“এদিন বিমানত…” (দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

ঘৰলৈ যাবলৈ পুণেৰ পৰা ক’লকাতালৈ উৰিবলগীয়া বিমানত বহিলোঁ। খিৰিকীৰ কাষৰ ছীট। মাজৰ ছীটটো খালী। বিমান উৰিবলৈ প্ৰায় পোন্ধৰ মিনিট মান আছে। এনেতে এগৰাকী আধুনিকা মহিলা আহি আমাৰ ছীটৰ ওচৰ পালে। পিন্ধনত জীনচ্ আৰু টি-ছাৰ্ট, চকুত ক’লা ছানগ্লাছ। দৌৰা-দৌৰিকৈ বেগটো ওপৰত থৈ মাজৰ ছীটটোত বহিলেহি। বয়স তেওঁৰ ত্ৰিশৰ ওচৰা-উচৰি। বিবাহিতা হয় নে নহয় জনাৰ সাধ্য নাই। কষ্ট কৰি জনিবলৈনো যামেই বা কিয়! হাতত থকা আই-ফোনটোৰে কাৰোবাৰ নম্বৰ টিপি কথা পতাত লাগিল। কি কথা পাতিছে শুনাৰ মন নগ’লেও কাণ দুখনৰ অন্য কাম নাই বাবেই সেইফালে ঠিয় হ’ল। সাংঘাটিক ইংৰাজী। অনৰ্গল কৈ গৈছে। সুৰটোও অলপ বেলেগ- ‘ইউ-কে ইংলিছ’। বয়ফ্ৰেণ্ড নে গিৰীয়েকৰ লগত কথা পাতিছে জনাৰ উপাই নাই। কিন্তু তেওঁলোকৰ মাজত যে আছে সাংঘাটিক মৰম, কথোপকথনত ব্যৱহৃত ‘হানী..বেবী’ আদি শব্দবোৰে সেয়া জনাই দিছে ৰাইজক।Slide34

‘একো এটা খোৱা নহ’ল। লে’ট হোৱা বাবে এয়াৰপোৰ্ট’ৰ পৰা কিনিম বুলি ভাবিও কিনা নহ’ল-ব্ৰেকফাষ্ট’ – তেওঁ কৈ গৈছে ইংৰাজীতে।
‘ফ্লাইটতে কিবা খাই ল’ম। বাই দ্য ৱে, মই আজি উইণ্ডো ছীট নাপালোঁ। দুজন হেৰি (শব্দটো মনলৈ অহা নাই, কিন্তু অভিধান খুলিলে ‘মক্কেল’ ধৰণৰ অৰ্থ এটি জিলিকি থাকিব)ৰ মাজত এতিয়া ‘ছেণ্ডউইছ’ হৈ বহি থাকিব লগা হৈছে’- ভদ্ৰমহিলাৰ কথা শুনি মই যিমান দূৰ পাৰো গাটো ভাঁজ লগাই আঁতৰত নলগাকৈ বহিবলৈ চেষ্টা চলালোঁ। আনটো ফালৰ ব্ৰেডৰ টুকুৰাটোৰ খবৰ নাই, নিজৰ দুনীয়াত ব্যস্ত।
বিমান উৰিল। মহিলাগৰাকীলৈ আঁৰ চকুৰে চালোঁ। গান শুনিছে। কাণত ওলোমাই লোৱা ইয়েৰ-ফোন’ৰ পৰা ইংৰাজী ৰক্ গানৰ হাই-উৰুমি ভাঁহি আহিছে মৃদুকৈ। কেতিয়াবা আপোন পাহৰা হৈ তেওঁ ডিঙি আৰু থুতৰিটো এক বিশেষ ভংগীমাত লৰাইছে গানৰ তালে তালে।
কিছুসময় পিছত বিমান পৰিচাৰিকা আহিল খাদ্যৰে ভৰ্তি ট্ৰ’লীখন লৈ। আমাৰ ছীটটোৰ ওচৰলৈ আহি প্ৰথমতে কাষৰজনক পেকেট এটা দিলে। ব’ৰ্ডিং-পাছখন বিচাৰিলে তেওঁৰ পৰা। এইবাৰ মোলৈ চাই হাঁহি এটিৰে মোৰ ব’ৰ্ডিং পাছখন বিচাৰিলে।
‘নন ভেজ, ৰাইট?’ -আকৌ হাঁহি এটিৰ সৈতে মোলৈ পেকেট এটি আগবঢ়াই দিলে। কাষতে বহা ভদ্ৰমহিলাৰ মুখখন দেখি এনেকুৱা লাগিল তেওঁ যেন এয়াৰ-হোষ্টেজগৰাকীক কৈ উঠিব-‘তহঁতে নাজান ‘লেডিজ ফাৰ্ষ্ট’..সদায় মহিলাক প্ৰথমে দিব লাগে, তাতে মই ইমান ‘হাংৰী’…’।
অলপ পৰ ৰৈ মহিলাগৰাকীয়ে নিজেই সুধিলে কি কি আছে খাবলৈ। এয়াৰ-হোষ্টেজ গৰাকীয়ে কৈ গ’ল। ‘ওৱান চিকেন ছেণ্ডউইছ…ওৱান কোক’ – মহিলাগৰাকীৰ কথা শুনি মই আকৌ সন্ত্ৰস্ত হৈ গাটো বেঁকা কৰিলোঁ। ছেণ্ডৱিছৰ পেকেটটো খুলিছিলেই তেওঁ, এয়াৰ-হোষ্টেজে মাত লগালে-‘মেম, টু হাণ্ড্ৰেড প্লীজ’। হঠাতে যেন হাঁহাকাৰ লাগি গ’ল। ‘এইদুজনৰপৰা পইচা লোৱা নাই, মোৰ পৰা কিয়?’
‘নহয় মে’ম, তেওঁলোকে ফ্লাইটৰ টিকেট বুক কৰোতেই ‘ফুড’ প্ৰি-বুক কৰি লৈছিল। তেতিয়াই পে’ কৰিছে।”কেনেকৈ হ’ব? ময়োতো টিকেট বুক কৰিয়েই উঠিছোঁ। ”আপুনি ‘মিল’ৰ কাৰণে একো বুক কৰা নাই।চাওঁক আপোনাৰ টিকেটটো…প্লিজ পে’ টুহাণ্ড্ৰেড…’। মিনিটত এশটামান ইংৰাজী বাক্যৰে কথা কটা-কটিৰ খেলখন চলাই অৱশেষত হাজাৰটকীয়া টিকেট কাটি বিমান যাত্ৰা কৰা ভদ্ৰমহিলাই দুশ টকাৰ বাবে আধা-খোলা ছেণ্ডউইছৰ পেকেটটো এয়াৰ-হোষ্টেজগৰাকীলৈ দলিয়াই দিলে। তেওঁ খঙত ফোঁপাইছে। ওচৰৰ দুই-এজনে ঘূৰি চাইছে। এইফালে মোৰ হাতত থকা ছেণ্ডউইছটোক মুখলৈ লৈ যোৱাৰ সাহস কৰিব পৰা নাই হাতখনে। এইবাৰ মহিলাগৰাকীয়ে মোৰ ফালে চালে। মই কি কওঁ-কি কৰোঁ ভাবি থাকোতেই তেওঁ শুদ্ধ হিন্দীত সম্পূৰ্ণ দেছী (দেশী) ষ্টাইলত মুখ বেঁকা কৰি এয়াৰ হোষ্টেজ কেইগৰাকীলৈ চকুৰ থাৰেৰে দেখুৱাই ক’লে-‘চব হাৰামী চাল্লা’! ‘ইয়াহ..’- ক’ব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাল, শুদ্ধ ইংৰাজীত!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!