ঔ হেৰৌ বলিয়া ফাগুন, উৰুৱাই আন এজাক বৰষুণ (পংকজ বৰা)

ঔ হেৰৌ বলিয়া ফাগুন, উৰুৱাই আন এজাক বৰষুণ
(পংকজ বৰা)
 
ঔ হেৰৌ বলিয়া ফাগুন
মন বিয়াকুল কৰা তোৰ জেতুকাবুলীয়া গোন্ধ,
সৰাপাতৰ জৰজৰণিত লুকাই পৰে
শত-সহস্ৰ ভৰপক যৌৱন,
কঁপি উঠে শুকান ঝাওবন,
আকণ্ঠ পিয়াহত ছটফটায়
চাকৈ চকোৱা চৰাই,
নাই, এটুপি পানীও নাই।
হিজলজোপাৰ তলেদি
বোৱাৰী কপালৰ তগবগ সেন্দুৰীয়া আলিবাটটোৰে
সেঁওতাফালি সুৰ-সুৰাই পাৰ হৈ যায়
নৈপৰীয়া নিঃকিন আবেলিবোৰ;
পাৰ হৈ যায় এবেলা দুবেলা একোটা মাহ।
এনেকুৱা আৰু কেইটিমান মাহ;
ঢোলৰ শব্দ আৰু
গাভৰু নাচনীৰ নাচোনৰ লয়লাসত
আকৌ নামি আহিব বৰষুণ।
জীপাল হ’ব শুকান মাটি,
বোকাৰে লুতুৰি-পুতুৰি
পথাৰত ৰংমনে জুৰিব নাঙল।
কোমল আলিয়েদি
এখুপি দুখুপি খোজেৰে 
ৰহদৈয়ে যতনাই দিবগৈ
সুখৰ ভোগদৈ জলপান।
লুণীয়া ঘাম
আৰু লাৱণী হাতৰ পৰশত
মৰমৰ পথাৰত
ফেঁহুজালি দিব
অনেকবোৰ গৰ্ভৱতী সপোন।
ঔ হেৰৌ বলিয়া ফাগুন;
জাননে তই,
ৰংমনৰ হৃদয়তো আছে
এটা সেউজীয়া সপোন?
সেয়ে উৰুখা চালৰ তলতো
সদায় ৰাতি সযতনে খুলি ৰাখে
হৃদয়ৰ খিড়িকী;
কিজানিবা আজি ৰাতিয়েই আহে
আহোঁ আহোঁকৈ থকা
এজাক বতাহ আৰু বৰষুণ!
আহক,
এজাক বলিয়া বতাহ আহক,
উৰুৱাই আনক
উন্মাদ বৰষুণ
জীপাল কৰক শুকান মাটি,
দুকোলটকা পানীত জাহ যাওক পথাৰ
বৰষুণত তিতি-বুৰি
ৰংমন-ৰহদৈৰ মৰমৰ পথাৰত
ঠন ধৰি উঠক
গৰ্ভৱতী সপোন,
সেউজীয়া হওক পথাৰ।
ঔ হেৰৌ বলিয়া ফাগুন,
উৰুৱাই আনএজাক বৰষুণ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments