰ সৃষ্টিকে আঘাতৰ কষ্ট দিয়ে সেই সূক্ষ্ম অনুভূতিক তেওঁ ধাৰণ কৰিব পৰা হয়৷ সংসাৰত এজন মানুহ, এটা প্ৰাণী পীড়িত হৈ থকালৈকে বাস্তৱিকতে সম্পূৰ্ণ সংসাৰতে সম্পূৰ্ণ সুখ সম্ভৱ যে নহয় এইটো উপলব্ধিৰে মানুহৰ মন কৰুণাৰে ভৰি পৰাকে ধৰ্ম বোলে৷ আনহাতে যেতিয়া কাৰোবাৰ ওপৰত তমস গুনৰ ছাঁ পৰে; তেতিয়া তেওঁ আনৰ প্ৰতি কঠোৰ, নিৰ্দ্দয় আৰু স্বাৰ্থপৰ হৈ পৰে৷ নিজৰ সুখৰ কাৰণে আনক দুখ দিয়ে৷ পৰামাত্মাৰ প্ৰতি ধাৱমান হ’ব নোৱাৰা হৈ যায়৷ অৰ্থাৎ অধৰ্ম আত্মাক পৰামাত্মাৰ পৰা দূৰলৈ লৈ যোৱা উপায় বা পথৰ নাম৷

      এনেকৈ ক’ব পৰা যায় যে অধৰ্ম অজ্ঞানতাৰ দ্বিতীয়টো নাম৷ কিন্তু অজ্ঞানীৰ প্ৰতি দয়া দেখুওৱাৰ বিপৰীতে তেওঁলোকক (জাগ্ৰত কৰিবলৈ) শাস্তি বা দ্বন্দ্ব দিয়াৰ প্ৰসংগত গীতাত এনেদৰে কোৱা হৈছে যে অজ্ঞানীয়ে যেতিয়া জ্ঞানীৰ মোল বুজিবলৈ সাজু নহয়, জ্ঞানৰ ফালে দৃষ্টি দিবলৈকো সাজু নহয়, তেতিয়া তেওঁলোকৰ বাবে দ্বন্দ্বই দয়া হয়৷ এই দয়া অজ্ঞানীৰ ভালৰ লগতে আনৰ ভালৰ বাবেও৷ সংসাৰৰ পৰা যেতিয়া ধৰ্ম নাশ হৈ যায়, তেতিয়া কৰুণা, সত্য আদি সকলোবোৰ নাশ হৈ যায়৷ ভৱিষ্যত প্ৰজন্মই যাতে ধৰ্মক প্ৰাপ্ত কৰিব পাৰে, তাৰ বাবে অধৰ্মৰে ভৰা সমাজ ভাঙি ধৰ্মৰ পুনঃসংস্থাপন অপৰিহাৰ্য্য৷

ধৰ্মৰ পুনঃসংস্থাপন কাৰ্য্যত কাৰোবাৰ বিপক্ষে অস্ত্ৰ তুলি প্ৰাণ নাশ কৰিলে নিজৰ অন্তৰৰ কৰুণা যি ধৰ্মৰ আধাৰ সেয়া নাশ হোৱাৰ চিন্তাৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই অৰ্জ্জুনক দিছিল কৰ্মযোগৰ জ্ঞান৷ কৰ্মযোগে হ’ল ব্ৰহ্মবিদ্যাৰ দ্বিতীয় পাঠ৷ শ্ৰীকৃষ্ণই কৈছিল “ যদি এই যুদ্ধত তোমাৰ বিজয়ী হোৱাৰ আশা আছে তেন্তে পৰাজয় হ’লে তুমি দুখ পাবা৷ সেই দুখে তোমাক অন্য কিবা এটা কৰ্ম কৰাব যাৰ বাবে তুমি আকৌ জন্ম লগা হ’ব৷ আৰু যদি তুমি বিচৰাৰ দৰে জয়ী হোৱা তেন্তে তোমাৰ অহংকাৰ বাঢ়িব৷ সেই অহংকাৰে তোমাক বিশ্বজয় কৰিবলৈ উৎসাহ জগাব, তোমাৰ দ্বাৰা অপ্ৰয়োজনীয় হত্যা কৰাব আৰু সেই পাপে তোমাক বান্ধিব৷ —আৰু যদি এই যুদ্ধত তোমাৰ কোনো বিজয়ৰ মোহ বা পৰাজয়ৰ ভয় নাথাকে তেন্তে এই যুদ্ধৰ অন্ততঃ ফলাফল যিয়ে নহওক তুমি সুখ বা দুখৰ উৰ্ধত থাকিবা৷ অৰ্থাৎ তোমাৰ সুখ-দুখ, হতাশা-নিৰাশা, অহংকাৰ ইত্যাদি যুদ্ধৰ কাৰণে নহয়, যুদ্ধৰ সৈতে তুমি যি আশাক  প্ৰত্যাশা কৰিছা তাৰ কাৰণে হৈছে৷ হে’ পাৰ্থ, সুখ-দুখক সমান মানি লৈ লাভ-হানি, জয়-পৰাজয়ৰ বিচাৰ নকৰি যদি তুমি যুদ্ধ কৰা যিহেতু আজিৰ সমাজৰ প্ৰেক্ষাপটত অধৰ্মীৰ বিপক্ষে যুদ্ধ কৰাটো তোমাৰ কৰ্তব্য, ই সময়ৰ আহ্বান; তেন্তে তুমি পাপৰ ভাগীদাৰ নোহোৱা৷ ইয়াকে কৰ্মযোগ বোলে৷ “

যিয়ে সাংখ্যযোগৰ জ্ঞান প্ৰাপ্ত কৰে তেওঁ জানি ল’ব পাৰে যে তেওঁ কোনো শৰীৰ নহয়, কেৱল এটা আত্মা৷ শৰীৰ ভোগ আৰু আনন্দ মাথোন মৃত্যুলৈকে৷ অৰ্থাৎ ই বাস্তৱিক নহয়, কেৱল মায়া৷ যিয়ে এই কথা বুজি পায় তেওঁৰ বাবে কৰ্মযোগী হোৱাটো সৰল হৈ পৰে৷ প্ৰত্যেক কৰ্মই কাৰ্য্য, কিন্তু প্ৰত্যেক কাৰ্য্যই কৰ্ম নহয়৷ কৰ্ম সেইবোৰ কাৰ্য্যক কয় যাৰ লগত ফলৰ আশা জড়িত হৈ থাকে৷ যেতিয়া কিবা কাৰ্য্য ফলৰ আশাত কৰা যায় তেতিয়া তাক সকাম কাৰ্য্য বোলে আৰু যেতিয়া কিবা কাৰ্য্য কোনো ফলৰ আশা কৰা নকৰি কৰা যায় তেতিয়া তাক নিষ্কাম কাৰ্য্য বোলে৷ বাস্তৱিকতে মানুহক কোনো কাৰ্য্যই নাবান্ধে, সেই কাৰ্য্যৰ লগত জড়িত আশাই তেওঁক বান্ধে৷

      সাংখ্যযোগৰ জ্ঞান থকা মানুহে নিৰন্তৰ পৰমাত্মাক স্মৰণ কৰে৷ পৰমাত্মাৰ স্মৰণৰ বাবেই মানুহৰ মনত সমৰ্পনৰ ভাব উৎপন্ন হয়৷ এই ভাবকে ভক্তি বোলে৷ ভক্তিৰ বাবেই মানুহে সত্য-অসত্যৰ জ্ঞান লাভ কৰে৷ এই জ্ঞানৰ বাবেই তেওঁৰ পৰমাত্মাৰ দৰ্শন লাভ হয়৷ যাৰে পৰমাত্মাৰ দৰ্শন লাভ হয় তেওঁ প্ৰকৃতাৰ্থত কৰ্মযোগী হৈ যায়৷ এই কৰ্মযোগীয়ে জন্ম শৃংখলৰ পৰা মুক্তি পাই মোক্ষ প্ৰাপ্তি লাভ কৰে৷ পৰমাত্মাৰ দৰ্শন লাভৰ বাবে নিজৰ চকুত বান্ধি লোৱা লোভ, লালসা, অহংকাৰ, ক্ৰোধ, মইবৰ ভাৱৰ পটি খুলিব লাগিব৷ যিয়ে নিজৰ আত্মাৰ দৰ্শন কৰিব পাৰে, তেওঁ পৰমাত্মাৰো দৰ্শন কৰিব পাৰে৷ যেনেকৈ নিমখৰ এটা দানাৰ সোৱাদ সমগ্ৰ সাগৰখনৰ সোৱাদতকৈ বেলেগ নহয়, তেনেকৈয়ে নিজৰ আত্মাৰ দৰ্শন পৰমাত্মাৰ দৰ্শনতকৈ ভিন্ন নহয়৷ সমৰ্পন আৰু ভক্তিৰ এই জ্ঞানক ভক্তিযোগ বোলে৷ ব্ৰহ্মবিদ্যাৰ এইটো তৃতীয় ভাগ৷ সাংখ্যযোগৰ কাৰণে নিজকে আত্মাৰ ৰুপত জানিব ল’ব পৰা মানুহে কৰ্মযোগেৰে জীৱনৰ মায়াৰ বান্ধোনৰ পৰা মুক্তি লৈ ভক্তিযোগৰ মাধ্যমেৰে পৰমাত্মাৰ বিষয়ে বাস্তৱিক জ্ঞান লাভ কৰে৷ পৰমাত্মাৰ জ্ঞান লাভ কৰি মানুহে জন্ম-মৃত্যুৰ চক্ৰাকাৰ পথৰ পৰা উৰ্ধলৈ গৈ সচ্ছিদানন্দ স্বৰুপ প্ৰাপ্ত কৰি পৰমাত্মাত লীন গৈ স্বয়ং পৰমাত্মা হৈ যায়, যেনেকৈ পানীৰ সৰু টোপাল এটি যেতিয়া সাগৰত পৰি স্বয়ং সাগৰত পৰিনত হয়৷

      শৰীৰৰো মহত্বৰ কথা গীতাত বৰ্ণিত আছে৷ শৰীৰৰ মাধ্যমেৰে মানুহৰ পৰমাত্মাৰ লগত সাক্ষাৎকাৰ হয়৷ মৃত্যু আৰু জন্মৰ মাজৰ সময়ত আত্মাৰ জ্ঞান বৃদ্ধি নহয়৷ এই জন্মত লাভ কৰা জ্ঞান, বিচাৰ, অনুভৱ, অভ্যাস ইত্যাদিক লৈ আত্মাই নতুন শৰীৰ ধাৰণ কৰে৷ আত্মাৰ প্ৰগতি আৰু অধোঃগতি শৰীৰত থাকিহে সম্ভৱ৷ ধৰ্মৰ পথত চলা মানুহে নিজৰ শৰীৰৰ শুদ্ধিকৰণ কৰে আৰু শৰীৰৰ মাধ্যমেৰে আত্মাৰ লগত সাক্ষাৎ কৰে৷ ইয়াক চিত্ৰ-চিত্ৰজ্ঞ সম্বন্ধ বোলে৷ যেতিয়া মানুহে এইটো জানি লয় যে তেওঁৰ শৰীৰ মাতিৰ টুকুৰা মাত্ৰ অৰ্থাৎ চিত্ৰ হয়, আৰু তেওঁ নিজে সেই শৰীৰত থকা, সেই শৰীৰক বুজি পোৱাজন হয় অৰ্থাৎ চিত্ৰজ্ঞ হয়, তেতিয়া তেওঁ সেই শৰীৰৰ মাধ্যমেৰে প্ৰগতি লাভ কৰিব পাৰে৷ আত্মাই শৰীৰত বাস কৰি তিনিটা গুনৰ আয়ত্তৰ কচৰৎ কৰে: তমসক আঁতৰাই সত্ব গুণ বৰ্ধন কৰি ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখি পৰমাত্মাৰ লগত এক হৈ যায়৷ বস্ত্তুতঃ ভক্তি কোনো কাৰ্য্যৰ নাম নহয়, সেয়া এক মানসিক স্থিতিৰ নাম৷

      বিনাকাৰণত নিজৰ স্বাৰ্থৰ হেতু হিংসা কৰাটো অধৰ্ম আখ্যা দি অহিংসাকে পৰম ধৰ্ম বুলি বাখ্যা দিছে গীতাত৷ সত্য, ক্ৰোধ নকৰা, ত্যাগ, মনৰ শান্তি, নিন্দা নকৰা, দয়া, সুখৰ প্ৰতি আকৰ্ষিত নোহোৱা, ক্ষমা, ধৈৰ্য্য, শৰীৰৰ শুদ্ধতা, ধৰ্ম পৰিহাৰ নকৰা, অহংকাৰ নকৰা ইত্যাদিবোৰ সত্বগুণী বা দৈৱিক সম্পত্তি বুলি অভিহিত হৈছে গীতাত৷ এইবোৰ লগত লৈহে মানুহে পৰমাত্মাৰ ভক্তি কৰিব পাৰে, জীৱনৰ কৰ্তব্য পালন কৰিব পাৰে আৰু কৰ্মফলৰ আশাক ত্যাগি জীয়াই থাকিব পাৰে৷ আৰু যিয়ে এইবোৰ কৰিব পাৰে তেওঁ সন্তোষ প্ৰাপ্ত কৰে৷ জ্ঞানযোগ ব্ৰহ্মবিদ্যাৰ অন্তিম চৰণ৷ পৰমাত্মাৰ দৰ্শন কৰিব পৰাটোৱে হৈছে বাস্তৱিক জ্ঞান৷ এইটোৱে একমাত্ৰ গান যি বিশ্বৰ সকলোবোৰ জ্ঞান বা বিজ্ঞানৰ ভেঁটি বা আধাৰ৷ এই জ্ঞানেই মানুহক প্ৰকৃত মুক্তিৰ দুৱাৰ খুলি দিয়ে বুলি গীতাত উল্লেখ আছে৷

———————————————–

(লেখক কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত, দূৰভাষ নং: ৮৮২২২৬৮৩৯২)

One thought on “বিজ্ঞান মানসিকতা, আধ্যাত্মিক মানসিকতা, মানুহৰ জ্ঞানৰ ৰহস্য ইত্যাদি (ড° মনোজ কুমাৰ ডেকা)

  • November 17, 2015 at 6:58 pm
    Permalink

    এই লেখাটো পঢ়ি, আমাৰ অসম কাকতত চাংকাকতি উপাধিৰ অৱসৰপ্ৰাপ্ত প্ৰশাসনিৰ সেৱাৰ বিষয়া এজনৰ “কিছুপৰিমাণে অন্ধবিশ্বাস থকাটো বেয়া নহয় …” বুলি মত ব্যক্ত কৰা লেখা এটালৈ মনত পৰিল। 🙂

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!