বিহু মঞ্চত হিন্দীগীত, পৰেশ বৰুৱা-জুবিন গাৰ্গ-তৰুণ গগৈ-হোমেন বৰগোহাঞি আৰু কিছু বাস্তৱ চিন্তা … (সুৰজিত্‍ নেওগ)

এইবাৰ ৰঙালী বিহুটো মোৰ বেছ ভাল কাটিল … মানে বেছ eventfully & excitingly … অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন বিহু মঞ্চৰপৰা এজনৰ পিছত এজনকৈ খ্যাত-অখ্যাত শিল্পীৰ অনুষ্ঠান, বিহু কুঁৱৰী, বিহুৰাণী বা বিহুসম্ৰাজ্ঞীৰ বিহু নাচ, বিভিন্ন বিহুৱা দলৰ হুঁচৰি আৰু লগতে অসমীয়া কলা কৃষ্টিৰ ঘাই খুঁটাস্বৰূপ বিভিন্ন জনগোষ্ঠীয় গীত নৃত্য প্ৰদৰ্শন ৮-৯ টা টিভি চেনেলত লাইভ টেলিকাষ্ট.. কোনো কষ্ট নকৰাকৈ নিজৰ বে’ডৰুমত, ড্ৰয়িংৰুমত বহি শুই নিজ খুচিমতে চেনেল সলনি কৰি কৰি চোৱাৰ মজাই বেলেগ… তাতোকৈ ডাঙৰ কথা, প্ৰায় প্ৰতিটো চেনেলতে ব্ৰেকিং নিউজ হিচাপে পৰেশ বৰুৱা-জুবিন গাৰ্গ-তৰুণ গগৈৰ মাজত চলা মুখ চুপতিৰ একেবাৰে শেহতীয়া মানে লেটেষ্ট আপডে’ট … কোনো চেনেলত আকৌ জুবিনৰ সাক্ষাৎকাৰ, লগত গৰিমা। ক’ৰবাত ৪-৫ জনমান বাঘা বাঘা শিল্পীৰ সৈতে কোন শুদ্ধ কোন ভুল ইয়াৰ প’ষ্টম’ৰ্টেম আৰু কোনো চেনেলত পৰেশ বৰুৱাৰ ডাইৰেক্ট টেলিফ’নিক সাক্ষাৎকাৰ সঘন কমাৰ্চিয়েল ব্ৰেকৰ মাজে মাজে … মুঠতে যোৱা ৬-৭ দিন টিভিটো এৰি ক’লৈকো যাবলৈ মনকেই নাযায় … ৰাতিপুৱা জা-জলপান খাই টিভি খুলি বহি যাওঁ, বিহু সুৰীয়া আধুনিক গীতবোৰ শুনাৰ লগতে পৰেশ বৰুৱাৰ মাজে মাজে লাগি ধৰা (খঙতে চাগে) ধমকি, হুমকি, আবেদন আদিৰ বিষয়ে দিনটোৰ বাবে আপডে’টেড হৈ লওঁ… মুঠতে বেছ মজেদাৰ বিহু এইবাৰ… মোৰ দুকুৰী ছবছৰীয়া জীৱনত এনে এক্সাইটিং বিহু কেতিয়াও হোৱা নাছিল … যি কি নহওক, ঢেৰ কিবা কিবা শুনিলোঁ, পঢ়িলোঁও… অসমীয়াত কথা-বতৰাৰ পৃষ্ঠা ভৰি গ’ল বাক-বিতণ্ডাৰে… কোনোৱে কয় জুবিনে যি কৰিছে ভাল কৰিছে, কোনোৱে কয় নাই, জুবিনে অলপ বেছি কৰে, পৰেশ বৰুৱাই ঠিক কথা কৈছে ইত্যাদি ইত্যাদি… ইয়াৰ ফাঁকে ফাঁকে কিন্তু আমাৰ স্থানীয় টিভি চেনেল কেইটাই বিহুৰ মাজতে অসমীয়াৰ থুনুকা আবেগ সৰ্বস্ব মানসিকতাক ভেটি কৰি গোটেই ইচ্ছ্যুটো (বিষয়) জীয়াই ৰাখি ইটোৱে সিটোৰ লগত টি.আৰ.পিৰ প্ৰতিযোগিতাত নামি পৰিল; আমি হয়তো গমকেই নাপালোঁ …
বন্ধুসকল, মোৰ এই লেখাটোৰ উদ্দেশ্য কোন শুদ্ধ কোন ভুল তাক বিচাৰ কৰা নহয়; কিন্তু এই আপাহতে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাটোহে। এইখিনিতে ঘটনাটোৰ মূল নায়ক-খলনায়ক বা দৰ্শক/পাঠক সকলৰ মতামতসমূহ চমুকৈ এবাৰ চাই লওঁ আহকচোন…

পৰেশ বৰুৱাৰ কথা – বিহু মঞ্চত হিন্দী গীত গোৱাটো সহ্য কৰা নহ’ব আৰু সেয়ে তেনে কৰিলে উপযুক্ত ব্যৱস্থা লোৱা হ’ব। জুবিনে এনে গৰ্হিত কাম কৰিছে গতিকে ‘সি’ (তেওঁ) ক্ষমা খুজিব লাগিব। জুবিন আলফাতকৈ ডাঙৰ নহয়।

জুবিনৰ কথাৰে – সংগীতৰ কোনো ভাষা নাই আৰু সেয়ে মই মোৰ সৃষ্টিসমূহ যি ভাষাতে নহওক কিয় গামেই। যিকোনো মঞ্চত মোৰ গোৱাৰ অধিকাৰ আছে। মই যিহেতু একো ভুল কাম কৰা নাই, গতিকে কাৰো ওচৰত ক্ষমা খোজাৰ কথা নাহে।

বিহু মঞ্চৰ কৰ্মকৰ্তাৰ ভাষ্য – কোন শিল্পীয়ে কি ভাষাত গীত গাব সেইটো তেওঁলোকৰ নিজা কথা গতিকে বিহু মঞ্চৰ কৰ্মকৰ্তা এইবিষয়ত দায়বদ্ধ নহয়।

হোমেন বৰগোহাঞিৰ প্ৰতিক্ৰিয়া – বিহুমঞ্চত বিশেষকৈ সাতবিহুৰ কেইদিন হিন্দী বা অনাঅসমীয়া গীত-মাত পৰিবেশন কৰাটো অসমীয়াৰ বাবে অশুভ আৰু এনে কৰাটো সমৰ্থনযোগ্য নহয়।

তৰুণ গগৈৰ মতামত – জুবিনে আলফাৰ ফতোৱা নুশুনি ভাল কৰিছে আৰু তেওঁ যি কৰিছে সেয়া সমৰ্থনযোগ্য। আজি ভাৰতৰ আন অংশত কোনোবাই অসমীয়া গীত গালে তাত কোনোবাই বাধা দিলে আমি ভাল পাম নেকি ?
এচাম শিল্পী আৰু বুদ্ধিজীৱীৰ মত – শিল্পীয়ে ক’ত কি গীত পৰিবেশন কৰিব সেয়া শিল্পীজনৰ নিজা কথা আৰু এইবিষয়ে কোনেও মাত মতা উচিত নহয়।

আন এচাম শিল্পী আৰু বুদ্ধিজীৱীৰ মত – জুবিনে উদ্ধতালি কৰি বিহু মঞ্চত হিন্দী গীত পৰিবেশন কৰাটো বেয়া হৈছে।
. . . . সকলোৰে কথাত জোৰ আছে। যুক্তিও আছে। এনে পৰস্পৰবিৰোধী কথাত সকলো ব্যক্তি সংগঠনৰ নিজ নিজ কথাত যুক্তি আছে। মই অনুভৱ কৰিছোঁ আমাৰ গোটৰ মাননীয় সদস্য-সদস্যা সকলো এইবিষয়ত নিজ মতামতেৰে বহুধাবিভক্ত। কোন শুদ্ধ কোন ভুল তেন্তে? মোৰ বোধেৰে আমাৰ দৰে সাধাৰণ শ্ৰেণীৰ মানুহখিনি বাদ দি এই বিতৰ্কত প্ৰত্যক্ষভাৱে ভাগ লোৱা বেছিভাগৰে নিজ নিজ স্বাৰ্থ জড়িত হৈ আছে। মই সাধাৰণ শ্ৰেণী বুলি কওঁতে গোটত বিতৰ্কত ভাগ লোৱা মানুহখিনিৰ কথাও কৈছোঁ।

বিহু মঞ্চত হিন্দী গীত পৰিবেশন কৰিব লাগে/নালাগে বা পাৰি/নোৱাৰিৰ বিতৰ্কলৈ নগৈ এইখিনিতে এই অহেতুক পৰিস্থিতিৰ সৃষ্টিকৰ্তা কেইজনলৈ চকু ফুৰাওঁ আহক। এই বিতৰ্কৰ সৃষ্টিকৰ্তা পৰেশ বৰুৱাৰ আজিৰ তাৰিখত অসম বা অসমীয়াৰ বাবে (সৰ্বভাৰতীয় পৰ্য্যায়ত নকলোৱেই যেনিবা!) প্ৰাসংগিকতা কিমান? যুদ্ধ কৰাৰ ৩৬ টা উপায় (36 ways to fight a war) নামৰ কোনো লেখকৰ কিতাপ এখন পঢ়ি পৰেশ বৰুৱাই এতিয়াও মূৰ্খৰ দৰে ভাবি আছে যে অসমক স্বাধীন কৰাটো সম্ভৱ। আৰু চাওক তেওঁৰ কৰ্মপন্থা, আজি ৩০ বছৰৰো ওপৰকাল চোৰৰ দৰে বেলেগ দেশত লুকাই থাকি নিজ জাতিভাইক অত্যাচাৰ উৎপীড়ন কৰি দাবী-ধমকি, অপহৰণ, হত্যা ভাবুকি দি টকা পইচা নি বিদেশত ব্যৱসায় বাণিজ্য কৰি দেশ স্বাধীন কৰাৰ লোভ দেখুৱাই হিংসা-সন্ত্ৰাস ৰাজত্ব চলাই আছে। দেশক স্বাধীন কৰাৰ ঠিকা লোৱা এনে বীৰ সেনাধ্যক্ষ বা সেনানী সকলৰ আনকি নিজৰ নামটোৰে চিনাকি দিবলৈও ভয়… ওৰফে ওৰফে ওৰফে ওৰফে অসম বুলি কৈহে ভাল পায়। কণ কণ শিশুক ব’ম ফুটুৱাই মাৰি, নিৰীহ পথচাৰিৰ ওপৰত ভাৰাতীয়া হত্যাকাৰীৰ হতুৱাই গ্ৰেনেড নিক্ষেপ কৰি বা কাৰোবাক অপহৰণ কৰি ধন দাবী কৰি ‘যুদ্ধ’ কৰে “দখলদাৰী ভাৰতীয়”ৰ বিৰুদ্ধে …!!! সম্পূৰ্ণভাৱে মূৰৰ বিকৃতি ঘটা বা হতাশাত ভোগা পৰেশ বৰুৱাই কাইলৈ হয়তো ক’ব, আপুনি ৰাতিপুৱা চিৰা দৈ পিঠাহে ব্ৰেকফাষ্ট হিচাপে ল’ব লাগিব, দখলদাৰী ভাৰতীয়ই সজা মটৰ গাড়ী, দুচকীয়া বাহনত উঠিব নোৱাৰিব, খোজ কাঢ়ি যাতায়ত কৰিব লাগিব বা দখলদাৰী ভাৰতীয়ই তৈয়াৰ কৰা চাবোনেৰে গা ধুব নোৱাৰিব, ক’লগেটেৰে দাতঁ ব্ৰাচ কৰিব নোৱাৰিব, দখলদাৰী ভাৰতীয়ই গঢ়া থাল কাঁহী বাটিত খাব নোৱাৰিব, কলপাতত খাব লাগিব . . .। এটা কথা কিন্তু মই মানিছোঁ, পৰেশ বৰুৱাৰ বুদ্ধিমত্তা; এই গোটেই বিতৰ্কটো সৃষ্টি কৰি পৰেশ বৰুৱাই অসমীয়া ৰাইজৰ মনস্তত্বৰ বিষয়ে উমান লৈ লৈছে। ইমানৰ পিছতো যদি তেওঁ স্বাধীন অসমৰ কথা কৈ থাকে তেন্তে সেয়া তেওঁৰ চূড়ান্ত মূৰ্খামিৰ বাদে আৰু একো নহ’ব।

ধৰি লোৱা হওক অসম স্বাধীন হ’ল; আলফাই এতিয়াৰ গৰিষ্ঠসংখ্যক দুৰ্নীতিগ্ৰস্থ আমোলাসকলক চিধা কৰি কেনেকৈ দুৰ্নীতিমুক্ত কৰিব? “দখলদাৰী ভাৰতীয়”ৰ পৰা আমদানীকৃত অসমবাসীৰ ৯৯% নিত্যব্যৱহাৰ্য্য বস্তুবাহানি কি উপায়েৰে থলুৱাই উৎপাদন কৰিব? এনেবোৰ প্ৰশ্ন কোনোবাই কৰিলে হয়তো বন্দুকেৰে গুলীয়াই দিয়া হ’ব!!! আৰু এনেহেন মানষিক ভাৰসাম্যহীন পৰেশ বৰুৱাৰ দৰে চালিত সংগঠন এটাই আকো অসমীয়া জাতিৰ সাংস্কৃতিক ঠিকাদাৰীৰ কাম কৰে!

জুবিন গাৰ্গ যে এজন ভাল গায়ক সেই কথা সন্দেহৰ উৰ্ধত। সংগীতৰ লগত অকণমান হলেও সম্পৰ্ক থকা লোকে এই কথাত দ্বিমত নহ’ব যে জুবিন যিমান ভাল গায়ক সিমানেই বদমেজাজী। জুবিন ‘ষ্টাৰ’ হোৱাৰ আগৰে পৰাই মই ব্যক্তিগতভাৱে তেওঁক জানো আৰু সেয়ে জুবিনৰ এই খেয়ালী বদমেজাজী (মুডি) মানসিকতাৰ লগত পৰিচিত। আমি সকলোৱে জানোৱেই, জুবিনৰ গায়কী যিমান ভাল, তেওঁ সিমানেই খুঁটাই-চুটাই বগোৱাতো পাৰ্গত! ড্ৰেচ চেঞ্চৰ কথা নকলোৱেই যেনিবা! জুবিন যিমানেই ডাঙৰ শিল্পী নহওক কিয়, ৰাজহুৱা স্থানত বহুৱালি শোভা নাপায়। জুবিন বা আন শিল্পীয়ে এটা কথা জনাটো দৰকাৰি যে যেতিয়া কোনো শিল্পীয়ে ৰাজহুৱা মঞ্চ এখনত অনুষ্ঠান পৰিবেশন কৰে, তেতিয়া তেওঁ তেওঁৰ কাৰ্য্যৰ দ্বাৰা ৰাইজৰ ওচৰত দায়বদ্ধ। তেওঁ যি ইচ্ছা তাকে কৰিব নোৱাৰে। জুবিন, তুমি হিন্দী, মাৰাঠী, বঙালী, পাঞ্জাৱী যি ভাষাত গীত গোৱা গাই থাকা, আমাৰ ক’বলৈ একো নাই; কিন্তু অসমীয়াৰ বাপতিসাহোন বিহুত নিভঁজ অসমীয়া গীত-মাত পৰিবেশন কৰিবলৈ তোমাৰ কিবা অসুবিধা আছে নেকি? তোমাৰ নিজৰ ১৫ হাজাৰ অসমীয়া গীত মাতৰ পৰা ১০ টা গীত বাচি উলিয়াই তুমি ২-৩ ঘন্টা ৰাইজক যদি আমোদ দিব নোৱাৰা, তেন্তে তুমি প্ৰকৃতাৰ্থত শিল্পী নহয়।

কথা হিন্দী বা অনা-অসমীয়া গীত মাতৰ নহয়, মুখ্য কথা বিজতৰীয়া গীত-মাত বা সংস্কৃতিৰ আগ্ৰাসন ৰোধ কৰাহে। আমি যদি ৩৬৫ দিনৰ ভিতৰত কেৱল মাত্ৰ ৬ টা বা ৭ টা দিন ৰাজহুৱা মঞ্চত কেৱল অসমীয়া বা থলুৱা গীত মাত শুনো তাত কি মহাভাৰতখন অশুদ্ধ হ’ব? বেলি পশ্চিমত উদয় হ’ব নেকি? এইকথাটো অনুধাৱন কৰাবলৈ বোধকৰোঁ আমাক পৰেশ বৰুৱাৰ দৰে সন্ত্ৰাসবাদী এজনৰ উপদেশ নালাগে।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
B. Sutradhar
7 years ago

Don’t agree with writer…

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক