বৈ থকা সাধু- উৎপল জোনাক হাজৰিকা

আপোনাক দেখিছিলো
নৈৰ পকনীয়া দুচকু
চুলিবোৰ লিহিৰি কুলিৰ মাত

হমহমাই সোমাই গৈছিল বৰঘৰলৈ
এষাৰ মাত
‘চ’ত পালেহি ঐ ৰাম…’

উশাহৰ উঘা লেটিয়াইছিলো
খুলিবলৈ গৈ উজুতিয়াইছিলো সপোনৰ নেচা
ঠুনুকা সময়ৰ শলিকাঠিবোৰ
গৰকাৰ উচপিচনিত মাকো সৰা দি উফৰিছিল

আপোনাক দেখিছিলো
ব-চুঙাৰ সিপাৰে গুঁঠি থোৱা বেই তলত
কপালত জোন নে
নহয় বেলি এটা উঠি আহিছিল
শাওনৰ ৰ’দটোৰ তাপত মই দহিছিলো
আপুনি জোনৰ দৰে উজলিছিল

আপোনাক দেখিছিলো
নেদেখা দূৰণিৰ পৰা
গৰাখহা চিলা এখনৰ বতিয়াত
ৰঙা মদাৰৰ ফুল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments