বৰষুণত জেলিৰ টোপাল  – অংশুমান হাজৰিকা

১৯৯৪ চনৰ ৭ আগষ্ট, ৱাশ্বিংটনৰ অ’কভিলে চহৰ৷ বাকী দিনৰ দৰেই এক সাধাৰণ দিন হিচাপে আৰম্ভ হৈছিল৷ কিন্তু বাকী দিন বোৰৰ দৰে এই দিনটো অতিবাহিত ন’হল৷ তাৰ সলনি ইতিহাসৰ এক অদ্ভুত দিন হিচাপে হে চিহ্নিত হৈ ৰ’ল! অন্য দইনৰ দৰেই সেইদিনাও তাত বৰষুণ দিবলৈ লৈছিল৷ কিন্তু সেইদিনা পৰা নাছিল কেৱল বৰষুণৰ টোপাল, তাৰ সলনি পৰিছিল জেলিৰ টোপোলা বোৰ৷ হয়, বৰষুণৰ সলনি সেইদিনা জেলিৰ টোপাল হে পৰিছিল৷ আৰু সেইখিনি পৰাৰ পিছতেই সমগ্ৰ চহৰবাসী সন্মুখীন হৈছিল জ্বৰৰ৷ লাহে লাহে গোটেই চহৰবাসীয়ে বিষাক্ত জ্বৰৰ সন্মুখীন হৈছিল৷ এই জ্বৰে প্ৰায় ৭ সপ্তাহৰ পৰা ৩ মাহলৈকে এজন মানুহক আক্ৰান্ত কৰি ৰাখিছিল৷ যেতিয়া সেই জেলিৰ টোপাল বোৰ পৰীক্ষাৰ বাবে নিয়া হৈছিল, তেতিয়া তাত সকলোকে আচৰিত কৰি পোৱা গৈছিল তেজত থকা শ্বেতৰক্ত কণিকা৷ পিছত যেতিয়া ততোধিক পৰীক্ষাৰ বাবে ৱাশ্বিংটনৰ ৰাজ্যিক স্বাস্থ্য বিভাগলৈ যেতিয়া এই টোপাল বোৰ অনা হ’ল, তেতিয়া আৰু আচৰিত কৰি তাত দুই ধৰণৰ বেক্টেৰিয়া পোৱা গ’ল৷ দুইবিধ বেক্টেৰিয়াৰ ভিতৰত এবিধ অচিনাক্ত হৈয়ে ৰ’ল, আৰু আনবিধে ঘটনাটোক আৰু ৰহস্যাকৃত কৰি নিজকে মানুহৰ পাকস্থলীত পোৱা এবিধ বেক্টেৰিয়া বুলি নিজকে চিনাকি দিলে৷ তথাপিও সন্তুষ্টিজনক ফলাফল কোনেও অনুসন্ধান কৰিও দিব নোৱাৰিলে৷ আৰু আজিও এই ঘটনা ৰহস্যাবৃত হৈয়ে থাকিল৷ সেই টোপালবোৰেই হওক বা সেই টোপালবোৰৰ হঠাৎ হোৱা মাৰাত্মক জ্বৰৰ লগত কি সম্পৰ্ক আছিল তাৰ কাৰণো জানিব পৰা নগ’ল৷ বিভাগীয় কৰ্তৃপক্ষইও মৌনতা হে অৱলম্বন কৰিলে৷ জানি বুজিয়ে হওক বা নজনা বাবেই হওক, এই মৌনতাৰ পিছত যে কিবা অতি ডাঙৰ ৰহস্য আছে সেইটো এই অভাজনে সচাঁ বুলি ভাবে৷ হইতো ভৱিষ্যতে কোনোবা এদিন সেই ৰহস্যৰ পৰা পৰ্দা আতৰিব, কিন্তু তেতিয়া লৈকে আমি আন্ধাৰতেই দিন অতিবাহিত কৰিব লাগিব৷

■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!