বিক্ষিপ্ত ভাৱৰ বুৰবুৰণি…..[১৬ আৰু ১৭] (অনামিকা বৰুৱা)

 

 

বৈধ/অবৈধ

…..পেছাত এজন সফল দঁন্ত চিকিত্সক‍ তেওঁ| ৰোগ দেখুৱাবলৈ গৈয়ে বাইদেৱে লগ পাইছিল তেওঁক| সেই চিনাকিয়ে প্ৰেমৰ ৰূপ লয়| পাছত বিবাহ| তাৰ পাছত সংসাৰ| সন্তান প্ৰজনন| এইখিনিলৈকে ঠিকেই আছিল| এদিন অকশ্মত্  এটা গুজৱ শুনিবলৈ পালোঁ| ভিনিদেউৰ বৰ্তমানতে বাইদেৱে আন এজনৰ সৈতে শাৰীৰিক সম্পৰ্ক ঘটালে| পাছত এই ঘটনাটোৱে ভিনিদেউৰ সামাজিক মৰ্য্যদাত আঘাত সানিলে| লগতে মিডিয়াৰ হাতত পৰি কিছুবিকৃত ৰূপ ল’লে ঘটনাটোৱে| ভিনিদেউৱে বিবাহ বিচ্ছেদ বিচাৰিছিল যদিও পৰিয়ালৰ মানুহৰ মধ্যস্থতাত বুজাবুজিৰ মাজত বিচ্ছেদ নহ’লগৈ| বৰ্তমানে তেওঁলোকৰ তিনিজনী ছোৱালী আৰু তেওঁলোক একেলগেই আছে|

 

…..ইয়াত থকালৈকে বহুদিন পাইছো তেওঁলোকক| ভিনিদেউক যিমানদূৰ জানো এজন দায়িত্বশীল মানুহ| তেওঁযে

কেৱল নিজৰ মাক-দেউতাক, ককায়েক-ভায়েকহঁতকেই চায় তেনে নহয়, জেঁঠায়েক-খুড়ায়েক অঙহী-বঙহী যিমান আছে পৰাপক্ষত সকলোকে চায়| খুড়াকৰ ঘৰ-দুৱাৰ সাজি দিয়াৰ উপৰিও খুড়াকৰ পুতেক ভায়েকক গুৱাহাটীৰ দৰে ঠাইত মাটি কিনি ঘৰ সাজি দিছে| নিৰ্দিষ্টকৈ কৰ্মসংস্থাপন দিছে| সকলোৰে বাবে ইমান ভবা ভিনিদেৱে বাইদেউৰ কথা নাভাবে নেকি? উত্তৰ নাই মোৰ হাতত|

 

……যেতিয়াই বাইদেউহঁতৰ ঘৰলৈ যাওঁ সেই একেখনেই ৰুটিন| ভিনিদেউ পুৱাতেই ওলাই যায় চেম্বাৰলৈ বুলি| নিশা ঘৰ সোমায় চাৰে এঘাৰটা বা বাৰটাত বা কেতিয়াবা তাতোকৈ পলম হয়| বাইদেৱে সযতনে পঠিয়াই দিয়া পুৱাৰ আহাৰ খায় দুপৰীয়া বাৰটাত| দুপৰীয়াৰ আহাৰ খায় আবেলি পাঁচটা-ছটাত| আবেলিৰ চাহ খায় ৰাতি নটাত| নিশা ভাত খাওঁতে দুটা বাজে| বাইদেউক ঘৰুৱা কামত সহায় কৰি দিবলৈ মানুহ আছে| তথাপিও!! ভিনিদেউৱে চেম্বাৰলৈ যিমান চিনাকি মানুহ যায় সকলোকে ঘৰলৈ পঠিয়াই দিয়ে ভাত খাই যাবলৈ| সময়-অসময় বুলি কথা নাই কিন্তু!

…..আমাৰ বিয়াৰ পাছত ভাত খাবলৈ মাতোঁতে নিশা এঘাৰ বজাত আহিছিল| মালিকে গেটত তলা লগাই দিছিল| বিয়াৰ পাছত বাইদেৱে ভিনিদেউক লৈ মোমায়েকৰ ঘৰলৈকে গৈ পোনা নাছিল! তেওঁ তেনেকৈ কোনোদিনে একো নহয় যদিও এদিন কথা প্ৰসংগতে কৈছিল বিয়াৰ পাছত হনিমুনলৈ যোৱা কেইদিন আৰু ভিনিদেৱে উচ্চশিক্ষা ল’বলৈ ৰাছিয়ালৈ যাওঁতে তেখেতৰ লগত থকা এবছৰেই হেনো বাইদেউৰ সুখৰ দিন আছিল| আমাৰ এওঁক বাইদেৱে প্ৰায়ে কয়–চাবা কিন্তু তায়ো চাকৰি কৰে| অলপ সময় দিবা তাইক| কেৱল টকা-পইচাকে হিচাপ কৰি নাথাকিবা|

 

……মই বাইদেউৰ ঠাইত নিজকে কল্পনা কৰি চাওঁ কেতিয়াবা| আৰ্থিক অভাৱ নাই| ঘৰখনত কাম-কাজ কৰি দিবলৈ মানুহো আছে| কিন্তু ওৰে দিনটো সেইসকলক পৰিচালনা কৰাটোও এটা টান কমেই চাগে! তাতে দেৱৰ ননদে ঘৰ ভৰি আছে| আলহী-দুলহীৰ কথা বাদেই দিলো| এজনী মানুহক জীয়াই থাকিবলৈ ইয়াতকৈ বেছি একো নালাগে নেকি? দুবেলা দুসাঁজ ৰান্ধি-বাঢ়ি খাই/খুৱাই শুবলৈ পালেই হৈ গ’ল? এইয়াতো মাত্ৰ পেটৰ দায়বদ্ধতা হ’ল| তাৰ বাহিৰে আন একো নাই? শৰীৰৰ আন একো দাবী নাই? মন বুলি একো নাই? পত্নী হ’লে, মাতৃহ’লে কি এটা নাৰীদেহাৰ প্ৰয়োজনবোৰো সলনি হৈ যায়? পৰিবেশ-পৰিস্থিতি বাতাবৰণ সলনি হ’লেই কি এটা জীৱনৰ পৰিভাষা সলনি হৈ যায়? সৰুতে বিজ্ঞানত ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ কথা পঢ়িছিলো| ভৌতিক পৰিৱৰ্তন সাময়িক আৰু ৰাসায়নিক পৰিৱৰ্তন স্থায়ী| বিয়াৰ পাছত কি নাৰী জীৱনৰ পৰিৱৰ্তনবোৰ ৰাসায়নিক পৰিৱৰ্তন হৈ যায়? এবাৰ সলনি হ’লে তাক পুনৰ আগৰ ৰূপত পাব নোৱাৰি! বিজ্ঞানৰ পৰিৱৰ্তনতো পদাৰ্থৰ ক্ষেত্ৰত খাটে| পদাৰ্থ, যাৰ কোনো প্ৰাণ নাই| কিন্তু মানুহৰ ক্ষেত্ৰত সেইয়া কিদৰে সম্ভৱ? মানুহ যে মানুহ! জীৱন্ত! প্ৰাণ আছে তাত!

 

……বাইদেউৰ বাৰু ভিনিদেউক অলপ একান্তকৈ পাবৰ মন নাযায় নে?  ক্ষন্তেক সময়ৰ বাবে হ’লেও তেওঁৰ বুকুত মূৰ থৈ জিৰাবলৈ মন নাযায়নে? ভিনিদেউৰ লগত বহি একাপ চাহ খাই এষাৰ সুখ-দুখৰ কথা পাতিবলৈ মন নাযায়নে? সন্দেহ নাই ভিনিদেউৱে দিনে ৰাতিয়ে বাইদেউ আৰু পৰিয়ালৰ কথা ভাবিয়েই দিন-ৰাতি কষ্ট কৰি অৰ্থ উপাৰ্জন কৰিছে| সেই ধনেৰেই জীৱন ধাৰণৰ লাগতীয়াল উপাদানবোৰ আনি দিছে| ঠিক এইখিনিতেই আহি মই উজুতি খাওঁ| মানুহ জীয়াই কিয় থাকে? কাৰ বাবে থাকে? জীয়াই থাকিব লাগে বাবেই জীয়াই থাকে নেকি? যদি কথাটো তেনেকুৱাই হয় তেন্তে এটা জীৱনত মানুহক কিমান সুখ-সুবিধা লাগে জীয়াই থাকিবলৈ? সেই সুখ-সুবিধা আহৰণ কৰিবলৈ কিমান অৰ্থ লাগে জীৱনত? অৰ্থ উপাৰ্জনৰ নিচা কি ইমান ভয়ংকৰ যি আপোনজনৰ ৰিক্ততা, বুকুৰ হুমুনিয়াহকো তল পেলাই দিব পাৰে? এই অনাদৰ এই উপেক্ষা কেৱল এগৰাকীৰ বাবেই কিয়? অধিকাৰ আছে বুলি? বিয়া পাতিলে বুলিয়েই কি মুক্ত মন এটাক বন্দী কৰা যায়? বনৰ পখীক ধৰি আনি সোণৰ সঁজাত বন্দী কৰি ভালৰো ভাল খাদ্যৰ যোগান ধৰিলেও সি তিলতিলকৈ ‌ মৰিয়ে নাযাব জানো!

 

……ধৰি ল’লো বছৰ বছৰ ধৰি উপেক্ষিতা হৈ থকাৰ পাছত অকশ্মত্ বাইদেৱে এজন মনে মিলা সংগী পালে| দায়িত্ব-কৰ্তব্যৰ আঁৰত মৰহি যোৱা মনটো আকৌ ঠন ধৰি উঠিল| দিনৰ পাছত দিন স্পৰ্শ সুখৰ পৰা বঞ্চিত

বাইদেউৰ শৰীৰটোৱে কিবা দাবী কৰিলে| মনটোৱেও তাত সন্মতি দিলে| এতিয়া প্ৰশ্ন উঠিল বৈধ-অবৈধৰ| বৈধ

কি অবৈধ কি? শৰীৰ কি মন কি? ভাৰতবৰ্ষ এখন সমাজতান্ত্ৰিক দেশ| সমাজে ইয়াৰ মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰে| ৰীতি-নীতি পৰম্পৰা বুলিয়ে হওঁক বা নিয়মানুবৰ্তিতা বুলিয়ে হওঁক ইয়াত জীৱন ধাৰণৰ মান সমাজে নিৰূপন কৰে|

 

সমাজেই নিৰ্ধাৰণ কৰি দিয়ে যে এক নিৰ্দিষ্ট বয়সৰ পাছৰ পৰাহে ইয়াত মানে ভাৰতবৰ্ষত যৌনতা স্বীকৃত| শৰীৰ বিজ্ঞানে কি কয় সেইয়া অন্য বিষয়| কিন্তু এই যে বিয়াৰ পাছতহে যৌনতাৰ অধিকাৰ পায় তাক লৈ মোৰ দ্বিধা আছে| বৰ্তমান সমাজত যৌনতাই এক বিকৃত ৰূপ ধাৰণ কৰিছে| এই বিকৃতি আগতেও নাছিল বুলি ক’ব নোৱাৰি|  হয়তো আছিল মাথোঁ লোকচক্ষুৰ আঁৰত লুকাই আছিল| বৰ্তমানে মিডিয়াই ইয়াক ইমান সহজ আৰু নগ্ন ৰূপত তুলি ধৰে দেখি শুনি ভাৱ হয় যৌনতাক বাদ দি একোৱেই নাই| অথচ জীৱনৰ অৰ্থ কিমান বিশাল!

 

…… মানুহ অবৈধতাৰ প্ৰতি লালায়িত হয় কিয়?  কথাবোৰ এনে নেকি যে যেনেকৈয়ে নহওঁক নিজক, নিজৰ ইচ্ছাক প্ৰাধান্য দিয়েই দিনে দিনে মানুহ আত্মকেন্দ্ৰিক হৈ পৰিছে?  অথবা এনেকুৱা নেকি যে দ্ৰুত পৰিৱৰ্তনমুখী যান্ত্ৰিক জীৱনধাৰাত মানুহৰ মন-মগজুবোৰো যন্ত্ৰ হৈ পৰিছে?  আজিকালি মানুহৰ অন্তৰাত্মাত ভুলতেও দয়া-মায়া-দায়িত্ব-কৰ্তব্যবোধ আদিৰ দৰে সহজাত গুণাগুণবোৰৰ অভাৱ ঘটিছে?  সেইয়াই যদি সঁচা হ’বলৈ হয় আমি কোন দিশলৈ গতি কৰিছো সভ্যতাৰ নামত?  উন্নতিৰ নামত? জীৱ্ন কি এনেকুৱাই? ওপজোঁতে নগ্নহৈ জন্ম ল’লে বুলিয়েই কি সভ্যতাৰ আঁৰতো মানুহে নগ্নতাকে কঢ়িয়াই লৈ ফুৰে?  তেনে আবুৰ কিয় লাগে?  আনক আভুঁৱা ভাঁৰিবলৈ নে নিজক প্ৰৰোচিত কৰিবলৈ? বিভ্ৰান্তিয়ে লগ এৰা নিদিয়ে!

 

……আচলতে বৈধ-অবৈধৰ সীমাৰেখা দালেই স্পষ্ট নহয় মোৰ বাবে| যদিহে ধৰি লওঁ পেট পুৰাবৰ বাবে যিকোনো খাদ্য হ’লেই হয়, তেনে মাত্ৰ পেট পুৰোৱাটোতে মানুহ সন্তুষ্ট নহয়| তাত আকৌ ৰন্ধন-প্ৰকৰণ, জুতি-পুতিৰ কথাই আহি খেলিমেলি লগায়| বিধে বিধে সুস্বাদুব্যঞ্জনৰ উপস্থাপনে ক্ষুধা নিবাৰণৰ প্ৰক্ৰিয়াটোক অন্য এক মাত্ৰা প্ৰদান কৰে| ভোক নিবাৰণৰ বাবে আয়োজন কৰা সকলো যা-যোগাৰেই নিশ্চয় বৈধ| তেনে শৰীৰৰ

ক্ষুধা নিবাৰণৰ দাবীটোকো এনেদৰেই সৰলীকৰণ কৰিব পৰা যায় নেকি?  যদিহে নোৱাৰি কিয় নোৱাৰি আৰু

যদিহে পাৰি কিয় পাৰি?  জটিল প্ৰশ্ন এইয়া| সমাজতন্ত্ৰক জোকাৰি দিব পৰা|  তত্স্বত্ত্বেও ‌কেতিয়াবা ভাবোঁ

বৈধ-অবৈধৰ সীমাৰেখাদালে কিদৰে মানুহক প্ৰভাৱিত কৰিব পাৰে?  কিমান দূৰলৈ ইয়াৰ প্ৰতিক্ৰিয়া হ’ব পাৰে? ই মানুহৰ জীৱন বুৰঞ্জী সলাই দিব পাৰেনে?  দৰাচলতে এই সীমাৰেখাই কোন শ্ৰেণীৰ মানুহক বেছিকৈ প্ৰভাৱাম্বিত কৰে?  অতীতৰ পৰা বৰ্তমানলৈকে অবৈধতাৰ কাঁহিনীয়ে দোলা দি যায় মনত|

 

……ৰামায়ণ-মহাভাৰতেই হওঁক দেৱ-দেৱীৰ কাহিনীয়েই হওঁক বা ৰজা-মহাৰজাৰ বুৰঞ্জীয়েই হওঁক অবৈধতা ক’ত নাই? ৰামায়ণত অবৈধবোৰ কিছু শালীনতাৰে উপস্থাপন কৰা হৈছে| ৰাম-সীতাৰ জন্ম, ৰাৱণৰ প্ৰেম দেখাত তেনেই সাধাৰণ| সীতাৰ অগ্নি পৰীক্ষাইয়ো অবৈধতাক বৈধতাৰ ৰূপ দিয়াৰ কথাকে কয়| মহাভাৰতৰ কথা নকওঁ আৰু|  মানুহে মানুহ হিচাপে জন্ম লগ্নৰে পৰা আজিলৈকে অবৈধতাক ৰোধ কৰিব পৰা নাই| বৰং প্ৰয়োজনীয়তাৰ দাবীৰে তাক বৈধতাৰ ৰূপ দিয়াৰ চেষ্টাই কৰে অহৰহ্‌| ৰাধাৰ প্ৰেম, ডালিমীৰ প্ৰেম, কল্পনা লাজমীৰ প্ৰেম আৰু ক’ত চিনাকি-অচিনাকি কান্তা-মণিকাৰ প্ৰেম অবৈধ কোনে জানে! শেহতীয়াকৈ পশ্চিমীয়া দেশক অনুকৰণ কৰি ভাৰতীয় সমাজত নতুনকৈ আমদানি হৈছে “লিভিং টুগেদাৰ” নামৰ ফেশ্ব্যনৰ| ডাঙৰ ডাঙৰ নগৰ চহৰবোৰৰ কথা নকওঁ| আমাৰ ইয়াৰ দৰে সৰু চহৰতো চকুত পৰিছিল বিয়াৰ পূৰ্বে “লিভিং টুগেদাৰ”ৰ নামত একেলগে থকাৰ ডেকা-গাভৰু এহাল| অৱশ্যে খুব সোনকালেই তেওঁলোকে বিয়াত বহিছিল| বিয়াত বহোঁতে ল’ৰাটোৰ বয়স একৈছ বছৰো সম্পূৰ্ণ হোৱা নাছিল চাগে! দুৰ্ভাগ্যক্ৰমে আমি আলোচনা কৰিছিলো সিহঁত দুটাৰ ভৱিষ্যতক লৈ| জীৱনৰ অন্তিম দিনলৈকে সিহঁতৰ মনত যেন প্ৰেমৰ অমিয়া ধাৰা অটুত হৈ ৰয়! কিয় জানো মনলৈ ভাৱ আহিছে।

 

স্বাৰ্থপৰতাৰ শেষ সীমাত ভৰি দি মানুহ এদিন অমানুহ হৈ যাব নেকি?  নাভাবো বুলিও ভাবি ভয় খাইছো মানুহ এদিন প্ৰত্ন-প্ৰস্তৰ দিনলৈ উভতি যাব নেকি? য’ত মাত্ৰ খাই-বৈ উশাহ লৈ থকাটোকে জীৱন বুলি ক’ব? বাকী মানুহ বুলিবলে’ মানুহৰ সকলো প্ৰমূল্যবোধ জলাঞ্জলি দিব!!! মানুহ চাগে এদিন হৃদয়হীন যন্ত্ৰ হৈ যাব!!!

 

ভালপোৱা-ভালপোৱা

…সুশীলাক ভালপায়েই বিয়া পাতিছিল দীপকে| বিয়ানো কি পলুৱাই আনিছিল কম বয়সতে| অনাৰ তিনদিনলৈকে দীপকৰ কোঠাতে বিচনাৰ তলত লুকাই থাকিল সুশীলা| ৰাতি তাক খাবলৈ দিয়া ভাত-আঞ্জাকে দুয়ো ভগাই খায়| তাৰপাছত এপাকত সুবিধা পাই ববিহঁতৰ ঘৰলৈ পলাই আহিল দুয়োটা| ববিৰ দেউতাক দীপকৰ দদায়েক| দীপকৰ ঘৰৰ মানুহে সুশীলাক কোনোমতেই স্বীকাৰ কৰি নোলোৱাত সিহঁত দুইটা ববিহঁতৰ ঘৰতে থাকিবলৈ ল’লে| (দীপক আৰু সুশীলাৰ মাজত সামাজিক বৈষম্যৰ দেৱাল)| কামে-বনে পাৰ্গত ছোৱালী সুশীলা| তাঁতত ফুল বচাত, কাপোৰত ফুল তোলাত পাকৈত| চিলাইৰ কামবোৰ খুব মিহি| খেতি-বাতিৰ কামতো পিছপৰি থকাবিধৰ নহয়| মুঠতে যিকোনো পৰিবেশতে তাই কাম কৰি খাব পাৰে| তাইৰ তুলনাত দীপক অকৰ্মণ্য| কিবা এটা কৰিবলৈ পালেই ভাগৰি পৰে| এনেই খাই-বই-শুই কটাবলৈ পালে ভাল পায়| তথাপি উপায় নাপায় দদায়েকৰ ঘৰত ইটো-সিটো কৰে মাজে সময়ে| এনেকৈ থাকোঁতে থাকোঁতে এদিন কিবা লাগিলে হ’বলা, খুৰীয়েকে সিহঁতক বেলেগ হৈ খাবলৈ ক’লে| হয়ো, দুটাকৈ মানুহ এইহেন দিনত এনেই বহুৱাই খুৱাই-বুৱাই ৰখাতো বৰ সহজ কথা নহয়! ওচৰতে ভাড়াঘৰ এটা ল’লে দুইটাই| এতিয়াহে আচল যুদ্ধ আৰম্ভ হ’ল জীৱনৰ| সুশীলাই আৰ তাৰ ঘৰত কেতিয়াবা দুই এখন কাম কৰে, কাৰোবাৰ তাঁত বয়, চিলাই কৰে; কিন্তু সেইয়াই যথেষ্ট নহয় দুটাকৈ প্ৰাণী পোহপাল যাবলৈ| (আচলতে সেইখিনিত তাইক তেনেকৈ কাম দিব পৰা কোনো মানুহো নাছিল)| দীপকে বৰ বিশেষ চিন্তা-ভাৱনা নকৰে| বেছি কষ্ট হ’লেই সি ঘৰলৈ গুচি যায়| এনিশা বা দুনিশা কটায় আহেগৈ| দুটা প্ৰাণীৰে অৱস্থা নাই, তেনেতে সুশীলাৰ কোলালৈ আহিল ছোৱালী এজনী| দিনবোৰ গৈ থাকিল কষ্টে-মষ্টে| এদিন কলেজৰ পৰা আহি শুনিলোঁ সুশীলাক লৈ গাঁওখনত ডাঙৰ হুলস্থূল এটা হৈ গ’ল| বিতংকৈ একো নাজানিলোঁ যদিও থূলমূল কথাটো এনেধৰণৰ সুশীলাৰ ঘৰলৈ বালিবজাৰৰে কোনোবা ল’ৰা আহে অনৈতিক কাৰ্য কৰিবলৈ আৰু হাতে লোটে ধৰা পৰাতেই গণ্ডগোলৰ সুত্ৰপাত| কথাটো চাগে সৰহভাগ মানুহেই জানিছিল| তেনেস্থলত দীপকে জনা নাছিলনে? সিনো সুশীলা আৰু তাইৰ ছোৱালীজনীক পোহপাল দিবলৈ কি কৰিছিল? সি নিজে কষ্ট পালেই সিহাতক এৰি থৈ ঘৰলৈ গুচি নাযায় জানো? সুশীলাক একপ্ৰকাৰ খেদি দিয়া হ’ল তাৰপৰা| দীপকৰ কোনো প্ৰতিক্ৰিয়া নাই| অনুশোচনাও নাই| ছোৱালীজনীক সুশীলাৰ কোলাৰ পৰা কাঢ়ি থ’লে খুৰীয়েকে| পাছত তাইৰ যি আলৈ আথানি হ’ল সেইয়া অন্য এক প্ৰসংগ| তাৰপৰা খেদা খাই সুশীলা ক’লৈ গ’ল কি কৰিলে কোনেও খবৰ নাৰাখিলে| মাথোঁ মাজতে শুনিছিলোঁ ছোৱালীজনীক বিচাৰি তাই কেইবাদিনো আহিছিল| ছোৱালীজনীৰ কষ্ট দেখি অচিনাকিজনেও ক’বলৈ লৈছিল তাইক সুশীলাই নিবলৈ পোৱা হ’লেই ভাল আছিল! দীপক ঘৰৰ ল’ৰা ঘৰলৈ গুচি গ’ল| মাক-দেউতাকে চাই দিয়া ছোৱালী এজনী বিয়া কৰাই সুখেৰে থাকিল|….অকস্মাত্‌ লগ পাইছিলোঁ সুশীলাক বৰগুৰিত| তাইৰেই এসময়ৰ শৰীৰৰ দাবীদাৰ এজনৰ লগতেই তাই নতুনকৈ সংসাৰৰ পাতনি মেলিলে| ল’ৰা এটাৰে তাইৰ সংসাৰখন ভালেই কিজানি! মানুহটোৱেও কেব্‌ল অপাৰেটৰৰ কাম-কাজ কৰে| তাই নিজেও কোনোবা প্ৰাইভেট কোম্পানীত কিবা-কিবি কৰে বুলি কৈছিল মনত নাথাকিল| আমাৰ পেটেলাৰ মুখতহে শুনিছিলোঁ তাইৰ ল’ৰাটো হেনো পঢ়াত ভাল…..
……নিজ নিজ বৃত্তৰ ভিতৰত অলপ অকলশৰীয়া, অলপ অসুখী অৰ্ণৱ আৰু জয়া| নিজৰ নিজৰ পাৰিবাৰিক জীৱনে আনি দিয়া স্থবিৰতাই ক্লান্ত কৰি পেলাইছে দুয়োজনক| জীৱনক লৈ স্পৰ্শকাতৰ দুয়ো| মনৰ ভাৱনাক লৈ এজনে কবিতা লিখে, আনজনে গদ্য লিখে| ভাৱবোৰে এদিন হেন্দোলনি তুলিলে দুয়োৰে মনত| দুয়ো কথা পাতিলে| অনুভৱ ভগালে| সময় দিলে ইজনে সিজনক| এদিন অৰ্ণৱে বিচাৰি আহিল জয়াক| অৰ্ণৱৰ মাৰ্জিত কথা-বতৰা, ৰুচিবোধ ব্যৱহাৰে মুগ্ধ কৰি পেলালে জয়াক| আপ্লুত হ’ল তাই| অনুভৱৰ পূৰ্ণতা বিচাৰি আৰু অলপ কাষলৈ গ’ল অৰ্ণৱৰ| দুয়ো লগ হৈ ’বৰফি’ চালে| মানুহৰ ভিৰত একেলগে খোজ কাঢ়িলে| মনভৰি গ’ল জয়াৰ| আবেগে বুৰাই পেলালে জয়াক| অৰ্ণৱৰ অহৰহ্‌ আমন্ত্ৰণ ক্ৰমেই এদিন জয়াই বিচাৰি গ’ল অৰ্ণৱক নিজৰ লক্ষ্মণ ৰেখা পাৰ হৈ| সেয়াই কাল হ’ল চাগে জয়াৰ বাবে| অৰ্ণৱক একান্তভাবে পাই অহাৰ পাছত জয়াই নিজৰ অনুভৱত অৰ্ণৱক বেছিকৈ বিচৰা হ’ল| কিন্তু সেইবুলি তাই কোনো অন্যায় দাবী কৰা নাছিল অৰ্ণৱৰ পৰা| কিন্তু অৰ্ণৱে যেন আমনি পাবলৈ ধৰিলে| জয়াৰ কথাত জয়াৰ মাতত অৰ্ণৱে অভিযোগ তোলা হ’ল| অবৈধতাৰ দোহাই দিলে| সমাজৰ আলম ল’লে| ক্ষুব্ধ হ’ল জয়া| আহত হ’ল| তথাপি অৰ্ণৱক ক’লে অলপ বুজাচোন মোকো! নাই নুবুজিলে| অৰ্ণৱে সলাই পেলালে আবেগৰ পৰিভাষা| অৰ্ণৱ অসুখী জয়াক লৈ| অজুহাত আজিকালি জয়াই বহুত প্ৰশ্ন কৰে তেওঁক| আৰু সেইবোৰৰ উত্তৰ দিওঁতে দিওঁতে জয়ালৈ মৰমবোৰ কমি আহিল অৰ্ণৱৰ| (অৰ্ণৱৰ প্ৰয়োজনত জয়াই কৰা আৰ্থিক সহায়ৰ কথা নকলোৱেই যেনিবা!)
……প্ৰতীকৰ জন্মদিনৰ দিনা প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল শ্ৰেয়া আৰু তিমিৰ| শ্ৰেয়া বিবাহিতা আৰু তিমিৰতকৈ সাতবছৰে ডাঙৰ| শ্ৰেয়াৰ ভনীয়েকৰ বন্ধু তিমিৰ| লাজকুৰীয়া ল’ৰাটো অলপ| ইমানদিনে শ্ৰেয়াই ভনীয়েকৰ মুখত তাৰ কথা এষাৰ-দুষাৰ শুনিছিল যদিও লগ পোৱা নাছিল| শ্ৰেয়াই ভনীয়েকৰ মুখত তাৰ প্ৰশংসা অলপ বেছিকৈয়ে শুনিলে| যিটো তাইৰ ক্ষেত্ৰত অস্বাভাৱিক আছিল| জন্মদিনৰ দিনাও প্ৰতীকলৈ তিমিৰৰ মৰম, তিমিৰৰ সন্মুখত ভনীয়েকৰ অতি সহজ ব্যৱহাৰে চতুৰ শ্ৰেয়াক সহজেই বহু নোকোৱা কথা কৈ দিলে| শ্ৰেয়াই ধৰি পেলালে ভনীয়েক আৰু তিমিৰৰ লুকা-ভাকুখিনি| অলপ আচৰিত হ’ল শ্ৰেয়া| কাৰণ ভনীয়েকে ভালপায় বিয়া হৈছিল ৰক্তিমৰ লগত আৰু তাৰ সৈতে তিনিবছৰে সুখৰ সংসাৰ কৰাৰ পাছতহে প্ৰতীক সিহঁতৰ মাজলৈ আহিল| তেনেস্থলত এনে কি হ’ল যে ৰক্তিমৰ বৰ্তমানতে তিমিৰে ভনীয়েকৰ মনত ঘৰ সাজিবলৈ সুৰুঙা পালে? তথাপি শ্ৰেয়াই মনক প্ৰবোধ দি থাকিল বন্ধুত্বহে এইয়া| তাইৰোতো কিমান বন্ধু আছে!…..লাহে লাহে ৰহস্যৰ পৰ্দাখন উন্মুক্ত হৈ আহিল শ্ৰেয়াৰ সন্মুখত| আৰু সেইয়া কৰিলে তিমিৰে নিজেই| শ্ৰেয়াৰ মুক্ত কথা-বতৰা, বন্ধুত্বসুলভ সহজ ব্যৱ্হাৰ, মানুহৰ প্ৰতি কঢ়িয়াই ফুৰা সংবেদনশীলতাই বাৰুকৈয়ে আকৃষ্ট কৰিলে তিমিৰক| ক’ব নোৱাৰাকৈয়ে তিমিৰ ঢাল খালে শ্ৰেয়াৰ প্ৰতি| ইতিমধ্যে শ্ৰেয়াই গম পাইছিল ভনীয়েকৰ মনৰ কপটতাখিনি| তিমিৰৰ একপক্ষীয় প্ৰেমৰ উমান পায় ভনীয়েকে তিমিৰক ব্যৱহাৰ কৰিলে নিজ ইচ্ছামতে| লাজপালে শ্ৰেয়াই| ভনীয়েকৰ দোষ ঢাকিবলৈকে শ্ৰেয়াই তিমিৰক সময় দিলে| লগ দিলে| তিমিৰ লাহে লাহে আঁতৰি আহিল ভনীয়েকৰ কাষৰ পৰা| ধৰা পৰি লাজ পাই ভনীয়েকে শ্ৰেয়াক অপবাদ দিলে নানান কটু কথাৰে| মিছা অপবাদ মূৰ পাতি লোৱাৰ অভ্যাস নাছিল শ্ৰেয়াৰ| ছিঙি পেলালে ভনীয়েকৰ লগত সকলো সম্পৰ্ক| ইফালে তিমিৰৰ চাকৰি গ’ল| তিমিৰক মানসিক সকাহ দিয়াৰ উপৰিও আৰ্থিক সাহায্যও দিব লগা হ’ল শ্ৰেয়াই| এনেও মানসিকভাৱে খুব দুৰ্বল আছিল তিমিৰ| অলপ কথাতে কান্দে| শ্ৰেয়াৰ নিজৰ সংসাৰ আছে, নিজৰ দায়িত্ব আছে, তিমিৰক বাৰে বাৰে বুজালেও তিমিৰে কিছুমান অদ্ভূত দাবী তোলে কেতিয়াবা| বিৰক্ত হয় শ্ৰেয়া| নিজে নিৰ্ধাৰণ কৰা পথৰ বাদে আন কোনো কথাতেই জাহ যাব নোৱাৰা শ্ৰেয়াই কমাই আনিলে তিমিৰৰ সৈতে কথোপকথন| এদিন শ্ৰেয়াই ফোন ৰিচিভ নকৰা, মেচেজৰ উত্তৰ নিদিয়াৰ আচিলাতে তিমিৰে পইজন খালে শ্ৰেয়াৰ অফিচৰ সন্মুখতে| সেইদিনা শ্ৰেয়াৰ নিজৰ মূৰটো বেৰত খুন্দা মাৰি দিবৰ মন গৈছিল| যি নিজৰ জীৱনৰ মূল্য নিজেই বুজি নাপায় তেনে এজনৰ লগত ইমান সময় নষ্ট কৰাৰ ক্ষোভত উতলি উঠিছিল শ্ৰেয়া|
…..ৰাজশ্ৰী দেখাত খুব ধুনীয়া আৰু চৌখিন| চাৰি বছৰীয়া ল’ৰাটোৰে সৈতে অৰিন্দমৰ লগত সুখৰ সংসাৰ তাইৰ| ধনী ঘৰৰ ছোৱালী| স্বামীৰ ঘৰখনো ধনৰ জোৰ থকা| তথাপি কথা পাতি বেয়া নালাগে তাইৰ লগত| ধনৰ অহংকাৰ নেদেখুৱায় কেতিয়াও| চাকৰিটো সময় কটাবলৈহে কৰে যেন লাগে মাজে মাজে| যেতিয়াই মন যায় ছুটি লয়| ত’ত ত’ত ফুৰিবলৈ যায়| দুদিন তিনিদিনৰ মূৰে মূৰে বাহিৰত মানে হোটেলত খাবলৈ যায়| বিহু-পূজা-পাৰ্টি এইবোৰ আছেই| অৰিন্দমে তাইক লগাখিনি সদায় দিয়ে| কোনখিনিত জানো অপূৰ্ণ হৈ থাকিল ৰাজশ্ৰী! অৰিন্দমৰ অনুপস্থিতিত দেৱৰাজৰ বাহুবন্ধনত সোমাবলৈ অকণো কুণ্ঠাবোধ নকৰিলে তাই| দেৱৰাজে জানো তাইক সাৱটিবৰ সময়ত তেওঁৰ ঘৰখনলৈ মনত পেলায়? কিজানি বিপৰীত লিংগৰ প্ৰতি সহজাত আকৰ্ষণ এইয়া!!!
….বিয়াৰ প্ৰথম নিশাতেই ৰণে তাইক নাম দিছিল জান্‌তু| কথাই কথাই খালি জান্‌তু| খাওঁতে-শোওঁতে-উঠোঁতে-বহোঁতে সকলো কথাতে কেৱল জান্‌তু| দুখীয়া ঘৰৰ ল’ৰা ৰণৰ বিষয়ে সবিশেষ জানি ৰণৰ প্ৰতি এক ধৰণৰ মৰমত কাতৰ হৈ উঠিল জান্‌তুৰ মন| তাইৰ মন-মগজুৱে যিখিনি সমৰ্থন কৰে সকলো কৰিলে ৰণৰ জীৱনটোক সজাই তুলিবলৈ| বিনিময়ত তায়ো ৰণৰ পৰা অলপ আবেগৰ আব্দাৰ আশা কৰিলে| কিন্তু ৰণ নিৰ্বিকাৰ| ঠিক নিৰ্বিকাৰ নহয় কিন্তু ৰণে একো নাজানে| জান্‌তুৱে দি গৈ থাকিল ৰণে মাথোঁ লৈ থাকিল| নিজে পোৱাৰ বিনিময়ত জান্‌তুকো যে কিবা দিব লাগে এবাৰ সাৱটিব ল’ব লাগে ৰণে নাজানিলে| উদাস হৈ পৰিল জান্‌তু| ৰণক বাৰে বাৰে সঁকিয়ালে অলপ মোৰ ফালে চোৱা ৰণ, মোকো অলপ উত্তাপ দিয়া| ভগৱানে নকৰক নহ’লে কোনোবা দিনা এনে এটা দিন আহিব তোমাৰ প্ৰতি মোৰ কোনো টান নাথাকিব| সময় থাকোঁতেই অলপ সজাগ হোৱা| মোক মানুহ কৰি ৰাখা| যন্ত্ৰ সজাই নেপেলাবা| ৰণে জান্‌তুৰ ভাষা নুবুজিলে| গতানুগতিকতাত হেৰাই গ’ল জান্‌তুৰ মনৰ উছাহখিনি| উদং হৈ আহিল আবেগৰ পুখুৰীটো| এতিয়া জান্‌তুৰ এনে লাগে ৰণে মাত্ৰ শৰীৰটোৰ বাবেই জান্‌তুক মৰম কৰে| আনহাতে জান্‌তুৱে ৰণৰ প্ৰতি কোনো টানেই অনুভৱ নকৰে| জান্‌তুৱে এৰি দিলে ৰণৰ ফালে চাবলৈ| শামুকৰ দৰে খোলা এটাত আবদ্ধ কৰি পেলালে জান্‌তুৱে নিজক| কেতিয়াবা ক’ৰবালৈ বিয়া-পাৰ্টি খাবলৈ গ’লে ঘৰ আহি পোৱাৰ পাছত জান্‌তুৱে আৱিস্কাৰ কৰে বিচনাৰ কাষত ৰণৰ শৰীৰী উপস্থিতি| ব্যঙ্গত হিতাহিত জ্ঞান হেৰুৱাই পেলাব খোজে জান্‌তুৱে| তিৰস্কাৰ কৰি কঠোৰভাৱে আঁতৰাই পঠিয়াই ৰণক| জান্‌তুৰ বাবে এতিয়া জীৱন মানে মাথোঁ সন্তান দুটিক মানুহ কৰাৰ পণ…..
…..প্ৰেম-ভালপোৱা-জীৱন-যৌৱন! জীয়াই থাকোঁতে সকলো লাগে, মৰিলে একোৱেই নাই| কিন্তু বিচৰাৰ যে শেষ নাই! এটা হেঁপাহ পূৰ হ’লে আন এটা হেঁপাহে মূৰ দাঙি উঠে| তাকে নাপালেই হতাশাই হেঁচা মাৰি ধৰে| আবোল-তাবোল বকিবলৈ আৰম্ভ কৰে কোনোজনে| কোনোজনে আকৌ কলমৰ আগেৰে নিগৰায় চমকপ্ৰদ শব্দৰ লানি নিছিগা ধাৰ| কোনোবা প্ৰেমত জাহ যায়, কোনোবাই প্ৰেমহীনতাত ভুগি জীৱনকে ত্যাগ কৰে| প্ৰেমে তুলি ধৰে কাৰোবাক, প্ৰেমে ধ্বংস কৰে কাৰোবাক| অপাৰ শক্তি প্ৰেমৰ| প্ৰায় প্ৰতিদিনে লক্ষ কৰোঁ প্ৰেমৰ ন ন ৰূপ| প্ৰেমৰ বিচিত্ৰতা দেখি হতবাক হওঁ|….প্ৰেমহীন নগৰীত বাস কৰিও ময়ো সপোন দেখোঁ প্ৰেমৰ| প্ৰেম মানে মোৰ বাবে মূৰৰ ওপৰত প্ৰখৰ ৰ’দ, তলপ তপত বালি| পিয়াহত অণ্ঠ-কণ্ঠ শুকান| প্ৰচণ্ড উত্তাপে দহি নিয়ে সৰ্ব শৰীৰ| তথাপি মৰুভূমিত মৰুদ্যানৰ সন্ধান কৰোঁ| কষ্ট হয়| ভাগৰি পৰোঁ| কিন্তু ক্ষান্ত নহওঁ| অহৰহ্‌ চলি থাকে মোৰ অবিৰত যাত্ৰা প্ৰেমৰ সন্ধানত| মাজে মাজে পশ্চিমৰ পৰা শীতল বা এছাতি বলে| দেহা জুৰ পৰে| ভাল লাগে| এখন্তেক জিৰাই লওঁ|….অঞ্জলী বাইদেউৰ মৰমসনা ধমকি “তিনিচুকীয়াৰ ডাকঘৰত অনামিকা বুলি মোৰ ভণ্টী এজনী আছে তাইক ক’বাচোন তাইৰ বায়েক এজনীয়ে তাইৰ ফোনলৈ বাট চাই আছে!” কেইবাদিনৰ মূৰত জিতুৱে ক’ব “তই মোৰ দাৰ্লিং বুজিছ”! অফিচত তলমূৰকৈ কাম কৰি থকা দেখিলে অনিলে ক’ব “ক্যা হোৱা? কুচ প্ৰবলেম্‌ হেঁ ক্যা? ইত্‌না টেনচন্‌ মে কিউ হ্যেঁ? চলিয়ে নীচে চে আঁতে হ্যেঁ”| এটা চক্‌‍লেট খুৱাব সি| আদিত্য দাই ক’ব “তোক আজি কিহবাই পালে নেকি মুখখন ফুলাই আছ যে? বেমাৰ হ’ব এনেকে’ নাথাকিবি| ব’ল পাণ খাই আহোঁ”! জিন্তিয়ে ফোন কৰি অভিযোগ কৰিব “তোৰতো সময়েই নাই মই বাচি আছোঁনে নাই খবৰ এটাকে ল’বলৈ, সেয়ে ময়ে ললোঁ”| পল্লবীয়ে ক’ব “অনামিকা বা, চিন্তা নকৰিব তেজপুৰলৈ যাব লগা হ’লে আমি দুয়োজনীয়ে একেলগেই যাম”| অনি-ভনীয়ে উল্টা-পুল্টা একো ক’বলৈকে নিদিয়ে| কিবা ক’লেই হেঁচা মাৰি ধৰে মনে মনে থাক বুলি| কোনোবাই মাতে বান্দৰী বুলি, কোনোবাই মাতে গাধী বুলি| অচিনাকি অজস্ৰজনৰ হেঁপাহ আব্দাৰবোৰৰ কথা নকওঁ আৰু| সোণৰ চেঁকুৰাৰ দৰেই সযতনে বুটলি লওঁ মৰমৰ পৰশবোৰ| টিভিৰ পৰা কোমলকৈ ভাঁহি আহিছে মনজ্যোস্না মহন্তৰ কণ্ঠ—বহুদিন হ’ল শুনা নাই জীয়া শিলে কথা কোৱা……

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

সাৱলীল ভাৱে উপস্থাপন কৰিছে সামগ্রিক ঘটনাৱলী । উত্তৰোত্তৰ কামনাৰে