‘বিস্ময়’ৰ বিস্ময়কৰ যাত্ৰা – জ্যোতিৰূপম দত্ত

 ‘বিস্ময়’, সৰুকালত জ্যেষ্ঠসকলে পঢ়িবলৈ হাক দিয়া আলোচনী এখন৷ ডাঙৰসকলে পঢ়িবলৈ বাৰণ কৰাৰ বাবেই হয়তো এই আলোচনীখনৰ প্ৰতি আমাৰ এক অনুসন্ধিৎসা বাঢ়িছিল৷ কিশোৰ অৱস্থাত আমাৰ দৰে বহুতেই লুকাই লুকাই পঢ়া আলোচনীখনেই আছিল বিস্ময়৷ আন আলোচনীসমূহত প্ৰকাশিত গুৰুগম্ভীৰ লেখাসমূহৰ সলনি দেহ মন ৰোমাঞ্চিত কৰিব পৰা বহু বিচিত্ৰ লেখাৰে সংপৃক্ত এই আলোচনীখনে সকলোকে আকৃষ্ট কৰিছিল৷

১৯৬৯ চনৰ জানুৱাৰী মাহত শশী ফুকনদেৱৰ সম্পাদনাত ‘বিস্ময়’ৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল৷ ‘বিস্ময়’ৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈ শশী ফুকনদেৱেই আলোচনীখনৰ সম্পাদনাৰ দায়িত্ব বহন কৰি আহিছে৷ ‘বিস্ময়’ৰ পাঠকসমাজৰ বাবে গৌৰৱৰ কথা যে এই বিস্ময়কৰ আলোচনীখনৰ নামটো সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ এজন ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে বাচনি কৰি দিছিল৷ ‘বিস্ময়’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটোৰ বেটুপাত অংকণ কৰা শিল্পীজন হ’ল অসমৰ স্বনামধন্য শিল্পী – বেণু মিশ্ৰ৷ পাছলৈকো তেখেতে আলোচনীখনৰ বহুকেইটা সংখ্যাৰ বেটুপাত অংকণ কৰিছিল৷ বিস্ময়ৰ প্ৰথম সংখ্যাটো পঢ়ি অসমৰ এগৰাকী নমস্য ব্যক্তি তীৰ্থনাথ শৰ্মাদেৱে হেনো কৈছিল – ‘বিস্ময় হ’ল ৰেলে-বাছে পঢ়িব পৰা, জেপতে ভৰাই লব পৰা ধৰণৰ এখন আলোচনী’৷

বিস্ময়ৰ প্ৰথম সংখ্যাটোৰ সূচী পত্ৰখন আছিল এনেধৰণৰ – সুৰেন্দ্ৰকুমাৰ শৰ্মাৰ ‘বাসনাৰ ফুল’ নামৰ এখন ৰহস্য উপন্যাসৰ প্ৰথম খণ্ড, শৰৎ গোস্বামীৰ উপন্যাস ‘চিমিলি’, বিজ্ঞানভিত্তিক উপন্যসিকা ‘গুডবাই আলফা’, যতীন্দ্ৰমোহন দস্তিদাৰৰ লেখা – ‘পুলিচ ডায়েৰী’, পবিত্ৰ কুমাৰ ডেকাৰ ‘ৰাজনৈতিক বিস্ময়’, বিজয়কৃষ্ণ দেৱশৰ্মাই অনুবাদ কৰা এইচ-জি-ৱেলচ ৰচিত ‘অন্য তৰঙ্গ’৷ ইয়াৰ উপৰিও ভিন্নস্বাদৰ লেখাসমূহ – ‘এটা বিস্ময়কৰ সপোন’, ‘চাৰ্লক হোমচ : বিশ্বসাহিত্যৰ এটা বিস্ময়কৰ চৰিত্ৰ’, ‘হত্যা নে আত্মহত্যা?’, ‘বিশ্বত চাঞ্চল্যৰ সৃষ্টিকাৰী এটা শিশুৰ কাহিনী’ আৰু চিনেমাৰ শিতানে বিস্ময়ৰ প্ৰথম সংখ্যাটোৰ জেউতি চৰাইছিল৷

সঁচাকৈয়ে, আজি ৫০তম বৰ্ষত প্ৰদাৰ্পণ কৰিবলৈ সাজু হোৱা এই আলোচনীখনে অসমৰ পাঠকসমাজত এক সুকীয়া স্থান অধিকাৰ কৰি লৈছে৷ নানা বিচিত্ৰ লেখাৰে সমৃদ্ধ এখন আলোচনীৰ এই জয়যাত্ৰাৰ কথাবোৰো অতিকৈ আমোদজনক৷

তেতিয়াৰে পৰা বিস্ময়ত প্ৰকাশিত বিভিন্ন ৰহস্য তথা ডিটেকটিভধৰ্মী গল্প, উপন্যাসে আমাক আজিলৈকে মোহাবিষ্ট কৰি আহিছে৷ এনেধৰণৰ লেখাৰে বিখ্যাত হোৱা সুৰেন্দ্ৰকুমাৰ শৰ্মা, দীন তামুলী, ৰঞ্জু হাজৰিকা, সত্যৰঞ্জন কলিতা, অনিল ফুকন আদিৰ দৰে লেখকৰ সৈতে আমাৰ বিস্ময়ৰ পাততেই চিনাকী হৈছিল৷ ইয়াৰ উপৰিও মাণিক বড়া, সুৱৰ্ণ ফুকনৰ দৰে লেখকৰ ৰোমাণ্টিক, অন্তৰস্পৰ্শী লেখাই সকলো স্তৰৰ পাঠকৰ হৃদয়ত ঝংকাৰ তুলিবলৈ সক্ষম হৈছিল৷ বিস্ময়ত প্ৰকাশিত মাণিক বড়াৰ ‘হৰিৎ মেঘৰ ছায়া’ নামৰ নিটোল উপন্যাসখনৰ অনুপম বৰ্ণনাই এতিয়াও বহুতৰে মনত দোলা দি যায়৷

তপন দাস, মৃত্যুঞ্জয় মহন্ত আদিৰ দৰে লেখকৰ বুদ্ধিদীপ্ত চুটিগল্পসমূহ আমাৰ দৰে বহুতৰে মানসপটত আজিও জিলিকি আছে৷ অভিনেতা তপন দাসৰ ‘গোগোপণ্টি লাক্ৰাটুৱা’, ‘বংকু ক্লেপ ক্লেপ’ আদি চুটিগল্পসমূহৰ অনিৰ্বচনীয় সোৱাদ হয়তো আমি জীৱনত কোনোকালেই পাহৰিব নোৱাৰিম৷ আৰক্ষী বিষয়া মুগ্ধজ্যোতি মহন্তই ‘মৃত্যুঞ্জয় মহন্ত’ নামৰ ছদ্মনাম লৈ লিখা গল্পবোৰৰ ৰসাস্বাদনৰ অনুভৱো অনন্য৷

ইয়াৰ উপৰিও বিস্ময়ত প্ৰকাশিত ‘এক মিনিটৰ গল্প’ৰ সম্ৰাটস্বৰূপ গোপী তামুলীদেৱৰ পাঠকক বিস্ময়াবিভুত কৰা চুটি চুটি বাক্য, খণ্ডবাক্যৰ লেখাসমূহ বিস্ময়ৰ পাঠকৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দুস্বৰূপ৷

বিস্ময়ৰ পাতত পঢ়িবলৈ পোৱা যুগললোচন দাস, গুঞ্জন ফুকনৰ দৰে আন বহুতো লেখকৰ ক্ৰীড়াবিষয়ক লেখাবোৰো আমাৰ বাবে সুখপাঠ্য আছিল৷ বিশেষকৈ ক্ৰিকেট জগতৰ দুই মহাতাৰকা শ্বেন ৱাৰ্ণ আৰু শচীন তেণ্ডুলকাৰৰ বেট আৰু বলৰ যুদ্ধৰ বিষয়ে, ফৰ্মুলা ৱান কাৰ ৰেচিঙৰ বিষয়ে লেখা ‘সৰ্পিল পথৰ নিৰ্ভীক যাত্ৰী’ শীৰ্ষক ব্যতিক্ৰমী লেখাটো স্মৰণযোগ্য৷

বিস্ময়ৰ পাতত প্ৰকাশিত উচ্চমানৰ হ’ৰৰ, ভৌতিক লেখাসমূহেও এই আলোচনীখনক অন্য আলোচনীতকৈ এক অনন্য মাত্ৰা প্ৰদান কৰে৷ সৰুকালত বিস্ময়ত পঢ়া ড্ৰাকুলা তথা আন ভৌতিক কাহিনীসমূহে আমাৰ দৰে বহুতৰে দেহ মনত এক অদ্ভুত শিহৰণ যোগাইছিল৷

বিশ্বৰ বহু ৰোমাঞ্চকৰ সাহিত্যৰ ৰসাস্বাদনো এই বিস্ময়ৰ পাততেই কৰিছিলো৷ আগাথা ক্ৰিষ্টি, জুলে ভাৰ্ণে, আৰ্থাৰ কোনান ডয়াল, এইচ জি ৱেলছ, জেমছ হেডলী চেজ, ৰবিন কুক আদি লেখকৰ বহু অমৰ সৃষ্টিৰ অসমীয়া অনুবাদ বিস্ময়ৰ পাততেই পঢ়িবলৈ পাইছিলো৷ ইয়াৰ পাছতো ড: ছাইদুল ইছলাম, জীমণি চৌধুৰী, বন্দিতা ফুকন, উৎপল দত্ত, দেৱব্ৰত দাস, বৈদূৰ্য্য বৰুৱা আদিৰ দৰে স্বনামধন্য অসমীয়া লেখকৰ বহু লেখাই আমাক মগজুৰ খোৰাক যোগাই আহিছে৷

বিস্ময়ৰ লেখকসকলৰ সমানেই কিছুমান চৰিত্ৰও বিখ্যাত আৰু অতিকৈ জনপ্ৰিয় হৈছে৷ জনপ্ৰিয় লেখক বৈদুৰ্য্য বৰুৱাৰ বহুকেইখন উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ অপু, চেণ্টুদা আৰু জগু নামৰ এটা কুকুৰৰ অদ্ভুত কাণ্ড-কাৰখানাবোৰে পাঠকৰ মনত খলকনি তুলিবলৈ সক্ষম হৈছে৷ বিস্ময়ৰ পাতত বিদূষক নামৰ এজন ৰহস্যময় ব্যক্তিয়ে পৰিচালনা কৰা ‘বিস্মিতি’ নামৰ এক প্ৰশ্নোত্তৰ শিতানো পাঠকসমাজত অতিকৈ জনপ্ৰিয়৷ পিছে এই বিদূষকনো কোন? এই কথাটো অৱশ্যে আজিলৈকে ৰহস্য হৈয়েই আছে৷ পাঠকৰ বিভিন্ন পাকলগা প্ৰশ্নৰ বুদ্ধিদীপ্ত উত্তৰ দিয়া মানুহজনৰ আচল চিনাকী বিচাৰি আজিও আন বহুতৰে দৰে আমিও হায়ৰাণ৷ এই চেগতে সদাশয় পাঠকসমাজৰ জ্ঞাতাৰ্থে জনাও যে শ্ৰদ্ধাৰ ড: ভবেন্দ্ৰনাথ শইকীয়া ছাৰে বিস্ময়ৰ জন্মলগ্নৰ পৰা কেইবছৰমানলৈ বিদূষক হিচাপে এই শিতানটোৰ উত্তৰসমূহ দিছিল৷ পিছে তাৰ পিছৰে পৰা বৰ্তমানলৈকে বিদূষকৰ আচল পৰিচয় অজ্ঞাত হৈয়েই ৰৈছে৷

শ্ৰদ্ধাৰ পবিত্ৰ কুমাৰ ডেকা, প্ৰফুল্ল কুমাৰ দত্তৰ দৰে বৰেণ্য লেখক তথা মুম্বাইৰ পৰা হেমচন্দ্ৰ দলেৰ দৰে প্ৰতিবেদকৰ লেখাৰ পৰা অসম, বলিউড, হলিউডৰ চলচ্চিত্ৰ জগতখনৰ বহু ভিতৰুৱা খবৰ জানিবলৈ পাইছিলো৷ উল্লেখযোগ্য যে বিস্ময়ৰ পাতত অন্য আলোচনীৰ দৰে চলচ্চিত্ৰ জগতৰ ‘গছিপ’ সৰ্বস্ব গৰম খবৰতকৈ সঁচা বাতৰিহে প্ৰকাশ হৈছিল৷ পিছে কৈশোৰত আমাৰ বাবে বিস্ময়ৰ আচল আকৰ্ষণ আছিল শেষপৃষ্ঠাৰ অৰ্ধনগ্ন ছবিখনতহে৷ আজিও বহুতৰে অভ্যাসবশতঃ বিস্ময়খন শেষপৃষ্ঠাৰ পৰাহে আৰম্ভ হয় হেনো!

আজিৰ পৰা প্ৰায় পঞ্চাশ বছৰ আগতে প্ৰকাশ আৰম্ভ হোৱা বিস্ময় আলোচনীখনে লাহে লাহে আজিৰ দিনৰ চ’ছিয়েল মিডিয়াৰ সকলোবোৰ উপাদানৰেই সংপৃক্ত হৈছিল৷ চ’ছিয়েল মিডিয়াৰ জন্ম নহওতেই বিস্ময় আলোচনীখনেই চ’ছিয়েল মিডিয়াৰ ভূমিকা লৈছিল৷ সেই সময়ত বিশ্বৰ বিভিন্ন ৰোমাঞ্চকৰ বিষয়ৰ প্ৰবন্ধৰ পৰা পেটৰ নাড়ী ডাল ডাল কৰা কৌতুকলৈ, বোলছবি জগতৰ নায়ক-নায়িকাৰ গোপন কথাৰ পৰা চলচ্চিত্ৰৰ খবৰলৈ, বুদ্ধিদীপ্ত কাৰ্টুনৰ পৰা স্বল্পবসনা নায়িকাৰ ছবিলৈ, পাঠকৰ পাকলগা প্ৰশ্নৰ বিদূষকৰ বুদ্ধিদীপ্ত উত্তৰ, বিনিময় শিতান, পত্ৰবন্ধু আদি ভিন্নস্বাদৰ বিভিন্ন লেখাৰে সমৃদ্ধ আলোচনীখন আজিৰ ফেচবুক, টুইটাৰৰ সমকক্ষ আছিল৷ আলোচনীখনে আজিও এই নিজস্বতা বজাই ৰাখিবলৈ সক্ষম হৈছে৷

২০১৮ চনৰ জানুৱাৰী মাহত গৌৰবোজ্জ্বল পঞ্চাশ বছৰত প্ৰদাৰ্পণ কৰিবলৈ ওলোৱা এই জনপ্ৰিয় আলোচনীখন দীৰ্ঘজীৱন তথা উত্তৰোত্তৰ উন্নতি কামনা কৰিলো৷ আশাকৰো অসমৰ পাঠকসমাজত ‘বিস্ময়’ৰ বিস্ময়কৰ জয়যাত্ৰা অব্যাহত থাকিব৷

☆★☆

বিশেষ সংযোজন

১৯৬৯ চনত প্ৰকাশ হোৱা ‘বিস্ময়’ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাটোৰ কেইখনমান দুৰ্লভ ছবি:

১৷ প্ৰথম বছৰৰ ‘প্ৰথম সংখ্যা’ৰ বেণু মিশ্ৰদেৱে অংকণ কৰা বেটুপাত

 

২৷ বিস্ময়ৰ প্ৰথম সংখ্যাটোৰ সূচীপত্ৰখন

৩৷ ‘বিস্ময়’ৰ প্ৰথম বছৰৰ ‘প্ৰথম সংখ্যা’ৰ ‘প্ৰথম পৃষ্ঠা’ অৰ্থাত ‘বিস্ময়’ সম্পাদক শশী ফুকনদেৱৰ প্ৰথমটো সম্পাদকীয়৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!