ববচা বনত বাগৰা বকুলবোৰ – বিপ্লৱ বৰা

bokul‘হালোৱা হালোৱাই থাকিলি। চিগাৰেট এটা হুপিবলৈ নিশিকিলি। ফিল্টাৰ হয়, তোৰ বান্দৰ বিড়ি নহয়।’ গেন্দুলৰ চিগাৰেট টনাৰ ষ্টাইলটো দেখি খঙেই উঠিছিল মোৰ।
‘ হব থ। দুদিন টাউনত থাকিয়েই এনে টাউনীয়াতো হ’লি! তই এই বকুলৰ ছাঁতে ৰ। মই ৰাসৰ ড্ৰেছ বুক কৰি আহোঁ। এই গ’লো, এই আহিলো বুলি ধৰ।’ চিগাৰেটডাল মোক দি গেন্দুল যাবলৈ ওলাল।
‘চ’ৰ আয়ে হম ৱ’ গলিয়া/ চ’ৰ আয়ে হম ৱ’ গলিয়া/ যঁহা তেৰে পেৰ’কে কমল গিৰা কৰতে থে….’ সুৰত অসুৰ, তালত বেতাল গেন্দুলৰ মুখত যেনিবা কিবা এটা গান লাগি থাকিবই। আজিকালি প্ৰতিবছৰে গাঁৱৰ ৰাসলৈ যাবলৈ সময় মিলাব নোৱাৰা মোকেই সি ‘চ’ৰ আয়ে হম’ বুলি কাট এটাই মাৰি থৈ গ’ল নেকি ধৰিব নোৱাৰিলো।
মই বকুলৰ তলতে শিল এটাৰ ওপৰত বহি পৰিলো। এই বকুলৰ তল, কাষৰ এই পথাৰৰ লগত মোৰ কিমানযে স্মৃতি জড়িত আছে! কাষৰ পথাৰখনত ইতিমধ্যে কেইটামান চেমনীয়াই ক্ৰিকেট আৰম্ভ কৰি দিছে। মই পুনৰ এডাল চিগাৰেট জ্বলাই ম’বাইলত গান এটা লগালো। ‘আনেৱালা পল যানেৱালা হে/ আনেৱালা পল যানেৱালা হে/ থ’ৰা চা হঁচাকে থ’ৰা চা ৰুলাকে/ পল ইয়েভি যানেৱালা হে…’ মনটো উৰা মাৰিলে আমাৰ দিনলৈ, আমাৰ ক্ৰিকেটলৈ।
চৰ্টপিটচ্ বলটো দেখি সৰ্বশক্তিৰে বেটখন ঘূৰাই দিলো। বল বেটৰ তলিত লাগি মোৰ মিডল্ ষ্টাম্প উৰাই লৈ গ’ল। উইকেটৰ আনটো মুৰে থকা গেন্দুললৈ এবাৰ বিমৰ্ষ মনেৰে চাই বকুল তললৈ উভটণি যাত্ৰা ললো। এতিয়াও আমাক ৫ অ’ভাৰত ৪৯ ৰান লাগে। উইকেট আছে ৪ টা। মানে কণামুণাকৈ বেট ঘূৰোৱা কেইটা। গেন্দুলে আজি ‘ৰবীন সিং’ অৱতাৰ নল’লে আমি কোনোপধ্যেই নিজিকো।
‘মা কচম, এইটোৱেযে বল কৰিছে আৰু। ক’ৰ পৰা আমদানী কৰিলে অ’ ইয়াক।’ বকুলতলতে বহি থকা আমাৰ টিমটোৰ কাষ পাওঁতে কণপাইৰ প্ৰশ্ন কাণত পৰিল। আজি সিখন গাঁৱৰ টিমত নতুন ব’লাৰ এটা দেখা গ’ল। আমাৰ ৫ টা উইকেট সিয়েই ল’লে, মোৰ উইকেটো।
‘সুৰেণ মহাজনৰ নাতি সেইটো। টাউনত থাকে। স্টেডিয়ামত ক্ৰিকেটৰ ট্ৰেইনিঙো লয় বোলে। গাঁৱত বিহু খাবলৈ আহি আজি আমাকো খাইছে নিধকটোৱে।’ আমাৰ গাঁৱৰ পৰা চাৰিখন গাঁৱলৈকে কাৰ গোঁহালিত কেইটা গৰু আছে, কাৰ বাৰীত কেইজোপা তামোল আছে, সৱ খবৰ জিভাৰ আগত ৰখা বাদুলিয়ে উত্তৰ দিলে।
‘নিজিকিলে নহব বে। সিপিনে জীৱনদাৰো যোৱা-থোৱা অৱস্থা । আমি জিকিলো বুলি শুনিলে মানুহটো অন্ততঃ শান্তিত মৰিব পাৰিব। যোৱাবাৰ আমি হাৰোতে তেওঁ কিমান দুখ পাইছিল মনত নাই হ’বলা। ই গেন্দুলে বেছি জ’চত বেক টু বেক মাৰিবলৈ নগৈ চাইচিতি বেট ঘূৰালেই হ’ল।’ – হাঁহখোৱাৰ কথা শুনি আমাৰ চিন্তা আৰু বাঢ়িল।
‘ধন দা, বলটো দিয়াহে। তোমাৰ বাওঁফালে পৰিছে।’ মিত্ৰদেৱ দাইটিৰ পুতেক সৰুপাইৰ চিঞঁৰত বাস্তৱলৈ ঘূৰি আহিলো। সিহঁতৰ বল আহি মোৰ ভৰিৰ অলপ আঁতৰত পৰি আছে। বলটো সিহঁতৰ ফালে দলিয়াই দি আকৌ একে ঠাইতেই বহিলো। গেন্দুলৰ এতিয়াও কোনো দেখাদেখি নাই। ম’বাইলত তেতিয়াও একেটা গানেই বাজি আছে। ‘ একবাৰ ৱক্ত চে/ লমহা গিৰা কঁহি/ একবাৰ ৱক্ত চে/ লমহা গিৰা কঁহি/ ৱঁহা দাঁস্তা মিলি/ লমহা কঁহি নহি/ থ’ৰা চা হঁচাকে থ’ৰা চা ৰুলাকে…..’
সেইদিনা গেন্দুলৰ বেটত বল লাগিছিল। আমাৰ গাঁৱৰ টিমৰ ‘ৰবীন সিং’ গেন্দুলৰ চুইপ্ কৰি মৰা চিক্স, ফ’ৰৰ বৰষুণত তিনিটা বল বাকী থাকোতেই দুই উইকেটত আমি জিকিলো। শেষৰ ৪৯ ৰানৰ ৪১ ৰানেই গেন্দুলৰ বেটৰ পৰা আহিল।
খেল শেষ কৰি ঘৰ পাই নাকে-মুখে ভাত দুটামান গুজিয়েই টাউন অভিমুখী শেষ 407 খন ধৰিলোগৈ। জিলা সদৰৰ চৰকাৰী চিকিৎসালয়ত মৃত্যুৰ লগত যুজি থকা জীৱনদাৰ ওচৰলৈ মই, কনপাই আৰু বাদুলি।
‘জীন্দেগী তেৰে/ গম নে হমে/ ৰিচতে নয়ে চমঝায়ে/ জীন্দেগী তেৰে/ গম নে হমে/ ৰিচতে নয়ে চমঝায়ে/ মিলে য’ হমে/ ধূপ মে মিলে/ ছাঁৱও কে ঠণ্ডে ছাঁয়ে/ অ’ তুজচে নাৰাজ নহী জীন্দেগী/ হেঁৰা হু মে…..’ গাড়ীত বাজি থকা গানটোৱে সেইসময়ত হয়তো মোকেই বহুত কিবাকিবি কৈ আছিল। জীৱনদাৰ কথা, মোৰ কথা, আমাৰ জীৱনবোৰৰ কথা। কাষৰ মানুহে কি কথা পাতি আছিল কাণত একো সোমাৱা নাছিল। নিজৰ চিন্তাৰ সাগৰত হেৰাই গৈছিলোঁ ।
জীৱনদা এসময়ত আমাৰ গাঁৱৰ সকলোতকৈ সৰবৰহী যুৱকজন আছিল। নাট, ভাওনা, ৰাস, বিহু, ম’হ যুজ, সকলোতে জীৱনদা নহলেই নহয়। আমাৰ ক্ৰিকেট, কুইজ, কবিতা আবৃত্তিৰ গুৰু আছিল জীৱনদা। আমি চেমনীয়াচামৰ আদৰ্শ আছিল জীৱনদা।
অনাথ জীৱনদাৰ জীৱনৰ গতি সলনি কৰি দিছিল এটা কালিকা লগা নিশাই। ‘বজৰং অপাৰেচন’ৰ সময়ত গাঁৱলৈ আলফা বিচাৰি তালাচী চলাবলৈ অহা আৰ্মিৰ এটা দলৰ হাতত ধৰ্ষিতা হৈ এই পৃথিৱী এৰি গৈছিল জীৱনদাৰ প্ৰেমিকা পাহি বা।
‘ভাইটি, ভাৰাটো দিয়া।’ কণ্ডাক্টৰৰ মাতত উচপ খাই উঠিলো। বাদুলিয়ে তেতিয়াও বহিবলৈ চিট পোৱাই নাই। গোটেইকেইটাৰে ভাৰা দি পুনৰ চিন্তালৈ ঘূৰি গ’লো। গাড়ীত তেতিয়া বাজি আছিল ‘চামেলি মেম্ চাহাব’ৰ ‘অ’ বিদেছী বন্ধু’।
‘প্ৰেম চমন্দৰ চলা লাংঘণে/ না মিলা কৌই কিনাড়া/ প্ৰেম চমন্দৰ চলা লাংঘণে/ না মিলা কৌই কিনাড়া/ বিচ ভঁৱৰ লংগৰ লে ডুবা/ তেৰা ইক চাঁহাৰা….’
সেই আঘাতৰ ঘাঁ আৰু কেতিয়াও নুশুকাল। জীৱনদাই মদৰ মাজত নিজকে ডুবাই দিলে। আৰু অত্যাধিক মদ্যপানৰ বাবে জীৱনদাৰ জীৱন শলিতা নুমাওঁ নুমাওঁ।
আমি জিকিলো বুলি শুনি জীৱনদাই হয়তো শেষবাৰৰ বাবে হিয়াখুলি হাঁহিছিল। সেইদিনাই শেষৰাতি জীৱনদাই এই মায়াৰ ধৰা এৰি গুছি গৈছিল।
‘ যাচিম সান্ত্বনা আই মুক্তি প্ৰভাতেৰে/ থাপিম থাপনা আই শোণিত তিয়াগেৰে/ বুকু হম হম কৰে মোৰ আই/ কোনে নিদ্ৰা হৰে মোৰ আই/ পুত্ৰ হৈ মই কি মতে তৰো….’ গেন্দুলৰ গানত বাস্তৱলৈ ঘূৰি আহিলো। কনপাইহঁতৰ ক্ৰিকেট চলি আছিল।
‘ইমান দেৰি কৰিলি যে।’ ম’বাইলত সময় চাই গেন্দুলৰ উপৰত খঙেই উঠিছিল।
‘নহয় অ’। ঘুৰি আহোঁতে আঁহতৰ তলত বিনন্দ ককাইদেউহঁতৰ তাচখেলা পাৰ্টিটোৱে ৰখাই ৰাসৰ আখৰা কি হৈছে সুধিলে। তাতে তাচখেলা চালো অলপ। সিহঁতে কিবা জেহাদী ওলোৱাৰ কথা পাতি আছিল। আকৌ আৰ্মী আহিব নেকি অ’?’
‘ নাজানোঁ অ’ গেন্দুল।’ তাক কি উত্তৰ দিম ভাৱি পোৱা নাছিলোঁ।
‘কিডাল জান তেন্তে অতবোৰ পঢ়াশুনা কৰি।’
‘দে, ভালকে চাধা এপালি বনা। মোক ঘৰত এৰি থৈ আহিবি।’ গেন্দুললৈ চাই শেঁতা হাঁহি এটা মাৰিলো। কেনেকৈ বুজাম তোক গেন্দুল!! তই পঢ়াশুনা নকৰি যদি মূৰ্খ হলি, মই পঢ়াশুনা কৰি মহামূৰ্খ হ’লো। কেনেকৈ কম তোক কি জেহাদী, ক’ৰ জেহাদী, আৰ্মী আহিবনে নাই, অসম ক’লৈ গৈ আছে।
চাধাপালি মুখত ভৰাই বকুলতল এৰি ঘৰমুৱা হলো। আগফালে গেন্দুলৰ মুখত ‘বিস্তীৰ্ণ পাৰৰে’, পাছফালে তাৰ চাইকেলৰ কেৰিয়াৰত মই।
‘জ্ঞানবিহীন নিৰক্ষৰৰ/ খাদ্যবিহীন নাগৰিকৰ/ নেতৃবিহীনতাত নিমাত কিয়/ সহস্ৰ বাৰিষাৰ/ উন্মাদনাৰ/ অভিজ্ঞতাৰে/ পংগু মানৱক/ সবল সংগ্ৰামী/ আৰু অগ্ৰগামী/ কৰি নোতোলা কিয়…’
মনটো জীৱনদা, আলফা, আৰ্মী, জেহাদী এইবোৰত ঘূৰি ফুৰিছিল যদিও জীৱনত হয়তো প্ৰথমবাৰৰ বাবে সুৰত অসুৰ, তালত বেতাল গেন্দুলৰ গানত সুৰ, তাল শুনিবলৈ পাইছিলো। সময়ৰ সুৰ, পৰিস্থিতিৰ তাল।
‘উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে/ শৰশয্যাকে আলিংগন কৰা/ ভীষ্মৰূপী অজস্ৰ বীৰক/ জগাই নোতোলা কিয়…’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments