ব্যতিক্ৰমী কেৰিয়াৰ (-প্ৰতিম প্ৰতাপ বৰুৱা)

হায়াৰ ছেকেণ্ডেৰীত কোনোমতে পাছ কৰি ঘৰত গালি খোৱাসকললৈ

হায়াৰ ছেকেণ্ডেৰীত কোনোমতে দ্বিতীয় বিভাগত বা তৃতীয় বিভাগত উত্তীৰ্ণ হৈ ক’তো ছীট এটা নাপাম বুলি চিন্তাত গৰ্ভ গেলিছে নেকি আৰু লগতে পিতাশ্ৰী-মাতাশ্ৰীৰ ধমধমনিত চকুৰে সৰিয়হ ফুল দেখিছেনেকি?
চিন্তা বা টেন্‌চন এৰক। এতিয়া পোনে পোনে চাকৰিৰ কথাহে ভাবক। আজিকালি চৰকাৰী চাকৰিত দা-দৰমহা বেছ ভাল। বাহিৰা টকাও আছে, কিন্তু সেইবোৰ বাহিৰা টকালৈ মন নেমেলাই ভাল, কেতিয়াবা হিতে বিপৰীত হয়।
হায়াৰ ছেকেণ্ডেৰী পাছ কৰি Lower Division Clerk (LDC) ৰ চাকৰিৰ কাৰণে পৰীক্ষা দিব পাৰি। আপুনি মেট্ৰিক পৰীক্ষা দি উঠি ৰিজাল্ট দিয়া সময়খিনিলৈকে এনেয়ে বহি নাথাকি যদি কম্পিউটাৰৰ ছাৰ্টিফিকেট কৰ্চ এটা কৰি থৈছে তেন্তে আৰু ভাল। Lower Division Clerk হিচাপে চাকৰি আৰম্ভ কৰি অলপ কষ্ট কৰিলে এসময়ত (৪০ বছৰ মান বয়সত) বহুত ডাঙৰ অফিচাৰ হ’বগৈ পাৰি। কেনেকৈ? উদাহৰণ এটা দিছো।
ধৰা হওক, আপুনি দিল্লী চৰকাৰত Lower Division Clark হিচাপে চাকৰি আৰম্ভ কৰিলে ২০-২১ বছৰ মান বয়সত। এতিয়া আপোনাৰ সন্মুখত দুটা বিকল্প আছে _

১) তিনিবছৰ চুপ-চাপ চাকৰি কৰক আৰু লগতে Common Assistant Accounts Officer (Civil) Examination ৰ কাৰণে নিজকে প্ৰস্তুত কৰক। তাৰ কাৰণে কোচিং লব পাৰি। এই পৰীক্ষাটো দিল্লী চৰকাৰত (বা যিখন চৰকাৰত পৰীক্ষা দিব সেই চৰকাৰত) LDC, UDC আদি চৰকাৰী চাকৰি কৰা মানুহখিনিৰ কাৰণেহে আৰু পৰীক্ষা দিবলৈ হ’লে তেওঁলোকে সেইখন চৰকাৰত কমেও তিনিবছৰৰ LDC/UDC হিচাপে চাকৰি কৰাটো বাধ্যতামূলক। এতিয়া এবাৰত নোৱাৰিলেও দুবাৰত এই পৰীক্ষাটো পাছ কৰি ২৬-২৭ বছৰ মান বয়সত Assistant Accounts Officer হিচাপে দ্বিতীয় শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়া হওক। ১০ বছৰৰ ভিতৰত Accounts Officer, Sr. Accounts Officer আৰু ১৫ বছৰৰ ভিতৰত Dy. Controller of Accounts হৈ এজন ক্ষমতাশালী, সিদ্ধান্ত ল’বৰ অধিকাৰ থকা প্ৰথম শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়া হৈ উঠক।
২) LDC চাকৰি আৰম্ভ কৰি সমান্তৰালভাৱে কোনোবা এখন কলেজত B.A. পঢ়া আৰম্ভ কৰক। IGNOU ৰ পৰা Correspondence কৰিব পাৰে। B.A. পাছ কৰি Head Clark/Assistant Gr.-I কাৰণে পৰীক্ষা দিয়ক। এবাৰত নোৱাৰিলে দুবাৰত পাৰিবই। Head Clark হৈ কেইটামান বৰ বঢ়িয়া প’ষ্টিং পোৱা যায়। যেনে- Food Supply Inspector, VAT Inspector, Labour Inspector ইত্যাদি। (ৰাইজে এই প’ষ্টিং বিলাকৰ দুই নম্বৰী অৰ্থ নুলিয়ায় যেন।) ৭-৮ বছৰ মান Head Clark ৰ চাকৰি কৰি Office Superintendent ৰ ঢাপলৈ প্ৰমোশ্যন পায়। তেতিয়াও কেইটামান বৰ বঢ়িয়া প’ষ্টিং পোৱা যায়। যেনে- Food Supply Officer, Asstt. VAT Officer ইত্যাদি। ১০ বছৰ মান Office Superintendent হৈ থকাৰ পিছত তেওঁলোকে DANICS (Delhi Andaman Nicobar Island Civil Service) লৈ মনোনীত হয়। তাৰ পিছত তেওঁলোকে দিল্লী চৰকাৰত বঢ়িয়া বঢ়িয়া প’ষ্টিং পায়। যেনে- Sub-Divisional Magistrate, Asstt. Commissioner (Food Supply), Dy. Secretary ইত্যাদি। তাৰ মাজতে তেওঁলোকে আন্দামান-নিকোবৰত ৪ বছৰমানৰ বাবে প্ৰশাসনিক বিষয়াৰ প’ষ্টিং পায়।
গতিকে হায়াৰ ছেকেণ্ডেৰীত ৰিজাল্ট সিমান ভাল নহ’ল বুলি হা-হুমুনিয়াহ কাঢ়ি বহি থাকি লাভ নাই। সন্মুখত বাট মুকলি হৈ আছে। অলপ কষ্ট কৰিবই লাগিব কিন্তু।

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!