জন্মদিন (এটা অনুভৱ)(- বি. জে. ৰঞ্জন)

:::জন্মদিন (এটা অনুভৱ)::::

সম্পৰ্কীয় ভনী এজনীয়ে এবাৰ মোৰ সমুখত মাকক তাইৰ বান্ধৱী এজনীৰ কথা কৈ ঘোৰ আপত্তি দৰ্শাইছিল- “মই মৰিলেওঁ ৰুমিক আৰু কেতিয়াওঁ উইছ-তুইছ নকৰোঁ, মোৰ বা্ৰ্থডেত তাই এইবাৰ উইছ নকৰিলে!”
জন্মদিনত “উইছ” কৰা-নকৰা ঘটনা যে ইমান সংবেদনশীল কাৰবাৰ হ’ব পাৰে ইয়াৰ আগতে মই ভাবিবই পৰা নাছিলো।

jonmo din

আমাৰ চুবুৰিত বাইদেউ এজনী আছিল। তেওঁ চুবুৰিৰ ল’ৰা-ছোৱালীবোৰৰ জন্ম তাৰিখবোৰ মনত ৰাখি (বোধকৰোঁ নোট কৰি থৈছিল) সেইমতে বাৰ্থ-ডে’ উইছ কৰিছিল। এইটো তেওঁৰ এক প্ৰকাৰ হবিৰ নিচিনা আছিল। বহুদিন ভাবিছিলোঁ অভ্যাসটো ময়ো অনুকৰণ কৰিম। ভাবিছিলোঁ- বহুদিন, বছৰ লগ নপোৱা বন্ধু,বান্ধবী বা আপোনজনক তেওঁলোকৰ ওপোজা দিনত শুভেচ্ছা জ্ঞাপন কৰিব পাৰিলে কেনে এক আচৰিত-মধুৰ পৰিস্হিতিৰ (চাৰপ্ৰাইজ) সৃষ্টি হ’ব। এই চিন্তাৰ লগে লগে আন এটা চিন্তা মনলৈ আহিছিল যে মোৰ সম্পৰ্কৰ যিমান চিনাকি মানুহ আছে- পেহা-খুৰাৰে পৰা তেওঁলোকৰ নাতি-নাতিনীকে ধৰি মোৰ সমস্ত বন্ধু-বৰ্গলৈ, এই সকোলোৰে বাৰ্থডে ৰেকৰ্ড ৰাখিবলৈ হ’লে এটা ভাল চফ্টটৱেৰৰে দৰকাৰ পৰিব। জন্মদিনবোৰ অতি কমেও প্ৰতি মাহত দহ, পোন্ধৰটা মানকৈ পৰি যাব কিজানি, সম্ভব এদিনতে দুটা-তিনিটামান একেলগে ‘কমনো’ পৰি যাব পাৰে কেতিয়াবা (এই সম্ভাবনাটোৰ সম্পৰ্কে জনপ্ৰিয় লিখক সৌৰভ কুমাৰ চলিহাই তেওঁৰ জন্মদিন নামৰ গল্পটোত সুন্দৰকৈ বৰ্ণনা কৰিছে)।
যি নহওঁক, কম্পিউটাৰত বাৰ্থডেৰ ৰেকৰ্ড ৰখা মোৰ নহ’ল, বৰঞ্চ লাহে লাহে যিমানে দিন বাগৰিল, জন্মদিনৰ প্ৰতি আকৰ্ষণ মোৰ কমি কমি আহিবলৈ ধৰিলে। চাকৰিত সোমোৱাৰ পিছত দূৰৈত থকা বাবে কেতিয়াবা মায়ে ফোনত কয়-“তোৰ আজি জন্মদিন আছিল নহয়, কিবাকিবি কিনি খাবি লগৰ লগত।”
তাৰ পিছত মায়ে কয়-“হেপ্পি বাৰ্থডে টু ইউ।” (দমাই থোৱা কৌতুকৰ সুৰটো মাৰ মাতত মই ধৰিব পাৰো, মই কল্পনা কৰোঁ- মোলৈ যাচা ইংৰাজী অভিবাদনত মাৰ মুখত লাজ ভৰা হাঁহি এটা বিয়পি গৈছে)। ময়ো লাহে কৈ লাজেৰে কওঁ-“অ’-অ’, থেংক ইউ” (মাকক থেংক-ইউ!)

ব্যক্তিগত অনুভৱৰ এই লিখাটো কিছুমান অৰ্থহীন ভাৱৰ আঁক-বাঁক। অলপ বহলাই ক’বলৈ গ’লে অলস সময়ত বিচনাত, গাৰুত আউজি টিভিৰ পৰ্দাত ৰূটি-মেকাৰ জাতীয় যন্ত্ৰৰ এদভাৰটাইজমেন্ট চাই চাই মনত জগা কিছুমান অদৰকাৰী ভাৱনাৰ বুৰবুৰণি হে মাথোন, ই একো তথ্যযুক্ত বা কামত আহিবলগীয়া লিখনিৰ প্ৰচেষ্টা নহয়। তৎসত্বেও আপোনালোকৰ লগত কথাটো ভগাই (শ্বেয়াৰ কৰি) লৈ ক’ব বিচিৰিছোঁ যে আজিকালি বাৰু মই মোৰ জন্মদিনটো বেয়া পোৱা হৈ গ’লো নেকি…।

সৰু থাকোতে জন্মদিনটো লৈ অধীৰ আগ্ৰহেৰে গোটেই বছৰ জুৰি অপেক্ষা কৰি ৰৈছিলোঁ। তেতিয়া কিমান আনন্দ-উতসাহেৰে ৰাতিপুৱাৰে পৰা ৰাতিলৈ জন্মপৰ্বৰ ষোল্ল অনাই আনন্দ-ফুৰ্টি উপভোগ কৰিছিলোঁ। আনকি ভাগ্য সুপ্ৰসন্ন থাকিলে সিদিনা পঢ়া-শুনা ধোৱাচাঙত উঠিলেওঁ মাফ হৈ গৈছিল। দিনৰ দিনটো খেলা-ধুলা, ফুৰ্টি-আনন্দ কৰি নিশা যেতিয়া শুবলৈ বিচনাত দীঘল দি পৰিছিলো তেতিয়া মনটো ভাৰাক্ৰান্ত হৈ পৰিছিল এই ভাবি যে মোৰ জন্মদিনৰ দিনটো পুতুককৈ শেষ হৈ গ’ল আজি আৰু পৰবৰ্তী জন্মদিনলৈ সম্পূৰ্ণ এবছৰ বাকী- আহ্ ইমান দিন!
জন্মদিনত চুবুৰিৰ সম বয়সীয়া ল’ৰা-ছোৱালীহঁতক গধূলা-বেলা খাবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। মায়ে ৰন্ধা আলু মটৰৰ থপথপিয়া ঘুঘুনি, লুচি, পায়স, নাৰিকলৰ লাড়ু আদিৰে জন্মদিনটো অতি সুস্বাদু, উপাদেয় হৈ উঠিছিল। জন্মদিনৰ উপহাৰ হিচাবে বন্ধু, দাদা-বাইদেউহঁতৰ পৰা পোৱা অকণিৰ সাধুকথাৰ কিতাপ, অমৰ চিত্ৰ কথা আদিয়ে মনটো গোটেই বছৰলৈ ভৰাই ৰাখিছিল।

প্ৰথিতযশা লিখক হোমেন বৰগোহাঞিদেৱে জন্মদিনৰ বিষয়ে লিখা দুষাৰিমান কথা ক’ৰবাত পঢ়া মনত পৰিছে। অবিকল নহয় যদিওঁ তেখেতে লিখা কথাখিনি মোটামুটি এনে ধৰণৰ আছিল- তেখেতে হেনো নিজৰ জন্মদিনটো পাহৰি থাকিবলৈ বিচাৰে, কাৰণ জন্মদিন মানেই এটা বৰ্ষপুতি, আৰু এটা বছৰৰ বিদায় মানেই মৃত্যুলৈ বুলি এখোজ আগবাঢ়ি যোৱা। যিহেতু এই চিৰছন্দময়ী, সদাবিচিত্ৰ পৃথিবীৰ পৰা বিদায় লোৱা কথাটো ভাবিবলৈওঁ তেখেতৰ চিৰ তৰুণ মনটো কোনোপধ্যে ৰাজী নহয়, সেইবাবে জন্মদিন পালন কৰিবলৈ তেখেতে অকণো উৎসাহবোধতো নকৰেই বৰং কথাটোৱে তেখেতৰ মনৰ নিভৃত কোণত গভীৰ বেদনাৰ উদ্ৰেক ঘটায়।

বৰ্তমানে হোৱা মোৰ জন্মদিন-অনীহাৰ কাৰণ বৰগোহাঞিদেৱৰ কাৰণৰ লগত নিমিলে কিন্তু ময়ো নিজৰ জন্মদিন বুলি এই যি এটা অনাসক্তি বা অনিহা অনুভৱ কৰোঁ তাৰ সঠিক কাৰণ মই নিজেই এতিয়ালৈ ভাবি উলিয়াব পৰা নাই। যি এটা কাৰণ থকা বুলি নিজে ভাবিছোঁ সেইটো ক’বলৈ গৈ মোৰ ভয় হৈছে মানুহে কিজানি এতিয়া মোক কিবা অদ্ভুত ধৰণৰ প্ৰাণী বা “বেছি কৰা” মানুহ বুলিয়ে ভাবি লয়। যিয়ে যি বুলি নাভাবক বাৰু কথাটো এনে ধৰণৰ- আচলতে মোৰ জন্মদিন-অনাসক্তি হৈছে বুলি কোৱাতকৈ মই কোৱা উচিত আছিল জন্মদিনত বন্ধু-বান্ধব বা আপোনজনে আগ্ৰহেৰে মোলৈ দিয়া শুভেচ্ছাবাণীক লৈ হোৱা মোৰ অপ্ৰস্তুতবোধ। ইয়াৰ অৰ্থ এইটো নহয় যে শুভাশীষ, শুভেচ্ছা-বাণী আদি মই বেয়া পাওঁ, আন দহজনৰ দৰে শুভাকাংক্ষীৰ শুভেচ্ছা-বাণীয়ে মোকো আনন্দ দিয়ে। কিন্তু শুভেচ্ছাসূচক অভিবাদন গ্ৰহণ কৰিবলৈ লওঁতে মই ভাবিবলৈ আৰম্ভ কৰোঁ- মইনো সংসাৰত জন্ম লৈ এতিয়ালৈ কাৰ কি হিত, উপকাৰ সাধন কৰিলোঁ, বিশাল এই ধৰাত মোৰ ক্ষুদ্ৰাতি-ক্ষুদ্ৰ অস্তিত্ব এনে কি গুৰুত্বপূৰ্ণ যে মোৰ ওপোজা দিনটোক লৈ মই ফুৰ্টিত বিভোৰ হ’বগৈ লাগে। তদুপৰি বহুক্ষেত্ৰতে অধিকাংশ দিনতেই শাৰীৰিক, মানসিকভাৱে বিচ্ছিন্ন হৈ থকা বন্ধু-বান্ধবী, সম্পৰ্কীয়জনে হঠাত জনোৱা “হেপ্পি বাৰ্থডে” বোলা এদিনীয়া কথাষাৰিৰ কৃত্ৰিমতাৰ গোন্ধেও অনাকাংক্ষিত অনুভূতিৰ বিস্বাদ এটা মনলৈ বোৱাই নি মোক বিব্ৰতবোধ কৰায়।

কোৱা বাহুল্য যে মই যি ভাবিলেওঁ নাভাবিলেওঁ মোৰ এই ধৰণৰ চিন্তা-চৰ্চা তেনেই গুৰুত্বহীন-অন্যৰ বাবে যিদৰে যিমানখিনি, মোৰ বাবেওঁ একেদৰে সিমানখিনিয়ে। কাৰণ মোক শুভেচ্ছা জনাব বিচৰা মানুহবোৰে শুভেচ্ছা জনাৱাটো জনায়ে, ময়ো মুখত এমোকোৰা হাঁহি লৈ ধন্যবাদ কোৱাটো কওঁৱেই। তাতো ক্ষান্ত নাথাকি সুবিধা পালে ময়ো মোৰ লগ-বান্ধব, চিনাকি মানুহক তেওঁলোকৰ জন্মদিনত শুভ ইচ্ছা জ্ঞাপন কৰি পেলাওঁ।

মোৰ শ্ৰীমতীয়ে এই সম্পৰ্কে বোধকৰোঁ মোৰ এই ভাবনাৰ সম্পূৰ্ণ ওলোটা দিশত অৱস্হান কৰে। তেওঁৰ জন্মদিনত যেতিয়া মাকহঁতৰ ঘৰৰ (বা অইনৰ) পৰা তেওঁক শুভেচ্ছা জনাবলৈ ফোন কৰে, ফোনত তেওঁৰ মুখৰ অভিব্যক্তি মই সুক্ষ্মভাৱে নজৰ কৰোঁ। ঘৰুৱা দুই-এটা কথা কোৱা হোৱাৰ অন্তত যেতিয়া আন পিনৰ পৰা তেওঁলৈ বুলি শব্দকেইটি (হেপ্পি বাৰ্থডে টু ইউ) উচ্ছাৰণ হয়, তেওঁৰ মুখখন এক গভীৰ প্ৰশান্তিৰে উপচি পৰে। ইংৰাজী বাক্যষাৰিৰ এটি এটি শব্দৰ ঢৌ তেওঁ পূৰ্ণভাৱে উপভোগ কৰিবলৈ লয়, তেওঁৰ মুখৰ ভংগী এনেকুৱা হৈ পৰে যেন ফোনেৰে শুভেচ্ছাবাণী নহয় এক ধৰণৰ সুমধুৰ মিষ্টান্ন বা পানীয়হে তেওঁৰ জিভাত বাকি দিয়া গৈছে আৰু লাহে লাহে তাৰ সুস্বাদ বাগৰি গৈ তেওঁৰ উদৰ সন্তুষ্টিৰে ওপচাই পেলাইছেগৈ।
তাৰ পিছৰখিনি আৰু ইন্টাৰেষ্টিং। আমনি নাপায় যেন, এটা উদাহৰণ দিব বিচাৰিছোঁ- গৃহিনীয়ে বহু যতন আৰু কষ্ট কৰি ৰন্ধা মাংসৰ আঞ্জাখন এজনক চাকি চাবলৈ দিছে। চৌউপ কৈ এচোহা দি মাংসৰ টুকুৰা এটা চোবাই চোবাই চাকি চোৱাজনে কাষৰ ৱালখনলৈ চাইছে (হয়তো ভাবিছে কি ৰায় দিয়া যায়, হয়তো ধৰিবগৈ পৰা নাই জ্বোলখন কেনে হৈছে-নিমখ অলপ কম হ’ব যেনো লাগিছে, বা জোলখন ভালকৈ জ্বাল খোৱা নাই, কিজানি মাংসই ভাল কৰি সিজি উঠা নাই। তথাপি ৰান্ধনীৰ মনত গোপন আশা- শেষ মুহূৰ্তত চাকোটাজনে কিজানি কৈয়ে উঠে- ৱাহ্, কি অপূৰ্ব!), ৰান্ধনীয়ে হাতত হেতা লৈ আগ্ৰহেৰে ৰৈ আছে শুনিবলৈ, একো নুশুনি চাকি চোৱাজনৰ মুখৰ প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰিছে, কিন্তু মৌন অভিব্যক্তিৰ বাবে আঞ্জা কেনে হৈছে আন্দাজ কৰিব গৈ পৰা নাই, ইপিনে টেস্টাৰজনেওঁ মাংস চোবোৱাত হে ব্যস্ত- মুঠতে তামাম চাচপেন্স।
উদাহৰণটোৰ নিচিনাকৈ শ্ৰীমতীক “হেপ্পী বাৰ্থদে টু ইউ” বুলি কোৱাৰ লগে লগে শ্ৰীমতীয়ে পতককৈ “থেংক ইউ”টো দি নিদিয়ে। শুভেচ্ছা-বাৰ্তাৰ সোৱাদ সম্পূৰ্ণকৈ লৈ উঠাৰ পিছত এটা মুকলি হাঁহি তেওঁৰ মুখত বিৰিঙি উঠে, তাৰ পৰা কিছু চেকেণ্ডৰ বিৰতি (ফোন লাইনৰ সিপিনে থকাজনে কেতিয়াবা ভাবিবওঁ পাৰে যে ফোনৰ লাইনটোৱেই কিবা বিকল হৈ পৰিল নেকি!), তাৰ পিছত পুষ্টিকৰ(!)ভাৱেৰে কোৱা “থেংক ইউ” শব্দ দুটিয়ে লাহে লাহে যেন বগুৱা বাই ওলাই আহে।
অভিব্যক্তিৰ কি চূড়ান্ত নমুনা! এনেকৈ “বাৰ্থ-ডে উইছ” উপভোগ কৰা দেখিলে মনত তেওঁলৈ এক ধৰণৰ ইৰ্ষাৰ ভাৱ জাগি যায়।

কবি হিৰুদাই বোলে জন্মদিনটো খুউব উপভোগ কৰিছিল। জন্মদিনৰ ৰাতিপুৱা শুই উঠিয়েই হেনো লেণ্ড-লাইন ফোনৰ কাষত শুভেচ্ছা-বাৰ্তালৈ বুলি ৰৈ থাকিছিল। অজস্ৰ শুভাকাংক্ষী, গুণমুগ্ধৰ শুভেচ্ছাবাণী গ্ৰহণ কৰি তেওঁ অতি আনন্দিত হৈছিল।

সৰু থাকোতে মা দেউতাহঁতৰো যে জন্মদিন থাকিব পাৰে কথাটো আমি ভবাই নাছিলোঁ। দেউতাৰ পৰলোকপ্ৰাপ্তি হোৱা কেইটিমান বছৰ আগত কোনে জানো তেখেতৰ জন্মদিনৰ ইংৰাজী তাৰিখটো বিচাৰি উলিয়ালে। তেতিয়াৰ পৰা দেউতাই আমাক এৰি যোৱা বছৰটিলৈ ফুৰ্টিৰে তেখেতৰ জন্মদিন তথা বাৰ্থ-ডে উদযাপন কৰিছিলোঁ। দেউতায়ো সেই ‘কেক-কটা’ জন্মদিনবোৰ খুউব মজাকৈ উপভোগ কৰিছিল। (মায়ে অৱশ্যে আগতে কৰাৰ দৰেই এতিয়াওঁ নিজৰ জন্মদিনৰ তাৰিখটো লুকুৱাবলৈ চেষ্টা কৰে)।

মাজে মাজে ভাৱো- এনেকুৱা আনন্দ ল’বলৈ কেলেই বাৰু নিশিকিলোঁ? কিয় জন্মদিবসটো মোৰ বাবে বয়স জোখা ধাৰাপাতৰ সংখ্যা এটাহে হ’ল, কেলেই ই আন মানুহৰ দৰে উপভোগ্য হৈ নুঠিল।
নাজানোঁ, হ’ব পাৰে ই অন্তৰ্মুখি, পলায়নবাদী ব্যক্তিত্বৰে এক প্ৰতিফলন বা হতোৎসাহী মনৰ বহিঃৰূপ, কিন্তু এটা কথা সত্য যে নিজে ভাল নাপালেওঁ আনক জন্মদিন উদযাপন কৰি ফুৰ্টি কৰা দেখিলে মনটো সঁচাকৈয়ে ভাল লাগি যায়।
০০০০০

–বি জে ৰঞ্জন

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments