পাঁচ দশকৰ কাৰ্বি লিখকৰ গল্প সংকলন (মংগলছিং ৰংফাৰ)

অসমৰ পাহাৰীয়া জনজাতি কাৰ্বিসকলৰ মৌখিক সাহিত্য তথা লোক-সাহিত্য অতি চহকী। সেইবোৰ লিখিত ৰূপত নথকাৰ বাবে অতীজৰে পৰাই তেওঁলোকৰ মাজত এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মৌখিকভাবে হস্তান্তৰিত হৈ আহিছে। কাৰ্বিসকলৰ অতীত ইতিহাস, বিভিন্ন কাহিনী আদি পূৰ্বপুৰুষসকলে সকলো কথা ছন্দোবদ্ধ পদ্যত ৰচনা কৰি গাইছিল আৰু সেইবোৰ পিছৰ প্ৰজন্মৰ বাবে মৌখিকভাবে এৰি থৈ গৈছিল। ‘হা-ঈমু’ৰ অমৰ প্ৰেমৰ কাহিনী, কাৰ্বিজাতিৰ প্ৰব্ৰজনৰ ইতিহাস ‘মচেৰাকিহিৰ’ আৰু কাৰ্বি ৰামায়ণ ‘চাবিনআলুন’ আদি সকলো কাহিনী গীতৰ ৰূপত পোৱা যায়।

কাৰ্বি সাহিত্য লিখিত ৰূপ লোৱা বেছি দিন হোৱা নাই। ১৯৬৬চনত ‘কাৰবি লামমেত আমেই’(কাৰ্বি সাহিত্য সভা)ৰ জন্ম হোৱাৰ পিছত কাৰ্বি লিখিত সাহিত্যই নতুন ৰূপ লয়। কাৰ্বি জনগোষ্ঠীৰ পৰা এচাম প্ৰতিশ্ৰুতিসম্পন্ন লিখকৰ জন্ম হয় আৰু তাৰে কিছুমানে বিভিন্ন লেখাৰ উপৰি গল্প লিখিবলৈ লয়। যোৱা পাঁচ দশকৰ কাৰ্বি লিখকৰ গল্পসমূহৰ নিৰ্বাচিত গল্পৰ ইংৰাজী অনুবাদৰ সংকলন কাৰ্বি লোক-সংস্কৃতিৰ গৱেষক তথা লিখক ধৰম ছিং তেৰনে তেওঁৰ তিনিগৰাকী সহযোগী কাবিন তেৰনপী, কাচে তেৰনপী আৰু ভেলেণ্টিনা তেৰনপীৰ সহযোগত ‘KARBI STUDIES’ৰ চতুৰ্থ খণ্ড হিচাপে ‘In Search of the Drongo and other Stories’ নামেৰে সম্পাদনা কৰি প্ৰকাশ কৰি উলিয়াইছে।
এই গল্প সংকলনখনত যোৱা পাঁচটা দশকৰ ১৮জন গল্পলিখকৰ ৩৩টা গল্প সন্নিৱিষ্ট কৰা হৈছে। তাৰ ভিতৰত ৰংবং তেৰাং, ছামছিং হাঞ্চে, লুঞ্চে তিমুং, মেবেল তেৰাংপী, ধনেশ্বৰ ইংতি, অৰুণ টেৰণ, বিদ্যা ছিং ৰংপি, অজিত ছিং নাৰ আদি অন্যতম। সংকলনখনত প্ৰকাশিত গল্পসমূহত সমসাময়িক কাৰ্বিসমাজৰ কিছুমান খণ্ডচিত্ৰ প্ৰতিফলিত হৈছে। বিশেষকৈ কাৰ্বি সমাজৰ দৰিদ্ৰতা, অত্যধিক মদ্যপান, সংহতি আৰু অনৈক্য, ৰাজনৈতিক দুৰ্নীতি, সামাজিক সংঘাত, সন্ত্ৰাসবাদ আৰু হত্যা, প্ৰতিৰোধ আৰু জীয়াই থকাৰ সংগ্ৰাম আদি কাহিনী ইয়াত অংকিত হৈছে। সংকলনখনত বিশিষ্ট লিখক ৰংবং তেৰাঙৰ ৭টা গল্প সন্নিৱিষ্ট কৰা হৈছে। ‘Memoir of an afternoon’ গল্পত দুৰ্গম পাহাৰীয়া অঞ্চল দুন কেকলাংছ’ত নিৰুদিষ্ট হোৱা ভৈয়ামৰ এজন ফৰেষ্ট বিট অফিছাৰ উদ্ধাৰ হোৱা এবেলাৰ ডায়েৰীৰ কাহিনী বৰ্ণনা কৰা হৈছে, আৰু ‘Kakrung of Langsoli’et’ত বনৰীয়া শাক-পাচলি ডিফু চহৰলৈ বিক্ৰি কৰিবলৈ অহা লাংছ’লিএতৰ কাক্ৰুং নামৰ মহিলা এগৰাকীৰ জীৱন সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰা হৈছে। আনহাতে ‘The Rebellion’ গল্প হ’ল উগ্ৰপন্থী সংগঠনৰ সদস্যই চলোৱা গাঁৱৰ সাধাৰণ মানুহৰ ওপৰত আতিশায্যৰ কাহিনী। য’ত এজন উপাৰ্জনহীন পংগু মানুহো উগ্ৰপন্থীৰ ‘কৰ’ৰ পৰা ৰেহাই নোপোৱা আৰু প্ৰতিবাদ কৰাৰ কাহিনী বৰ্ণিত হৈছে। ‘The Contamination’ গল্পত কাৰ্বি স্বায়ত্ব শাসন দাবী আন্দোলনৰ সময়ত দুটা সংগঠনৰ সংঘাতৰ ফলত আক্ৰান্ত এজন মাষ্টৰৰ মনোকষ্ট বৰ্ণনা কৰা হৈছে। ‘The Girl from Tissolongjon’ গল্প হৈছে তিচ্ছ’লংজনৰ গাভৰু শিপিনী কাৰেং তিমুংপীৰ স্বপ্ন ভংগৰ কাহিনী। এইদৰে ১৮জন গল্পকাৰে বিভিন্ন গল্পত কাৰ্বি সমাজৰ পটভূমিত বিভিন্ন কাহিনী বৰ্ণনা কৰিছে-য’ত প্ৰতিফলিত হৈছে কাৰ্বি সমসাময়িক সমাজ জীৱনৰ এছোৱা কাল।
সংকলনখনত সন্নিৱিষ্ট গল্পসমূহৰ সমালোচনা কৰা ধৃষ্টতা আমাৰ নাই, মাত্ৰ কিতাপখনৰ চমু পৰিচয়হে দাঙি ধৰাহে আমাৰ উদ্দেশ্য। আগ্ৰহী পাঠকসকলে গল্পবোৰ পঢ়িলে কাৰ্বি লিখকৰ গল্পৰ সোৱাদ ল’ব পাৰিব। কিতাপখন গুৱাহাটীৰ পানবজাৰৰ ‘Assam Book Hive’য়ে প্ৰকাশ কৰি উলিয়াইছে আৰু কিতাপখনৰ মূল্য হৈছে ৬০০টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!