বুদ্ধং শৰণং গচ্ছামি (অনুপমা বৰগোহাঞি)

বুদ্ধং শৰণং গচ্ছামি
-(অনুপমা বৰগোহাঞি)



জীৱজগতৰ জন্ম, মৃ্ত্যু, জৰা, ব্যাধি — এই চাৰিওটা ৰহস্যৰ উত্তৰ জানিবৰ বাবে আজিৰ পৰা প্রায় ২৫০০ বছৰৰ পূৰ্বে ভাৰতৰ কপিলাবস্তৰ ৰাজকুমাৰ সিদ্ধা্ৰ্থই ৰাজসুখ এৰি বনলৈ গৈ তপস্যা কৰিছিল৷ এই তপস্যা বা ‘গৱেষণা’ৰ ফলত তেখেতৰ মোক্ষ বা বু্দ্ধত্ব প্রাপ্তি হল৷ তেখেতৰ আদৰ্শ তথা বাণীয়ে সহস্র ব্যক্তিক জীৱন যুদ্ধত জয়ী হবলৈ সাহস যোগালে৷ দেশে বিদেশে বুদ্ধদেৱৰ বাণী প্রচাৰ হল৷ বহু দেশে তেখেতৰ আদৰ্শ ৰাজধৰ্ম হিচাবে গ্রহণ কৰিলে৷…

বুদ্ধদেৱৰ ‘অহিংসা পৰম ধৰ্ম’ – এই বাণী সাৰোগত কৰিয়েই মহাত্মা গান্ধীয়ে দেশলৈ স্বাধীনতা আনিছিল৷ এই বাণী লৈয়ে আমেৰিকাৰ মাৰ্টিন লুথাৰে দেশৰ পৰা কলা-বগা ছালৰ বৈষম্য আঁতৰ কৰিবলৈ সক্ষম হৈছিল৷ কিন্ত বহুলোকে ভাবে যে অহিংসা দুৰ্বল মনৰ পৰিচায়ক – সেয়ে আজি পৃথিৱীৰ য’তে ত’তে হত্যা, সন্ত্রাস, আৰু ধ্বংসলীলা। …বিজয়ৰ নিচান, শান্তি আৰু আনন্দৰ ধ্বজা ক’ত উৰিছে ???

মনা এজনী ৰঙিয়াল, উৎসাহী, বুদ্ধিমতী ছোৱালী-জীৱনত সফল হোৱাৰ, উচ্চতাৰ শিখৰ চোৱাৰ প্রচন্ড বাসনা৷ হঠাৎ আহি পৰা সংঘাত – পিতৃ বিয়োগে তাইৰ জীৱনৰ গতি কিছু সলনি কৰি দিলে৷ চিকিৎসক হোৱাৰ বাসনাক জলাঞ্জলী দি ৰসায়ন বিজ্ঞানক মুখ্য বিষয় হিচাবে লৈ উচ্চ শিক্ষা সম্পন্ন কৰিলে৷ নানা কাৰণত কলেজৰ শিক্ষয়ত্রী পদৰ বাবেও নিৰ্বাচিত নহল৷ ওচৰৰ চৰকাৰী স্কুল এখনত শিক্ষকতা কৰি থকা মনাৰ, জীৱনক লৈ সদায় আপচোচ!..নিজতকৈ কম যোগ্যতা থকা লগৰীয়াক উচ্চ প্রতিষ্ঠিত দেখিলে বুকুখন জ্বলি যায়৷ সকলোৰে পৰা আঁতৰি ফুৰে তাই আজিকালি। আগৰ ৰঙিয়াল মনাজনী অনবৰতে খিঙখিঙাই থকা হ’ল ।

নিকিতাই জীৱনত যি বিচাৰিছিল সকলো পালে৷ এটা ভাল চাকৰি, বিত্তবান পতি, মৰমীয়াল শাহু শহুৰ — উস্ জীৱন যে ইমান সুন্দৰ হব পাৰে ভবাই নাছিল তাই৷..১বছৰ, ২বছৰ, ৩বছৰ—নিকিতাৰ সুখ আনন্দবোৰ যেন কম হৈ যাব ধৰিছে কিবা এটা অপ্রাপ্তি্ত..বিয়াৰ ৬বছৰৰ পাছত অকলশৰীয়া অৱস্থাত মনাই ভাবে ‘মই কি পাপ কৰিছিলো, যাৰ বাবে আজিও মোৰ শূন্য কোলা..মোৰ মৰমীয়াল শাহু-শহুৰ কথাই প্রতি মোৰ ওপৰত অসন্তুষ্ট’!!

মিনিয়ে শাহুয়েকক কৰ্কট ৰোগৰ চিকিৎসা কৰাবলৈ নিজেই অনা নিয়া কৰিব লাগে নগৰৰ চিকিৎসালয়লৈ৷ হঠাৎ এদিন মিনিৰ অনুভৱ হল পেটৰ বিষ – সাধাৰণ ভাবে চিকিৎসকৰ লগত আলোচনা কৰিলে..চিকিৎসকে পৰীক্ষা নিৰিক্ষা কৰি ঘোষণা কৰিলে সেই নিদাৰুন সত্যটো – মিনি কৰ্কটৰোগৰ বলী হৈছে – এয়া তাইৰ বেমাৰৰ ২য় স্তৰ ! মিনি ভাঙি পৰিল৷ লৰা-ছোৱালী দুটা সৰু সৰু৷ ৮ম আৰু ১০ম মানত পঢ়ে – পঢ়াত জোৰ দিয়াৰ সময়৷ পৰিয়ালৰ একমা্ত্ৰ সন্তান মিনিৰ পতি কৰ্মসূত্ৰে বৰ ব্যস্ত্য৷ ঘৰখনৰ এইবোৰ দুৰ্যোগ সহ্য কৰিব নোৱাৰি শহুৰেকৰ কলিজা স্তব্ধ হৈ (Heart attack) গাড়ী চলাই থাকোতেই মৃত্যু হল!..


এনেকুৱা সৰু-বৰ ঘটনাবোৰ হল আমাৰ প্রায়বোৰ পৰিয়ালৰে নিয়মিত প্রতিচ্ছবি৷ কোনো ব্যক্তিয়ে বুকু ডাঠ কৰি কব নোৱাৰে – মই জীৱনত যি বিচাৰিছলো তাকে পালো বা মোৰ জীৱনলৈ কেতিয়াও কোনো সংঘাত অহা নাই৷ অৱশ্যে ইয়াৰ অৰ্থ এয়া নহয় যে কোনো ব্যক্তি জীৱনত কেতিয়াও সম্পূৰ্ণ সুখী হব নোৱাৰে৷ মানুহ সম্পূৰ্ণ সুখী আৰু সদা আনন্দময় হব পাৰে, যদিহে নিজেই বিচাৰে৷..

এতিয়া পুনৰ আহিব বিচাৰিছো বুদ্ধদেৱৰ কথালৈ৷ ৰাজকুমাৰ সিদ্ধাৰ্থ কেনেকৈ ‘বুদ্ধ’ হল সেয়া সকলোৱে জনা কথা৷ এইখিনিতে এইটো জনাব বিচাৰিম যে আমি সকলোৱেই একোজন ‘বুদ্ধ’ – এই কথাটোকে আমি নাজানো বা বুজি নাপাওঁ ৷ এই সংসাৰৰ মায়া মোহ জলাঞ্জলী দি, ধৰ্ম কৰ্ম বা নানা নানা আচাৰ বিচাৰ পালন কৰিলেহে আমি ‘বুদ্ধ’ হব পাৰিম এনে নহয় ৷ বৌধদৰ্শনৰ অপপ্রচাৰ আৰু অগৱেষণাৰ বাবে তথা ইয়াক কেবল ধাৰ্মিক পূজাৰ ৰূপ দিয়াৰ বাবে ভাৰততে জন্মহোৱা এই দৰ্শন প্রায় মৃতপ্রায়৷ কিন্ত ১৩শতিকাৰ আৰম্ভণীতে জাপান দেশৰ এজন পুৰোহিত নিচিৰেনে (NIichiren Daishonin) বৌধদৰ্শনক পুনৰ প্রতিষ্ঠা কৰে৷ বু্দ্ধদেবৰ বাণী সমূহক এক গাঁঠা বা সূ্ত্রৰ ৰূপত সংকলন কৰা হয়৷ ইয়াক ‘Lotus Sutra” বা ‘কমল গাঠা’ বুলি জনা যায়৷

মিনিৰ কথালৈ আকৌ এবাৰ আহিছো — মিনি (সঁচা নাম/ সঁচা কাহিনী) মোৰ প্রতিবেশী তথা বৌধিক সংগঠণ ‘চকা গাক্কাই’ (SGI)ৰ সদস্যা৷ (‘চকা গাক্কাই’ বা SGI কি এই বিষয়ে পিছত জনোৱাৰ আাশা থাকিল৷ অৱশ্যে জানিব বিচৰাসকলে ইন্টাৰনেটতে বিষদ জানিব পাৰিব)৷ মিনিয়ে সংসাৰৰ তিতা কেঁহা সহ্যৰ অতীত যেন অনুভৱ হোৱাত বিভিন্ন ঠাইত বিভিন্ন ধৰ্মগুৰুৰ সমাগম, ধৰ্মীয় চ্যেনেল আদি চাই সময় কটাইছিল৷ তথাপিও ‘শান্তি’ যেন তাইৰ বাবে সপোনৰ অগোচৰ ! ডিপ্রেচনৰ চিকাৰ হৈ তাই কৰি থকা স্কুলৰ চাকৰিটোও এৰি দিলে৷ এদিন ৰাতিপুৱা ওচৰৰ পাৰ্ক খনত প্রাতঃভ্রমণ কৰি ফুৰোতে কথা হল ঘৰৰ ওচৰৰ ‘কিৰণ আণ্টীৰ’ লগত৷ কিৰণ আণ্টীক মিনিয়ে সদায় লক্ষ্য কৰে – তেওঁৰ মুখখনত সদায় আনন্দৰ দিপ্তিশিখা৷ ‘কেনে আছে’ সুধিলে সদায় এমোকোৰা হাঁহিৰে উত্তৰ দিয়ে ‘বহুত বঢ়িয়া’৷ দুখ আৰু চি্ন্তাই যেন কোনোদিনে চুব পৰা নাই এই ৬০ বছৰীয়া আন্টিজনীক৷ আজি ১১/১২ বছৰে দেখি আহিছে কিৰণক মিনিয়ে৷ নিজৰ অশান্তি আৰু সময়ৰ অভাবৰ বাবে কেতিয়াও কথা পতা নহয় তেওঁৰ লগত৷ কিৰণৰ ঘৰত প্রায়ে মাহত এবাৰ দুবাৰ বহু মানুহৰ আগমণ হয়৷ এঘণ্টামান কিবাকিবি আলোচনা, গান আৰু বুজি নোপোৱা অদ্ভূত মন্ত্ৰোচ্চাৰণৰ ধ্বনি শুনে মিনিয়ে কিৰণ আণ্টীৰ ঘৰত৷ কিৰণৰ ঘৰলৈ অহা মানুহখিনি সদায় হাঁহিমুখীয়া আৰু শান্ত প্রকৃতিৰ৷ সেইদিনা মিনিৰ মন গল কিৰণ আন্টিক সুধিবলৈ.. ‘আপোনাৰ ঘৰত মাজেমাজে কিহৰ সন্মিলন হয়?’ ‘অ’ তুমি সঁচাকৈ জানিব বিচাৰা যদি অহা দেওবাৰে পুৱা ১০বজাত মোৰ ঘৰলৈ আহিবা৷ আমি নিজৰ তথা বিশ্বৰ শান্তিৰ বাবে প্রাৰ্থনা কৰো৷’ মিনিৰ মনে মনে হাঁহি উঠিল ‘নিজৰেই শান্তি নাই, সময় নাই – ক’ত বিশ্বৰ শান্তিৰ বাবে প্রাৰ্থনা কৰিবলৈ সময় পাম!’..

তথাপিও কব নোৱাৰাকৈয়ে নিৰ্দ্দিষ্ট দেওবাৰত নিৰ্দ্দিষ্ট সময়ত মিনি কিৰণৰ ঘৰত ওলালগৈ৷ চিনাকী-অচিনাকী সকলো মানুহে মিনিক হাঁহিমুখে স্বাগতম জনালে। সেইখন আছিল Soka Gakki ৰ সাধাৰণ আলোচনা সভা৷ Soka Gakki ৰ অৰ্থ হৈছে Society For The Creation of Value অৰ্থাৎ ‘মূল্যবোধ সৃষ্টি কৰা সমাজ’৷
চুনেচাবুৰ’ মাকিগুচি নামৰ এজন সংস্কাৰী শিক্ষকে নিচিৰেনৰ বৌধিক জাগৰণৰ দ্বাৰা প্রভাবিত হৈ সেইসময়ত (১৯৩০চন) সন্ত্ৰাস জৰ্জৰিত জাপানী সমাজত বুদ্ধদেবৰ বাণীসমূহ সহজ আৰু বহুলভাবে প্রচাৰ কৰিবলৈ এই সংগঠনৰ জন্ম দিছিল৷ কিন্ত মাকিগুচি আৰু তেওঁৰ ঘনিষ্ঠ সহযোগী যচেই তডা ‘thought criminal’ অৰ্থাৎ ‘চিন্তাশীল অপৰাধী’ হিচাবে জাপানৰ মিলিটেৰী শাসকৰ দ্বাৰা কাৰাবব্দী হল৷ ১৯৪৪ চনত কাৰাবন্দী অৱস্থাতে মাকিগুচিৰ মৃত্যু হয়৷ যচেই তডা কাৰাবাসৰ পৰা মুক্তি হৈ এই সংগঠনক অধিক সক্ৰিয় কৰি তুলিলে৷ বুদ্ধদেবৰ শিক্ষাৰ দ্বাৰা যে মানুহৰ স্বজাগৰণ, আশাবাদী, সংগ্রামী, আত্মবিশ্বাসী, সাহসী আদি প্রবৃত্তিবোৰ জগাই তুলিব পাৰি – তাক প্রচাৰ কৰিবলৈ ললে৷ তেওঁ ইয়াৰ বাবে ‘Human Revaluation’ বুলি এটা বিশেষ শব্দ ব্যৱহাৰ কৰিছিল আমি ইয়াক কম – মানুহ হিচাবে জাগি উঠা বা ‘মানৱৰ নৱজাগৰণ’……

টং,টং,টং পবিত্ৰ বেলৰ শব্দত মিনি উচপ খাই উঠিল৷৷সকলোৰে লগত স্বতঃস্ফূৰ্ত ভাবে ‘ন্যাম ম্যাহো ৰেন্গে ক্য’—এই শব্দকেইটা হাতজোৰ কৰি আওৰাই থাকিল৷—১০ মিনিট – তাৰপিছত সকলো নীৰব৷ অপাৰ শান্তি আৰু আনন্দ সকলোৰে মুখত! সকলোৱে হাঁহিমুখে আকৌ লগ হোৱাৰ, কাৰোবাৰ যদি কিবা সমস্যা আছে – তাৰকাৰণে প্রাৰ্থনা তথা সহায় কৰাৰ প্রতিশ্রুতি দি ঘৰাঘৰি গলগৈ৷
১০
মিনিৰ মনলৈ অদ্ভূত শান্তি এটা নামি আহিল৷ – সদায় নিজৰ কাৰণেই আমি ভগবানক ভাবো৷ লোকৰ কাৰণে, নিচিনা নজনা এজনৰ কল্যানৰ বাবে প্রাৰ্থনা কৰিলেও মনৰ শান্তি হয়, মিনিয়ে ভবাই নাছিল ৷ কিৰণ আণ্টীৰ লগত আলোচনা কৰি আৰু বিশ্বাস, অভ্যাস, অধ্যয়ণ – এই তিনিৰ প্রতিজ্ঞা কৰি মিনিও SGIৰ সদস্য ভৰ্তি হল৷ এইজনী মিনিয়ে ‘ন্যাম ম্যাহো ৰেন্গে ক্য’— অৰ্থাৎ নিজৰ ভিতৰত থকা সকলো ধনাত্মক প্রবৃত্তিক জগাই তোলাৰ মন্ত্র লৈ কৰ্কটৰ দৰে দূৰাৰোগ্য ৰোগকো জয় কৰিলে৷ আজি মিনিয়ে নিজে নতুন সদস্যৰ ঘৰলৈ যায় – সাহস দিয়ে, প্রাৰ্থনা কৰে৷ মিনি আজি সম্পূৰ্ণ সুখী৷ জীৱনে তাইক যি দিছে তাক ধনাত্মক ভাবে গ্রহণ কৰে – যিমান বাধা বিঘিনি আহিলেও হাঁহিমুখে যুঁজি যাবলৈ সংকল্পবদ্ধ আৰু সেয়ে সমস্যাবোৰেও যেন আজিকালি তাইৰ ওচৰলৈ আহিব নুখুজে! সদায় অকলশৰীয়া অনুভব কৰা মিনিৰ বাবে আজি গোটেই পৃথিবীখনৰ প্রতিজন ব্যক্তিয়েই বন্ধু আজি!
*************************************
সদাশয় পাঠক, এয়া কোনো গল্প নহয়, সঁচা কাহিনী৷ বুদ্ধদেবৰ দৰ্শনৰ লগত যি পৰিচিত হৈছে তেওঁলোকে নিশ্চয় হৃদয়ংগম কৰিব যে বুদ্ধদেবৰ দৰ্শনে আমাৰ জীৱনক কেনেকৈ সলনি কৰি দিয়ে৷ পূৱা গধূলি ১০মিনিট সময় ‘ন্যাম ম্যাহো ৰেন্গে ক্য’ৰ ধ্যানে(chanting)জীৱনৰ দৃৰ্শনেই সলনি কৰি দিব পাৰে – এয়া মোৰ নিজৰো অভিজ্ঞতা৷ মনা, নিকিতা এওঁলোকেও যদি পূৰ্ণ অধ্যয়ণ আৰু বিশ্বাসেৰে বুদ্ধৰ দৰ্শনক বুজি লৈ জীৱন সলনি কৰাৰ চেষ্টা কৰে, তেওঁলোকো মিনিৰ দৰে পূৰ্ণ সূখী হব পাৰিব বুলি মোৰ বিশ্বাস৷ এজন পূৰ্ণ সূখী মানুহে নিজে নজনাকৈ সমাজখনলৈ শান্তি অনাত অবদান দিয়ে৷

–**–

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!