ব্ৰিটিছৰাজ আৰু বিভাজনসৰ্বস্ব বৰ্তমান (আব্দুছ চাজিদ)

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ ব্যাপক অগ্ৰগতি সত্ত্বেও আমাৰ সমাজৰ পশ্চাদমুখিতাৰ কাৰণ কি? সমাজ-জীৱনক অবিৰতভাৱে উত্তপ্ত কৰি ৰখা বৰ্তমানৰ গুৰি ক’ত? এনেবোৰ প্ৰশ্নৰ সদুত্তৰ বিচাৰোঁতে পশ্চিমীয়া সভ্যতাৰ শ্ৰেষ্ঠত্বত বিশ্বাসীজনেও প্ৰকাশ্যৰূপে নিজৰ তৰ্জনী স্থিৰ কৰিছে ব্ৰিটিছ শাসনৰ সময়ছোৱালৈ। সাম্প্ৰতিক সময়ৰ বহু সমস্যাৰ সূত্ৰপাত ব্ৰিটিছৰাজৰ পৰিণাম বুলি নিৰ্দ্বিধাই মানি লৈছে বৌদ্ধিক অন্বেষণকাৰী মহলেও। ইতিহাস সমৰ্থিত সত্য এয়ে যে ভাৰতৰ সৈতে বাণিজ্যিক সম্বন্ধ গঢ়ি তোলাক মূল লক্ষ্য হিচাপে লৈ কেইজনমান দুঃসাহসিক ইংৰাজ বণিকৰ প্ৰচেষ্টাত ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত ভূমিষ্ঠ হৈছিল বেচৰকাৰী প্ৰতিষ্ঠান ব্ৰিটিছ ইষ্ট ইণ্ডিয়া। সেই বছৰৰে ৩১ ডিচেম্বৰত ৰাণী এলিজাবেথৰ দ্বাৰা অনুমোদিত ৰাজকীয় চনদৰ সুৰুঙাৰে কোম্পানীৰ বেপাৰৰ জাহাজে ভাৰতীয় উপকূলৰ বন্দৰত লংগৰ পেলাইছিল। ১৬১২ খ্ৰীষ্টাব্দত বোম্বে প্ৰেচিডেন্সিৰ চুৰাটত প্ৰথম কুঠি স্থাপন কৰি পিছৰ দিনবোৰত আদেশ-নামাৰ ম্যাদ বৃদ্ধিৰে এই ভূখণ্ডৰ ব্যৱসায়িক, অৰ্থনৈতিক, সামাজিক, সামৰিক, ৰাজনৈতিক মাধ্যমত নিজৰ কূটনৈতিক বিচক্ষণতাৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা সাব্যস্ত কৰাত ষোল্ল অনাই সফলকাম হৈছিলগৈ সদাগৰ বাহিনীটো।
ভাৰতত ব্যৱসায়ৰ একচেটিয়া স্বত্বাধিকাৰী হোৱাক লৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিদ্বন্দ্বী যে ওলোৱা নাছিল তেনে নহয়। ১৬৯৮ খ্ৰীষ্টাব্দত ইংলেণ্ডত প্ৰতিপক্ষ এটাৰ জন্ম হৈছিল। এদশক জুৰি দুই শিবিৰৰ মাজত অৰিয়া-অৰিও চলিছিল। কিন্তু ১৭০৮ খ্ৰীষ্টাব্দত দুয়োটা গোট এক হৈ পৰে। সেই ঐকমত্যই সাম্ৰাজ্য বিস্তাৰৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰাত ইংৰাজ লোকক দুগুণে উৎসাহিত কৰি তোলে।
সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ আধাৰশিলাৰ প্ৰতিষ্ঠাপন ভাৰতত সম্ভৱপৰ কৰি তোলাৰ হোতা আছিল ৰবাৰ্ট ক্লাইব। বংগদেশত ১৭৬৫-১৭৭২ খ্ৰীষ্টাব্দলৈ প্ৰৱৰ্তিত দ্বৈত শাসনৰ দ্বাৰা ক্ষমতা আৰু দায়িত্বক পৃথক পৃথক কৰি কোম্পানীক একছত্ৰী সম্ৰাটৰ আসনত অধিষ্ঠিত কৰোৱাইছিল ক্লাইবেই। নবাব মুৰব্বীৰ নামত আছিল যদিও শাসনযন্ত্ৰৰ হৰ্তা-কৰ্তা-বিধাতা আছিল ব্ৰিটিছ-সিংহ। তেনে এটা সাময়িক ব্যৱস্থাৰেই বিদেশীয়ে এখোজ-দুখোজকৈ এদিন ভাৰতব্যাপী আধিপত্য অৰ্জন কৰিছিলগৈ। গোঁজেই গজালি হোৱা ইংৰাজে অভাৱনীয়ভাৱে শাসনতন্ত্ৰৰ নিয়ামক হৈ আইন-শৃংখলা, ন্যায়-নিষ্ঠা ধূলিসাৎ কৰি যিমান পাৰি সিমান শোষণ-লুণ্ঠন চলাই গৈছিল।
ভাৰতীয় বুৰঞ্জীবিদৰ মূল্যাংকনত স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি চিহ্নিত ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহৰ পৰিণতিত কোম্পানীৰ শাসনৰ অৱসান ঘটে। বিপৰীতে, ইউনাইটেড কিংডমৰ সৈতে উপনিৱেশখনৰ ৰাজনৈতিক সম্পৰ্ক সুদৃঢ় হয়। মহাৰাণী ভিক্টোৰিয়াই ১৮৫৭ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰত ঘোষণা-পত্ৰ জাৰি কৰি ভাৰতৰ শাসনকাৰ্য নিজৰ হাতলৈ নিয়ে। ফলত ব্ৰিটিছ সংসদৰ নীতি-নিৰ্দেশনাই এই সাম্ৰাজ্যতো নিৰ্বিবাদে প্ৰযোজ্য হ’ল। ইয়েই ভাৰতীয় আৰু ইংৰাজৰ মানসিক দূৰত্ব চৰম পৰ্যায় পোৱালেগৈ। উৎকট সাম্ৰাজ্যবাদী উদ্দেশ্যসমূহে প্ৰাধান্য লাভ কৰাত ইংৰাজৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধা ছাৰি ঘৃণাৰ প্ৰকাশ পোনপটীয়া হৈ পৰিল। একমাত্ৰ ইংৰাজেহে দেশ নিয়াৰিকৈ শাসন কৰিব পাৰে এনে ধাৰণা পোষণেৰে শাসনৰ সমূহ কৰ্তৃত্ব স্বজাতীয় বিষয়াৰ হাতত কেন্দ্ৰীভূত কৰাত ফিৰিঙীৰ দখলদাৰী ৰাজনীতি তথা আমোলাতান্ত্ৰিক প্ৰশাসনৰ বহতীয়া হৈ পৰা স্বদেশপ্ৰেমী ভাৰতীয় স্বাভাৱিকতে ক্ষুণ্ণ হ’ল আৰু বিৰুদ্ধাচৰণ কৰিব ধৰিলে। হিংসা বৃদ্ধি হ’ল, বিশ্বাস হ্ৰাস পাই আহিল। চতুৰ ব্ৰিটিছে মানুহৰ মাজত সুপৰিকল্পিতভাৱে সাম্প্ৰদায়িক বিভাজনৰ বৰবিহ ঢালি দিলে। হিন্দু-মুছলমানৰ সহনশীল সামাজিক অৱস্থান আৰু সমিলমিলৰ সম্পৰ্কৰে বৰ্তি থকা প্ৰীতিৰ এনাজৰীডালত কেৰোণ লাগিবলৈ আৰম্ভ কৰিলে।
সুদীৰ্ঘ দুশ বছৰীয়া ৰাজত্ব কালত ভাৰতৰ জাতীয় সংহতি ব্যাহত কৰিবলৈ ব্ৰিটিছে চলোৱা গোপন ষড়যন্ত্ৰৰ অন্য এক তাৎপৰ্যপূৰ্ণ প্ৰতিফলন স্বাধীনতাৰ চৰ্তাৱলী। বিয়াল্লিছৰ গণ-বিপ্লৱ কল্পে দেশজুৰি গঢ়ি উঠা সময়ৰ প্ৰৱল অনুভূতি ছাৰখাৰ কৰি দিবলৈ ইয়েই আছিল মোক্ষম অস্ত্ৰ। স্বাধীনতাৰ আগ মুহূৰ্তত ইতিপূৰ্বে কাৰ্যকৰী হৈ অহা বিভেদমূলক নীতিৰেই পৰাধীন দেশবাসীৰ সন্মুখত স্বৰাজ ঘোষিত হ’ল । সাম্প্ৰদায়িকতাৰ মহা-বিদ্বেষেৰে দ্বিখণ্ডিত কৰি ভাৰতীয় মানসত বিভাজনৰ দীৰ্ঘস্থায়ী বিষবাষ্প সিৰাই-সিৰাই উপচাই দিয়া হ’ল। গণ-আন্দোলনে অনা ঐক্য ভূলুণ্ঠিত হ’ল এনেদৰেই। গান্ধীজীৰ অখণ্ড ভাৰত আঁচনিক পদাঘাত কৰি পূব আৰু পশ্চিম ভাৰতৰ ৰক্তাক্ত পৃথকীকৰণৰ বিনিময়ত স্বাধীনতাক আদৰি ল’বলৈ বাধ্য হ’ল আন্দোলনকাৰীয়ে, প্ৰকৃত জাতীয়তাবাদী লোক য’ত মুঠেই সন্তুষ্ট নাছিল। ভাৰতীয় নাগৰিকে বহুআকাংক্ষিত স্বনিয়ন্ত্ৰণৰ সোৱাদ পালে, ব্ৰিটিছ ঔপনিৱেশিকতাৰ অন্ত পৰিল; কিন্তু অংগচ্ছেদন হ’ল, অনৈক্যই বৰপীৰা পাৰি বহিল।
ডমিনিয়ন ষ্টেটাচ লাভৰ সূত্ৰে ১৯৪৭ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টত দিল্লীৰ লালকিল্লাত ইউনিয়ন জেকৰ পৰিৱৰ্তে ত্ৰিৰংগ জাতীয় পতাকা উত্তোলিত হ’ল যদিও স্বাধীন হোৱাৰ আনন্দই দুখ-দৈন্যৰ বোজাও সমান্তৰালভাৱে কঢ়িয়াব লগা হ’ল। সাম্প্ৰদায়িক ভেদ-বুদ্ধিৰ প্ৰদৰ্শনে স্বৰাজোত্তৰ দিনত এনে ভয়াবহ ৰূপ ধাৰণ কৰিলে যে সত্য আৰু অহিংসাৰ পূজাৰী গান্ধীজীয়ে নিজেই অনশনত বহিব লগা হ’ল। পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতা লভা দেশবাসী ইয়াৰ পিছতো অনেক বিপৰ্যয়ৰ সন্মুখীন হৈ আহিছে। সেই ধাৰাবাহিকতা আজিও আছে। গতিকে স্পষ্ট হয় যে আগেয়ে লক্ষ্য সুস্থিৰ কৰি কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হোৱা বগা-বঙাল ভাৰতলৈ আহিছিল প্ৰাধান্য আৰু প্ৰতিপত্তি সুপ্ৰতিষ্ঠিত কৰিবলৈ, শাসন চলাই শোষণ কৰিবলৈ; ভাৰতৰ বুকুত জাহ যাবলৈ নহয়, ভাৰতক আগুৱাই নিবলৈকো নহয়। ব্ৰিটিছ শক্তিক এই ভূমিৰ সৰ্বময় কৰ্তাৰ ৰূপদানত সংকল্পদৃঢ় ইংৰাজ প্ৰশাসকৰ একপাক্ষিক নীতি নিৰ্ধাৰণ, শাসন-শোষণমূলক কাৰ্যপন্থাত জাতিটো যে হাড়ে-হিমজুৱে সম্প্ৰসাৰণবাদী আৰু বিভাজনপ্ৰয়াসী, সেই চৰিত্ৰ প্ৰকট হৈ পৰে। ছল-বল-কৌশল প্ৰয়োগৰ মাজেদি হোৱা বৃহত্তৰ ব্ৰিটিছ সাম্ৰাজ্যৰ উত্থানে এই কথাৰ গ্ৰহণযোগ্যতাকে সমৰ্থন কৰে।
আনহাতে, ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত ব্ৰহ্মৰজা আৰু ব্ৰিটিছ চৰকাৰৰ মাজত সম্পাদিত ইয়াণ্ডাবু সন্ধিৰ সূত্ৰমতে ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিপত্তি উত্তৰ-পূব দিশে প্ৰসাৰিত হয়। ১৮৩৮ খ্ৰীষ্টাব্দত অসম ব্ৰিটিছ ৰাজশক্তিৰ সম্পূৰ্ণৰূপে অধিকৃত অঞ্চল হৈ পৰিল। দখল নিগাজি কৰাৰ লগতে সাম্ৰাজ্যবাদী মতলব পূৰণৰ অৰ্থে পূৰ্বাপৰ প্ৰচলিত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক গাঁথনি ছিন্ন-ভিন্ন কৰি ব্ৰিটিছ পলিটিকেল এজেণ্টৰ উপদেশ অনুসাৰে উজনি আৰু নামনি বুলি অসমৰ প্ৰশাসনিক বিভাজন হ’ল। সিয়েই এই দুই পৰিসৰত আৱদ্ধ মানুহৰ মনত অদ্যাপি অমিল ভাব সঞ্চাৰ কৰি আহিছে।
অসম আৰু ব্ৰিটিছ-ভাৰতৰ মাজত বাণিজ্য স্থাপনৰ দোহাই দি চলোৱা অভিযানৰ অভিপ্ৰেত অৰ্থ আছিল ব্ৰিটিছ সৈন্যৰ খা-খৰচৰ অৰ্থে আৱশ্যকীয় ধনৰাশি উপাৰ্জন, শত্ৰু দমনৰ নামত কৰ-কাটল সংগ্ৰহ আৰু ভূমি অধিগ্ৰহণ কৰা। মানৰ কবলৰ পৰা অঞ্চলটোক উদ্ধাৰ কৰিবলৈ জনোৱা আৱেদন মঞ্জুৰ কৰি ব্ৰিটিছে পদাৰ্পণ কৰিলেও আহোম ৰজাক ৰাজসিংহাসনত পুনঃপ্ৰতিষ্ঠা কৰাৰ পক্ষপাতী মুঠেই নাছিল। অত্যাচাৰী মানৰ প্ৰতি অন্তৰৰ শংকা বিদূৰ কৰি হোজা অসমীয়াৰ মিতিৰ হৈ পৰিল আৰু মনে সজা কাৰণ উলিয়াই গৃহযুদ্ধৰ সম্ভাৱনা দেখুৱাই প্ৰায় বিনাৰক্তপাতে ৰংপুৰ অধিকাৰ কৰিলে। ৰজা-প্ৰজাৰ মাজত বিভেদৰ ভাব সুমুৱাই দি সবল বিৰোধিতাৰ অভাৱত সহজতেই অসমৰ অধীশ্বৰ হ’ল। এটা পক্ষৰ সহযোগিতা আহৰণ কৰি সিপক্ষৰ সৈতে ইপক্ষৰ বৈষম্য সৃষ্টিৰে অভীষ্ট সিদ্ধি কৰিব ধৰিলে। বিভাজন নীতিৰ প্ৰয়োগেৰে বিৰোধ ভাৱাপন্ন মানুহক ভাগ ভাগ কৰি পেলালে।
মানসেনাৰ দ্বাৰা ধ্বংসকৃত অসমখনৰ ৰক্ষকৰ ৰূপত অহা ব্ৰিটিছ কালক্ৰমে ভক্ষকলৈ ৰূপান্তৰিত হ’ল। পাহাৰ-ভৈয়াম, জনজাতি-অজনজাতি, অসমীয়া-বঙালীৰ ব্যৱধান ব্ৰিটিছৰাজৰে সৃষ্টি যি আজিৰ তাৰিখতো ক্ষয়ংকৰী প্ৰৱণতা হৈ জীয়াই আছে। ইয়েই প্ৰমাণ কৰে যে অসমীয়াৰ বুকুৰ বান্ধৈ হ’বলৈ ইংৰাজ অসমলৈ অহা নাছিল। ভূ-সম্পদ হস্তগত কৰি ইয়াৰ ঐশ্বৰ্য-বিভূতিৰে নিজৰ চ’ৰাঘৰ শুৱনি কৰিবলৈহে আহিছিল, উদাৰ ভাৱত নহয়। সেয়েহে কুৰি শতিকাৰ অগ্ৰণী ৰাজ্য হিচাপে যেনেকৈ গঢ়ি তুলিব লাগিছিল অসমৰ সাৰ্বভৌমত্বৰ গৰাকী হৈও ছকুৰি বছৰতো ইংৰাজে অসমক তেনেকৈ নগঢ়িলে। অন্য কোনোবা শক্তিয়ে কেনেবাকৈ বেহা-বেপাৰৰ একাধিপত্য হাত কৰে বুলিহে সদা-সজাগ হৈ ৰ’ল।
ব্ৰিটিছ বাহাদুৰে এইটো খুব ভালকৈ উপলব্ধি কৰিছিল যে ভাৰত-সংঘত নিৰংকুশ শাসন চলাবলৈ হ’লে ভেদ-নীতিয়ে মোক্ষম পথ। নিজৰ ভেটি নিকপকপীয়া কৰিবলৈকে তেওঁলোকে ভাৰতীয়ৰ মাজত নিয়োগ কৰিছিল বিভাজনৰ জৰিয়তে শাসন Divide and rule policy। সাম্প্ৰদায়িকতা, প্ৰাদেশিকতা, আঞ্চলিকতা, জাতীয়তাৰ সংকীৰ্ণ বীজ ৰোপণ কৰি একতাৰ বান্ধোন তচ্‌নচ্‌ কৰিলে ব্ৰিটিছ শাসকেই। এইবোৰৰে আমদানিকৃত বিচ্ছিন্নতা-বিদ্বেষে স্ফীতকায় ৰূপ লোৱা দেশখনৰ বিভিন্ন প্ৰান্তত আজিও সংহতি-সময়স্থাপক আদৰ্শৰ নিৰন্তৰ ধ্বংসযজ্ঞ চলিবই লাগিছে। বিদীৰ্ণ হৈছে সমাজ জীৱন। বিনষ্ট হৈছে সাতামপুৰুষীয়া ভাতৃত্ববোধ। বাধাগ্ৰস্ত হৈছে সামাজিকীকৰণ প্ৰক্ৰিয়া।
ব্ৰিটিছে সুমুৱাই থৈ যোৱা বিভাজনকামী প্ৰতিক্ৰিয়াশীল মানসিকতা চেৰাই কি ৰাজনীতিক, কি প্ৰশাসক, কোনেও আজিও উৰ্ধত উঠিব পৰা নাই। পৰস্পৰবিৰোধী দুটা প্ৰতিষ্ঠানৰ সমন্বয়ত জাজ্বল্যমান দূৰদৰ্শিতা, সংঘবদ্ধতা, সহনশীলতা, কাৰ্যকুশলতাৰ শিকনি কিমানে লৈছে? এটা সময়ত ভাৰতৰ অবিসম্বাদী ভাগ্য বিধাতা হৈ পৰা ইংৰাজৰ বুদ্ধিমত্তা, সাহস আৰু বিচক্ষণতাৰ শিক্ষা লোৱাতকৈ বিভাজনৰ ব্যাকৰণহে পুংখানুপুংখকৈ আয়ত্ত কৰা পৰিলক্ষিত হৈছে। কৰ্মসংস্কৃতিত ব্ৰিটিছৰ সমকক্ষ হোৱাৰ প্ৰতিযোগিতাতকৈ উদাসীনতা, অকৰ্মণ্যতাহে লজ্জাকৰভাৱে চৌদিশে ধৰা দিছে। শক্তিশালীক শক্তিহীন কৰিবলৈ, এক হোৱাৰ ভেটি লৰক্-ফৰক্ কৰিবলৈ স্বদেশী চৰকাৰেও বিদেশী প্ৰণালীৰে পৃষ্ঠপোষকতা কৰা বুলি বাৰে বাৰে অভিযোগ উঠিয়ে আছে। কুটিল ৰাজনৈতিক চক্ৰান্তৰে খণ্ড-বিখণ্ড কৰি দুৰ্বলতকৈও দুৰ্বল কৰি পেলোৱা হৈছে ব্যক্তি-সমাজ, ৰাজ্য-ৰাষ্ট্ৰক। কৰ্তৃত্বলোভী, ভোগবাদী, পক্ষবিভাজনকামী মনস্তত্বৰ একাংশ মানুহেই হৈ পৰিছে তাহানিৰ ইংৰাজ বেপাৰীৰ উত্তৰসুৰী। শাসন-শোষণ কৰিছে আপোনজনকে। অৰ্হতাহীন, দূৰদৃষ্টিশূন্য তথাকথিত সমাজসেৱকেই জাতিধ্বংসী কাৰ্যত প্ৰধান সাৰ-পানী যোগাওঁতা খলনায়কৰ ৰূপত অৱতীৰ্ণ হৈছে।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে এটা কথা বাৰে বাৰে সঁকিয়াইছিল যে বহুজাতিক, বহুভাষিক, বহুগোষ্ঠীয়, বহু সম্প্ৰদায়সমৃদ্ধ হ’লেও পাৰস্পৰিক সম্প্ৰীতি, জাতীয় ঐক্য আৰু সাৰ্বিক জনকল্যাণৰ উদ্যোগত সৰ্বভাৰতীয় দৃষ্টিভংগীৰে জাতীয় সংহতি গঢ়ি তোলা সম্ভৱ। কিন্তু বিভাজনৰ গৰল পান কৰি ইতিমধ্যে বহুধাবিভক্ত হৈ পৰা দেশখনত আজি সীমাসংখ্যাহীন দল-উপদল, মতবাদ-বিসম্বাদৰ গিজ্‌গিজনি; সেই অনুপাতে অভ্যুত্থান ঘটা নেতা-পালিনেতা-চাতুকাৰৰ দলদোপ-হেন্দোলদোপ; বিভেদকামীৰ দপ্‌দপনিত একীকৰণৰ মন্ত্ৰোচ্চাৰণ য’ত নিস্তব্ধ। তেনেস্থলত গান্ধীবাক্যৰ মৰ্ম উপলব্ধি এতিয়া এটা বৃহৎ প্ৰশ্নবোধকলৈহে পৰ্যবসিত হৈছে। বিভাজনসৰ্বস্ব ব্ৰিটিছ-নীতিৰ প্ৰাদুৰ্ভাৱত ঘটা ক্ৰমবৰ্ধমান অৱনতিয়ে আমাৰ বৰ্ণনাতীত অশান্তিৰ মৌলিক কাৰণ। গতিকে ব্ৰিটিছৰাজৰ আগ্ৰাসনক পেটে-সমন্বিতে চিৰবিদায় নিদিয়ালৈকে সুখপ্ৰদায়ক বৰ্তমান আশা কৰাটো ভুল। দ্ৰুত গতিৰে আগবঢ়া বিজ্ঞান-প্ৰযুক্তিয়ে যিমানেই সুবিধা কৰি নিদিয়ক কিয়, মনগহনত স্থিতি লৈ থকা নঞৰ্থক ব্যক্তিত্ববোৰ বিলুপ্ত নোহোৱা পৰ্যন্ত পশ্চাদমুখিতাকে আমি বিনাবাক্যব্যয়ে স্বীকাৰ কৰি যাব লাগিব। ৰাজনৈতিক-অৰ্থনৈতিক বিবেচনা প্ৰক্ৰিয়া তথা সামাজিক জীৱনবোধত বিভাজনৰ কুফলদায়ক প্ৰসংগটো কবৰ দিব নোৱাৰালৈকে সমাজ বিৱৰ্তনত অসূয়া-অপ্ৰীতিৰ অন্ত নপৰিব বুলিয়ে আমাৰ ধাৰণা। পতনোন্মুখী প্ৰত্যাহ্বানসমূহৰ যথোচিত প্ৰত্যুত্তৰ দিবলৈ হ’লে কি নেতা, কি জনতা প্ৰত্যেকৰে সমাজৰ ঐতিহাসিক অধ্যয়নৰ লগতে আত্মসংস্কাৰ সাধনৰ প্ৰয়োজন আছে।
 
(৩ জানুৱাৰী ২০০৬ তাৰিখৰ ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশিত।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments