বাংক বিশেষজ্ঞ -(বিকাশ শইকীয়া )

বাংক মৰাটো কলেজত থাকোতে বেয়া কাম বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া ইউনিভাৰ্চিটিৰ এঘন্টীয়া শ্ৰেণীত দহ মিনিটতে চকু পতা মেলি ৰাখিবলৈ প্ৰচণ্ড সংগ্ৰাম কৰিব লগা হ’ল, তেতিয়াই বাংকিং আৰম্ভ কৰি দিছিলোঁ। তেতিয়া যি আৰম্ভ হ’ল, হ’লেই আৰু। প্ৰেক্টিকেল ক্লাছত বাংক, কোম্পানীৰ ট্ৰেইনিঙত বাংক, আৰু এতিয়া কৰ্তব্যত বাংক।
বাংক মৰাটো এতিয়া এটা হবি হৈ পৰিছে। কৰ্তব্যত বাংক মাৰি বিয়া, জন্মদিনৰ পাৰ্টী, অন্নপ্ৰাসন, বিহুৰ ফাংচন উপভোগ কৰিছোঁ, কিন্তু আজিলৈকে বাংক মাৰি হাতে-লোটে ধৰা পৰা নাই।
১৪ দিন অন-অফৰ লাষ্ট শ্বিফট, নাইট ডিউটি আছিল। চাইটত গৈ পালোঁ। টনেজাই ক’লে, ‘কাম তো কুচ ভী নহী হোগা। -লগে লগে বাংক মৰাৰ লালসা জাগি উঠিল। ফটাফট ৰেজিষ্টাৰত চহী মাৰিলোঁ আৰু যিখন গাড়ীত গৈছিলোঁ সেইখনতে উভতি আহি গ’লোঁ।
চাইটৰপৰা আহি শিৱসাগৰ পালোহি। উৎপলক ফোন কৰিলোঁ, ৰাতি বাছষ্টেণ্ডত থৈ আহিব লাগে। চাৰে আঠ বজাত উৎপল আহি পালে। বয়-বস্তু পেক কৰি উৎপলৰ বাইকত উঠিলোঁ, পুল-অভাৰটোৰে মূৰটো ঢাকি লোৱাৰ উপৰিও মাৰ্ফলাৰ এখনৰে মুখখন ঢাকি ল’লোঁ।
– আব্বে ইমান ঠাণ্ডা লাগিছেনে, চব ঢাকি লৈছ যে? উৎপলে সুধিলে।
– ঠাণ্ডা নহয় বে, বছে ৰাতি কলনিত খোজ কাঢ়ে কৰে, কেনেবাকে দেখিব লাগিলে ৱাট লাগি যাব। মই ক’লোঁ।
বাছত উঠিলোঁ। ১২ নম্বৰ চিট; চিংগল চিট। ১৩ আৰু ১৪ নম্বৰ চিটত দুজনী ধুনীয়া ছোৱালী। বাহ, আজি দিনেই ভাল। বাছখন ষ্টাৰ্ট দিবলৈ লৈছে, আৰু আঠঘন্টাৰ পাছত গুৱাহাটী গৈ পামগৈ, হেডফোনটো কাণত লগালোঁ। চুহানা চফৰ অউৰ য়ে মৌচম হাচি, হমে ডৰ হে হাম খো না জায়ে কহী….
মিঠা পাণ এখন চোবাই হেডফোনত গানৰ আমেজ লৈ আছোঁ। এবাৰ পিক পেলাবলৈ বাওঁফালে খিড়িকীখনেৰে মূৰটো উলিয়াইছোঁহে মাত্ৰ… আব্বে চাল্লা….. খিড়িকীৰ তলত, হাতত মিডিয়াম চাইজৰ ট্ৰলী এটা লৈ বছ।
লগে লগে পুল-অভাৰ, মাৰ্ফলাৰ আৰু লগত থকা এৰী চাদৰখনেৰে গা-মূৰ-চকু চব ঢাকি ল’লোঁ। বছ বেলেগ এখন গাড়ীত উঠিলেই হ’ল। কিন্তু…. বছ আহি ৯ নম্বৰ অৰ্থাৎ মোৰ আগৰ চিংগল চিটত বহিলহি। চুহানা চফৰৰ গান অফ কৰি থ’লোঁ। হে ভগ্গু, আজি বচাই দিয়া আৰু। কচম খাইছোঁ জিন্দেগীত ভৱিষ্যতে বাংক নামাৰোঁ।
– চিট থোৰা পিচে কৰ লেতা হু, কোই প্ৰ’ব্লেম হোগা ক্যা? বছে ছাগে’ মোকেই কৈছিল। কিন্তু অকনো লৰচৰেই নকৰিলোঁ, মুখেদি কিবা কোৱাতো দূৰৈৰে কথা। বছে ভইচটোন বা বডী মুভমেন্ট আইডেনটিফাই কৰিলে জেং হৈ যাব।
বাছ চলিবলৈ আৰম্ভ কৰিলে। এৰী চাদৰ আৰু মাৰ্ফলাৰখনৰ মাজেৰে এক মিলিমিটাৰ মান ফাক এটা কৰি চালোঁ। বছে টাচ্চস্ক্ৰীণ মোবাইলটো টিপা-টিপি কৰি আছে। মই সাৰ-সুৰ নকৰি চিটত আউজি দিলোঁ।
আলবিদা আলবিদা… প্ৰচণ্ড শব্দ কৰি মোৰ মোবাইলটো বাজি উঠিল। এৰী চাদৰখনৰ এক মিলিমিটাৰমান ফাকটোৰে দেখিলোঁ বছে পিছফালে ঘূৰাৰ দৰে কৰিছে। চাল্লা বছে ছাগে’ চাইটৰ খবৰ লবলৈ মোক ফোন কৰিছে। … জেং হৈ গ’ল। হে ভগ্গু, এশ গৰু মাৰিলে বাঘৰো মৰণ। আজি ফচি গ’লোঁ…. গড, আল্লা, যীচু, মহম্মদ, কৃষ্ণ, ৰাম…. চেভ মাই চি.এল।
সেপ এটা ঢুকি ফোনটো পকেটৰপৰা উলিয়ালোঁ। উফ….. ৰক্ষা, চাণক্যদাৰ ফোন। চাল্লা এই চাণক্যদাডালে সদায় ভুল সময়তে ফোন কৰে। অকনো শান্তি নাই। ফোনটো চুইচ অফ কৰি থ’লোঁ। তাৰ পাছত ভাবিলোঁ, চাণক্যদাক এনেয়ে গালি দিলোঁ। চাণক্যদাৰ সলনি বছৰ ফোন হোৱা হ’লে!! আজি চাণক্যদাই ভুল সময়ত ফোন কৰি বচাই দিলে।
বাছ গৈ জখলাবন্ধাত ৰখিল। ৰাতি একো খাই অহা নহ’ল। গতিকে ভোক লাগিছে। ইফালে সৰুপানীৰো টেণ্ডেন্সি এটা হৈছে। কিন্তু বছ নামি যোৱাৰ কোনো লক্ষণেই নাই, অৱশ্য এই পৰিস্থিতিত নামি গ’লে জেং হব, সেয়ে মই নানামিলোঁ।
বাছ গৈ আছে। নগাঁও, ৰহা, জাগীৰোড…. ৰাতি পুৱাও পুৱাও হৈছে। বাছ ৰখিল। কণ্ডাক্টৰে ক’লে.. কাৰোবাৰ পেচাব-চেচাব লাগিছে যদি কৰি লব। বছ নামি গ’ল।
কৰবাত পাইছিলোঁ, যদি মনটো ডাইভাৰ্ট কৰি দিব পাৰি তেন্তে সৰুপানী-বৰপানীৰ টেণ্ডেন্সি মনলৈ নাহে। বাছৰপৰা আধাসজা বিল্ডিং এটা দেখিলোঁ। তাতে মনটোক খাপ খুৱাই ল’লোঁ। এটা কাহিনী কল্পনা কৰিলোঁ… এজন মানুহ, অৱসৰৰ আগতেই তেওঁ ঘৰটো সজাবলৈ আৰম্ভ কৰিছিল। ভাবিছিল, গ্ৰেচুইটি আৰু চি.পি.এফৰ টকাৰে তেওঁ এই ঘৰটোৰ নিৰ্মাণকাৰ্য্য সমাপ্ত কৰিব। ঘৰটোৰ ফাউণ্ডেচনৰ এমাহৰ পাছত তেওঁ অৱসৰ ল’লে। কিন্তু অৱসৰৰ পাছত পেঞ্চন অফিচৰ এখন টেবুলৰ পৰা আনখন টেবুল চক্কৰ লগাই লগাই তেওঁ ভাগৰি পৰিল।
বাছ আহি খানাপাৰা পালেহি। সাধাৰণতে মই খানাপাৰাত নামি দিওঁ। খানাপাৰাৰপৰা বেলতলালৈ খোজ কাঢ়ি যাব পৰা দূৰত্ব। কিন্তু, চাল্লা…! বছ তাতো নানামিল। গতিকে মোৰো নমা নহ’ল।
সৰুপানীৰ টেণ্ডেন্সিটো বাঢ়ি গৈ আছে। মই আধাসজা ঘৰৰ কাহিনীটো পুনাৰম্ভ কৰিলোঁ। মানুহজনৰ এহাল ল’ৰা-ছোৱালী আছিল। মানুহজনে ভনীয়েক কেইজনীক উলিয়াই দিয়াৰ পাছত নিজৰ কথা ভাবিছিল। সেয়ে অৱসৰৰ সময়তো ল’ৰা-ছোৱালীহাল কলেজৰ দেওনা পাৰ হোৱা নাছিল। এফালে এটা আধাসজা ঘৰ, আনফালে কলেজৰ বৰ্ধিত মাচুল। পেঞ্চন অফিচৰ যন্ত্ৰণাতো আছেই। বশিষ্ট চাৰিআলি পালোঁহি। নাই, বছৰ সাৰ-সুৰেই নাই। ইফালে মোৰ অৱস্থা তথৈবচ। কিমান ডাইভাৰ্ট কৰিম আৰু…। মানুহজনৰ ঘৰটো আধাসজা হৈ আছে, পেঞ্চন অফিচৰ কেৰাণীটোৰ লগত তৰ্কাতৰ্কি কৰিছে আৰু ইফালে মোৰ সৰুপানীৰ টেণ্ডেন্সিটো সহ্যসীমাৰ শেষপ্ৰান্ত আহি পাইছেগৈ…।
অৱশেষত লখৰাত বছ নামিল। উফ ৰক্ষা।
লখৰাৰপৰা বাছখন দুশমিটাৰমান গৈছেহে, বেগটো পিঠিত লৈ চিটৰপৰা উঠিলোঁ।
– ৰখা ভাই, ৰখা ইয়াত। মই ড্ৰাইভাৰক ক’লোঁ।
– দাদা আই.এছ.বি.টি. পালোৱেই। চবেই ঘৰৰ আগত নামিব খুজিলে কেনেকৈ হ’ব? ড্ৰাইভাৰজনে ক’লে।
– আব্বে বুজ বে, ঘৰ-চৰ নহয়, পৰিস্থিতিটো বুজ। পিলিজ, জেং হৈ যাব নহ’লে।
ড্ৰাইভাৰে পৰিস্থিতি বুজি হাঁহি এটা মাৰি ব্ৰেক মাৰি দিলে।
বাছৰপৰা জঁপিয়াই নামি চিধাই কাষৰ জংঘলৰ পিনে দৌৰিলোঁ। উফ ৰক্ষা।
দুপৰীয়া বছে ফোন কৰিলে-
– তুম গোহাটী কা হো না?
– হা ছাৰ। মই মোলায়ম সুৰত ক’লোঁ।
– এক্সুৱেলি মে গোহাটী আয়া থা। অভী হোটেল ডাইনেষ্টী মে হু। চাম কো নিকল জাউংগা। য়ে গোহাটী মো অচ্চা মিঠাই কহা মিলেগা?
বছক দল-দোপৰ ঠিকনা দিলোঁ। তাৰ পাছত সুধিলোঁ, ছাৰ য়ে গোহাটী কা মউচম অভী কেইচা হে
– য়হা কা তো চহী মউচম হে, লেকিন কল বাছ মে অজীব বাত হুৱা। এক আদমী পুৰা কম্বল-ৱম্বল অউৰকে পুৰা ৰাত বিনা হিলে দুলে বইঠা ৰাহা। মে তো চচ মে পৰ গয়া থা কহী মৰ না গয়া হো
– অৰে নহী চাৰ, কুচ লোগ হোতে হে এইচে। মই মিহিকৈ ক’লোঁ।
– লেকিন মেৰে উতৰনেকে বাদ মেইনে দেখা, ৱহ বাছ চে কম্বল অউৰকে হি উতৰ গয়া অউৰ জংঘল কী তৰফ এইচা ভাগা, এইচা ভাগা, কে মে হেৰান হো গয়া।
– ছাৰ ক্যা আপ এইচে লোগো পৰ ভী ধ্যান দেতে হে? গোহাটী কা মিঠাই কা মজা লিজিয়ে…. মই বিষয় সলনি কৰাৰ চেষ্টা কৰিলোঁ।
ভাগ্য ভাল, জংঘলৰপৰা ওলাই অটোত উঠি ঘৰ সোমোৱালৈকে পুল-অভাৰ, মাৰ্ফলাৰ আৰু এৰী চাদৰখন মোৰ গায়ে-মূৰে মেৰ খায়ে হৈ আছিল।
 
Bikash saikia
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments