বৰ বৰ চহৰৰ সৰু সৰু কথা (দিপাংকৰ মল্ল বৰুৱা )

1) ধনী মানুহৰ চহৰ
——————–

২০০৩ চনৰ কথা৷ নিউ ইয়ৰ্ক চহৰ৷ বিশ্বৰ আটাইতকৈ ধনী মানুহবোৰ থকা চহৰখন৷ মোৰ লগত আছিল প্ৰশিক্ষণ এটাত একেলগে যোৱা একে বিভাগৰে এজন সহকৰ্মী দাদা৷ দুয়ো ফুটপাথেৰে খোজকাঢ়ি ঘূৰি ফুৰিছোঁ৷ টেক্সী লোৱাতকৈ খোজকাঢ়ি পইচা বচোৱাৰ লগতে নিউ ইয়ৰ্কৰ ফুটপাথৰ আনন্দ লৈছোঁ৷ ওখ ওখ ঘৰবোৰ ডিঙি বেকা কৰি কৰি চাইছোঁ৷ চিনেমাত বহুত বাৰ নিউ ইয়ৰ্কৰ ৰাষ্টাৰ দৃশ্য দেখিছোঁ৷ কিন্তু নিজ চকুৰে চোৱাৰ আমেজেই বেলেগ৷

প্ৰতিটো ৰাস্তাৰে একোটা নম্বৰ৷ কোনোবা এখন ঠাইৰ ঠিকনা ৰাস্তাৰ নম্বৰেৰে হে কয়৷ এম্পায়াৰ ষ্টেট বিল্ডিং ক’ত বুলি সুধিলে ক’ব, ‘ৱেষ্ট ৩৪ নং ৰাস্তাত ফিফথ এভিনিউ ক্ৰছিঙত আছে’৷ এতিয়া ৱেষ্ট ৩৪ নং ৰাষ্টা ক’ত, ফিফট এভিনিউ ক্ৰছিং কেনেকৈ উলিয়াম, এদিনীয়া মানুহৰ কাৰণে অলপ অসুবিধা৷ হাতত মেপ এখন আছিল যদিও সৰলৰেখাৰ দৰে ৰাষ্টাবোৰ কোনটো কেনি গৈছে, আমি কোন ঠাইত আছোঁ বুজিবলৈ সমস্যা৷ তাতে বন্ধু এজনে আমাক সকীয়াই থৈছিল, নিউ ইয়ৰ্ক চহৰত যাকে তাকে ঠিকনা সোধাতো কেতিয়াবা বিপদ জনক হ’ব পাৰে৷ সেয়েহে পৰা পক্ষত কাকো একো নোসোধাকৈ ঘুৰ্মুটিয়াই ফুৰিছোঁ৷

ইফালে সিফালে ঘূৰি ফুৰোঁতে এসময়ত আমাৰ উভতি অহাৰ বাট বিচাৰি হাবাথুৰি খাব লগীয়া হ’ল৷ আমি এক নিৰ্দিষ্ট সময়ত এঠাইত ৰৈ থকা বাছ এখন ধৰিবগৈ লাগে৷ ইফালে ঘূৰিলে একে ধৰণৰ ঘৰ, সিফালে ঘূৰিলেও একে ধৰণৰ ঘৰ৷ আমি বিপাঙত পৰিলোঁ৷ উপায় নাপাই মানুহ এজনৰ ওচৰ চাপিলোঁ৷

মানুহজনে আমালৈ পেন্দোৱাকৈ চালে৷ আমি যেন নকৰিবলগীয়া কাম এটাহে কৰিলোঁ৷ ক’লা ছালৰ প্ৰকাণ্ড মানুহজনে সুধিয়েই দিলে, “ইণ্ডিয়ান? হোৱাট আৰ ইউ ডুয়িং ইন নিউ ইয়ৰ্ক চিটী”?

তেওঁৰ কথাৰ সুৰত এনে লাগিল যেন আমি দুখীয়া ইণ্ডিয়ান কেইটাই তেওঁলোক ধনী মানুহৰ চহৰত ঘূৰি ফুৰাটো তেওঁৰ সহ্য হোৱা নাই৷

সেমেনা সেমেনিকৈ আমাৰ সমস্যাৰ কথা ক’লোঁ৷ মানুহজনে আমাক উভতি যোৱাৰ পথ বুজাই দিলে৷ বৰ ভাল মানুহ যেন লাগিল৷ আমি তেওঁক থেংক ইউ – চেংক ইউ দি যাবলৈ ওলাইছোঁহে, তেনেতে তেওঁ চিঞৰি উঠিল, ‘হেই ৱেইট এ মিনিট’৷

কথাৰ সুৰটো বিনা টিকটত চিনেমা চাবলৈ সোমাব বিচাৰোঁতে গেট কিপাৰে পিলিঙা ল’ৰাক কোৱা ‘ঐ পইচা নিদিয়াকৈ ক’লৈ যাবলৈ ওলাইছ’ ধৰণৰ লাগিল৷

“গিভ মি এ ডলাৰ” মানুহ জনে তেওঁৰ সোঁহাতখন আগবঢ়াই দিলে৷

থোতা মোজা লগাৰ দৰে ক’লোঁ, ‘ডলাৰ….ফৰ হোৱাট’?

মানুহজনে আমাক তেওঁৰ কৰ্কশ মাতেৰে বুজাই দিলে, “বিনা পইচাত এই চহৰত একো নাপায়৷ মই তোমাক সহায় কৰিলোঁ, সেই সহায়ৰ দাম হ’ল এক ডলাৰ”, মানুহ জনে এনে সুৰত ক’লে যেন তেওঁৰ দোকানৰ পৰা বস্তু এটা আমি পইচা নিদিয়াকৈ লৈ যাবলৈ ওলাইছিলোঁ৷

ছফুট মান ওখ দেখিলেই ভয় লগা সেই মানুহ জনৰ লগত তৰ্ক কৰাৰ সাহস আমাৰ নাছিল৷ জেপৰ পৰা ডলাৰ এটা উলিয়াই দি দিলোঁ৷ বগা দাঁত কেইটা উলিয়াই হাঁহি এটা মাৰি ‘থেংক ইউ’ বুলি ক’লে৷ যাওঁতে কৈ গ’ল “ওৱান ডে’ আই উইল কাম টু ইণ্ডিয়া”৷

ক’বলৈ মন গৈছিল, ইণ্ডিয়ালৈ আহিলে তোমাৰো যদি কোনোবাদিনা বাট হেৰায়, আমি পিছে বাট দেখুওৱাৰ বাবে এইদৰে পইচা নিবিচাৰোঁ৷ আমি ইমানো দুখীয়া নহয়৷ ধনী মানুহৰ চহৰ নিউ ইয়ৰ্কত তোমাৰ দৰে দুখীয়া এজনক এইদৰে সহায় কৰিবলৈ পাই আমি ধন্য হ’লোঁ৷

2) আমেৰিকাৰ দেৱালী

২০০৩ চনৰ ৪ জুলাইৰ দিনা আমেৰিকাৰ হিউষ্টন চহৰত আছিলোঁ৷ মোৰ লগত আছিল তিনিজন জ্যেষ্ঠ সহকৰ্মী৷ আমি আটায়ে প্ৰশিক্ষণৰ বাবে গৈছিলোঁ৷

৪ জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস৷ সেইদিনা অফিচ, স্কুল সকলো বন্ধ৷ সকলোতে আমেৰিকাৰ পতাকা উৰি থাকে৷ আমি দিনত নাছা দৰ্শন কৰিলোঁ৷ সন্ধিয়া খবৰ পালোঁ যে ৰাতি হিউষ্টন চহৰত স্বাধীনতা দিৱস উপলক্ষে Fireshow হ’ব৷ আন কথাত আমেৰিকাৰ দেৱালী৷ স্বাধীনতা দিৱসত ফটকা ফুটাই আনন্দ কৰাটো আমেৰিকান সকলৰ বহুদিনৰ পৰম্পৰা৷

হোটেলৰ ৰিচেপচনত কথা পাতি গম পালোঁ যে আমাৰ দৰে ঘৰে ঘৰে ফটকা ফুটাই আমেৰিকাত দেৱালী নকৰে৷ এটা নিৰ্দিষ্ট অঞ্চলত মানুহ গোট খায় আৰু তাতেই আতচবাজীৰ প্ৰদৰ্শন হয়৷ আমি জানিব পাৰিলোঁ যে সেই অঞ্চলটো আমাৰ হোটেলখনৰ পৰা যথেষ্ট দূৰত আৰু তালৈ টেক্সী লৈ যাব লাগিব৷

“ধেই বাদ দিয়াহে৷ দেৱালী চাবলৈ ইমান দূৰ কোনে যায়৷ আমি আৰু দেৱালী দেখা নাই নেকি”?

“তাতকৈ হোটেলত খাই বৈ শুই থকাই ভাল”৷

যুগল দা আৰু ধ্ৰুৱ দাৰ ওলাই যাবলৈ মন নাই৷ আমেৰিকাত টেক্সী লৈ ওলাই যোৱা মানে বহুত খৰচী কাৰবাৰ৷ মোৰ পিছে যাবলৈ মন৷ আকৌ কেতিয়াবা আমেৰিকাৰ দেৱালী চাবলৈ সুযোগ পাম জানো?

হুছেইন দাই উত্সাহ দিলে৷ “ব’লা, আমি দুজনেই যাওঁ৷ অন্তত: আমেৰিকাত দেৱালী কৰিলোঁ বুলি লোকক ক’বগৈ পাৰিম”৷

“ব’লক হুছেইন দা৷ মই ভৰি ডাঙিয়েই আছোঁ”৷

সন্ধিয়া হোটেলৰ পৰা ফোন কৰি টেক্সী মাতিলোঁ৷ টেক্সী ড্ৰাইভাৰক ক’লোঁ, ফায়াৰ শ্বো চাবলৈ যাম৷ কথাচহকী ড্ৰাইভাৰ জনে বাটে বাটে কৈ গ’ল তেওঁলোকৰ এই আতচবাজী প্ৰদৰ্শনৰ বিষয়ে৷ আমেৰিকাত প্ৰদূষণৰ প্ৰতি মানুহ বৰ সজাগ, সেয়েহে চহৰৰ পাৰ্শ্বৱৰ্তী, জনবসতি সেৰেঙা অঞ্চল এটা বাচি লোৱা হয় আতচবাজীৰ বাবে৷ আমেৰিকাত শব্দ কৰা ফটকা ফুটোৱাটো নিষেধ কাৰণ সেইবোৰে শব্দ প্ৰদূষনৰ সৃষ্টি কৰে৷ আতচবাজী মানুহে নিজে ব্যৱহাৰ নকৰে৷ একোটা পেচাদাৰী গোষ্ঠীয়ে মানুহৰ মনোৰঞ্জনৰ বাবে আতচবাজী জ্বলাই দেখুৱায়৷

নিৰ্দিষ্ট অঞ্চলটো পাবলৈ কিছু সময় লাগিল৷ এঠাইৰ পৰা দেখিলোঁ গাড়ীৰ দীঘলীয়া শাৰী আৰু ট্ৰেফিক জাম৷ ড্ৰাইভাৰে আমাক ক’লে, “আতচবাজী চাবলৈ বহুত মানুহ আহিছে বাবে আগত বহুত জাম আছে৷ গাড়ীত বহি গৈ থাকিলে বহুত সময় লাগিব আৰু খৰচো বেছি হ’ব৷ আৰু এমাইলমান বাট আছে৷ আপোনালোকে পোনে পোনে খোজকাঢ়ি গৈ থাকিলে আতচবাজী প্ৰদৰ্শনৰ ঠাইখিনি পাই যাব”৷

টেক্সী ড্ৰাইভাৰক পইচা দি বিদায় দিয়াৰ সময়ত উভতি যাবলৈ কি কৰিব লাগিব সুধিলোঁ৷ তেওঁ এটা ফোন নম্বৰ দিলে আৰু সেই ফোন নম্বৰত ফোন কৰিলে টেক্সী পাই যাম বুলি আশ্বাস দিলে৷ আধা ঘণ্টা মান ভিৰৰ মাজত খোজ কঢ়াৰ পিছত গন্তব্যস্থল পালোঁগৈ৷

ঠাইডোখৰ লোকে লোকাৰণ্য হৈ আছিল৷ দেখিলোঁ এটা হ্ৰদৰ চাৰিওপিনে মানুহ ভৰি পৰিছে৷ হ্ৰদৰ মাজত এখন নাও৷ অলপ সময় ৰোৱাৰ পিছত সেই নাওখনৰ পৰা আৰম্ভ হ’ল আতচবাজীৰ খেল৷ আতজবাজীৰ ফিৰিঙতি যাতে দৰ্শকৰ গাত নপৰে তাৰ বাবে পানীৰ মাজৰ পৰা আতচবাজী ব্যৱহাৰ কৰা হয়৷ ঘনে ঘনে বিভিন্ন প্ৰকাৰৰ ৰকেট আকশলৈ নিক্ষেপ কৰা হ’ল৷ মুহূৰ্তৰ ভিতৰতে নিশাৰ আকাশখন নানা বৰণৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিল৷ মুঠি মুঠি ৰং বিৰঙৰ তৰাৰে আকাশত মায়াজাল ৰচিত হ’ল৷ আকাশ উজ্বলাই তোলা শব্দহীন পোহৰৰ খেল৷ মানুহে কেমেৰাৰে সেই দৃশ্য বন্দী কৰিলে৷ আমাৰ হাতত ভাল কেমেৰা নোহোৱা বাবে চকুৰেই সেই নান্দনিক দৃশ্য উপভোগ কৰি থাকিলোঁ৷

এঘণ্টামান পিছত আতচবাজী শেষ হ’ল৷ মানুহবোৰ ঘৰাঘৰি যাবলৈ ধৰিলে৷ আকৌ গাড়ীৰ জাম৷ আমি খোজকাঢ়ি কিছুদুৰ আহি তিনি আলি এটাত ৰৈ দিলোঁ৷ আমাৰ হাতত মোবাইল ফোন নাই বাবে তিনি আলিটোৰ মাজৰ ঘাঁহনি ডোখৰত থকা এটা পে’ ফোনৰ বুথৰ পৰা টেক্সী মাতিবলৈ ড্ৰাইভাৰে দিয়া ফোন নম্বৰ ডায়েল কৰিলোঁ৷ টেক্সী বিচৰাত আমি ক’ত আছোঁ, কোনখিনি ঠাইত ৰৈ আছোঁ তাৰ সঠিক তথ্য বিচাৰিলে৷ পিছে সেই কথা আমি ভালদৰে বুজাই দিব নোৱাৰিলোঁ৷ “অলপ আঁতৰত এটা কমিউনিটি চেণ্টাৰ আছে, তাৰ সোঁফালে অলপ দূৰলৈ শ্বপিং মল এখন আছে”, এনে ধৰণৰ বৰ্ণনা দিলে তেওঁলোকে টেক্সী নপঠিয়ায় বুলি ষ্পষ্টকৈ জনাই দিলে৷

আমাৰ পানীত হাঁহ নচৰা অৱস্থা হ’ল৷ ইপিনে পেটে কলমলাইছে৷ সন্ধিয়াৰ পৰা একো এটা পেটত পৰা নাই৷ অলপ আঁতৰত মানুহ এজনে হট ডগ বেচি থকা দেখি আগুৱাই গৈ দুজনে দুটা হট ডগ কিনি খালোঁ৷

দুটামান কামোৰ মৰাৰ পিছতে হুছেইন দাই ক’লে, “হেৰা তুমি এইবিধ নাখাবা নেকি? মাংসটোৰ ওপৰত মোৰ সন্দেহ হৈছে”৷

মই ইতিমধ্যে আধা আধি খালোঁৱেই৷ হুছেইন দাৰ ইংগিত বুজিলোঁ৷ “বাদ দিয়ক হে হুছেইন দা৷ ভোকত সকলো ভগবানৰ প্ৰসাদ বুলিয়েই গ্ৰহণ কৰিব লাগে”৷ এই বুলি হট ডগটো গোগ্ৰাসে খাই শেষ কৰিলোঁ৷ হুছেইন দাই জোকালে, “তোমাৰ আজি ধৰ্ম গ’ল দেই”৷

ৰাতি হৈ আহিছিল৷ বাটত গাড়ী সেৰেঙা হ’ল৷ লাহে লাহে ভয় লাগিবলৈ ধৰিলে৷ এনেতে এখন পুলিচৰ গাড়ী আহি আমাৰ ওচৰত ৰ’ল৷ খোজকাঢ়ি ঘূৰি ফুৰা দেখি এজন পুলিছ বিষয়াই আহি আমাৰ ওচৰ পালে৷ আমেৰিকাত পুলিছ বুলিলেই ভয় কৰিবলগীয়া কথা৷

মৰসাহ কৰি তেওঁক আমাৰ সমস্যাৰ কথা কলোঁ৷ তেওঁ আমাৰ পৰিচয় পত্ৰ, পছপোৰ্ট আদি পৰীক্ষা কৰিলে৷ কথাটো গমি চাই তেওঁ আমাৰ হোটেলৰ ঠিকনা বিচাৰিলে৷ ঠিকনাটো দিয়াত তেওঁ মোবাইলৰ পৰা ফোন কৰিলে৷ আমাক সেই ঠাইতে থিয় হৈ থাকিবলৈ কৈ তেওঁলোক গ’লগৈ৷ পুলিছ বিষয়া জনক দেৱদূত যেনেই লাগিল৷

পোন্ধৰ মিনিটমান একে ঠাইতে শিলামুৰ্তিৰ দৰে ৰৈ থাকিলোঁ৷ দূৰত গাড়ী দেখিলে ডিঙি মেলি চাওঁ৷ এনেতে একন টেক্সী আহি অলপ দূৰত ৰ’ল৷ আমি দৌৰি যোৱাৰ দৰে টেক্সীখনৰ ওচৰ পালোঁগৈ৷

ড্ৰাইভাৰ জনে হোটেলৰ ঠিকনা লিখা থকা কাৰ্ডখন চাই আমাক বহিবলৈ ইংগিত কৰিলে৷ আমি যেন সৰগ ঢুকি পালোঁ৷ মনে মনে পুলিছ বিষয়াজনক ধন্যবাদ জনালোঁ৷

আহি থাকোঁতে হুছেইন দাক ক’লোঁ, “খাদ্যৰ কাৰণে ধৰ্ম নাযায় হুছেইন দা৷ নহ’লে ভগবানে আজি পুলিছ বিষয়াৰ ৰূপত আহি আমাক সহায় নকৰিলেহেতেন”৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments