বিষয়ঃ প্রেম (সুৰজিত নেওগ)

বিষয়ঃ প্রেম

 

সুৰজিত নেওগ

 

 

প্রেম প্রেম বুলি জগতে ঘুৰিলোঁ
এ ঘৰতে আছিলে প্রেম
ধনে ধনে কৰি ঢাপলি মেলিলোঁ
এ হিয়াতে পৰমে ধনে হে গুৰু শংকৰ . . .

এতিয়া প্রেমৰ বতৰ . . . চাৰিওদিশে ফাগুনৰ পচোৱাজাকে যেন কঢ়িয়াই আনিছে প্রেমৰেই বতৰা। প্রেম, ভালপোৱা, মৰম, স্নেহ এইবোৰ ইটো সিটোৰ সমাৰ্থক। অনুভৱ, অনুভূতি খিনিও প্রায় একেই; কেৱ্ল পাৰ্থক্য স্থান, কাল, পাত্রৰ। এটা কথা হ’লে ঠিক, যি এই প্রেম, ভালপোৱা, মৰম, স্নেহ দিয়ে আৰু যি ভাগ্যৱানে সেয়া পায় তেওঁলোকে এক অনিৰ্বচনীয়় আনন্দৰ সোৱাদ পায় যাক পৃথিৱীৰ কোনো ভাষাৰেই প্রকাশ কৰিব নোৱাৰি। সেয়ে হয়তো আজি যুগ যুগ ধৰি বিজ্ঞানীসকলে এই অনুভূতি, অনুভৱৰ ওপৰত বিভিন্ন ধৰণে গৱেষণা কৰি এক বিশ্লেষণাত্মক বৈজ্ঞানিক ভিত্তি উলিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আছে। সম্পূৰ্ণ সফল নহ’লেও একেবাৰে বিফল হোৱাও নাই। মানৱৰ শৰীৰত বিভিন্ন সময়ত উৎপত্তি হোৱা এই অনুভূতিবোৰৰ ক্ষেত্রত মগজু আৰু হৃদয়ৰ মাজৰ আন্তঃযোগাযোগ, বেলেগ বেলেগ ৰাসায়নিক বিক্রিয়া আদিক লৈ এনে গৱেষণা যথেষ্ট আগবাঢ়িছে যদিও ইয়াৰ সীমাবদ্ধতাৰ কথা সকলোৱে স্বীকাৰ কৰি লৈছে। কাৰণ মই ভাবোঁ, প্রেমৰ প্রকোপ, চোক, অনুভূতি বা অনুভৱ কোনো বৈজ্ঞানিক সঁজুলীৰ দ্বাৰা জোখা অসম্ভৱ!

প্রেম . . . এই শব্দৰ মাজতেই লুকাই আছে এনে এক মোহিনী বাণ, শুনিলেই অন্তৰখন পুলকত আলোড়িত হৈ উঠে। আমাৰ সকলোৰে, হয় সকলোৰে জীৱনলৈ প্রেম আহিছে। বিভিন্ন সময়ত, বিভিন্ন ৰূপত । যিদিনাই এটা ভ্রূণে মাতৃৰ শৰীৰত থিতাপি লয় সেইদিনাৰ পৰাই মাতৄ হৃদয়ৰ সমস্ত প্রেম, মমতাই সেই কণমানি ভ্রূণটোক চাৰিওদিশে আৱৰি ৰাখি প্রেমৰ অনুভূতিৰ প্রথম পাঠ আৰম্ভ কৰে। ক্রমে লহপহকৈ বাঢ়ি অহা সেই কণমানি ভ্রূণটো এটি দেৱশিশুৰ ৰুপত এই বিনন্দীয়া ধৰাত ভূমিষ্ট হোৱাৰ পিছতো মাতৄ হৃদয়ৰ সেই প্রেম, মৰম, স্নেহৰ অকনো হীন-দেড়ি নোহোৱাকৈ চাৰিওকাষে বিদ্যমান; এক অভেদ্য আৱৰণৰ দৰে।

সকলোৰে জীৱনলৈ অহাৰ দৰে প্রেম মোৰ জীৱনলৈও আহিছে। এবাৰ, দুবাৰ নহয়, বহুবাৰ। কেতিয়াবা এই প্রেম স্নেহৰ ৰূপত, কেতিয়াবা হয়তো মৰম হৈ, আন কেতিয়াবা হয়তো মৰম-ভালপোৱাৰ মাজেৰে সৰকি নাম নোহোৱা কিবা এটা অনুভূতি হৈ আৰু কেতিয়াবা একেবাৰে নিৰ্ভেজাল, অকৃত্রিম হিয়াভৰা প্রেমৰ জোৱাৰ হৈ। বহু পুৰুষৰ স্বভাৱগত বৈশিষ্ট্যৰ সতে একো পাৰ্থক্য নথকাকৈ নাৰীৰ প্রতি মোৰো প্রেম চিৰন্তন, চিৰপ্ৰবাহমান। কৈশোৰ আৰু যৌৱনৰ দুৱাৰডলিৰ প্রেমৰ আবেশ, অনুভূতিবোৰ একো পূৰ্ণতা নোপোৱাকৈয়ে উন্মাদ সমুদ্রৰ জোৱাৰৰ দৰে আহি আকৌ ভাটা হৈ অহাবাটে উভতি গ’ল। বিশেষ একো বুজি পোৱাৰ আগতেই যেন শেষ। এতিয়া বুজি পাওঁ, সেয়া আচলতে প্রেম নাছিলেই। হৃদয়ৰ একোণত থকা অকণমান ভালপোৱা, সীমিত চিন্তাৰে আবেগত উটি ভাহি যোৱা সেই প্রেম আছিল ইনফেচুৱচন। যৌৱনৰ সেই ধুঁৱলী কুঁৱলী অথচ ৰঙীন আবেগত মোৰ একপক্ষীয় প্রেমৰ পাত্রী সকলো এতিয়া একো একোগৰাকী ভব্য গব্য নিজ নিজ স্থানত প্ৰতিস্থিত মাতৄ, স্ত্ৰী। দুগৰাকীমান এতিয়া মোৰ ‘বন্ধু তালিকাতো’ বিদ্যমান; কেতিয়াবা লগ পালে মোৰ নিজৰেই হাঁহি উঠে ..!!

প্রেমেই বোধকৰো পৄথিৱীৰ এনে এটা চাবজেক্ট, যিটোৰ বিষয়ে লিখি থাকি বা কৈ থাকি কেতিয়াও শেষ নহয়। কিন্তু প্রেম কেৱ্ল মানৱৰ একচেতিয়া সম্পত্তি নেকি? প্রেমত পৰাৰ অধিকাৰ, কাৰোবাক অকণমান মৰম কৰাৰ, স্নেহৰ মায়াজালেৰে ওপচাই আৱৰি ৰখাৰ অনুভৱ অনুভূতি খিনি কেৱ্ল আমাৰহে আছে নেকি ? ওঁহো, হ’বই নোৱাৰে। এই ধৰাৰ সকলো জীৱিত প্ৰাণীৰে অন্তৰত প্রেম, ভালপোৱা, মৰম, স্নেহ, মমতা বিদ্যমান। আমাৰ পোহনীয়া কুকুৰজনী, গাইজনী, মেকুৰীজনী বা আন বন্য পশু পক্ষীৰ নিজ নিজ সন্তানৰ প্রতি স্নেহ মমতা আমি দেখোন সদায় দেখি আহিছো। টিভিৰ বিভিন্ন চেনেলত ভিন ভিন পশুপক্ষীৰ একো একোটা মনোৰম আৰু কেতিয়াবা হৃদয়স্পৰ্শী কাহিনী দেখি মোৰ চকুৰ একোণ তিতি যায়। এয়া জানো আমাৰ প্রেমৰেই প্র্তিফলন নহয় ইতৰ জীৱ-জন্তুৰ প্র্তি? মোৰ এই লেখাটোৰ উদ্দেশ্যও আচলতে এইটোৱেই; ইতৰ জীৱজন্তু আৰু আমাৰ মাজৰ প্রেম, ভালপোৱা আৰু স্নেহৰ বন্ধন। এইখিনিতে এটা কথা ক’বৰ মন গৈছে, মানৱৰ প্রেমত থকা (কেতিয়াবা) জটিলতা, কৃত্ৰিমতা আদি কাৰকখিনি কিন্তু জীৱ-জন্তুৰ মাজত নাথাকে। সিহঁতৰ এই অনুভূতিখিনি সম্পূৰ্ণ নির্ভেজাল। আমাৰ প্রায়ভাগৰ ঘৰতে থকা পোহনীয়া জীৱ জন্তুবোৰৰ আমাৰ প্রতি থকা মৰম, স্নেহ, আনুগত্য এই বোৰৰ লগত আমি সদা পৰিচিত।

আমাৰ ঘৰত এটা কুকুৰ আৰু এঘাৰটা মেকুৰী আছে। কুকুৰটোৰ বয়স নবেম্বৰ মাহত ১৩ হৈ গৈছে; তাৰ জন্ম যোৰহাটৰ ওচৰৰ কাকজান চাহবাগিচাৰ মোৰ এসময়ৰ বাসস্থানত। নামটো আমি মৰমতে জুনিয়ৰ ৰাখিছিলোঁ আৰু মোৰ ল’ৰাটোতকৈ সি প্রায় ৮ মাহ ডাঙৰ। তাক আমি দুয়ো নিজৰ আন এটা ল’ৰা বুলিয়েই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ। ল’ৰাটোৱেও আমাকে দেখি বুজিছে যে জুনিয়ৰৰ গুৰুত্ব তাতকৈ কোনো গুণে কম নহ্য়। তাৰ নিৰ্ভেজাল মৰমৰ কোনো তুলনা নহ্য়। ১২ ঘণ্টাৰ পিছত অফিচৰ পৰা যেতিয়া মই ৰাতি ঘৰত গৈ উপস্থিত হওঁ, গাড়ীৰ দৰ্জা খুলিয়েই প্রথম তাকে পাওঁ। ভৰি দুটা উঠাই কেই মুহুৰ্তমান হাত বুলাই নিদিয়া লৈকে সি নাতৰে। ‘আহিলি’ বুলি হয়তো মৰমতে মোক সম্ভাষণ জনায়। মোৰ পৰিবাৰ আৰু জুনিয়ৰৰ বান্ধোনটো মোতকৈও বেছি। তাৰ প্রসাব, পায়্খানা, বমি (কেতিয়াবা বেমাৰ আজাৰ হলে বা আমি তাৰ প্রয়োজন নুবুজিলে) সকলো কোনো ঘিণ ঘাণ নোহোৱাকৈ নিজৰ ল’ৰাৰ দৰে চাফ চিকুণ কৰে। এয়াও জানো প্রেম নহয়?

মিছা নকওঁ, মেকুৰীৰ প্রতি মোৰ বৰ এটা ভাল ভাৱ নাছিল আগতে। মানে আমাৰ বিয়াৰ আগলৈকে। তিনিবছৰীয়া প্রেমৰ অন্তত যেতিয়া এওঁ মোৰ পৰিবাৰ হৈ আহিবলৈ ওলাল তেতিয়া লগত একমাত্র যৌতুক হিচাপে মুগা বৰণীয়া টুনুক লৈ আহিছিল। লাহে লাহে মোৰো মেকুৰীৰ প্রতি আগৰ বেয়াভাৱবোৰ ক্রমশঃ নাইকীয়াহৈ আহিল। আমাৰ ঘৰলৈ কেইবাটাও মেকুৰী আহিল আৰু গ’ল এতিয়ালৈকে। কোনোবাটো মৰিল, কোনোবাটো হেৰাল। কিন্তু তিনিবছৰমান আগতে অহা গেৰেলা এতিয়াও আমাৰ সংগী হৈ আছে। কোনো কোনোৱে কয়, মেকুৰীয়ে হেনো পোহ নামানে; পিছে আমাৰ অভিজ্ঞতাৰ পৰা সেই ধাৰণা সঁচা নহ্য় যেন লাগে। দুবছৰমান আগতে বন্ধ দিন এটাত বাৰাণ্ডাত বহি থাকোঁতে দেখোঁ সৰু ল’ৰা কেইটামানে অকণমানি (প্রায় দুমহীয়া) মেকুৰী পোৱালী এজনীক লঠীয়াই গুৰিযাই আমাৰ ঘৰৰ সন্মুখত খেলি আছে; ধমকী দি সেইজনী লৈ আহিলো। একদম সৰু, ভালকে খাবলৈয়ে শিকা নাই। নাম ৰাখিলো ‘লেৰেলি’ ..চেহেৰা অনুযায়ী । গেৰেলাৰ লগত সংসাৰ কৰি তাই এবছৰমানৰ পিছ্ত ধুনীয়া ধুনীয়া তিনিটা পোৱালী দিলে; ২০১১ চনৰ ১৫ নৱেম্বৰত । মতা-মাইকীৰ চিন ধৰিব নোৱাৰি নাম ৰাখিলো বগী, ৰাঙলু আৰু নোমল । শেষত বুজিলোঁ ৰাঙলু ৰঙিলী হ’ব লাগিছিল আৰু নোমল নুমলী হ’ব লাগিছিল ….। নামকেইটা সিঁহতে ইতিমধ্যে বুজি উঠাৰ বাবে সলনি নকৰিলোঁ . . .

যোৱা ডিচেম্বৰ মাহৰ ১৪ তাৰিখে বগীয়ে তাইৰ নিচিনা তিনিটা ধুনীয়া মৰমলগা পোৱালী দিলে; লহ পহকে বাঢ়ি আহিছে। তাৰ ঠিক এমাহ পিছত ৰাঙলুৱে (ৰঙিলী!) আৰু তিনিটা পোৱালী জন্ম দিলে ১২ জানুৱাৰীত। তাৰ এদিন পিছতেই অৰ্থাৎ উৰুকাৰ নিশা নোমলেও (নুমলী!) চাৰিটা পোৱালী জন্ম দিছিল যদিও দুৰ্ভাগ্যবশতঃ আটাইকেইটাই মৄত হৈ জন্মিলে। দুদিন নোখোৱা-নোবোৱা কৈ লঘোন দি শোক প্র্কাশ কৰাৰ পিছত নোমলৰ স্বভাৱ চৰিত্রৰ অভাৱনীয়় পৰিবৰ্তন চকুত পৰিল। নোমল স্বভাৱগত ভাৱে অলপ চঞ্চল, খেলি ভাল পায়। বগী আৰু ৰাঙলুৰ পোৱালীকেইটা বেলেগ বেলেগকৈ দুটা কাৰ্টুনত (বাকচত) ৰখা হৈছিল। নোমলে প্রথমতে ৰাঙলুৰ পোৱালী কেইটা লৈ থকা হ’ল। দিনটো সিঁহতক গাখীৰ খুৱাই থাকে । অনবৰত সিঁহতক ৰখি থাকে। খোৱা বোৱাও অনিয়মীয়া হ’ল। ৰাঙলুৱে নিজৰ পোৱালী কেইটাৰ ওচৰলৈ আহিলেও তাই বেয়া পায়। ৰাতি দুইজনী মাক একেটা বাকচত সোমাই ভাগ ভাগ কৰি দুগ্ধপান কৰোৱাই। আমি দুটা পোৱালী ৰাঙলুক আৰু এটা নোমলক দিওঁ। এনেদৰে কেইদিনমান যোৱাৰ পিছত আচল সমস্যাই দেখা দিলে। নোমলৰ মাতৄপ্রেম ইমানেই তীব্ৰ হ’ল যে তাই বগীৰ অলপ ডাঙৰ পোৱালী কেইটাকো নিজৰ লগলে ডিঙিত ধৰি ধৰি লৈ আহিল। বগীয়ে আকৌ তাইৰ কেইটা লৈ আহে; নোমলে আকৌ লৈ যায়। কি সমস্যা? দুদিনমান ৰাতি বেলেগ বেলেগ ৰুমত ৰখা কৰিলোঁ। তাতো সমস্যা, চবকে আমাৰ শোৱনী কোঠাত থাকিব লাগে। ইতিমধ্যে নোমলৰ পজেচিভনিচ আৰু বাঢ়ি গৈ আছে দিনে দিনে। মই আৰু মোৰ পৰিবাৰে অশেষ চিন্তা ভাৱনা কৰিও নোমলৰ এনে আচৰণৰ উৎস উলিয়াব পৰা নাই। তাইৰ নিজৰ কেইটা মৰি থকাৰ বাবেই দুখতে আনৰ কেইটা এৰি দিব খোজা নাই নে আনৰ কেইটাকে তাই নিজৰ বুলি ভাবিছে . . .! আজিকালি তিনিওজনী মাক আৰু ছটা পোৱালী একেটা বাকচতে থাকে। পোৱালী কেইটাইও কোনো বাচ বিচাৰ নকৰাকৈ যাৰ তাৰ পৰা দুগ্ধপান কৰে। কিন্তু মন কৰিছো, নোমলে যেন অনবৰতে গোটেই কিটাকে মৰমেৰে আৱৰি ৰাখিব . . তাইৰ ধৈৰ্য্য দেখি আচৰিত হৈছোঁ।

এয়াই প্রেম . . . । মৰম, ভালপোৱা, স্নেহ, মমতা এই সকলোবোৰেই প্রেমৰেই একো একোটা ৰূপ, ভিন্ন সময়ত আমি বেলেগ বেলেগ নাম লৈ সেই বোৰ প্রকাশ কৰোঁ। আমাৰ সমগ্র সত্তা সকলো সময়তে এই প্রেমৰ দ্বাৰাই পৰিচালিত হয়; আমাৰ জীৱনৰ প্রধান চালিকা শক্তিয়েই প্রেম । এই প্রেম মানৱৰ মাজত, এই প্রেম ইতৰ জীৱ-জন্তুৰ মাজত, এই প্রেম মানৱ আৰু আন জীৱৰ মাজৰ এক এৰাব নোৱাৰা বান্ধোন . . .

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments