বন গছৰ শিপা…..(মানস গগৈ)

ওখ গৰাটোৰে  দুবাৰ চেষ্টা কৰিও সি উঠিব  পৰা নাই। ৰাতিপুৱা সময়ত আচলতে নিয়ৰ পৰি পিছল হৈ থকাৰ বাবে সি দুইবাৰেই পিছলি আহিছে। এনেকুৱাতে সি মূৰটোৰ সমান ওখত থকা গৰাটোত খামোচ মাৰি ধৰিবলৈ কিবা গছ আছে নেকি চালে। ককাকে তাক কোৱা এষাৰ কথা তাৰ মনত আছে, ‘বন গছৰ শিপা বৰ দূৰলৈকে যায়।’ অৱশ্যে কথাটো নোহোৱা নহয়। সি মন কৰিছে, কিমান যত্নৰে ৰোৱা লাও পুলিটো,গছ পুলিটো নাবাঢ়েহে নাবাঢ়হে। কিন্তু তাৰে কাষতে থকা অলাগতিয়াল বন গছজোপা বা কাঁইট গছ জোপা যিহে লহপহকৈ বাঢ়ি আহে। কেতিয়াবা তেনে বন গছ এজোপা দেখিও মনটো ভাল লাগি যায়। যেন নাকাটিবই। বনৰীয়া হ’লেও অপ্ৰয়োজনীয় হ’লেও লহপহকৈ বাঢ়ি অহা বনগছ জোপালৈ তাৰ কিবা মৰম লাগি যায়। তেনে দ’ লৈকে শিপাই থকা গছ এদালত ধৰি ছিপ মাৰি ওখ গৰাটো উঠিব পাৰিলেই তাৰ লেঠা ছিগে।
গৰাটোৰ ওপৰত সি বন গছ এজোপা দেখিছে। তাতে ধৰি উঠিব পৰা যাব। এই বনগছ জোপা তাৰ চিনাকী। অলপ বহল বহল পাত আৰু জোপোহা। সাধাৰণতে এনে থিয় গৰাৰ কাষতে এই গছ জোপা হয়। আগতে সিহঁতৰ পুখুৰীটোৰ পাৰত এইজোপা গছ শাৰী শাৰীকৈ আছিল। সি পুখুৰীত নামিলে এনে গছ এজোপাতে ধৰি ছিপ মাৰি পাৰলৈ উঠে। সঁচাকৈয়ে গছ জোপাৰ বৰ দ’লৈকে শিপা। সি সৰু হৈ থাকোঁতে সম্পূৰ্ণ মানুহটোৰ ভৰ বৰ সহজেই গছজোপাই লৈ লৈছিল।  বনগছৰ শিপাৰ সঁচায়ে বৰ জোৰ দেই।

অনুজে গছজোপাৰ নাম নাজানে। বনৰীয়া গছ। বনৰীয়া কি আজিকালি কিমান দৰকাৰী গছৰে নাম সি পাহৰি পেলাইছে। সেইদিনা মধুসোলেং টেঙা বজাৰৰ পৰা কিনি আনোতেহে সি গম পালে যে এইবিধ চোন সিহঁতৰ পিছফালৰ মুকলি মাটি ডৰাতে ভৰি ভৰি আছে। এই গছজোপাৰো চাগে কিবা নাম আছে। তাৰ ককাক থকাহ’লে চাগে কিজানি ইয়াৰো কিবাএটা নাম উলিয়ালে হেঁতেন। নহ’লেও চাগে এই গছ জোপা চোন তামুক গছ জোপাৰ দৰেই বুলিয়ে বুলি এষাৰ ক’লেহেঁতেন। সেইবোৰ আছিল মাটিৰ মানুহ। এতিয়া যিহেতু ককাক নাই,গতিকে গছজোপাৰ নামো নাই। তাৰ মগজত ইমান জোৰ নাই যে সি এই গছজোপাৰ নাম উদ্ধাৰ কৰিব।
অনুজে গছজোপা বহল পাতৰ জোপোহা গছ বুলিয়ে চিনি থৈছে। তাতকৈ বেছি চিনাকীৰ প্ৰয়োজনো হোৱা নাই কাহানিও। আমাৰ জীৱনত এনে বহুত মানুহো আছে, যাক আমি নাম ঠিকনাৰে নাজানো। “অ আহিলে?”, “ভালনে”, বা অকণমান মূৰ দুপিওৱা নাইবা এটি হাঁহিৰে চিনি পাওঁ। ইংৰাজীত hi-hello ৰে চিনি পাওঁ। আনকি কথাও পতা হয়,কিন্তু নাম নাজানো। তাৰো এনে কিমান চিনাকী আছে তাৰ কোনো হিচাপ নাই। বাটে-ঘাটে,ৰাস্তাই পদূলিয়ে, বাছ-ট্ৰেইন সকলোতে এনে কিছুমান মানুহ সদায় লগ পোৱা হয়। এইটোও ঠিক যে  জীৱনত এই মানুহবোৰ নহ’লেই নহয়। সদায় মৰ্নিং ৱাক কৰিবলে যাওঁতে গাওঁ খনৰ সিটো মূৰে সৰু টাউনখনৰ কোনোবা ভাৰাঘৰত থকা চাপৰকৈ মানুহ জনক লগ পায়। মানুহ জনৰ নাম ধাম নাজানে। কেৱল হাঁহিটোৰে চিনি পায়। কিন্তু যিদিনা মানুহ জনক লগ নাপায়, সেইদিনা তাৰ মৰ্নিং ৱাকটো কিবা অসম্পূৰ্ণ যেন লাগে। চকুৱে যেন আপোনা আপুনি চিনাকী মানুহজনক বিছাৰি ফুৰে। এনে আৰু বহুত লোক আছে। বন্ধু আছে। বান্ধৱীও আছে। এই সকলোবোৰ মানুহো আপোন নিজৰ ঠাইখনৰ দৰেই। এই hi-hello ৰে চিনাকী মানুহবোৰ নাথাকিলে যেন নিজৰ ঠাইখনো অচিনাকী হৈ পৰে। সঁচাকৈয়ে মানুহৰ জীৱনটো যে কিমানবোৰ বিচিত্ৰ বস্তু, বিচিত্ৰ সম্পৰ্কৰে সৈতে সাঙোৰ খাই থাকে…….।।

বৰ বিচিত্ৰ…….।

মাইনাক স্কুলত নমাই থৈ সি সদায় দোকানখত কিছুসময় ৰয়। সৰু পানদোকান। তাতে সি চিগাৰেট এটা জ্বলায়। পান খায়। কেতিয়াবা দোকানীজন বহা চকীখনৰ কাষতে থকা ফান্তা বটলটোৰ পৰা পানীও এঢোক খায়। এই দোকানীজনৰ নামো অনুজে নাজানে। কিন্তু দোকানীজনে তাক বৰ সুন্দৰকৈ মাতে। মাজে মাজে কিবাকিবি সোধে। সি চমু চমুকৈ উত্তৰ দি যায়। দোকানখন বন্ধ থাকিলেও তাৰ হাহাকাৰ লাগে। দোকানখনৰ আগফালে থকা বেঞ্চখনত বহি অনুজে আগফালে চায় থাকে ।সেই সময়ছোৱাত ঠাইডোখৰত সামান্য ভিৰ হয়। সকলো গাৰ্জেনে নিজৰ ল’ৰা-ছোৱালীক থবলৈ আহে। গাড়ী, বাইক, ৰিক্সা, অট’ আৰু চাইকেলৰ সামান্য ট্ৰেফিক হয়। তাৰ পাচতে অৱশ্যে আকৌ নিজম পৰে। অনুজৰ সৰু চৰকাৰী চাকৰি। গতিকে ন বজাৰ পৰিবৰ্তে সি চাৰে ন বজাত পালেগৈও বিশেষ একো অসুবিধা নাই। তাকে যেনিবা সি এতিয়া অভ্যাসেই কৰি লোৱাৰ দৰে। মাইনাক স্কুলত থৈ সি দোকানখনতে ৰৈ দিয়ে। তাৰ চকুৱে ইফালে সিফালে চায়। মৰ্নিং ৱাক কৰিবলৈ যাওতে সেই চকুৰ চিনাকী মানুহ জনক বিছৰাৰ দৰেই যেন কাৰোবাক বিছাৰে। কেতিয়াবা অলপ সোনকালে, কেতিয়াবা অলপ পলমকৈ এখন হালধীয়া পাল লগোৱা ৰিক্সা স্কুলৰ গেটৰ সন্মুখত ৰয়হি। বতাহ লাগি অলপ বাউলী হৈ পৰা দীঘল চুলিকোছাৰে নতুনকৈ বিয়া হোৱা এগৰাকী মহিলা নামি আহে। কণমানি জীয়েকে কোলাত উঠি সোতমোচ কৰি পেলোৱা শাৰীখন সামান্য ঠিক ঠাক কৰি কৰি এক প্ৰকাৰ দৌৰি যোৱাদি ছোৱালীজনীক গেটখন পাৰ কৰি আকৌ দৌৰা দৌৰিকৈ একেখন ৰিক্সাতে উঠি মানুহজনী যায়গৈ। এই দৃশ্যটো অনুজৰ চিনাকী হৈ গৈছগৈ। মানুহজনীৰ কোঁচত উঠি পখিলা লগা মৰ্টনটো চুপি চুপি থুপুক থাপাককৈ  অহা কণমানি জনীও তাৰ চিনাকী হৈ গৈছে। এই মানুহজনীৰ সি নাম নাজানে। কিন্তু সদায় তাৰ চকুৱে বৰ অনিয়ন্ত্ৰিত ভাৱে সেই দীঘল চুলিকোছা বিছাৰি যায়। বিছাৰি যায় কোচমোচ খোৱা সেইশাৰীখন আৰু কনমানি ছোৱলীজনীয়ে গুদবাই কিচ দিয়া সেই গালখন। বৰ সন্তপৰ্নে।

হাতৰ চিগাৰেটটো কেতিয়াবাই শেষ হৈছে। তথাপিও সি বেঞ্চখনতে বহি আছে। অস্বস্তি লাগিছে। চিগাৰেটকে আকৌ এটা জ্বলাব নেকি বাৰু? নাই নাই। সি সাধাৰণতে দুটা চিগাৰেট একেলগে নজ্বলায়। এনেই মূৰটো আচন্দাই ধৰিব ৰাতিপুৱাই। হালধীয়া পালতৰা ৰিক্সাখন আজি অহা নাই। অলপ দেৰি হৈছে আজি। এতিয়ালৈকে আহিব লাগিছিল। অনুজৰ মনটো কিবা যেন আনমনা হৈ পৰিছে। নাহিবই নেকি বাৰু আজি। সি বাইকখনত প্ৰথমটো কিক মাৰিলে। ৰিক্সাখন নেদেখিলে যেন আজি দিনটো তাৰ আধৰুৱা হৈ থাকিব। অফিচতো ভাল নালাগিব। আনকালেও কেতিয়াবা ৰিক্সাখন নহাকৈ থাকে, কিন্তু আজি যেন সি চাব বিছাৰিছে। মাথো এবাৰ। বাউলী চুলিকোচা, সাউৎকৈ কোঁচৰ পৰা কনমানিজনীক নমাই ধূলি লগা আঁচলটো জোকাৰি লোৱা এবাৰ যেন আজি চাব খুজিছে সি। পোন ৰাস্তাটোৰে এনেই যিমান পাৰি দূৰলৈ সি শেষ বাৰৰ বাবে চাই পঠালে।।

হয় আহিছে। হালধীয়া পাল তৰা ৰিক্সাখনৰ জোঙা আগটো জাহাজৰ মাস্তুলটোৰ দৰেই ক্ৰমাৎ তাৰ ফালে আহি আছে। অনুজৰ মনটো পুলকিত হৈ পৰিল। হাতৰ ঘড়ীটোলৈ চালে। আজি ভালেখিনি দেৰি হৈছে। ইতিমধ্যে স্কুলৰ প্ৰাৰ্থনাৰ ঘণ্টা পৰিছে। ৰিক্সাৰ মানুহজনীৰ মুখখন আজি অলপ গোমোঠা। যেন খং উঠি আছে। দেৰি হোৱাৰ বাবেই হয়টো মানুহজনী অস্থিৰ হৈ পৰিছে। খৰধৰকৈ ৰিক্সাৰ পৰা নামিছে। এহাতত ছোৱালীজনী। আজি শাৰীখন ঠিক কৰি ল’বলৈ সময় নাই। পিছে এই… এই… এইয়া কি…..।। খৰধৰ কৰোতে জোঁটপোতখাই মানুহজনী মাটিত বাগৰি পৰিল। হঠাৎ মানুহৰ হূলস্থূল এটা আগবাঢ়ি আহিল। অনুজো বাইক খন ৰখাই মানুজনীৰ ফালে দৌৰি গল। ভৰি মোচোকা খাইছে। সেয়ে উঠিব পৰা নাই। হাতৰ ছোৱালীজনীয়েও আঁঠুত দুখ পাইছে অলপ। কঁকাললৈকে পৰা চুলিকোচাৰে সৈতে মানুহজনীক অনুজে সামান্য দাঙি ধৰিলে। অনুজৰ কাণ দুখন গৰম হৈ ক্ৰমাৎ ৰঙা হৈ পৰিছে। মুখৰ আগত যেন এখন নাটক চলি আছে। অলপ আগতে খোৱা গল্ড ফ্লেক টোৱে যেন খালিপেটত খোৱা গল্ড ৰিবনৰ নিচা ধৰা আৰম্ভ কৰিছে। দুজনমনে ৰিক্সাৱলাটোকে লপাথপা দিবলৈ আৰম্ভ কৰিছে। দুজনমানে তাৰ হাতৰ পৰা নি মানুহজনীক ৰিক্সাত বহুৱাইছে। ওচৰৰে ফাৰ্মাছীলৈ নিব। অনুজ অলপ সময় মাটিতে বহি থাকিল। আনে নেদেখাকৈ হাত দুখন ওচৰলৈ নি শুঙি চালে। মানুহজনীৰ পৰা যেন বৰ ধুনীয়া সুবাস এটা হাতত লাগি ধৰিছে। বহাৰ পৰা অনুজ উঠিছিলে মাত্ৰ। দুখন বাইক প্ৰচণ্ড বেগত ৰেচ লগাই তাৰ ফালে আহি থকা সি দেখা পালে। এটা বিকট শব্দ। তাৰ পাছত আৰু সি একো ক’ব নোৱাৰে।

সি যেতিয়া চকু মেলিলে, তেতিয়া বিয়লিয়ে ৰিঙিয়াইছিল কিজানি। হস্পিটেলৰ বিছনা। তাক বাইকে মহতিয়াই নিলে। গালত বেণ্ডেজ। হাতত প্লাষ্টাৰ। কাষতে বিৰিণা আৰু মাইনা বহি আছে। বিৰিণাৰ চলচলীয়া চকু দুটা ক্ৰমে আৰু অধিক উজ্জ্বল হৈ আহিল।

“দি.. দিনটো কাক চাই ফুৰে…?? কা..কাৰ তিৰোতাক দোকানৰ আগত বহি চাই থাকে..??আজি সকলোৱে মুখেপতি কৈছে…।” থোকাথুকি মাতেৰে বিৰিণাই কলে।

“মই ঘৰত মানুহ জনী থাকোতে………..।।”

“মোলৈ হেঁপাহ নালাগে হ’বলা আজিকালি…??” চকুকেইটা মোহাৰি নাকৰ পানী উজাই বিৰিণাই কৈ উঠিল।

“আৰে তুমি তেনেকে কিয় কৈছা…?? মই কি……..!!!!!” বহুত কথা ক’ব খুজিও যেন অনুজৰ একো ক’বলে নাইকিয়া হৈ গল। কি ক’ব বিৰিণাক সি? কেনেকৈ বুজাব? বিৰিণাৰ মুখৰ গৰম গৰম নিশ্বাস বোৰে যেন অনুজক ক্ৰমে কেউফালৰ পৰা ফালি চিৰি ভিতৰলৈ সোমাই গৈছে। সি বেৰখনৰ ফালে মুখখন ঘুৰাই দিলে।

“কাইলেৰ পৰা মাইনাক স্কুলত থবলৈ মই যাম।” পিছফালৰ পৰা বিৰিণাই কোৱা কথাষাৰ শুনি তাৰ আকৌ কাণখন গৰম হৈ আহিল। সি বৰ যতনেৰে ৰোৱা গছপুলিটোৰ আশে পাশে যেন বনগছ গজিছে। সৰু হ’লেও বনগছডালৰ শিপা সঁচাকৈয়ে বৰ গভীৰ। কালিলৈৰ পৰা ছাগৈ হালধীয়া ৰিক্সাখনত সেই দীঘল চুলিৰ ধুনীয়া গাভৰু গৰাকীও আৰু স্কুলত কনমানি জনী থবলৈ নাহে।

অনুজে চকু দুটা মুদি দিলে ………………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments