বৰষুণৰ এটি মিঠা সন্ধিয়া – ৰিমঝিম শৰ্মা

“ধাৰাসাৰে বৰষুণ দিছে, খিৰিকীকাষত থিয় হৈ চোৱা
চোৱাচোন মোলৈ মনত পৰে নেকি?
হাত মেলি দিয়া, হাতৰ তলুৱাত অনুভৱ কৰা
বৰষুণৰ পানী, মন লাগিলে এবাৰ পি চোৱা
চোৱাচোন মোলৈ মনত পৰে নেকি?
এছাৰকণিত উৰি অহা পানীৰ টোপালবোৰ
পৰিবলৈ দিয়া মুখত,
চকু মুদা বিলীন হৈ চোৱা
-বৰষুণৰ কবিতা
(মূল মাৰাঠী: সৌমিত্ৰ, অনুবাদ: ধনজিত কলিতা )

১.পাতনি
চ’তৰ এটি মিঠা আবেলি৷ অলপ আগত বসন্তৰ প্ৰথমজাক বৰষুণে পৃথিৱী ধুৱাই গৈছিল৷ বতাহত ভাঁহি আহিছিল ভিজা মাটিৰ মিঠা সৌৰভ৷ পৃথিৱীখনৰ লগতে বৰষুণজাকে মানুহৰ মনবোৰো সতেজ কৰি তুলিছিল৷ বৰষুণৰ টোপালবোৰ চহৰখনৰ পথৰ দাঁতিৰ বিজুলী বাতিৰ খুটাবোৰত ওলমি ৰৈছিল৷ আনহাতে গাঁৱৰ গছৰ আগত থকা বৰষুণৰ টোপালবোৰ জোনৰ শেঁতা পোহৰত মুকুতাৰ দৰে জিলিকি উঠিছিল৷

২.যৌৱনৰ বৰষুণজাক
“বৰষুণজাক বৰ গভীৰ হৈ গৈছে
ই মোৰ হৃদয়ৰ গভীৰতালৈ তিয়াই পেলাইছে
এতিয়া মোক এই সংগীত শুনিবলৈ দিয়া
যি বৰষুণৰ টোপাল বোৰে সৃষ্টি কৰিছে“

বৰষুণজাকৰ সিক্ততাই সেই আবেলিটো প্ৰেমমুখৰ কৰি তুলিছিল৷ চহৰখনৰ এটি কোণত এখন ফাষ্টফুডৰ দোকানৰ আগত এজাক চঞ্চলা যৌৱনে সিহঁতৰ টিউচন ক্লাছ শেষ কৰি জুম পাতিছিল৷ “আজিৰ বতৰটো তাম্মাম ৰোমাণ্টিক না“; সিহঁতৰ মাজৰ এজনীয়ে চিঞৰিলে৷ ৰাহুল, জুমটোৰ আটাইতকৈ চকুত লগা ল’ৰাজনে কথাষাৰ শুনি তাৰেই সহপাঠী ৰিয়ালৈ চাই পঠিয়াইছিল৷ তাই মিচিকিয়াই হাঁহিছিল আৰু লাজ সনা আবেগৰ ৰঙবোৰে আহি তাইৰ মুখত লুকা-ভাকু খেলিছিল৷ ঠিক তেনেকুৱাতেই ৰাহুলে তাইক সান্ধ্য ভ্ৰমণৰ প্ৰস্তাব দিছিল৷ লগৰবোৰে সিহঁতক জোকাইছিল৷ সিহঁতে হাঁহিছিল আৰু ইজনে সিজনৰ হাতত ধৰি আগুৱাই গৈছিল৷ অলপ দূৰত গৈ দুটি ছাঁৰ পৰা সিহঁত এটি হৈ পৰিছিল৷ বৰষুণজাকৰ দৰেই প্ৰেমো হৃদয়লৈ শিপাইছিল৷

জেউতি, চহৰৰ পৰা শতযোজন আঁতৰৰ এগৰাকী গাভৰু, বজাৰলৈ যোৱা পিতাকৰ অপেক্ষাত পিৰালিতে বহি আছিল৷ চাকিৰ পোহৰত তাইৰ মুখখনি একাদশীৰ জোনৰ দৰে উজ্জ্বলি উঠিছিল৷ বৰষুণজাকৰ পাচত বলা চেঁচা বতাহজাকে তাইৰ দেহ-মনত শিহৰণ তুলিছিল৷ দুষ্ট বতাহজাকে তাইৰ মনলৈকো কঢ়িয়াই আনিছিল প্ৰিয়জনক লগ পোৱাৰ বাসনা৷ তাই জানে ঘৰৰ সংস্কাৰৰ বাবে গাঁৱৰ আনটো মূৰত বাস কৰা তাইৰ মনৰ মানুহজনক ৰাতি লগ পোৱা অসম্ভৱ৷ কিন্তু তাই এইটোও জানে প্ৰেমৰ বৰষুণজাকত তিতিবলৈ সিহঁত শাৰীৰিক ভাবে একেলগে নাথাকিলেও সিহঁতৰ মন দুটা একেলগে আছে৷

৩. বৰষুণৰ বিলাসিতা

চহৰৰ আটাইতকৈ ডাঙৰ বাংলোটোৰ চ’ৰাঘৰ, ঘৰৰ গৰাকী মিষ্টাৰ বৰুৱা ফোনত তেওঁৰ কোনো ক্লায়েণ্টৰ লগত কথা পতাত ব্যস্ত৷ এনেতে এহাতত সুৰাৰ গিলাচ লৈ কোঠাত মিচেছ বৰুৱাৰ পদাৰ্পণ৷ মিষ্টাৰ বৰুৱাই ফোনটো থোৱাৰ পিছতে মিচেছ বৰুৱাই এঢোক সুৰা গলাধঃকৰণ কৰি কৈ উঠিল,
-“ইমান ধুনীয়া বতৰ, ব’লানা আজি বাহিৰত ডিনাৰ কৰোঁ৷”
-“আৰু ৰাহুল? সিতো এতিয়াও আহি পোৱা নাই৷ সি কি ঘৰত অকলে খাব?” – মিষ্টাৰ বৰুৱাই কৈ উঠিল৷

মিচেছ বৰুৱাই মুখ ভেঙুচাই ক’লে “তোমাৰ সুপুত্ৰ লগৰীয়াৰ সৈতে পাৰ্টিত বিজি, আমাৰ লগত ক’ত ডিনাৰ কৰিব৷” -মিষ্টাৰ বৰুৱাই তেতিয়া মিচেছ বৰুৱাক আধা ঘণ্টাৰ ভিতৰত ৰেডী হ’বলৈ কৈ ওলাই গ’ল৷

ৰাতিৰাম হাটলৈ বুলি ওলাই গৈছিল নিজৰ বাৰীৰে শাক-পাচলি বেচি দুপইচা আৰ্জিব বুলি৷ সন্ধিয়াৰ বৰষুণজাকে ৰাতিৰামক গোটেই তিয়াই পেলাইছিল৷ শাক-পাচলি বেচি পোৱা দুশ টকা ধুতিৰ খোচনিত লৈ ঘৰলৈ উভতাৰ পথত ৰাতিৰামৰ চকু এযোৰ নোদোকা পাৰৰ ওপৰত পৰিল আৰু ভাবিলে, “আজি বতৰটো পাৰ মাংসৰ জালুকীয়া জোল খোৱাৰ বাবে ভাল, তাতে ল’ৰা-ছোৱালীহালৰ মুখতো বহু দিন ভাল বস্তু দিয়া নাই৷ যাঃ, যি হয় হ’ব, লৈয়ে যাওঁ পাৰযোৰ৷” ঘৰলৈ আহি জেউতিৰ হাতত পাৰযোৰ দি ৰাতিৰামে কৈ উঠিল, “যা মাৰক ভালকৈ পাৰযোৰ কুটি বাঁচি সোৱাদ লগাকৈ জালুকীয়া জোল এখন ৰান্ধিব দে৷” বহু দিনৰ মুৰত ৰাজকীয় আহাৰৰ আয়োজন দেখি সকলোৰে চকু মুখ উজ্জ্বল হৈ উঠিছিল৷

৪.প্ৰেমৰ সংজ্ঞা
“নিশাবোৰ ভাগি চিগি যায়
দুখ আৰু যন্ত্ৰনাত
মোক সাৱটি ধৰাচোন দুখ
ময়ো নিশা ভাঙি
উলিয়াই আনো সুখৰ বেলি
যাৰ স’তে উমলিম
পুৱা গধূলি….
(উৎস: চাহেবপুৰাৰ বৰষুণ-অনুৰাধা শৰ্মা পূজাৰী)

ডিনাৰৰ পৰা উভতি আহি মিষ্টাৰ আৰু মিচেছ বৰুৱাই আধা মুদ খোৱা চকুৰেই বেডৰুমত সোমাই তেওঁলোকৰ সুকোমল বিছনাত বাগৰিলে যদিও টোপনি নাহিল৷ কিয়নো টোপনিৰ বাবে সুকোমল বিছনাতকৈও শান্তিপূৰ্ণ মনৰ বেছি প্ৰয়োজন যিটো তেওঁলোকৰ নাছিল৷ অলপ সময় নিজৰ ভাৱত বিভোৰ হোৱাৰ পাছত বৰুৱা দম্পতীয়ে ইজনে সিজনক শুভৰাত্ৰি জনাই পিঠিয়া পিঠিকৈ শুই পৰিছিল৷

“মই পাৰ হ’ব নোখোজো
জীৱন নদী,
হওক দুখৰ প্ৰাচীৰে আবৰা
তথাপি তুমি আছা
মোৰ স’তে পাৰ হ’বলে
বিষাদৰ পৰিক্ৰমা৷ “
(অচিন কবি)

ৰাতিৰামে নিশাৰ সাজ খাই শুবলৈ যাওঁতে চাকিৰ পোহৰত খেৰৰ চাল উৰুখি মজিয়াত ডোঙা বান্ধি থকা বৰষুণৰ পানী দেখি চিন্তাত পৰিল৷ বাঁহৰ বিছনাখনত বাগৰ দি ভাবিবলৈ ধৰিলে, “এজাক বৰষুণতেই এই অৱস্থা, গোটেই বাৰিষাতো আছেই আগত; ছে: , হাতত এপইচাও নাই জমা, কি কৰা যায়! ! ! “ এনেকুৱাতে চাকিগছি নুমাই দিয়াত গোটেই ঘৰটো আন্ধাৰত ডুব গ’ল৷ অকন দেৰি পাচত ৰাতিৰামে এক মিঠা সেমেকা গোন্ধ অনুভৱ কৰিলে আৰু গম পালে ঘৈণীয়েক মিনতি আহি কাষত শুইছে৷ হঠাৎ তাৰ মিনতিক সাৱটি ধৰিবৰ মন গ’ল৷ কিন্তু সি ধৰাৰ আগতে ঘৈণীয়েকে তাক সাৱটি পিঠিত হাত ফুৰাই ক’ব ধৰিলে, “মই জানো আপুনি কিয় চিন্তাত আছে, চিন্তা নকৰিব৷ আমি মিলি সকলো ঠিক কৰিম৷ “ ৰাতিৰামৰ ঘৈণীয়েকলৈ বিয়াৰ প্ৰথম নিশাৰ দৰেই মৰম উপচি পৰিল আৰু ঘৈণীয়েকক জোৰকৈ সাৱটি ধৰিলে৷ সিহঁতৰ উশাহবোৰ বতাহত এক হৈ পৰিল৷ ক’ৰবাৰ পৰা ভাঁহি আহিছিল আখৰাৰ ঢোলৰ শব্দ৷ বাহিৰত আকৌ বৰষুণ পৰিছিল৷

৫.ইতি
এইদৰেই বৰষুণজাকে ধনী দুখীয়া নিৰ্বিশেষে সকলোৰে মনবোৰ সতেজ কৰি তুলিছিল৷ আচলতে সেইদিনা বৰষুণ নহয়, আকাশৰ পৰা বৰষুণৰূপী প্ৰেমৰ মুকুতা সৰিছিল৷
■■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!