বৰগীত আৰু উত্তৰ-ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ এটি তুলনামূলক অধ্যয়ন-(হিৰণ্ময়ী দাস গগৈ)

বৰগীত আৰু উত্তৰ-ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ এটি তুলনামূলক অধ্যয়ন
-হিৰণ্ময়ী দাস গগৈ
মহান সঙ্গীতজ্ঞ শাৰংগদেৱে তেখেতৰ “সঙ্গীত ৰত্নাকৰ” গ্ৰন্থত কৈছে ,”গীতং, বাদ্যং তথা নৃত্যং ত্ৰয়ং সঙ্গীতমুচ্যতে।” অৰ্থাৎ, গীত-বাদ্য আৰু নৃত্য —এই তিনিও কলাক একেলগে সঙ্গীত বোলে। এই সঙ্গীত মূলতঃ দুই প্ৰকাৰৰ; লোক-সঙ্গীত আৰু শাস্ত্ৰীয় সঙ্গীত। যিহেতু এই অধ্যয়ন শাস্ত্ৰীয় সঙ্গীতক লৈ সেই বাবে প্ৰথমে শাস্ত্ৰীয় সঙ্গীতৰ সূত্ৰ বিচাৰ কৰা হওঁক। শাস্ত্ৰীয় সঙ্গীতক সূত্ৰত বান্ধিবলৈ হ’লে আমি দেখা পাওঁ যে, “যি সঙ্গীত পদ্ধতিয়ে শ-শ বছৰৰ পৰিক্ৰমা অতিক্ৰম কৰি  নিৰ্দিষ্ট শাস্ত্ৰীয় ব্যাকৰণ আৰু বিশেষ নিয়ম পালন কৰি জনমানসত প্ৰচলিত হৈ আহিছে তাকেই শাস্ত্ৰীয় সঙ্গীত বোলা হয়।” শাস্ত্ৰীয় সঙ্গীতৰ ৰীতিৰ মূল উপকৰণ সমূহ হৈছে ; পদ, ৰাগ, গ্ৰাম বা সপ্তক, তাল আৰু লয় আৰু ভাব তথা ৰস। পদ:- পদ হ’ল কবিতাৰ আকাৰত লিখা কথাংশ, যাক আমি “গীতি-সহিত্য” বোলো নাইবা যাক ইংৰাজীত আমি lyrics বুলি কওঁ। সঙ্গীতত তাক স্থায়ী, অন্তৰা, সঞ্চাৰী আদি ভাগত বিভক্ত কৰা হৈছে। ৰাগ:- নাদ বা ধ্বনিৰ বিশিষ্ট ৰচনাই য’ত পদ আৰু স্বৰসমূহ মিলাই শ্ৰোতাৰ চিত্ত প্ৰসন্ন কৰে তাকে ৰাগ বোলে। প্ৰতিটো ৰাগেই এটি সুন্দৰ পৰিবেশৰ সৃষ্টি কৰে। ৰাগ সৃষ্টিৰ বাবে স্বৰসমূহ সু-সংগবদ্ধ হোৱাটো অতি প্ৰয়োজনীয়। গ্ৰাম বা সপ্তক:- সঙ্গীতত ব্যৱহৃত সাতটা শুদ্ধ স্বৰৰ (সা, ৰে, গা, মা, পা, ধা আৰু নি ) ক্ৰমানুসাৰ প্ৰণালীবদ্ধ সমষ্টিক সপ্তক বোলে। ইংৰাজীত স্বৰক “Note”আৰু সপ্তকক “Octave” বোলে। প্ৰাচীন কালত ইয়াক গ্ৰাম বোলা হৈছিল। এইসপ্তক তিনি প্ৰকাৰৰ; মন্দ্ৰ সপ্তক, মধ্য আৰু তাৰ সপ্তক । তাল আৰু লয়:- সঙ্গীতৰ কাল জোখা ব্যৱস্থাক তাল বোলে। তাল হৈছে সঙ্গীতৰ হৃদপিণ্ড। তালৰ অবিৰাম গতিক সমান সমান জোখত মাত্ৰা হিচাবে ভাগ কৰা হৈছে। এটা মাত্ৰাৰ পৰা আন এটা মাত্ৰালৈ যোৱা সময়ক লয় বোলে। সঙ্গীতত তিনি প্ৰকাৰৰ লয় ব্যৱহাৰ হয়, সেইসমূহ হ’ল; বিলম্বিত, মধ্য আৰু দ্ৰুত। ভাব তথা ৰস:- শাস্ত্ৰীয় সঙ্গীতৰ আন এটি বৈশিষ্ট্য হ’ল গায়ক আৰু শ্ৰোতাৰ মনত ভাব আৰু ৰস সঞ্চাৰ হোৱা। পদ অংশ যি উদ্দেশ্য লৈ ৰচনা কৰা হৈছে, তাক গায়কে কণ্ঠত ফুটাই তুলি শ্ৰোতাৰ মনত সেই ভাব আৰু ৰস সঞ্চাৰ কৰে। ভৰতৰ নাট্যশাস্ত্ৰৰ নৱ ৰস হ’ল; শৃংগাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক, বিভৎস, বিস্ময়, আৰু শান্ত ।

 
বৰগীত আৰু হিন্দুস্তানী সঙ্গীত ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ দুটি ধাৰা। ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ ক্ষেত্ৰখন অতি বিস্তৃত। সেয়েহে অতি চমুকৈ এই পাঁচটি মূল উপকৰণকলৈ বৰগীত আৰু হিন্দুস্তানী সঙ্গীতৰ এটি তুলনামূলক অধ্যয়ন তলত দাঙিধৰা হ’ল। প্ৰথমে এই পাঁচটি বৈশিষ্ট্য কিমান পৰিমাণে হিন্দুস্তানী আৰু বৰগীতত উপস্থিত তাক পৰ্য্যালোচনা কৰাটো অতি প্ৰয়োজনীয়। হিন্দুস্তানী সঙ্গীতত এই উপকৰণসমূহ নিশ্চয় আছে কাৰণ এই সঙ্গীত পদ্ধতিক ইতিমধ্যে শাস্ত্ৰীয় সঙ্গীতৰ মৰ্য্যাদা দিয়া হৈছে। পৰীক্ষা কৰি চাবলগীয়া কথা হ’ল এই উপকৰণসমূহ বৰগীতত উপলব্ধনে? পদ:- হিন্দুস্তানী সঙ্গীতৰ পদ বা lyrics অতি উচ্চ পৰ্য্যায়ৰ সাহিত্য। ভৰতৰ নাট্যশাস্ত্ৰৰ নৱৰস ইয়াত বিদ্যমান। ঠিক তেনেদৰে বৰগীততো পদ ৰচনা অতি উচ্চ পৰ্য্যায়ৰ সাহিত্যৰ লেখত পৰে। নৱৰসৰ লগতে আৰু এটি ৰস যোগ হৈছে, সি হ’ল ভক্তি ৰস। ইয়াক সৰ্বভাৰতীয় পৰ্য্যায়ত মান্যতা প্ৰদান কৰা হৈছে। হিন্দুস্তানী সঙ্গীতৰ পদ বা lyrics ৰচনাত কোনো নিৰ্দ্দিষ্ট লেখক নাই, ই সকলোৰে ববে মুক্ত। সংগীতজ্ঞসকলে ভাৰতীয় যিকোনো ভাষাৰে পদ-ৰাগ ৰচনাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিন্তু বৰগীতৰ ৰচক কেৱল আমাৰ গুৰুদুজনা, শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱ দেৱ। তেৰাসকলে ৰচনা কৰা অঙ্কীয়া নাটসমূহৰ কিছু গীতকো বৰ্তমান বৰগীতৰ মৰ্য্যদা দিয়া হৈছে। ৰাগ:- হিন্দুস্তানী সঙ্গীত পদ্ধতি ৰাগৰ ওপৰত প্ৰতিস্থিত আৰু সময়ৰ গতিত তাত নৱ-নৱ ৰাগৰ সংযোজন ঘটি থাকে। সংগীতজ্ঞসকলে নৱ-নৱ সংৰচনাৰে মিশ্ৰৰাগৰ সৃষ্টি কৰে নাইবা লোকগীতসমূহক শাস্ত্ৰীয় পৰ্য্যায়লৈ উন্নীত কৰে। ৰাগৰ জনক হ’ল ঠাট, হিন্দুস্তানী সঙ্গীতত দহটা ঠাট ৰাগসমূহৰ জনক হিচাবে পোৱা যায়। ইয়াত ব্যৱহৃত ৰাগৰ সংখ্যা মাত্ৰাধিক হোৱাৰ বাবে সকলো ৰাগৰ নাম ইয়াত সন্নিবিষ্ট কৰা সম্ভৱ নহয়। তথপিও ৰাগৰ জনক “দহ ঠাট” আৰু তাৰ মূল ঠাটবাচক ৰাগৰ নাম ইয়াত উল্লেখ কৰা হ’ল।১/ ঠাট- বিলাৱল: ৰাগ-বিলাৱল, শঙ্কৰা২/ ঠাট-কল্যাণ: ৰাগ-ইমন, হামীৰ৩/ ঠাট-খাম্বাজ: ৰাগ-খাম্বাজ, দেশ৪/ ঠাট-কাফী: ৰাগ-কাফী, ধনশ্ৰী৫/ ঠাট-আসাৱৰী: ৰাগ-আসাৱৰী, আড়ানা৬/ ঠাট-ভৈৰৱ: ৰাগ-ভৈৰৱ, বিভাস৭/ ঠাট-ভৈৰৱী: ৰাগ-ভৈৰৱী, ভূপালতোড়ী৮/ ঠাট-মাৰৱা: ৰাগ-মাৰৱা, পুৰিয়া৯/ ঠাট-তোড়ী: ৰাগ-তোড়ী, গুৰ্জৰীতোড়ী১০/ ঠাট-পূৰ্বী: ৰাগ-পূৰ্বী, বসন্ত ঠিক তেনেদৰে বৰগীতো ৰাগৰ ওপৰত প্ৰতিস্থিত। নৱ-নৱ ৰাগৰ সংযোজন পথ ইয়াত তেনেই নগণ্য। বৰ্তমান যিদৰে অঙ্কীয়া নাটসমূহৰ কিছু গীতকো বৰগীতৰ মৰ্য্যদা দিয়া হৈছে আৰু তাৰেই সৰল ৰেখাৰে গতি কৰা, গুৰুদুজনাৰ শিষ্যসকলে ৰচনা কৰা ভক্তিগীতসমূহো বৰগীতৰ ৰাগসমূহৰ ওপৰত প্ৰতিস্থিত। বৰগীতত ৰাগৰ জনকক মেল বোলা হয়। ইয়াত আমি সচৰাচৰ ছয় মেলৰ নাম জনক হিচাবে পাওঁ। তলত মেল আৰু তাৰপৰা জন্মা কিছু ৰাগৰ নাম দিয়া হ’ল;১/ মেল-অহিৰ: ৰাগ-অহিৰ, শ্যাম২/ মেল-বসন্ত: ৰাগ-বসন্ত৩/ মেল-তুৰ: ৰাগ-তুৰ, ভাটিয়ালী৪/ মেল-শ্ৰী: ৰাগ-শ্ৰী, কেদাৰ, ধনশ্ৰী৫/ মেল-আসোৱাৰী: ৰাগ-আসোৱাৰী, সাৰেং৬/ মেল-সিন্ধুৰা: ৰাগ-সিন্ধুৰা, কানাড়া ৰাগৰ নাম আৰু তাত ব্যৱহৃত স্বৰসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে বৰগীত আৰু হিন্দুস্তানী ৰাগৰ মিল যথেষ্ট কম, কেৱল “ধনশ্ৰী” ৰাগত ব্যৱহৃত স্বৰৰহে মিল দেখা যায়। গ্ৰাম বা সপ্তক: গ্ৰাম বা সপ্তকৰ বিষয়ে ওপৰত আলোচনা কৰা হৈছে। হিন্দুস্তানী সঙ্গীত বা বৰগীত, সপ্তকৰ অবিহনে পৰিবেশিত নহয়। দুয়োবিধ সঙ্গীত সপ্তকৰ তিনিওটা ভাগত; মন্দ্ৰ, মধ্য আৰু তাৰত বিচৰণ কৰে। দুয়োবিধ সঙ্গীতত সপ্তকৰ ব্যৱহাৰৰ এটাই পাৰ্থক্য আছে যে, হিন্দুস্তানী সঙ্গীতত সপ্তকৰ স্বৰসমূহ তান হিচাবে খোলাকৈ যেনে ,সাৰেগা,ৰেগামা, গামাপা — আদি ৰূপত ব্যৱহাৰ হয়। কিন্তু বৰগীতত খোলাকৈ ব্যৱহাৰ নহয়। তাল আৰু লয়: তাল সকলো ধৰণৰ সঙ্গীতৰ হৃদপিণ্ড স্বৰূপ। গীত, বাদ্য, নৃত্য আদিক নিৰ্দিষ্ট ছন্দত বান্ধি সঙ্গীতৰ
স্বৰ, শব্দ, ভংগীমা আদিক সুনিয়ন্ত্ৰিত কৰি ভিন-ভিন সময়ৰ পৰিমাণ ক্ৰমে খাপ খুৱাই লয় আৰু যি দশ প্ৰাণযুক্ত কলা, তাকে তাল বোলে। তবলা, মৃদংগ, খোল আদি হৈছে তালৰ বাবে ব্যৱহৃত বিভিন্ন বাদ্য। তালৰ চাৰিত্ৰিক বৈশিষ্ট্য হিন্দুস্তানী আৰু বৰগীতত ভিন্ন যদিও ব্যৱহাৰিক উদ্দেশ্য একেই। তালৰ ব্যৱহাৰিক প্রক্রিয়া সম্পূৰ্ণ গাণিতিক(mathematical)। তালৰ ব্যৱহাৰ অনুসৰি ইয়াত গায়ন পদ্ধতিক দুটা ভাগত ভাগ কৰা হৈছে ; “অনিবদ্ধ আৰু নিবদ্ধ”। অনিবদ্ধ অংশ তালবিহীন আৰু নিবদ্ধ অংশ তালযুক্ত। হিন্দুস্তানী সঙ্গীত পদ্ধতিৰ আলাপ অংশ সাধাৰণতে অনিবদ্ধভাৱে পৰিবেশন কৰা হয়। ইয়াৰ খয়ালত; একতাল, ত্ৰিতাল, ৰূপক, ঝাপতাল, তিলুৱাড়া আদি ব্যৱহাৰ হয়। ধ্ৰুপদ সাধাৰণতে চৌতাল আৰু সূলতালত পৰিবেশন কৰা হয়। ধামাৰ তালত গোৱা গীতক ধামাৰ বোলে। হ’লিৰ গীতবোৰ সাধাৰণতে ধামাৰ তালত গোৱা হয়। তবলা বাদকসকলে লয়কাৰীত বিভিন্নধৰণৰ খেলা কৰি এবিধ তালত অনেক তালৰ আবিৰ্ভাৱ-তিৰোভাৱ ঘটাই নিজৰ কৌশলতা প্ৰকাশ কৰে। খয়ালেই হওক বা ধ্ৰুপদ-ধামাৰেই হওক, তিনিওবিধ গায়কীত লয়কাৰী অতি কৌশলগতভাৱে পৰিবেশন কৰা হয়। ধ্ৰুপদ-ধামাৰৰ লয়কাৰী পূৰণ নেওঁতাৰ দৰে যেনে; একগুণ, দুইগুণ, তিনিগুণ, চাৰিগুণ, ছয়গুণ ইত্যাদি। কিন্তু খয়ালৰ লয়কাৰী গুণ হিচাপে নচলে। ইয়াত তাল ক্ৰমে বিলম্বিত লয়ৰ পৰা মধ্য অৰু মধ্যৰ পৰা দ্ৰুতলৈ গতি কৰে। বৰগীততো অনিবদ্ধ আৰু নিবদ্ধৰ নিয়ম আছে। কিন্তু ইয়াত ব্যৱহাৰ হোৱা পৰিভাষা হৈছে বন্ধাৰাগ আৰু মেলা ৰাগ। এটি বৰগীত সম্পূৰ্ণ অনিবদ্ধ ৰূপত অৰ্থাৎ তাল বিহীন ভাৱে পৰিবেশন কৰিব পাৰি। বন্ধাৰাগ সমূহ হৈছে নিৰ্দ্দিষ্ট এক তালত বন্ধা বৰগীত। যেনে; ৰাগ-কল্যাণ: তাল-খৰমান; ৰাগ-আশোৱাৰী: তাল-ৰচক ইত্যাদি। মেলা ৰাগসমূহত কি তাল প্ৰয়োগ হ’ব তাৰ কোনো ধৰা বন্ধা নিয়ম নাই। কোনো-কোনো বৰগীতত দহ-বাৰখন পৰ্য্যন্ত তাল প্ৰয়োগ হয়। পৰিতাল হৈছে সকলোতকৈ বেছি ব্যৱহৃত তাল। লয়কাৰী শঙ্কৰী সংগীতৰ বৈশিষ্ট্য যদিও বৰগীতত ব্যৱহৃত লয়কাৰী অপ্ৰসিদ্ধ। কেৱল খোল-প্ৰসংগত গোৱা বৰগীতত ধ্ৰুপদৰ দৰে লয়কাৰী ব্যৱহাৰ হয় । ভাৱ বা ৰস: সঙ্গীতৰ আন এটি বৈশিষ্ট্য হ’ল গায়ক আৰু শ্ৰোতাৰ মনত ভাব আৰু ৰস সঞ্চাৰ কৰা। পদ অংশ যি উদ্দেশ্য লৈ ৰচনা কৰা হৈছে, তাক গায়কে কণ্ঠত ফুটাই তুলি শ্ৰোতাৰ মনত সেই ভাব আৰু ৰসৰ সঞ্চাৰ কৰে। ভৰতৰ নাট্যশাস্ত্ৰৰ নৱ ৰস হ’ল; শৃংগাৰ, হাস্য, কৰুণ, ৰৌদ্ৰ, বীৰ, ভয়ানক, বিভৎস, বিস্ময়, আৰু শান্ত। বৰগীত আৰু হিন্দুস্তানী দুয়োবিধতে এই ৰসসমূহ দেখা পোৱা যায়। দুয়োবিধ সঙ্গীতৰ আন এটি বৈশিষ্ট্য হ’ল ভক্তি ৰস। বৰগীতসমূহ সাধাৰণতে ভক্তি ৰস প্ৰধান। ইয়াৰ পদ অংশৰ  উদ্দেশ্য হৈছে কৃষ্ণ ভক্তি। হিন্দুস্তানীত প্ৰকৃতিৰ লগত ৰজিতা খোৱা বিভিন্ন ঋতুসমূহৰ ৰসেৰেও গীতসমূহ ভৰপূৰ। সামৰণি : হিন্দুস্তানী সঙ্গীততকৈ বৰগীত ৪০০ বছৰ পুৰণি। কিন্তু বৰগীত আৰু হিন্দুস্তানী সঙ্গীতক তুলনা কৰিলে সকলোতকৈ স্পষ্ট হৈ পৰা কথাটো হ’ল, বৰগীতৰ চৰ্চা অতি সীমিত আৰু হিন্দুস্তানী সঙ্গীতৰ চৰ্চাৰ পৰিসৰ অতি বহল। হিন্দুস্তানী সঙ্গীতৰ লগত ফেৰ মাৰিবলৈ বৰগীতৰ চৰ্চা আৰু প্ৰচাৰ বাস্তৱমুখী হোৱাৰ প্ৰয়োজন আছে। সঙ্গীত ধাৰাটিৰ সাঙ্গীতিক তত্বতকৈ উপাসনা তত্বক অধিক গুৰুত্ব আৰোপিত হোৱাৰ বাবে চৰ্চা সীমিত হৈ আছে। সত্ৰসমূহত স্বৰাশ্ৰয়ী যন্ত্ৰৰ ব্যৱহাৰ নোহোৱাৰ বাবেও ইয়াৰ প্ৰগতিত বাধা আহি পৰিছে। এই ক্ষেত্ৰত বৰগীতৰ গৱেষক সমিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ  প্ৰয়োজন। বৰ্তমান ইয়াৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া সন্তোষজনক নহয় কাৰণ, কিছু প্ৰশিক্ষকৰ স্বৰজ্ঞান অতি নিম্নখাপৰ। কঠোৰ অনুশীলন আৰু বিজ্ঞানসন্মত ব্যাকৰণ ব্যৱহাৰৰ দ্বাৰাহে ইয়াৰ উত্তৰণ ঘটোৱা সম্ভবপৰ হ’ব।সহায়ক গ্ৰন্থ-পঞ্জী১) শঙ্কৰী সঙ্গীতৰ আধাৰ গ্ৰন্থ—গোলাপ মহন্ত২) ৰাগ তত্ব—ৰূপাঞ্জলী শ
ৰ্মা বৰদলৈ৩) অসমীয়া সঙ্গীতৰ ঐতিহ্য—ড° বীৰেন্দ্ৰনাথ দত্ত
 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ড. মনিকা শইকীয়া
2 years ago

অতি উন্নত মানৰ | তথ্য সমৃদ্ধ | কোনটো ৰাগ কোন সময়ত গাব লাগে তাৰো উল্লেখ থাকিলে ভাল হয় |