বিজ্ঞান চিন্তা: – ইফটিখাৰ হুছেইন

হাজাৰ হাজাৰ বছৰ ধৰি ক্ৰমবিকাশ হৈ হৈ মানৱ সভ্যতাই আজিৰ অৱস্থা পাইছে৷ নতুন নতুন চিন্তা চৰ্চা আৰু আৱিষ্কাৰে নতুন গতি দিলে৷ জুই আৰু চকাৰ আৱিষ্কাৰৰ পিছৰ পৰা প্ৰগতিৰ আৰম্ভণি হ’ল৷ বিদ্যুতৰ আৱিষ্কাৰে আধুনিক সভ্যতা দিলে৷ চিকিৎসা বিজ্ঞানে সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন দিলে৷ চেটেলাইটৰ পিছত এতিয়া ইণ্টাৰনেটৰ যুগ পালোঁ৷

কি? কিয়? কেনেকৈ?
এই তিনিটা প্ৰশ্নৰ উত্তৰ বিচৰাৰ বাবেই বিজ্ঞান চিন্তা চৰ্চা আৰম্ভ হ’ল৷ বৰষুণ, ধুমুহা , দিন, ৰাতি, জাৰ, জহ, চন্দ্ৰ গ্ৰহণ, সূৰ্য গ্ৰহণ, ভূমিকম্প, চুনামী আদি বিভিন্ন প্ৰাকৃতিক ৰহস্য উদ্ঘাটন হ’ল৷ এতিয়াও নতুন নতুন চিন্তা চৰ্চা চলিয়েই আছে৷ আমিও বিজ্ঞানৰ সৰু সৰু কথাবোৰ চিন্তা কৰি চাব পাৰোঁ –
বিভিন্ন বৈদ্যুতিক সৰঞ্জামৰ পৰা আৰম্ভ কৰি গাড়ী মটৰৰ পৰা উৰা জাহাজলৈ, টিভিৰ পৰা মোবাইললৈ, প্ৰেছাৰ কুকাৰৰ পৰা গডৰেজৰ তলাটোলৈ৷ এইবোৰেনো কেনেকৈ কাম কৰে? এই কথাখিনি ভাবিবলৈ আৰম্ভ কৰা মানেই আপুনি বিজ্ঞান চৰ্চা আৰম্ভ কৰা৷ অধিক জানিব খুজিলে ইণ্টাৰনেটত উত্তৰ চাব পাৰিব৷ নিজে নোৱাৰিলেও অন্ততঃ সন্তানৰ মগজুলৈ চিন্তাবোৰ লৈ যাওক৷ এদিন সিহঁতেই উত্তৰ বিচাৰি উলিয়াব৷

আমাৰ শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে থকা এটা ডাঙৰ অভিযোগ হ’ল – ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান মানসিকতা গঢ়ি তোলাত বৰ বেছি সফল হ’ব পৰা নাই৷ ফলত শিক্ষিত মানুহৰ মাজতো বিভিন্ন অন্ধবিশ্বাস দেখিবলৈ পোৱা যায়৷ তদুপৰি সামাজিক, ৰাজনৈতিক কাৰণ কিছুমান আছে৷

ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰৰ লগতে বিশ্বৰ পিছ পৰা দেশ সমূহত বিভিন্ন সমস্যা আছে৷ অধিক জনসংখ্যাৰ বিপৰীতে আৰ্থিক দুৰৱস্থাৰ বাবে সমস্যাবোৰ সমাধান কৰিব নোৱাৰে৷ শিক্ষা, স্বাস্থ্য, বিজুলী, খোৱা পানী, ৰাস্তা দলং আদিৰ সমস্যাৰ বাবে সমাজবোৰ পিছ পৰি থাকে৷ তাতে আছে দুৰ্নীতিৰ সমস্যা৷ আৰু আছে ধৰ্মীয় সমস্যা৷ কিছুমান দেশৰ শাসকে ধৰ্মকো শাসনৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে৷ ফলত বিজ্ঞান চিন্তা চৰ্চা বহু দূৰলৈ চিটিকি যায়৷

জনসংখ্যা অনুপাতে যদি দেশ এখনত সা সুবিধা কম হয়, তেতিয়া কিছুমান মানুহে অতিৰিক্ত শক্তিৰ সহায় ল’বলৈ আগবাঢ়ি যায়৷ সেইবোৰ তেওঁলোকে দেহত পৰিধান কৰে, নতুবা ঘৰত সজায়৷ নিজৰ সফলতাৰ বাবে তেওঁলোকে সেই শক্তিবোৰক প্ৰশংসা কৰে৷ সফলতাৰ আচল কাৰণবোৰ তল পৰি ৰয়৷ একেদৰে, এনে শক্তিৰ সহায় লোৱাৰ পিছতো কিমান মানুহ বিফল হৈছে, সেয়াও তল পৰি ৰয়৷

সামৰণিত এটা কথাই কওঁ –
বিজ্ঞানৰ বিষয়ে যিমানে চিন্তা কৰিব, বিজ্ঞানৰ প্ৰতি শ্ৰদ্ধা সিমানেই বাঢ়িব৷ কেৱল ভাবিবলৈ আপুনি সাজু হ’ব লাগিব৷

আহক,
অলপ বিজ্ঞানৰ কথাও ভাবোঁ৷ ■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!