ব্ৰেণ্ডেড (প্ৰদ্যুত জ্যোতি শইকীয়া)

ককাইদেউয়ে দিনতে দি থৈ যোৱা টকা কেইটা উৰাই ঘুৰাই টাকুৰ ঘুৰাই হিচাপ কৰি আছো৷ তথাপিও “ফাইনেল” অংকটো নিমিলে৷ আকৌ গণিছো৷ আকৌ চিন্তাত ডুবিছো৷ কিজানি হৈয়েই বা? নাই নিমিলে৷ কোনোপধ্যেই “ব্ৰেণ্ডেড” “ৰিব’ক”ৰ’ ‘চেণ্ডেল’যোৰৰ দাম নিমিলে৷ যোৱা সাতমাহৰ পৰা হাত খৰচৰ টকাৰ পৰা বাচি যোৱা টকাকেইটা মিলাইও ৭০ টকামান কম৷ নোৱাৰিম এইবাৰো৷ ভাবিলো, এখন পাঠ্যক্ৰমৰ সহায়কাৰী কিতাপ কিনাই ভাল অনৰ্থক খৰচ কৰাতকৈ৷ যোৱাটো ব’হাগতে ’হোষ্টেল’লৈ অহাৰ আগতে গাঁৱৰ বৰগছজোপাৰ তলত তাইৰ মুৰত ধৰি তিনিবাৰ শ‍ইত শ‍ইত শ‍ইত কৈ লগ কৰিম বুলি “জবান” দি থৈ অহা “মৌ“জনীৰো এইবাৰ আকৌ চকু বিষাব৷ উৱঁলি যোৱা “প্লাষ্টিক”ৰ “চেণ্ডেল” পিন্ধি মৌহঁ‌তৰ ঘৰলৈ যাব নোৱাৰো৷ আচলতে এই হোষ্টেলীয়া জীৱনটোৱেই “ঝেং”৷ তাতে যদি “ৰুমমেট“ ধ্ৰুৱৰ দৰে কোনোবা হয়৷ একেবাৰে “ইলাহী“ কাৰবাৰ৷ সকলো “ব্ৰেণ্ডেড”৷ ধেমাজীৰ সি৷ মুখত “নেভীকাট”, চকুত “ৰে’বেন”৷ আমাৰ কেতিয়াবা বান্দৰ বিঢ়িও “নচিব” নহয়, চাধাৰেই কাম চলাই দিওঁ‌৷ ককাইদেউৰ পাচলি বেপাৰৰ আধাতকৈ বেছি টকা ম‍ইয়েই হজম কৰোঁ৷ ঘৰৰ পৰা ‘হোষ্টেল’লৈ উভতি আহোঁতে ঢ্লপুৱাই খেতিলৈ ঢাপলি মেলিবলগীয়া হোৱা বাবে আইৰ কোটোৰত সোমাই যোৱা চকুহালে বাৰে বাৰে সকীয়াই থাকে “বোপাই, ‘ব্ৰেণ্ডেড’ বস্ত এতিয়াও তোৰ বাবে মৰীচিকা”৷ পিছে উপায় নাই৷ মানুহে মৰীচিকাই খেদি ভাল পায়৷ সেইবাবেই চাগৈ বৰকৈ হেপাঁহ এটা হয়৷ ধ্ৰুৱৰ গা ধোৱা টাৱেলখনো চুই চাওঁ কেতিয়াবা ‘নৰম আৰু কোমল’ ‘টাইপ’ ‘ফিলিংছ’ এটা হয়৷ পিতাইয়ে দি পঠিওৱা খহটা বগীধাৰীখনলৈ চকু পৰিলেই পঁচিশখনমান সোনৰ চামুচ মুখত লৈ “এচ আৰ কে”ৰ পুতেকহৈ জন্ম ল’বলৈ মন যায়৷ সেই ভদ্ৰ আৰু চৌখিন ধ্ৰুৱৰে ‘চেণ্ডেল’যোৰ দেখি নতুন এযোৰ ল’বলৈ হাবিয়াস জাগিছে৷ কেতিয়াবা ধ্ৰুৱৰ নতুন ‘এডিচন’ৰ ‘মোবাইল’টোত সিঁহতৰ ঘৰৰ ‘লেবাৰ্ডৰ’ নে ‘ফেবাৰ্ড’টোৰ ‘ফ’টো’ চাওঁ৷ ঘৰৰ মৰমৰ ভতুৱাটোলৈ মনত পৰে৷ ককাইদেউয়েই অথনিয়েই খবৰ দি থৈ গ’ল তাৰ, “বগাধৰক কামুৰি ঠেৰেঙা কৰিলে জমিদাৰৰ এলচিচিয়ানটোৱে৷ পিতাইয়ে ওলোটাই এলচিচিয়ানটোৰ ধূলি মাকতি এৰুৱাই দি আহিলগৈ”৷ গম পাওঁ‌, উভতি ধৰিব নোৱাৰে পিতাইয়ে৷ ধৰিলে গধূলিৰ সাঁজ লঘোনতে যাব পাৰে৷ বুজি পাইছিলো, পাওঁ আৰু পাই থাকিম৷ পিছে মনটো মনেই ন’৷ ধ্ৰুৱহঁতৰ ঘৰলৈ যাওঁতেও এবাৰ কোলাত লৈছিলো ‘জকী’ক৷ তাৰ দৰে ‘জকী’ও ভদ্ৰ আৰু চৌখিন৷

হয়, আপোনাসৱে ভবাৰদৰেই মোৰ ৰিবকৰ চেণ্ডেলযোৰ যোগাৰ নহ’লগৈ৷ ধ্ৰুৱৰ বাকী ‘ব্ৰেণ্ড’বোৰৰ কথা নক’লোৱেইবা, ‘লিভাইছ’, ‘পেপে জীনচ’৷ নহ’বয়েইবা কিয়? অভিভাৱক উভয়েই চাকৰিয়াল৷

সময়ে বাগৰ সলালে৷ দিনে মাহ, মাহে বছৰ আৰু বছৰে প্ৰায় দশকৰ ওচৰলৈ৷ হোষ্টেলীয়া জীৱন সামৰাৰ প্ৰায় এক দশকেই হ’ল৷ মোৰ ডাক্তৰী চাকৰিৰ বয়সো প্ৰায় সমানেই৷ মোৰ কোটোৰত সোমোৱা মাৰ চকু বাহিৰলৈ আহি আঁহ পাঁহ মুকলি হ’ল৷ যোগ্যতা থকা সত্বেও নোপোৱাকৈ থকা ককাইটিৰ চৰকাৰী চাকৰিটোও সোনকালেই হ’ল৷ যদিও অলপ বেকাঁকৈ ভাবিবলগীয়া হ’ল৷ জীৱনতো ‘হোষ্টেল’ত ভবাৰ দৰে ‘বেণ্ডেড’ হৈ পৰিল৷ জীৱন সজোৱা প্ৰতিযোগীতাৰ নিগনি দৌৰত লাগি থাকোঁতেই সময় কেতিয়া পাৰ হ’ল ধৰিব‍ই নোৱাৰিলো৷ ধ্ৰুৱও হেৰাইয়েই গৈছিল, কোনো খবৰ নাই৷ তেনেকুৱা এটা দিনতে হঠাত্‍ ‘ব্ৰেণ্ডেড’ মহাৰাজ ধ্ৰুৱৰ নিমন্ত্ৰন পালোঁ৷ ভালেই পালোঁ, এইবাৰহে মোক দেখি ভাল পাব সি৷ ‘লেভেল’ মিলিব৷

বহুদূৰ গাড়ীৰ ‘ষ্টিয়েৰিং’ পকাই উলালোগৈ জনজাতীয় অধ্যুষিত অনুন্নত অঞ্চলটোত৷ কাষত পত্নী৷ গাঁৱৰ একেবাৰে মুৰত সৰু চিকিত্‍সালয়খন৷ জৰাজীৰ্ণ চৰকাৰী আৱাসগৄহটোৰ আগত সৰু নামফলক এখন লগাই থোৱা আছে৷ ধ্ৰুৱৰ সম্পুৰ্ণ নামটো৷ গাড়ী দেখি সিয়েই প্ৰথমে উলাই আহিল৷ সাৱটি ধৰিলে মোক৷ প্ৰথমবাৰ বাবে তাৰ শৰীৰপৰা ‘ৱাইল্ড ষ্টন’ৰ সলনি কিবা বেলেগ গোন্ধ ভাহি আহিল৷ ভিতৰলৈ সোমাই যাওঁতেই দৄষ্টি কাঢ়িলে বাৰাণ্ডাত ওলোমাই থোৱা বগীধাৰীখনে৷ মনত পৰিল মোৰ চহৰৰ নতুন ঘৰটোত থকা ‘মোলায়েম’ টাৱেল কেইখনৰ কথা৷ যাই হওক সোমাই গ’লো৷ একেবাৰে চিনেমাৰ ‘ক্লাইমেক্স’ৰ দৰেই জীৱনৰ পট পৰিবৰ্তন ধ্ৰুৱৰ জীৱনৰ৷ ভতুৱা দুটা ঘৰৰ ভিতৰতে সোমাই আছে৷ ভতুৱা দুটা ভিতৰত দেখি মোৰ আৰু শ্ৰীমতীৰ অৱ্স্থা ধৰিব পাৰি ধ্ৰুৱই ক’লে, “ত‍ই আহিবি বুলিয়েই খেদাই দিয়া নাই, সৰুটো মোৰ কোঁচতেই শুৱে৷ ঐ বগাধৰ আছেনে?”৷ বগাধৰ নামটোকেই পাহৰি পেলাইছিলো৷ নতুনকৈ অনা জাৰ্মান ‘শেফাৰ্ড’টোৰ ভুকভুকনিহে কানত বাজি আছে ভালকৈ৷ এইবাৰ আৰু আচৰিত কৰি চাধা এপালি মাৰি মোলৈ আগবঢ়াই দিলে সি৷ ম‍ই নাকে কানে অলংকৄত হৈ থকা শ্ৰীমতীৰ আগত অস্বস্তিত পৰিলো৷ শ্ৰীমতীৰ শকত আৱত মঙহাল শৰীৰটোৱে ইতিমধ্যেই পৰিবেশটোৰ লগত অসহযোগ আন্দোলন আৰম্ভ কৰিছে বুলি ধৰিব পাৰিছোঁ‌ ম‍ই৷ চাধাৰ কথাটো দেখিয়েই শ্ৰীমতীৰ নগৰীয়া ‘য়াক’ শব্দটো ওলাওঁ ওলাওঁ অৱস্থা৷ মোৰফালে পোন্দোৱাকৈ চাই মনত এই মুহূৰ্তত চিৰন্তনভাৱে থাকিবলগীয়া প্ৰশ্নটো চাগৈ, “তুমিও খাইছিলা আগতে তাৰমানে? বিয়াৰ আগেয়ে কোৱাটো নাছিলা?”৷ চিনাকি পৰ্ব কৰি দিয়াৰ আগতেই অন্য এজন ওলালহি, “ছাৰ, মেলেৰীয়া কেছ এটা আহিছে”৷ ততাতৈয়াকৈ সামান্যতম সৌজন্যতা নেদেখুৱাকৈয়ে ততাতৈয়াকৈয়ে উঠি গ’ল সি৷ সি যোৱাৰ পাছতে আধা মাত ফুটা নুফুটাকৈ আধা জনজাতি আধা অসমীয়াত কিবা কৈ চাহ দি থৈ গ’লহি এগৰাকীয়ে৷ কাম কৰা মানুহ হ’বলা৷ মোৰ উত্‍সুকতা বাঢ়িল ধ্ৰুৱৰ শ্ৰীমতী কেনে হ’ব তাক লৈহে৷ চাৰিওফালে চকু ফুৰালোঁ৷ মোৰ চকুত ‘ফাষ্টট্ৰেক’, গাত ‘ৰিব’ক’, ককাঁলত ‘লিভাইছ’ ওলমি আছে৷ কিন্তু ধ্ৰুৱৰ বগীধাৰী আৰু ফৰ্মেল ৰঙ যোৱা চাৰ্ট-ট্ৰাউজাৰ কেইযোৰক পাছ পেলাব পৰা নাই যেন ভাৱ এটা মনলৈ আহিল৷ কিয়বা তেনেকুৱা লাগিছে ধৰিব নোৱাৰিলো৷ অলপ পাছতে ধ্ৰুৱ সোমালহি৷ নিজেই ক’লে, “বৰ বেয়া অৱস্থা অ’, ‘চেৰিব্ৰেল’ মেলেৰীয়া৷ মানুহবোৰ বৰ দুখীয়া বুজিছ ইয়াৰ৷ কিন্তু অন্তৰখন বৰ ভাল৷ গাড়ী নাই মেডিকেললৈ নিবলে৷ নিজৰ 800 খনকে দি পঠিয়াই দিছোঁ‌, নাবাচিব চাগৈ৷ তথাপিও আৰু”৷ ধ্ৰুৱৰ কাণ্ড দেখি নিজৰ চহৰত থকা ‘ক্লিনিক’খনলৈ মনত পৰিল৷ লগতে ডাঙৰ ডাঙৰ লেবৰটৰীকেইটাৰ লগতহোৱা গোপন চুক্তি কেইখনলৈ৷ বমিৰ ভাৱ এটা ডিঙিলৈকে উজাই অহা যেন লাগিল৷

“ৰহ প্ৰমীলাক চিনাকি কৰাই দিওঁ, অ’ প্ৰমি… প্ৰমি.. আহাঁচোন”

এইবাৰহে মোৰ চকু কপালত উঠিল৷ চাহ দিয়া গৰাকীয়েই৷ মোৰ মুখ দেখিয়েই প্ৰশ্ন বুজি পাই ধ্ৰুৱ‍ই নিজেই উত্তৰ দিলে “মোৰ পত্নী, প্ৰমীলা৷ বাপেক ’লিভাৰ চিৰচিচ’ হৈ ঢুকাল, মাটিবাৰি বানপানীত গ’ল৷ ইফালে এইৰ ’অটিজিম’ আছিল৷ নিজৰ মানুহেই লেই লেই চেই চেই কৰিছিল৷ ম‍ইও অকলে আছিলো৷ নিজৰে কৰি পেলালো একেবাৰে৷ বৰ আঁকৰী অ’ তাই”৷ শ্ৰীমতীয়ে প্ৰতি নমস্কাৰ যে দিলে৷ ৰক্ষা তেও৷ শ্ৰীমতীলৈ চাই ধ্ৰুৱ‍ই সুধিলে “মৌ, এম আই ৰাইট?”

শ্ৰীমতীৰ অসহজ উত্তৰ “ওহোঁ, মেৰী”৷ শ্ৰীমতীয়ে আকৌ পোন্দোৱাকৈ মোলৈ চালে৷ ধ্ৰুৱৰ আচৰিত হোৱা প্ৰশ্নবোধক চাৱনিটোৰ উত্তৰটো ম‍ইও ভালকৈ দিব নোৱাৰিলো৷ প্ৰতিষ্ঠা লাভৰ প্ৰতিযোগীতাত দৌৰি দৌৰি ম‍ই যে মোৰ ভালপোৱা খিনিকো ঘৰ, সমাজ আৰু জমিদাৰ শহুৰৰ তাগিদাত ‘ব্ৰেণ্ডেড’ কৰি পেলালোঁ, নোৱৰোঁ‌ ক’ব তাক৷ আহিব খোজা বমিটো যেনে তেনে ৰখালোঁ৷

হাঁহৰ মাংসৰ আঞ্জাৰে কোনোমতে ভাতকেইটা গিলি পৰিস্থিতিটোৰ পৰা (নে নিজৰ পৰা?) পলায়ন কৰিব খোজোঁতেই ধ্ৰুৱৰ চেণ্ডেলযোৰত চকু পৰিল৷ প্লাষ্টিক ফিতা৷ এশ টকামানৰ ভিতৰতেই হ’ব চাগৈ৷ মোৰ ভৰিত

‘ৰিবক’ৰ শেহতীয়া ‘ডিজাইন’ৰ এযোৰা, কিন্তু ধ্ৰুৱৰ ভৰিত সোমাই থকা প্লাষ্টিকৰ উৱঁলিব ধৰা ‘চেণ্ডেল’যোৰ যেন আজি বেছি জিলিকিছে৷ বমিৰ ভাবটো প্ৰবল হৈ আহিল৷ প্ৰায় দৌৰিয়েই গাড়ীত বহিলো৷ মানৱীয়তা আৰু জীৱনবোধৰ ধ্ৰুৱৰ এই উৰ্ধগামী যাত্ৰাত নিজকে কিবা তুচ্ছ ‘নন বেণ্ডেড’ যেন ভাৱ হ’ল৷ এইবাৰ বমিটো উলাই আহিল, হাজাৰ চেষ্টা কৰিও ৰখাব নোৱাৰিলো৷ গাড়ীৰ ভিতৰতে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!