বন্ধ, অৱৰোধ, লটিঘটি ইত্যাদি -( জ্যোতি প্ৰকাশ নাথ)

বন্ধ, অৱৰোধ, লটিঘটি ইত্যাদি

-জ্যোতি প্ৰকাশ নাথ

গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সাধাৰণ নাগৰিকে চৰকাৰৰ পৰা নিজৰ প্ৰাপ্য অধিকাৰ নাপালে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। জনসাধাৰণৰ মনত উকাই উঠা প্ৰতিবাদ এজন দুজনকৈ লগ হৈ সমূহীয়া হৈ পৰে। এনেকৈ সৃষ্টি হয় দল সংগঠনৰ। এয়া স্বাভাৱিক কথা। আচলতে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিভিন্ন ভুল-ত্ৰুটি আদি আঙুলিয়াই দিয়াৰ বাবে দল সংগঠনৰ প্ৰতিবাদী কাৰ্য্যসূচী, আন্দোলন আদিৰ অতি প্ৰয়োজন। কাৰণ পৃথিৱীৰ কোনো শাসন ব্যৱস্থাই ত্ৰুটিমুক্ত নহয় আৰু প্ৰতিবাদ নহ’লে শাসক স্বেচ্ছাচাৰী হোৱাৰ ভয়। কিন্তু অসম প্ৰদেশৰ প্ৰতিবাদী কাৰ্য্যসূচীসমূহ যেন একঘেয়ামীলৈ পৰিৱৰ্তন হ’বলৈ ধৰিছে। বন্ধ, অৱৰোধ আদি কাৰ্য্যসূচীৰ অবিহনে আন কোনো ব্যৱস্থাই যেন আমাৰ সংগঠনসমূহে ল’ব নোৱাৰা হৈছে। এটা কথা বুজিবলৈ অসুবিধা হয় যে তেওঁলোকে কিয় ভাবি নাচায় চৰকাৰৰ গা লৰাবলৈ গ্ৰহণ কৰা এনেকুৱা ব্যৱস্থাবোৰে সাধাৰণ খাটি খোৱা ৰাইজৰ মূৰত হে মাৰ মাৰে। এই বিষয়ে সময়ে সময়ে কাকতে পত্ৰই যথেষ্ট লিখা মেলাও হৈছে, গল্প-উপন্যাসৰ সৃষ্টি হৈছে, বোলছবি আদিও নিৰ্মাণ কৰা হৈছে। প্ৰতিবাৰেই বন্ধ কাৰ্য্যসূচী গ্ৰহণ কৰা সংগঠনসমূহলৈ ইংগিত কৰা হৈছে যে আপোনালোকে জনসাধাৰণৰ হিত চিন্তা কৰি আৰম্ভ কৰা প্ৰণালীয়ে সাধাৰণ নাগৰিককে হাৰাশাস্তি কৰি মাৰিছে। তথাপিও কোনো কাণসাৰ নাই, বন্ধ দিয়াই বন্ধ ঘোষণা কৰিয়েই আছে, পথ অৱৰোধকাৰীয়ে পথ অৱৰোধ কৰিয়েই আছে আৰু খাটিখোৱা জনতাই দুৰ্যোগ ভোগ কৰিয়েই আছে। আমি বন্ধ বা অৱৰোধৰ বিকল্প ব্যৱস্থাৰ কথা আলোচনা কৰিবলৈ নাযাওঁ, কেৱল আমাৰ লগত ঘটি যোৱা এটা অভিজ্ঞতাৰ কথা হে ক’ম যাৰ পৰা ৰাইজে বুজিব এই ক্ষয়িষ্ণু সংস্কৃতিৰ ভয়াবহতা।


যোৱা স্বাধীনতা দিৱসৰ দুদিন আগত এক ব্যৱসায়িক কামৰ বাবে আমি গুৱাহাটীৰ পৰা শোণিতপুৰ জিলাৰ মিছামাৰীলৈ যাবলগীয়া হৈছিল। গুৱাহাটীৰ পৰা মিছামাৰীলৈ গলে মঙলদৈ হৈ যাব লাগে। ঢেকীয়াজুলি পাৰ হোৱাৰ পাছত ঠেলামৰা নামৰ ঠাইৰ পৰা মিছামাৰীলৈ বুলি অট’ ভান পোৱা যায়। সাধাৰণতে আমি গুৱাহাটীৰ পৰা তেজপুৰৰ বাছেৰে গৈ ঠেলামৰাত নামি অট’ ভানত উঠোঁ। কিন্তু স্বাধীনতা দিৱসৰ আগে আগে পৃথক ৰাজ্যৰ দাবীত ঘোষণা কৰা বন্ধৰ বাবে গুৱাহাটী-তেজপুৰ পথত গাড়ী চলাচল হৈ থকা নাছিল। সেয়ে সংশ্লিষ্ট সকলৰ লগত কথা বতৰা পাতি পোন্ধৰ আগষ্টৰ পাছদিনা যোৱাটো খাটাং কৰা হ’ল। পোন্ধৰ আগষ্টৰ ৰাতিও খা-খবৰ কৰি গম পালোঁ যে কাইলৈ কোনেও একো বন্ধ ঘোষণা নাই কৰা। ৰাতিপুৱাই গা পা ধুই প্ৰফুল্লচিত্তে ওলালোঁ পল্টন বজাৰত তেজপুৰৰ বাছ এখনত মিছামাৰিলৈ বুলি। বাইহাটা চাৰিআলিত গাড়ীখন কিছু সময় ৰখোৱাত ৰাস্তাৰ কাষতে চাহ একাপ খাই ল’লোঁ। ভোক লাগিছিল যদিও ভাবিলোঁ ওৰাঙত গাড়ী যিহেতু ৰাখিবই তাতেই কিবা এটা খাই লম। বাইহাটাৰ পৰা গাড়ী এৰিলে। বাইহাটাৰ পৰা মঙলদৈ অভিমুখে যোৱা গাড়ীবিলাকে এইখিনিতে খুব বেগত গতি কৰে। চাৰিওফালৰ সেউজীয়াৰ মাজত সুন্দৰ পিচ দিয়া ৰাস্তাটো যেন ক’ৰবাৰ অজান দেশলৈ গতি কৰা এক নিজান পথহে। ইয়েৰফোনত অংগৰাগৰ মিঠা সঙ্গীতৰ আমেজ লৈ চকু মুদি দিলোঁ। এনেয়ো ৰাস্তাটোৰ এইখিনি অংশৰ যাত্ৰা আমি প্ৰায়ে উপভোগ কৰোঁ। চকু দুটা টানি ধৰিছিলহে, এনেতে গাড়ীৰ ভিতৰত এক মৃদু গুণগুণনিৰ সৃষ্টি হ’ল। দুজনমানে কণ্ডাক্টৰৰ লগত কথা পাতিছে, মুখত উদ্বিগ্নতাৰ চিন স্পষ্ট। কাষৰ জনক সুধিলো কি হৈছেনো। আগত বোলে ৰাস্তা বন্ধ। বুকুখন চিৰিংকৈ মাৰিলে। কণ্ডাক্টৰ ওচৰলৈ আহোতে সুধিলোঁ কি হৈছে বাৰু? ৰৌতা আৰু ওৰাঙৰ মাজত বোলে পথ অৱৰোধ, কাকো যাবলৈ দিয়া নাই। কিন্তু কালিতো কতো এই বিষয়ে একো শুনিবলৈ পোৱা নাছিলো। তেওঁ কলে গৈ চাও, আমি পোৱালৈকে ৰাস্তা খালি হ’বও পাৰে। হয় দেখা দেখা যাওক কি হয়, মিছামিছি টেনশ্যন লৈ লাভ নাই বুলি ম’বাইলটোত নেট সংযোগ কৰি ফেচবুক খুলি ল’লোঁ।

দলগাঁও পাই দেখিলোঁ কথা বিষম। গাড়ীবোৰ ৰাস্তাৰ কাষত ৰৈ আছে আৰু ওলোটা ফালৰ পৰা আগত গুৱাহাটী লিখা সৰু বৰ যাত্ৰীবাহীবোৰ ঘূৰি আহি আছে। আমাৰ গাড়ীখনেও ৰাস্তাৰ কাষত অৱস্থান গ্ৰহণ কৰিলে। ঘোষণা হ’ল গাড়ী আৰু আগলৈ নাযায়, যাত্ৰীসকলৰ বাকী পাওনাখিনি অনুগ্ৰহ কৰি ঘূৰাই ল’ব লাগে। কেইজনমানে গৈ কণ্ডাক্টৰক ধৰিলো বলক একেবাৰে অৱৰোধ হোৱা ঠাইলৈ গৈ চাই আহোঁ। তেওঁ বোলে ৰিস্ক ল’ব নোৱাৰোঁ দাদা, তালৈ গ’লে আপোনালোকক নমাই অৱৰোধকাৰীয়ে জোৰকৈ আৰু মানুহ আনিবলৈ আমাৰ গাড়ী লৈ যাব। এনেকুৱা অভিজ্ঞতা আমাৰ আছে, সেয়ে মালিকে গাড়ী ঘূৰাই লৈ যাবলৈ নিৰ্দেশ দিছে। দলগাঁওৰ চুকটোত ৰাজপথৰ কাষত থিয় হ’লোঁ, কিজানি কোনোবা গাড়ী যায়েই বা। দুখনমান দেখিলোঁ তাতেই চিঞৰিছে তেজপুৰ তেজপুৰ। ওচৰ চাপি বুজিলো তেওঁলোক আকৌ গুৱাহাটী হৈ ঘূৰি নগাঁও হৈ তেজপুৰ যাব। এনেতে এখন বাছ ওলাল দেখা যাওক আগত কি আছে বুলি, পাৰিলে কিবাকৈ ওলাই যাব। ক্ষীণ আশা এটা লৈ উঠিলোঁ। ৰৌতা পাবলৈ তিনি-চাৰি কিলোমিটাৰমান থাকোঁতে লালপুং নামৰ ঠাইত আৰক্ষী আৰু সেনাৰ এটা দলে গাড়ীখন ৰখালে। নামি গ’লোঁ। আৰক্ষী বিষয়াজনে কোনোপধ্যে আগুৱাই যাবলৈ নিদিয়ে। অলপ আগত বোলে প্ৰায় ছহেজাৰমান মানুহে পথ আগুৰি বহি আছে। কেতিয়া ৰাস্তা খুলিব কোনো ঠিকনা নাই। যাত্ৰীবাহী বাছ দেখিলে ক্ষতি কৰিব পাৰে। গতিকে ইয়াৰ পৰাই ঘূৰি যোৱাই মঙ্গল। বাছখন ঘূৰালে আৰু আটাইকেইজন যাত্ৰীয়ে বাছত উঠি বহিলোঁ গুৱাহাটী অভিমুখে। এনেতে এজনে ক’লে যে দলগাঁৱৰ পৰা ভিতৰুৱা ৰাস্তাৰে শীলবুৰি নামৰ ঠাইলৈ টেম্প’ৰে গৈ তাৰ পৰা ওৰাং ওলাব পাৰি। অৱৰোধ যিহেতু ওৰাঙ আৰু ৰৌতাৰ মাজত হৈছে, তেন্তে তেজপুৰলৈ ঘূৰি যোৱা গাড়ী পোৱাৰ আশা আছে। আশাৰ মৰীচিকা খেদি দলগাঁৱত এখন টেম্প’ত উঠি বহিলোঁ। পিছে কণা বিধিয়ে ইয়াতো পিছ নেৰিলে। অৱৰোধকাৰীয়ে ভালকৈ জানে যে সৰু সৰু গাড়ীবোৰে দলগাঁৱৰ পৰা এই ৰাস্তাৰে ওলাই যাবলৈ চেষ্টা কৰিব, সেয়ে শীলবুৰিৰ পৰা ওৰাং ওলোৱা ৰাস্তাও তেওঁলোকে বন্ধ কৰি ৰাখিছে। আকৌ ঘূৰি আহি দলগাঁও পালোঁ আৰু তাৰপৰা গুৱাহাটীৰ গাড়ীত উঠিলোঁ।

খেলি মেলি সপোন এটাৰ মাজত সোমাই থাকোঁতেই কণ্ডাক্টৰে জগাই দিলে, দাদা জালুকবাৰীত নামিবনে, আমি লখৰা হৈ যাম। লখৰাত নামি পল্টনবজাৰ ওলালোঁহি। কিবা এটা খাই লৈ আবেলি সময়ত নগাঁও হৈ ওলালোঁ বাছ এখনত তেজপুৰলৈ বুলি। ৰাতি তেজপুৰত থাকি পিছদিনাই মিছামাৰীলৈ যোৱাটো ঠিক কৰিলোঁ। নিশাটো হোটেলত কটাই ৰাতিপুৱা গা পা ধুই ওলালোঁ। ৰাস্তা খোলা আছে নে নাই জানিবলৈ ঠেলামাৰাৰ ওচৰৰ বান্ধৱী এগৰাকীলৈ ফোন লগালোঁ। তেওঁ কলে বোলে আজিও বন্ধ গাড়ী মটৰ নাই চলা, মিছামাৰীৰিলৈ টেম্প’ও নাই, কেৱল দুচকীয়া বোৰহে চলি আছে। খঙটো গৈ চুলিৰ আগ পালেগৈ। অলপ পৰ ভাবি গুণি হোটেলৰ মেনেজাৰকে সকলো বিবৰি কৈ দুচকীয়া বাহন এখনৰ ব্যৱস্থা কৰি দিবলৈ খাটনি কৰিলোঁ। মানুহজন ভাল আছিল। যি কি নহওক ধনৰ বিনিময়ত হলেও ল’ৰা এজনক দুচকীয়া এখনেৰে সৈতে দিনটোৰ বাবে মোক গতালে। আৰু তেনেকৈয়ে কাম সমাধা কৰি সন্ধিয়া তেজপুৰ পালোহি।

পাঠকে চাগে অনুমান কৰিব পাৰিছে কিমানখন লতিঘটি হ’ল আমাৰ সৈতে তথাকথিত পৃথক ৰাজ্যৰ দাবীত কৰা পথ অৱৰোধৰ বাবে। অকল টকাৰ শৰাধেই নাই হোৱা, সময়ৰ অপব্যয়ৰ লগতে মানুহ এজনৰ শাৰীৰিক কষ্টৰ কথাও আছে। এয়াতো আমাৰ ব্যক্তিগত জীৱনৰ এক সৰু উদাহৰণ। উপৰাউপৰিকৈ হিচাপ কৰা মতে সেইদিনা আমি যাত্ৰা কৰা বাছখনতে তেজপুৰ অভিমুখী কমেও বিশ গৰাকী যাত্ৰী আছিল। প্ৰতিখন গাড়ী হিচাপ কৰিলে এই সংখ্যাটোৱে কি ৰূপ লব সেয়া সহজে অনুমেয়। আমি প্ৰশ্ন কৰিছোঁ আৰু কিমান দিনলৈ অসমীয়া ৰাইজে এই অত্যাচাৰ সহ্য কৰিব লাগিব? হ’বনে পথ অৱৰোধকাৰী আৰু বন্ধৰ আহ্বান কৰা দল সংগঠনৰ লোকসকলৰ মানসিক বিকাশ? থাকিবনে অসমত সকলো কাৰ্য্যালয় খোলা অকল চৰকাৰী বন্ধৰ বাহিৰে? ক’ব পাৰিমনে কেতিয়াবা সঁচাকৈ অসম আকৌ উন্নতিৰ পথত বুলি?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক