হৃদৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱহাৰিক আঁচনি (ডা° মৃগাংক শেখৰ চলিহা)

হৃদৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিৰোধৰ ব্যৱহাৰিক আঁচনি

ডা° মৃগাংক শেখৰ চলিহা

হৃদৰোগ বিশেষজ্ঞ, অসম চিকিৎসা মহাবিদ্যালয়

 

হৃদৰোগৰ প্ৰতিৰোধ সম্বন্ধীয় সচেতনতাৰ সূত্ৰপাত হোৱা আজি প্ৰায় কেইদশকমানহে হৈছে। এইক্ষেত্ৰত আমি প’ল দাদলি হোৱাইটৰ নামেই প্ৰথমতে ল’ব লাগিব। আধুনিক হৃদৰোগ বিজ্ঞানৰ পিতৃতুল্য এইজনা চিকিৎসকৰ এষাৰ উক্তি এইক্ষেত্ৰত প্ৰণিধানযোগ্য। তেখেতে কৈছিল, “আশীবছৰৰ আগতে হৃদৰোগ হোৱাটো প্ৰকৃততে আমাৰ ভুলৰহে পৰিণতি, ইশ্বৰ বা প্ৰকৃতিৰ ইচ্ছা নহয়”। হোৱাইটৰ এই সচেতনতাক স্বীকৃতি দি NHLBI অৰ্থাৎ National Heart, Lungs and Blood Institute-ৰ সৌজন্যত ১৯৪৮ চনত প্ৰখ্যাত ‘ফ্ৰেমিংহাম হাৰ্ট ষ্টাডী’ নামৰ হৃদৰোগৰ প্ৰতিকাৰ সম্বন্ধীয় দীঘলীয়া গৱেষণা প্ৰকল্পটো আমাৰিকাৰ মাচাচুছেট্‌ছৰ ফ্ৰেমিংহাম নামৰ অঞ্চলত আৰম্ভ কৰা হৈছিল। এই গৱেষণাৰ ফলাফলবোৰেই বৰ্তমানৰ ‘প্ৰতিৰোধক হৃদবিজ্ঞান’ বা Preventive cardiology-ৰ প্ৰধান সমল।

 

হৃদৰোগ আৰু ধমনীগত ৰোগ (Cardiovascular disease)-ৰ বিশ্বজনীন বিতৰণ

উন্নত, উন্নয়নশীল আৰু অনুন্নত সকলো ৰাষ্ট্ৰতে হৃদ আৰু ধমনীগত ৰোগৰ ব্যাপক প্ৰসাৰ পৰিলক্ষিত হৈছে। ২০০১ চনত প্ৰায় ১৭ নিযুত লোক Cardiovascular disease-ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। তাৰে ৭ নিযুত লোকৰ হৃদপিণ্ডৰ ধমনীগত ৰোগ (Coronary artery disease)-ত মৃত্যু হয়। এই ৭ নিযুত লোকৰ আকৌ শতকৰা ৭৫ ভাগেই নিম্ন আৰু মধ্যমীয়া উপাৰ্জন কৰা শাৰীৰ লোক। ইফালে দক্ষিণ এছীয় লোকসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা আৰু প্ৰসাৰ অতি ব্যাপক হোৱা দেখা গৈছে। ছিংগাপুৰ, উগাণ্ডা, দক্ষিণ আফ্ৰিকা আৰু ফিজিত বেলেগে বেলেগে হোৱা কেইটামান অধ্যয়নত দেখা গৈছে যে সৈবোৰ ঠাইত থকা ভাৰতীয়সকলৰ হৃদৰোগৰ প্ৰৱণতা স্থানীয় লোকসকলতকৈ প্ৰায় ৩ গুণ বেছি। অকল প্ৰৱণতাই নহয়, দক্ষিণ এছীয়সকলৰ হৃদৰোগৰ আকাৰ আৰু প্ৰকাৰো বেছি ভয়াবহ।

ভাৰতৰ নগৰ অঞ্চলত ১৯৭০ চনত প্ৰায় ৪ নিযুত হৃদৰোগী থকাৰ বিপৰীতে ২০০০ চনত প্ৰায় ১৪ নিযুত হৃদৰোগী থকাৰ পৰিসংখ্যা পোৱা গৈছে। ইফালে ভাৰতৰ গাঁও অঞ্চলত ১৯৭০ চনত ৪ নিযুত হৃদৰোগী থকাৰ বিপৰীতে ২০০০ চনত ই বৰ্দ্ধিত হৈ ৬.৫ নিযুত হৈছেহি।

 

হৃদৰোগৰ কাৰক বা বিপদসূচকসমূহ:

আমি আগতে উল্লেখ কৰি অহা ফ্ৰেমিংহাম হাৰ্ট ষ্টাডীকে প্ৰমুখ্য কৰি বিভিন্ন সময়ত হোৱা বিভিন্ন অধ্যয়নৰ ফলশ্ৰুতিত কিছুমান হৃদৰোগৰ কাৰক বা বিপদসূচক উপাদান (Risk factor)-ৰ বিষয়ে জানিব পৰা হৈছে। হৃদৰোগৰ প্ৰধান কাৰক বা বিপদসূচকসমূহৰ বিষয়ে থুলমুলকৈ নজনাকৈ হৃদৰোগৰ প্ৰতিৰোধৰ বিষয়ে চিন্তা কৰাটো দুৰুহ। এই প্ৰধান বিপদসূচক উপাদানসমূহ হ’ল- বয়স, লিংগ, বংশানুক্ৰমিকতা, মুঠ কলেষ্টেৰল বা বৰ্দ্ধিত LDL (Low density lipoprotein) কলেষ্টেৰল, অৱদমিত HDL (High density lipoprotein) কলেষ্টেৰল, ধপাত সেৱন, উচ্চ ৰক্তচাপ, মধুমেহ ৰোগ, মেদবহুলতা আৰু অলস জীৱন-যাপন। প্ৰতিৰোধী হৃদবিজ্ঞানৰ দৃষ্টিভংগীৰ পৰা পৰিৱৰ্তনীয় কাৰকসমূহহে গুৰুত্বপূৰ্ণ। ইয়াৰে কিছুমান কাৰক অপৰিৱৰ্তনীয় (Non-modifiable) আৰু কিছুমান পৰিৱৰ্তনীয় (Modifiable)। অৰ্থাৎ যিবোৰ কাৰক আমি নোহোৱা কৰিব নোৱাৰিলেও নিয়ন্ত্ৰণ কৰিব পাৰোঁ (যেনে-ধূমপান, খাদ্যাভ্যাসৰ বিসংগতি, এলেহুৱা জীৱন নিৰ্বাহ, উচ্চ ৰক্তচাপ, তেজত কলেষ্টেৰলৰ মাত্ৰা ইত্যাদি) সেইবোৰকেই লক্ষ্য হিচাপে ল’ব লাগে।

(১) বয়স: বয়স বাঢ়ি অহাৰ লগে লগে সচৰাচৰ হৃদৰোগ (কৰ’নেৰি আৰ্টেৰি ডিজিজ) হোৱাৰ সম্ভাৱনা বাঢ়ি আহে। ই অৱশ্যম্ভাৱী বা অপ্ৰতিৰোধ্য। কিন্তু সেইবুলি অন্যান্য বিপদসূচকসমূহ থকা-নথকাই নয়সত হৃদৰোগ হোৱা-নোহোৱাটো নিৰূপণ কৰিব। ৩০ৰ পৰা ৩৯ বছৰ বয়সীয়াসকলৰ ৯৮ শতাংশ লোকৰে পৰৱৰ্তী ১০ বছৰত হৃদৰোগ হোৱাৰ সম্ভাৱনা ১০ শতাংশতকৈ কম বুলি ধৰা হয়। কিন্তু ৭০ৰ পৰা ৭৯ বছৰীয়াসকলৰ ৫০ শতাংশৰে পৰৱৰ্তী ১০ বছৰত হৃদৰোগ হোৱাৰ সম্ভাৱনা ২০ শতাংশতকৈও বেছি থাকে। এয়া কেৱল বয়সৰ ভিত্তিত কোৱা কথা। ইয়াৰ লগত অন্যান্য বিপদসূচকসমূহ থাকিলে হৃদৰোগৰ সম্ভাৱনা আৰু বাঢ়ি যায়। বয়সকতো আমি বান্ধি ৰাখিব নোৱাৰোঁ। কিন্তু বয়স বাঢ়ি অহাৰ লগে লগে হৃদৰোগ প্ৰতিৰোধী ব্যৱস্থাসমূহৰ গুৰুত্ব বাঢ়ি আহে।

(২) লিংগ: ঋতু বন্ধ হোৱাৰ আগৰ সময়ছোৱাত মহিলাৰ হৃদৰোগৰ সম্ভাৱনা সমবয়সীয়া পুৰুষতকৈ বহুত কম। কিন্তু ষষ্ঠ আৰু সপ্তম দশকত মহিলাৰ এই প্ৰতিৰোধ ক্ষমতাৰ চোক কমে। অৰ্থাৎ ৬০ বছৰীয়া এগৰাকী মহিলা আৰু ৬০ বছৰীয়া এজন পুৰুষৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা প্ৰায় একেই। তাতোকৈ বেয়া কথা হ’ল হাৰ্ট এটেক (হৃদৰোগৰ এক বিপদজনক পৰিণতি) হোৱাৰ পিছত মৃত্যুমুখত পৰাৰ সম্ভাৱনা ৬০ বছৰীয়া মহিলা এগৰাকীৰ সমবয়সীয়া পুৰুষৰ তুলনাত বেছি।

(৩) বংশানুক্ৰমিকতা: যদিহে এজন ব্যক্তিৰ অতি ওচৰ সম্পৰ্কীয়ৰ (ভাই-ভনী বা পিতৃ-মাতৃ) হাৰ্ট এটেক হৈছিল তেন্তে তেওঁৰো হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। অৱশ্যে তেনে আত্মীয়ৰ অতি বেছি বয়সত হাৰ্ট এটেক হ’লে তাক বিপদসূচক বুলি ধৰা নহয়। মহিলা নিকটাত্মীয়ৰ (যেনে মাক) ৬৫ বছৰৰ আগতে হাৰ্ট এটেক হ’লে আৰু পুৰুষ নিকটাত্মীয়ৰ (যেনে দেউতাক, ককায়েক) ৫৫ বছৰৰ আগতে হাৰ্ট এটেক হ’লে হৃদৰোগ বঢ়াৰ সম্ভাৱনা বেছি বুলি গণ্য কৰা হয়।

(৪) বৰ্দ্ধিত মুঠ কলেষ্টেৰল বা বৰ্দ্ধিত LDL কলেষ্টেৰল: আমাৰ তেজত মুঠ কলেষ্টেৰলৰ (Total cholesterol) আৰু এল ডি এল কলেষ্টেৰলৰ পৰিমাণ বাঢ়িলে হৃদৰোগৰ বিপদসূচক হিচাপে গণ্য কৰা হয়। এজন মানুহৰ তেজত মুঠ কলেষ্টেৰলৰ পৰিমাণ কিমান হোৱাটো বাঞ্চনীয়? সহজতে ক’বলৈ গ’লে এল ডি এল কলেষ্টেৰল ২০০ মি:গ্ৰা:/ডে:লি:তকৈ কম হোৱাটো বাঞ্চনীয়। অৱশ্যে এই ১০০ বা ২০০ বোৰ কোনো যাদুকৰী সংখ্যা নহয়। অন্যান্য বিপদসূচক উপাদানসমূহ থকা-নথকাৰ লগতো ইয়াৰ কথা আছে। উদাহৰণস্বৰূপে এজন উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ থকা ৰোগীৰ বাবে এল ডি এল কলেষ্টেৰলৰ পৰিমাণ ১৩০ মি:গ্ৰা:/ডে:লি: হোৱা কথাটোৰ লগত এই দুবিধ ৰোগ নথকাজনৰ এল ডি এল কলেষ্টেৰল ১৩০ মি:গ্ৰা:/ডে:লি: হোৱা কথাটোৰ বহুত পাৰ্থক্য আছে।

আনহাতে এইচ্ছ ডি এল কলেষ্টেৰলৰ পৰিমাণ ৬০ মি:গ্ৰা:/ডে:লি:তকৈ বেছি হোৱাটোহে বাঞ্চনীয় কিয়নো এইবিধ কলেষ্টেৰলৰ বৃদ্ধিয়ে হৃদৰোগৰ প্ৰতিৰোধত সহায়হে কৰে।

(৫) ধপাত সেৱন: পৰিৱৰ্তনীয় বিপদসূচকসমূহৰ ভিতৰত ধপাত সেৱন অন্যতম। ১ মিনিট ধূমপানে ১ মিনিট জীৱন চুটি কৰে। ৩০ বছৰ বয়সত ধূমপান বৰ্জন কৰিব পাৰিলে মানুহে আয়ুসৰ লগত তিনিৰ পৰা পাঁচ বছৰ যোগ দিব পাৰে। ধূমপান বৰ্জন কৰা ১ বছৰৰ পিছত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ৫০% কমি যায়। বৰ্জনৰ ৫ বছৰ পিছত হাৰ্ট এটেকৰ বিপজ্জনকতা অধূমপায়ীজনৰ সৈতে সমান হয়গৈ।

(৬) উচ্চ ৰক্তচাপ: যিসকলৰ ৰক্তচাপ ১৪০/৯০ মি:মি: বা ততোধিক তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়। ৰক্তচাপৰ ওপৰৰ ঘৰৰ ৰাশিটোক (লৱৰ ঘৰৰ) আমি চিষ্টলিক (Systolic) আৰু তলৰ ঘৰৰ (হৰৰ ঘৰৰ) ৰাশিটোক ডাঅ’ষ্টলিক (Diastolic) বুলি কওঁ। ইয়াৰ ভিতৰত যিসকল হৃদৰোগী বৃক্কৰ বিকলতাত আক্ৰান্ত তেওঁলোকৰ ৰক্তচাপ ১৩০/৮০ মি:মি:ৰ তলত থকাটো বাঞ্চনীয়।

(৭) মধুমেহ ৰোগ (Diabetes Mellitus): এজন মধুমেহ ৰোগীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা তিনিৰ পৰা পাঁচ গুণ বেছি। বৰ্তমান মধুমেহ ৰোগ হোৱা মানেই হৃদৰোগ হোৱা বুলিয়েই ধৰা হয় আৰু সেইমতে দৰবো দিয়া হয়।

(৮) মেদবহুলতা: হৃদৰোগৰ ই এটা প্ৰধান বিপদসূচক উপাদান। মেদবহুলতাক আকৌ তিনিটা সূচকেৰে চিহ্নিত কৰিব পাৰি:

(ক) বডি মাচ ইন্‌ডেক্স (Body Mass Index)- ওজন (কেজি)/উচ্চতা (মিটাৰত লৈ তাৰ বৰ্গ)

অৰ্থাৎ এজন মানুহৰ ওজন যদি ৬০ কেজি আৰু তেওঁৰ উচ্চতা ১.৫ মিটাৰ, তেনেহ’লে তেওঁৰ বডি মাচ ইন্‌ডেক্স বা বি এম আই হ’ব- ৬০/১.৫বা ৬০/২.২৫ বা ২৬.৬ । এজন ব্যক্তিৰ বি এম আই যদি ২৫ তকৈ বেছি হয় তেন্তে তেওঁক মেদবহুল বুলি ধৰা হয়।

(খ) কঁকালৰ পৰিধি- এজন মতা মানুহৰ কঁকালৰ পৰিধি ৯০ ছে:মি:তকৈ বেছি হ’লে তেওঁক মেদবহুল বুলি গণ্য কৰিব পাৰি। নাৰীৰ ক্ষেত্ৰত ইয়াক ৮০ ছে:মি: বুলি ধৰা হয়।

(গ) কঁকাল আৰু তপিনাৰ অনুপাত (Waist-Hip ratio)- পুৰুষৰ কঁকাল আৰু তপিনাৰ অনুপাত ০.৯৫তকৈ বেছি হ’লেও মেদবহুল বুলি ধৰা হয়।

(৯) অলস জীৱন যাপন: অলস জীৱন যাপনকো হৃদৰোগৰ কাৰক বা বিপদসূচকৰূপে গণ্য কৰা হৈছে। অন্যহাতেদি পৰিশ্ৰমী জীৱনে আন সকলোবোৰ পৰিৱৰ্তনীয় বিপদসূচকৰ তীব্ৰতা হ্ৰাস কৰে। উদাহৰণস্বৰূপে পৰিশ্ৰমী জীৱনে শৰীৰৰ মেদবহুলতা কমায়, ৰক্তচাপ হ্ৰাস কৰে, তেজত চুগাৰ কমায়, তেজত কলেষ্টেৰলৰ পৰিমাণো হ্ৰাস কৰে।

 

(আগলৈ)

 

 

 

 

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1 year ago

7896743200