বিমান বসুৰ সাক্ষাৎকাৰ

সাহিত্য ডট্ অৰ্গৰ ডিচেম্বৰ, ২০১৪ সংখ্যাৰ অতিথি হিচাপে সাক্ষাৎকাৰৰ বাবে আমি ভাৰতত বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত ব্ৰতী, অগ্ৰণী বিজ্ঞান লেখক বিমান বসু মহাশয়ৰ কাষ চাপিছিলোঁ। জনপ্ৰিয় মাহেকীয়া বিজ্ঞান আলোচনী, “চাইন্স ৰিপ’ৰ্টাৰ”ৰ সম্পাদক হিচাপে তিনি দশকতকৈও অধিককাল কৰ্মৰত হৈ থকা বিমান বসু ডাঙৰীয়াই ১৯৬৭ চনৰে পৰা ছপা আৰু বৈদ্যুতিন এই দুই মাধ্যমযোগে বিজ্ঞানক সাধাৰণ ৰাইজৰ কাষলৈ লৈ যোৱাৰ কামত অৰিহণা যোগাই আহিছে। ত্ৰিশখনতকৈও অধিক বিজ্ঞান বিষয়ক গ্ৰন্থ, অনাতাঁৰ বিজ্ঞান কাৰ্য্যসূচী, বক্তৃতামালা আদিৰে বিজ্ঞানৰ বাৰ্তা প্ৰচাৰত ব্ৰতী এইজনা ব্যক্তিৰ স’তে ই-মেইলযোগে হোৱা কথা-বাৰ্তাৰ অনুদিত ৰূপ সাহিত্য ডট্ অৰ্গৰ পাঠকসকলৰ বাবে আগবঢ়োৱা হ’ল।

BIMAN BASU_INTERVIEW

সাহিত্য ডট্ অৰ্গ : ছাৰ, আপোনাক পোনতে আমাৰ সাহিত্যৰ মজিয়ালৈ স্বাগতম জনালোঁ।
বিমান বসু : ধন্যবাদ।
সাহিত্য ডট্ অৰ্গ : ছাৰ, আপুনি বিগত তিনি দশকতকৈও অধিক কাল দেশত বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত ব্ৰতী হৈ আহিছে। পোনতে আমি জানিব বিচাৰিম, এই বিষয়টিৰ প্ৰতি আপুনি কেনেকৈ আগ্ৰহী হ’ল?
বিমান বসু : শৈশৱৰে পৰা বিজ্ঞান বিষয়টোৰ প্ৰতি মোৰ আকৰ্ষণ আছিল। এই সময়ছোৱাতে মই বিশ্ববিখ্যাত অনেক লেখকৰ জনপ্ৰিয় বিজ্ঞান লেখনি, কল্পবিজ্ঞানৰ কাহিনী খুউব বেছিকৈ অধ্যয়ন কৰিছিলোঁ। আইজাক এচিমভ, জুলে ভাৰ্ণে, আৰ্থাৰ চি ক্লাৰ্ক, এইচ. জি. ৱেলচ্ আদিৰ ৰচনাসমূহে মোক সেইকালতে যথেষ্ট প্ৰভাৱিত কৰিছিল। অৱশ্যে মই বহু পলমকৈহে, দিল্লীৰ হংসৰাজ কলেজত প্ৰৱক্তা হিচাপে যোগ দিয়াৰ পৰাহে বিজ্ঞান বিষয়ক ৰচনাৰ কামত মনোনিৱেশ কৰোঁ। সেই সময়ছোৱাত মই প্ৰধানকৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিভিন্ন শেহতীয়া উদ্ভাৱন আদিৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে সহজ ভাষাত লিখিবলৈ লওঁ। পিছত ১৯৭০ চনৰ ফেব্ৰুৱাৰী মাহত বিজ্ঞান আৰু উদ্যোগিক গৱেষণা প্ৰতিষ্ঠানৰ অধীনত জনপ্ৰিয় বিজ্ঞান বিষয়ক মাহেকীয়া আলোচনী “চাইন্স ৰিপৰ্টাৰ”ৰ সহযোগী সম্পাদক হিচাপে যোগ দি মই বিজ্ঞান জনপ্ৰিয়কৰণকে নিজৰ পেশা হিচাপে লোৱাৰ সুবিধা লাভ কৰোঁ।
সাহিত্য ডট্ অৰ্গ : বিজ্ঞান জনপ্ৰিয়কৰণৰ সৈতে জড়িত ব্যক্তি হিচাপে আমাৰ দেশত বিজ্ঞান মানসিকতা বা বিজ্ঞান বিষয়ক চিন্তা-চৰ্চাৰ পৰিৱেশ বা অৱস্থা সম্পৰ্কে আপোনাৰ মতামত কি?
বিমান বসু : মোৰ দৃষ্টিত একেবাৰে দুখলগা অৱস্থা। এতিয়াও আমাৰ সমাজৰ এক বৃহৎ সংখ্যক নাগৰিক অন্ধবিশ্বাস আৰু সংকীৰ্ণ ধাৰণাৰ মাজত বন্দী হৈ আছে। বহুসংখ্যক লোকেই নিজৰ চৌপাশটোক যুক্তিৰে বা বাস্তৱসন্মত ভাৱে চাবলৈ এতিয়াও শিকা নাই। অৰ্ধসত্য, সত্যৰ অপলাপ, কিছুমান ভুৱা ধাৰণা বা সংস্কাৰৰ উপৰি ধাৰ্মিক হঠকাৰিতাই মানুহৰ মনত বিজ্ঞান মানসিকতা আৰু যুক্তিবাদী চিন্তাৰ বিকাশত অন্তৰায় হৈ থিয় দি আহিছে। এক মাত্ৰ এনেবোৰ কাৰণতে আমাৰ মাজত এতিয়াও স্বয়ম্ভু ভগৱান, বাবাজাতীয় ভণ্ডলোকৰ ভক্তৰ সংখ্যা অতি বেছি। তেওঁলোকৰ ভণ্ডামি দেখাৰ পাছতো মানুহে তেওঁলোকৰ প্ৰতি আস্থা পোযণ কৰে। এইটো খুব পৰিতাপৰ বিষয়।
সাহিত্য ডট্ অৰ্গ : বিজ্ঞান, পৰম্পৰা বা লোকবিশ্বাস আৰু অন্ধবিশ্বাস – এই বিষয়বোৰৰ যৌক্তিক আলোচনাত আমি সততে বিষয়বোৰৰ মাজত একধৰণৰ পাৰস্পৰিক সংঘাত সৃষ্টি হোৱা দেখা পাওঁ। এই বিষয়ত আপোনাৰ ক’বলগীয়া?
বিমান বসু : মোৰ দৃষ্টিত ধৰ্ম একোজন ব্যক্তিৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। কোনো এজন লোকে যদি ভগৱানক বিশ্বাস কৰে আৰু নিজৰ মানসিক শান্তিৰ বাবে প্ৰাৰ্থনা কৰে, সেয়া কোনো দোষনীয় বিষয় হ’ব নোৱাৰে। কিন্তু একেজন লোকেই যদি ভাৱি লয় যে ভগৱানে তেওঁৰ সকলো সমস্যা সমাধান কৰি দিব, তেওঁক ধনী কৰিব পাৰিব অথবা তেওঁৰ সমস্ত ৰোগ-দুখ ভগৱানৰ দ্বাৰাহে নিৰ্মূল হ’ব; তেতিয়াই সেয়া হৈ পৰিব অযুক্তিকৰ। কিয়নো এই পৃথিৱীত হোৱা সকলো ঘটনা-পৰিঘটনাৰ কাৰক হ’ল প্ৰাকৃতিক শক্তিসমূহ আৰু মানুহৰ নিজৰ কৰ্মৰাজি। ভূমিকম্প, বানপানী বা খৰাংজাতীয় দুৰ্যোগসমূহৰ কাৰণ কোনো স্বৰ্গীয় বা অলৌকিক শক্তি নহয়, বৰঞ্চ সম্পূৰ্ণ প্ৰাকৃতিক। এই প্ৰাকৃতিক কাৰকবোৰৰ ব্যাখ্যা দিয়াটোও সম্ভৱপৰ আৰু ভগৱান বা তেনে কোনো শক্তিয়ে এইবোৰক ৰোধ কৰিব পৰাৰো কোনো প্ৰমাণ নাই। একেদৰে বিভিন্ন সংঘৰ্ষ বা যুদ্ধ ইত্যাদিবোৰ মানুহে সৃষ্টি কৰা ঘটনা। আশ্চৰ্য্যকৰভাৱে, মানুহৰ মাজত হোৱা বিভিন্ন সাম্প্ৰদায়িক সংঘৰ্ষৰ বেছিভাগৰে কাৰক কিন্তু বিভিন্ন ধৰ্মত বিশ্বাসীসকলৰ মাজৰ সংঘাত! অথচ ইমান বিপুল সংখ্যক ধন-জনৰ হানি হোৱাৰ এনে ঘটনাবোৰক নানা ধৰ্মই বিশ্বাস কৰা ভগৱানসকলে কিন্তু আজি পৰ্য্যন্ত প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই! মোৰ দৃষ্টিত ভগৱান হৈছে এনে এক আহিলা, যাক মানুহে নিজে কৰা যিকোনো কামৰ অজুহাত ৰূপে ব্যৱহাৰ কৰে; সেয়া ভুলই হওক, শুদ্ধই হওক বা কেতিয়াব লাগে হত্যাৰ দৰে জঘন্য অপৰাধ হওক! মানুহে মানুহক ধৰ্ম বা ভগৱানৰ নামত হত্যা কিয় কৰে, সেই কথাৰ কোনো যুক্তিসংগত কাৰণ মই নাপাওঁ; অথচ পৃথিৱীত সেয়াই প্ৰতিদিনে হৈ আছে! অন্যহাতে এনে ঘটনাৰ নিয়ন্ত্ৰণৰ বাবে ভগৱানে একো কৰিব নোৱাৰে! সেইদৰে, ভগৱানক সৰ্বশক্তিমান বুলি যদি কোৱাই হয় বা যদি হয়ো, তেন্তে আমি কিয় ধৰ্মস্থানবিলাকৰ সুৰক্ষাৰ বাবে প্ৰতিৰক্ষাবাহিনীক নিয়োগ কৰিবলগীয়া হয়? সৰ্বশক্তিমান ঈশ্বৰে জানো নিজকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰে? আচলতে ঈশ্বৰ বা ভগৱানৰ অস্তিত্ব কেৱল মানুহৰ অজ্ঞানতা আৰু অন্ধবিশ্বাসতহে বৰ্তি আছে; ভগৱানৰ বিশ্বাসে ব্যক্তিকহে মানসিক শান্তি দিব পাৰে, কিন্তু যুক্তিবাদী, বৈজ্ঞানিক মানসিকতাই সাধাৰণ ৰাইজৰ সামগ্ৰিক হিত সাধন কৰিব পাৰে।
সাহিত্য ডট্ অৰ্গ : জ্যোতিষ, ফেংচুই বা বাস্তু – আদিবোৰ আচলতে বিজ্ঞান নে?
বিমান বসু : একেষাৰে ক’বলৈ গ’লে, এইবোৰৰ এটাও বিজ্ঞান নহয়, কিয়নো এইবোৰে কোনো সিদ্ধান্তত উপনীত হোৱাৰ ক্ষেত্ৰত কোনো বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰে। জ্যোতিষৰ দৰে বিষয়ে বিভিন্ন গ্ৰহকনো কিয় নানা গুণৰ অধিকাৰী বুলি ধৰা হয়, সেই সাধাৰণ কথাটোৰে ব্যাখ্যা দিবলৈ অক্ষম। অথচ, আমি আজিকালি জানো যে এইবোৰ বিভিন্ন ৰাসায়নিক পদাৰ্থৰে গঠিত আৰু জড়। একেদৰে মহাকাশৰ ৰাশিচক্ৰবোৰৰো— যিবোৰক জ্যোতিষীসকলে ইমান গুৰুত্ব দিয়ে, সেইবোৰৰো তেনে কোনো বিশেষ ক্ষমতা আচলতে নাই। জ্যোতিষ চৰ্চাত ব্যৱহৃত তৰামণ্ডলবোৰ আচলতে আকাশৰ নক্ষত্ৰবোৰক সহজে চিনি পাবৰ বাবে মানুহে কৰা কল্পনাই সৃষ্টি কৰা; প্ৰকৃতপক্ষে সেইবোৰৰ প্ৰতিটো মহাকাশত ইমান দূৰে দূৰে আৰু পৃথিৱীৰ পৰা ইমান ভিন্ ভিন্ দূৰত্বত যে সেইবোৰে একেলগে এটা গোট হিচাপে কাম কৰাটো অসম্ভৱ! তদুপৰি, জ্যোতিষে মহাকাশৰ এই গ্ৰহ-নক্ষত্ৰবোৰেনো কেনেকৈ প্ৰভাৱ পেলায়, তাৰ কাৰ্য্যপ্ৰণালীৰ কোনো ব্যাখ্যা দিবলৈ অক্ষম। এই গ্ৰহ-নক্ষত্ৰবোৰে পৃথিৱীক প্ৰভাৱিত কৰাৰ এটাই উপায় আছে আৰু সেয়া হ’ল তেনেই দুৰ্বল মধ্যাকৰ্ষণ শক্তিৰ জৰিয়তে। কিন্তু এইখিনিতে কথা হ’ল জ্যোতিষীসকলে দাবী কৰাৰ দৰে এই শক্তি কোনো ব্যক্তি সাপেক্ষে বেলেগ বেলেগ নহয় বা হ’ব নোৱাৰে।
অন্যহাতে ফেংচুই বা বাস্তুৰ দৰে শাস্ত্ৰ গৃহ নিৰ্মাণ প্ৰক্ৰিয়াৰ সতে জড়িত আৰু মূলতঃ এইবোৰে ঘৰ এখনৰ দুৱাৰ, ৰান্ধনিশাল, স্নানাগাৰ, খিড়িকী আদিৰ দিশ বা অৱস্থান সম্পৰ্কে নিৰ্দেশনা দিয়ে। কিন্তু এইবোৰৰ ক্ষেত্ৰতো এক মৌলিক ত্ৰুটি দেখা যায়। এটা ভাল ঘৰৰ নক্সাৰ কথা ক’বলৈ গ’লে আমি গুৰুত্ব দিবলগীয়া বিষয়বোৰ হ’ল – ঘৰৰ বাবে থকা স্থানৰ উপযুক্ত আৰু সঠিক ব্যৱহাৰ, উপযুক্ত বতাহ চলাচলৰ ব্যৱস্থা, প্ৰাকৃতিক পোহৰৰ প্ৰাচুৰ্য্যতা ইত্যাদি ইত্যাদি। এই সকলোবোৰ দিশ কিন্তু এখন ঠাইৰ পৰা আন এখন ঠাইৰ ক্ষেত্ৰত বেলেগ। উদাহৰণস্বৰূপে, সাগৰ বা হ্ৰদ একোটাৰ পাৰত থকা ঘৰ একোটা দিশ যিয়েই নহওক, সদায় উক্ত সাগৰ বা হ্ৰদৰ ফালে মুখ কৰি থকা হ’ব। সেইদৰে চিমলাৰ দৰে পাহাৰীয়া ঠাইত থকা ঘৰবোৰত শয়নকক্ষত উপযুক্ত পোহৰ পাবলৈ হ’লে, সি সদায় দক্ষিণমুৱা হ’বই লাগিব। গতিকে বাস্তুশাস্ত্ৰই ক’লেও, এনে ঠাইত উত্তৰমুখীকৈ শয়নকক্ষ সাজিলে, সি হ’ব অবৈজ্ঞানিক।
এখন মহানগৰীত, আবাসিক এলেকাসমূহৰ ক্ষেত্ৰত দেখা যায় যে সেইবোৰ ইটো সিটোৰ মুখামুখীকৈ থাকে; অৰ্থাৎ এপিনৰ ঘৰবোৰ যদি পূৱমুৱা, আনপিনৰ ঘৰবোৰ পশ্চিমমুৱা। আনকি ঘৰবোৰৰ ভিতৰত থকা ৰান্ধনিঘৰ, স্নানাগাৰ, শয়নকক্ষ আদিবোৰো পৰস্পৰ বিপৰীতমুখী হ’ব। এনেক্ষেত্ৰত, সঁচাকৈয়ে যদি বাস্তু শাস্ত্ৰই কোৱা নিয়মৰ প্ৰভাৱেই আছে, তেন্তে দুয়োপিনৰ ঘৰবোৰৰ অৱস্থা হ’ব লাগে সম্পূৰ্ণ বিপৰীত – ভাল আৰু বেয়া। একেদৰে, এটা ৰাস্তাৰ দুয়োপিনে থকা দোকানৰ ক্ষেত্ৰতো একে নিয়মেই প্ৰযোজ্য হোৱা উচিত; ৰাস্তাৰ এফালে থকা দোকানবোৰত সদায়ে ভাল ব্যৱসায় চলাৰ বিপৰীতে আনপিনৰবোৰত ব্যৱসায় মন্দা হোৱা উচিত। প্ৰকৃততে, বাস্তু বা ফেংচুইৰ চৰ্চাকাৰীসকলে এই ব্যাখ্যা কেতিয়াও দিব নোৱাৰে যে কিয়নো ঘৰৰ এটা বিশেষ কোণত বা দিশতহে শয়নকক্ষ ৰাখিলে ভাল; অন্য দিশ বা কোণত নহয়। অৱশ্যে এই কথাৰ ব্যাখ্যাৰ বাবে তেওঁলোকে ধনাত্মক শক্তিজাতীয় ধুঁৱলি-কুঁৱলি আৰু প্ৰক্ষেপিত ধাৰণাৰ ব্যৱহাৰ কৰে, যিবোৰ কেনেকৈ চিনাক্ত কৰিব পাৰি বা জুখিব পাৰি, তাৰ কোনো ব্যাখ্যা তেওঁলোকৰ ওচৰত নাথাকে। এই বাস্তু বা ফেংচুইৰ সিদ্ধান্তবোৰ কোনো কাৰণতে প্ৰমাণ কৰিব পৰা নহয় আৰু সেইটোৱেই এইবোৰক অবিজ্ঞান বুলি ক’বলৈ যথেষ্ট।
সাহিত্য ডট্ অৰ্গ : কিন্তু আমি সততে দেখোঁ যে নিজকে এইবোৰৰ বিশেষজ্ঞ বুলি দাবী কৰা এচামে বিজ্ঞানৰ কিছু ধাৰণাক উপৰুৱাকৈ ব্যৱহাৰ কৰি এনে অবিজ্ঞানৰ সপক্ষে প্ৰচাৰ কৰা দেখা যায়। আনহে নেলাগে, তথাকথিত কিছু বিজ্ঞানীয়েও এনে কামত হয়ভৰ দিয়ে আৰু সাধাৰণ মানুহ এইবোৰ বিশ্বাসৰ জালত পৰে। এইবিষয়ে আপুনি কি ক’ব?
বিমান বসু : দুখজনকভাৱে বিজ্ঞানৰ নামত মানুহক বুৰ্বক সজোৱাটো বেছ সহজ; যিটো আমি সচৰাচৰ দূৰদৰ্শনৰ ব্যৱসায়িক বিজ্ঞাপনবোৰত দেখা পাওঁ। বিজ্ঞানৰ সাধাৰণ জ্ঞানকণ নথকা মানুহে এনে চাতুৰিত ভোল যোৱাটো স্বাভাৱিক কথা। কিন্তু শিক্ষিত, বিজ্ঞানৰ ডিগ্ৰী থকা বা বিজ্ঞান চৰ্চা কৰা মানুহেও জ্যোতিষ বা স্বৰ্গীয় শক্তিক বিশ্বাস কৰাৰ মূলতে হ’ল নিজৰ ব্যক্তিগত বা কৰ্মজীৱনত অহৰহ অনুভৱ কৰা নিৰাপত্তাহীনতা। আনহে নেলাগে, আমি আমাৰ দেশত মহাকাশ গৱেষণা সংস্থাৰ মূৰব্বীক উৎক্ষেপন কৰিবলগীয়া ৰকেট বা উপগ্ৰহৰ প্ৰতিকৃতি লৈ মন্দিৰ দৰ্শন কৰি আশীৰ্বাদ বিচৰাৰ দৰে কথাও দেখা পাই আহিছোঁ। এনে ক্ষেত্ৰত প্ৰশ্ন হয়, ৰকেটটোত যদি কিবা কাৰিকৰী খুঁত ৰৈ গৈছে, তেন্তে সেই স্বৰ্গীয় শক্তিয়ে উৎক্ষেপনৰ সফলতা নিশ্চিত কৰি, এনে খুঁতৰ মেৰামতি কৰি দিব পাৰিব নেকি? মোৰ ধাৰণা মতে, এনে অন্ধবিশ্বাসক নিজৰ কৰি লোৱাটো একোজন ব্যক্তিৰ ব্যক্তিগত সিদ্ধান্ত; কিন্তু একোজন শিক্ষিত লোকেই যেতিয়া এনে কথাবোৰ, এনে আচৰণবোৰ মানি চলিবলৈ লয়, বেলেগে কিবা কৰাৰ বিশেষ থল নেথাকে!
সাহিত্য ডট্ অৰ্গ : অন্ধবিশ্বাস আৰু কুসংস্কাৰ আমাৰ সমাজত শিপোৱা এক মাৰাত্মক ব্যাধি। অনেক ক্ষেত্ৰত আমি দেখা পাওঁ যে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বশৱৰ্তী হৈ মানুহ মৃত্যুৰ মুখত পৰিবলগীয়াও হৈছে। এই ব্যাধিৰ নিৰ্মূলকৰণৰ বাবে কৰণীয় কি বুলি আপুনি ভাৱে?
বিমান বসু : অধিকসংখ্যক জনশ্ৰুতি বা বিশ্বাসৰ কোনো যুক্তিসংগত ব্যাখ্যা নাথাকে। সচৰাচৰ মানুহে এইবোৰ কথাক বিশ্বাস কৰাৰ মূল কাৰণ হ’ল মানুহৰ মনত বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ। এনেবোৰ ধাৰণাত মানুহৰ বিশ্বাস ইমান বেছি শক্তিশালী যে মানুহে এটা মেকুৰীয়েও নিজৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ভাবি লয়। নহ’লেনো মানুহে আগেদি ক’লা মেকুৰী পাৰ হৈ যোৱাটোত অমংগল বুলি শংকিত হয়নে! আপুনি হয়তো এনে গাড়ীচালক কমেইহে পাব, যি আগেদি ক’লা মেকুৰী পাৰ হৈ গ’লে গাড়ীখন চলাই নিবলৈ সাহস কৰে! কিন্তু তেওঁলোকেনো কিয় এই কথাক বিশ্বাস কৰে, তাৰ কোনো উত্তৰ তেওঁলোকৰ ওচৰত নাথাকে! অৰ্থাৎ অকাৰণ ভয় আৰু বৈজ্ঞানিক মানসিকতাহীনতাই আচলতে এনে অযুক্তিকৰ কথাক বিশ্বাস কৰি লোৱাৰ আঁৰৰ কাৰক।
একেধৰণৰ অন্য এক বিশ্বাস হ’ল – কোনোবা ক’ৰবালৈ ওলালে বা কিবা কাম আৰম্ভ কৰিলে যদি কোনো লোকে হাঁচিয়াই দিয়ে, তেন্তে সেই যাত্ৰাত বা কামত অন্তৰায় হ’ব বুলি ভবাটো। এনে ক্ষেত্ৰত সচৰাচৰ ব্যক্তিজনক ওলাই যোৱাৰ আগতে বা কামটো কৰাৰ আগতে অলপ পৰ ৰৈ দিবলৈ কোৱা হয়, যাৰ প্ৰকৃততে কোনো বিজ্ঞানসন্মত ব্যাখ্যা নাই। সাধাৰণতে, মানুহৰ নাকত কিবা বস্তু সোমাই গ’লে বা আকস্মিকভাৱে এজন ব্যক্তি যদি অতি উজ্জ্বল পোহৰৰ সংস্পৰ্শলৈ আহে, তেতিয়া তেওঁ হাঁচিয়ায়। কিন্তু এই হাঁচিৰ স’তে কোনো কামৰ সফলতা-বিফলতাৰ কথাটো জড়িত হৈ থাকিব নোৱাৰে।
অন্যহাতে, ভাৰতৰ কোনো কোনো ঠাইত এনে এক লোকবিশ্বাস প্ৰচলিত যে নৱজাতকক ঘৰৰ ওপৰৰ পৰা মাটিৰ ওপৰত ধৰি থকা এখন বিচনাচাদৰ বা তেনে কাপোৰলৈ দলিয়াই দিলে, শিশুটিৰ স্বাস্থ্যৰ লগতে পৰিয়ালৰ সমৃদ্ধি বৃদ্ধি পায়। ভাৰতৰ দৰে দেশত য’ত শিশুৰ মৃত্যুৰ হাৰ অত্যন্ত বেছি, তাত গ্ৰাম্যাঞ্চলৰ লোকে এনে নিয়মৰ ভয়াৱহতা উপলব্ধি নকৰি তাক পালন কৰাটো খুব স্বাভাৱিক অথচ পৰিতাপৰ কথা। ঠিক একেদৰে, দেশজুৰি চন্দ্ৰ আৰু সূৰ্য্য গ্ৰহণক লৈ এনে অনেক বিশ্বাস প্ৰচলিত; যিবোৰৰ কোনো যুক্তিযুক্ততা নাই, অথচ মানুহে নিজৰ অপকাৰ হোৱাৰ ভয়ত এইবোৰ মানি চলে।
এই সকলো অযুক্তিকৰ চিন্তা আৰু অহৈতুক ভয় আঁতৰোৱাৰ এটাই উপায় আছে, সেয়া হ’ল –শিক্ষা। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল – আমাৰ শিক্ষাব্যৱস্থাত এই ক্ষেত্ৰত কোনো বিশেষ প্ৰচেষ্টা লোৱা দেখা নাযায়। যদিহে শিশুকালতে এজন ব্যক্তিক এই শিক্ষা দিয়া যায়— কিয় এই অন্ধবিশ্বাসবোৰৰ কোনো যুক্তিযুক্ততা নাই আৰু কিয়নো মানুহে এইবোৰত বিশ্বাস কৰা অনুচিত তেন্তে সেই শিশু ডাঙৰ হ’লে নিশ্চয় এইবোৰৰ বশৱৰ্তী নহ’ব আৰু তেনেকৈয়ে ক্ৰমান্বয়ে এই বিপদবোৰ সমাজৰ পৰা আঁতৰ হ’ব।
সাহিত্য ডট্ অৰ্গ : চৰকাৰৰ দ্বাৰা এই ধৰণৰ অন্ধবিশ্বাস যেনে ডাইনী সন্দেহত কৰা হত্যা আদি ৰোধৰ বাবে বিশেষ কিবা ব্যৱস্থা লোৱা হৈছে নে? এই ক্ষেত্ৰত আপোনাৰ মতামত কি?
বিমান বসু : মোৰ দৃষ্টিত তেনেই সীমিত পৰিসৰত এনে ক্ষেত্ৰত কিছু ব্যৱস্থা লোৱা হৈছে। উদাহৰণস্বৰূপে, এনে কামৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ পৰিষদে (NCSTC) বিজ্ঞান জনপ্ৰিয়কৰণৰ কামত নিয়োজিত সংস্থা বা বেচৰকাৰী সংগঠনক বিত্তীয় সাহাৰ্য্য প্ৰদান কৰে। কিন্তু যি ব্যাপক হাৰত এইধৰণৰ অন্ধবিশ্বাসবিলাকৰ প্ৰচলন বাঢ়ি আছে তালৈ চাই এনে প্ৰচেষ্টাৰ পৰিসৰ অতি কম। প্ৰত্যেক দিনেই গণমাধ্যমবোৰৰ জৰিয়তে ধনী হ’বৰ বাবে, সুখী হ’বৰ বাবে নানানটা যন্ত্ৰ আৰু কবচৰ প্ৰচাৰ কৰা হৈ আহিছে। কিন্তু এনে ক্ষয়ংকৰী বিজ্ঞাপনৰ প্ৰচাৰ ৰোধৰ বাবে চৰকাৰৰ ফালৰ পৰা কোনো প্ৰচেষ্টা হাতত লোৱা হোৱা নাই। এনে পৰিস্থিতিত ওপৰত উল্লেখ কৰা ধৰণৰ বিজ্ঞাপন বা অনুষ্ঠানৰ প্ৰচাৰ হোৱা দেখিলে মই যথেষ্ট হতাশ আৰু অশান্ত হৈ পৰোঁ!
সাহিত্য ডট্ অৰ্গ : আপুনি বেছ কেবাটাও দশক ধৰি “চাইন্স ৰিপৰ্টাৰ”ৰ সম্পাদক হিচাপে বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে গণমাধ্যমৰ স’তে জড়িত হৈ আছে। ভাৰতত অন্ধবিশ্বাস নিৰ্মূলকৰণত গণমাধ্যমৰ ভূমিকা সম্পৰ্কে আপোনাৰ মতামত কি? এই ক্ষেত্ৰত গণমাধ্যমে দৃঢ় আৰু সঠিক ভূমিকা লৈছে বুলি আপুনি ভাৱে নে?
বিমান বসু : দুৰ্ভাগ্যজনকভাৱে এই ক্ষেত্ৰত গণমাধ্যমৰ ভূমিকা সঠিক নহয়। আমাৰ গণমাধ্যমৰ অধিকাংশই বিজ্ঞান সম্পৰ্কীয় বিষয়ৰ প্ৰচাৰতকৈ কোনো ঘটনাৰ মুখৰোচক বৰ্ণনা দিয়াৰহে পক্ষপাতী। ইলেক্ট্ৰনিক গণমাধ্যমসমূহ বিশেষকৈ টিভি চেনেলবোৰত প্ৰচাৰিত অনুষ্ঠানৰ বিষয়তকৈ টিআৰপি লৈহে বেছি সচেতন। যদিও এই মাধ্যমেই মানুহৰ মাজলৈ বিজ্ঞানক লৈ যোৱাৰ আটাইতকৈ সৱল মাধ্যম হোৱাৰ সম্ভাৱনা সৰ্বাধিক, ভাৰতত সেই উদ্দেশ্যৰে বৈদ্যুতিন মাধ্যমক খুব কমেইহে ব্যৱহাৰ কৰা হয়। বিজ্ঞান আৰু প্ৰযুক্তিক, বিজ্ঞান মানসিকতাক মানুহৰ মাজত প্ৰচাৰৰ বাবে গণমাধ্যমক ব্যৱহাৰ কৰা আৰু অনেক সুযোগ আছে।
সাহিত্য ডট্ অৰ্গ : বৈজ্ঞানিক আৰু যুক্তিবাদী চিন্তাচৰ্চাৰ ক্ষেত্ৰত আপুনি নতুন প্ৰজন্মক লৈ কি আশা কৰে? এই ক্ষেত্ৰত আপুনি কিবা সমস্যা আছে বুলি ভাৱে নেকি?
বিমান বসু : গণমাধ্যমসমূহৰ পুতৌ লগা ভূমিকাৰ পাছতো ব্যক্তিগত প্ৰচেষ্টা, কিছু বেচৰকাৰী সংগঠন আৰু NCSTC ৰ প্ৰচেষ্টাৰ পৰিণতিত কমকৈ হ’লেও নতুন প্ৰজন্মৰ মাজত মানসিকতাৰ এক পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ। নতুন প্ৰজন্মৰ অনেকেই নিজৰ পিতৃ-মাতৃ বা অন্যন্য অগ্ৰজসকলৰ মাজত থকা কুসংস্কাৰ আৰু অন্ধবিশ্বাস বাদ দি প্ৰতিটো কথা আৰু কামকে যুক্তিৰে জুকিয়াই চাবলৈ শিকিছে। এইটো খুব উৎসাহজনক কথা। কিন্তু সামগ্ৰিকভাৱে এইখিনিতে আমি এটা কথা মনত ৰখা ভাল যে, বিজ্ঞান মানসিকতাৰ পৰিপন্থী আৰু অন্ধবিশ্বাস-কুসংস্কাৰৰ পোষকতা কৰা যিকোনো কথা আৰু কামৰ ৰাজহুৱা চৰ্চা হোৱাটোক আমি অনতিপলমে বাধা দিয়া উচিত। সেয়ে নহ’লে বিজ্ঞান প্ৰচাৰক ব্যক্তি বা সংস্থা কাৰোৰে কোনো প্ৰচেষ্টাই দেশ আৰু সমাজক এনে অকল্যাণকৰ বিশ্বাস আৰু আচাৰ-আচৰণৰ পৰা মুক্ত কৰিবলৈ সক্ষম নহ’ব।
সাহিত্য ডট্ অৰ্গ : ছাৰ, আপোনাৰ ব্যস্ততাভৰা কৰ্মসূচীৰ পৰা এইখিনি সময় আমাক দিয়াৰ বাবে আপোনালৈ আন্তৰিক ধন্যবাদ থাকিল।
বিমান বসু : ধন্যবাদ।
(সাক্ষাৎ গ্ৰহণ – মানসী গোস্বামী )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক